অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ এটি চমু পৰিচয়

অসমৰ চাহ জনগোষ্ঠী লোক সকল হৈছে প্ৰায় এশ আঠটাকৈ অধিক জাতি-সমাজ গোষ্ঠীৰ সমষ্ঠি। অসমৰ চাহ জনগোষ্ঠীৰ লোক সকলৰ একমাত্ৰ পুৰণি ছাত্ৰ সংগঠন হ'ল বৰ্তমানৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা(আট্‌ছা)। অসমৰ বৃহত্তৰ চাহ জনগোষ্ঠীয় সমাজ খনৰ অন্তভূৰ্ক্ত শতাধিক জাতি-গোষ্ঠী সম্প্ৰদায়ৰ সমাজ সমূহক একত্ৰিত কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কামাখ্যা প্ৰসাদ তাচাৰ নেতৃত্বত  শিৱ প্ৰসাদ বদ্ৰা , লবীন কৰ্মকাৰ,মণ্টু বাঢ়ৈ আৰু ৰবি বাৰ্লাক লৈ এখন আহ্বায়ক সমিতি গঠন কৰা হৈছিল। উক্ত সমিতিখনৰ আহ্বান মৰ্মে ৬এপ্ৰিল ২০০৩ তাৰিখে শিৱসাগৰ জিলাৰ ডিমৌ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আট্‌ছাৰ উপসভাপতি ৰবি বাৰ্লা দেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত চাহ জনগোষ্ঠীৰ অন্তভূক্ত জাতি  সমাজৰ প্ৰতিনিধি সকলক লৈ অসম চাহ জনগোষ্ঠী সমন্বয় জাতীয় মহাসভা বৰ্তমানৰ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা নামেৰে এটি সামাজিক তথা জাতীয় সংগঠনৰ জন্ম লাভ কৰিছিল। সংগঠনটোত সভাপতি দৰে গধুৰ দায়িত্ব বহন কৰিছিল জানুৰাম কুৰ্মী আৰু সেনাপতিৰ নি'ক্ষিচিনা মূখ্য সম্পাদকৰ দায়িত্ব্য  শিব প্ৰসাদ বদ্ৰা দেৱক আৰু ঘন্যশাম বাঢ়ৈক কাৰ্যকৰী সভাপতিৰ দায়িত্ব্য অৰ্পন কৰিছিল।
     অসমৰ আদিবাসী-চাহ জনগোষ্ঠী সমাজৰ বিভিন্ন জাতি-গোষ্ঠীৰ বৰ্ণাট্য সামাজিক ,সাংস্কৃতিক , পৰম্পৰা সমূহ বিকশাই তোলাৰ মূখ্য উদ্দেশ্য আগত ৰাখি অসম মাতৃৰ বুকুত ঐতিহাসিক সমন্ধয়ৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতীয় ভাষা-সাহিত্য সংস্কৃতিক সমৃদ্ধিশালী জনগোষ্ঠীৰ সামাজিক সাংস্কৃতিক, অৰ্থনৈতিক ,শৈক্ষিক সকলো দিশকে সামৰি অসমৰ সামূহিক উন্নয়ণেই হৈছে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ প্ৰধান উদ্দেশ্য ।জন্ম লগ্নৰে পৰা এই সামাজিক অনুষ্ঠানটোৱে সমাজখনৰ বিভিন্ন ধৰণৰ সমস্যা সমূহৰ হকে মাত মাতি অহাৰ লগতে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অৰহৰ প্ৰচেষ্ঠা অব্যাহত ৰাখিছে।
মহাসভাৰ জৰিয়তে সকলো জাতিৰ নামত সমতা স্থাপন কৰা প্ৰত্যেক জাতিয়ে যি সহযোগিতা আন জাতিৰ সৈতে প্ৰদৰ্শন কৰি আহিছে তাত অটুট ৰখাৰ প্ৰত্যেক জাতি সমাজৰ মূৰব্বী আৰু জাতীয় অনুষ্ঠান সমূহক চিনাকি কৰাই দিবলৈ এক মঞ্চ তৈয়াৰ কৰা এক শক্তিশালী জনগোষ্ঠী ৰূপে দৰবাৰৰ ওচৰত প্ৰতিষ্ঠা কৰা কোনো কাৰণতে জাতিৰ মাজত কোনো ভূল বুজাবুজি যাতে নহয় তাৰ প্ৰতি সৰ্তক দৃষ্টি ৰখা ।
       অসমৰ চাহ জনগোষ্ঠীৰ ১০৮ টা জাতি সমাজৰ ভিতৰত বৰ্তমান প্ৰায় ৮০ টা জাতিগত সংগঠন মহাসভাত পঞ্জিয়ণ ভূৰ্ক্ত হৈছে আছে।সেই  কেইটা হ'ল :-

১) অসম বাক্তি সমাজ
২) অসম বেদিয়া সমাজ
৩) অসম ভূঞা সমাজ
৪) সদৌ অসম ভূঁইহৰ সমাজ
৫) সদৌ অসম বাঢ়ৈ সমাজ
৬) অসম ভক্তা কুটুম্ব সভা
৭) অসম ভূঁই সমাজ
৮) অসম ভূমিজ সমাজ
৯) অসম বিঞ্জুৱাৰ সমাজ
১০) সদৌ অসম বৰাইক সমাজ
১১) সদৌ অসম দেৱমাঝি সমাজ 
১২) সদৌ অসম গৌড় সমাজ
১৩) সদৌ অসম বনিয়া সমাজ
১৪) সদৌ অসম চেৰু/চেৰুৱা সমাজ
১৫) সদৌ অসম দুচাদ সমাজ 
১৬) সদৌ অসম ঘাটোৱাৰ সমাজ
১৭) অসম গঞ্জু সমাজ
১৮) অসম গোৱালা জাতি সন্মিলনী
১৯) অসম হাজাম সমাজ
২০) সদো অসম কাঁৱৰ সমাজ উন্নয়ন সন্থা 
২১) অসম গৰাইত সমাজ 
২২) অসম হাল্‌ৱা সমাজ
২৩) সদৌ অসম কালিন্দী সমাজ কল্যান পৰিষদ 
২৪) সদৌ অসম কৰ্মকাৰ সম্প্ৰদায় সন্থা
২৫) সদৌ অসম কায়স্থ সমাজ
২৬) অসম খাড়িয়া সমাজ
২৭) সদো অসম ৰায়(খৈৰা) সমাজ
২৮) অসম কৈৰী সমাজ
২৯) অসম কেওট সমাজ 
৩০) সদো অসম খদাল/বানিকদাস সমাজ
৩১) সদৌ অসম কুঢ়া কিষাণ মহাসভা
৩২) অসম কল সমাজ
৩৩) অসম কুৰ্মি সমাজ
৩৪) কুৰ্মি মাহাত্ব সমাজ , অসম
৩৫) অসম কুৰ্কু সমাজ
৩৬) সদৌ অসম মানকি সমাজ
৩৭) অসম কয়া সমাজ 
৩৮) অসম কুমাৰ সমাজ
৩৯) অসম মাহিলী সমাজ
৪০) সদৌ অসম মোদী সমাজ
৪১) অসম মৈৰা সমাজ 
৪২) অসম পাতৰ সমাজ 
৪৩) অসম পুৰাণ সমাজ
৪৪) ক্ষত্ৰিয় ৰাজপুত সমাজ, অসম
৪৫) অসম মুণ্ডা সমাজ
৪৬) সদৌ অসম প্ৰধান সমাজ
৪৭) অসম ৰবিদাস সন্মিলন 
৪৮) সদৌ অসম ৰাজোৱাৰ সমাজ
৪৯) অসম চাহু তেলী সমাজ
৫০) সদৌ অসম চবৰ সমাজ
৫১) অসম তুৰি মিৰ্ধা সমাজ
৫২) অসম প্ৰদেশ কুঁড়ুখ(ওঁৰাও)সংঘ
৫৩)সদৌ অসম সৎনামী সমাজ কল্যাণ পৰিষদ
৫৪) অসম চুড়ী সমাজ
৫৫) সদৌ অসম চাহ জনগোষ্ঠী ঝেৰীয়া ধোবী উজীৰ সমাজ 
৫৬) সদৌ অসম তেলেগু সমাজ
৫৭) অসম গোছাই সমাজ
৫৮) চাওতাল সমাজ
৫৯) অসম কোঁৱৰ গাঁড়া সমাজ
৬০) অসম ৰাউতীয়া সমাজ
৬১) অসম ঘাচী সমাজ
৬২) অসম লোধী সমাজ আদি।

       জাতীয় মহাসভাই শৈক্ষিক, অৰ্থনৈতিক, ৰাজনৈতিক , সামাজিক উন্নয়নৰ কাৰণে এক নতুন দিগন্তৰ সুচনা কৰাৰ পৰিকল্পনা কৰি যোৱা ইং ১০, ১১ আৰু ১২ ফ্ৰেৰুৱাৰী ২০০৬ তাৰিখে তিনিদিনীয়া বণাট্য কাৰ্যসূচীৰে অসম চাহ জনগোষ্ঠী সমন্ধয় মহাসভা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত চাহ জনগোষ্ঠীৰ ৰাজ্যিক জাতীয় অভিৱৰ্ত্তন চৌকিডিঙ্গী খেলপথাৰ ডিব্ৰুগড়ত পালন কৰিছিল।
                 অসমৰ বৃহত্তৰ চাহ জহগোষ্ঠী জাতি সমাজ সমূহক নেতৃত্ব লোৱা জাতীয় অনুষ্ঠান হ'ল অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা। মহাসভাক সুকলমে পৰিচালনাৰ উদ্দেশ্যে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ খচৰা সংবিধান প্ৰস্তুতি সমিতি গঠন কৰা হৈছিল। উক্ত সমিতিৰ তালিকাখন এনেদৰে -----

১) জানুৰাম কুৰ্মী(সভাপতি)
২) শিৱ প্ৰসাদ বদ্ৰা 
৩) কামাখ্যা প্ৰসাদ তাছা 
৪) তেৰছ গোৱালা
৫) লবিন কৰ্মকাৰ
৬) যোগেশ্বৰ উৰাং 
৭) আত্মৰাম কুমাৰ
৮) ৰবি বাৰলা(বাৰ্লা)
৯) নমী প্ৰ. ঘাটোৱাৰ 
১০) লাল বাহাদুৰ ৰবিদাস
১১) ৰামনাথ ভূমিজ
১২) ৰাখাল কুমাৰ
১৩) নকুল চাওৰা
১৪) মণ্টু বাঢ়ৈ
১৫) সঞ্জয় কিষাণ
১৬) জয়ন্ত চাওৰা

          যোৱা ইং ২৬ নবেম্বৰ ২০১১ তাৰিখে তিনিচুকীয়া জিলাৰ পুথি ভৰাঁল প্ৰেক্ষাগৃহত অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সভাপতি শ্ৰীযুত জানুৰাম কুৰ্মীৰ সভাপতিত্বত অনুষ্ঠিত মহাসভাৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাত সৰ্ব সন্মতি ক্ৰমে সংবিধান খন গ্ৰহন কৰা হৈছিল। সংবিধানখনত মুঠ অনুসূচী - ২৫ টা, ধাৰা- ৭০ টা, উপধাৰা - ৬৩ টা । মহাসভাই অসম ৰাজ্যৰ ৰাজনৈতিক ভৌগলিক পৰিসীমা সামৰি ল'ব। মহাসভাৰ প্ৰতীক চিহ্ন হ'ল অসমৰ মানচিত্ৰ, মানচিত্ৰৰ মাজত এটা হাতৰ মুঠি আৰু এগছি জ্বলি থকা চাকী আছে। পতাকাটো ৩ঃ২ অনুপাতিক আয়তনৰ সেউজীয়া ৰঙৰ কাপোৰ এখনৰ সোমাজত গোলাকৃতিৰ বগা ৰঙত মহাসভাৰ প্ৰতীক চিহ্ন অম্কিত  থাকিব।সেউজায়া ৰংটোৱে চাহ জনগোষ্ঠীক বুজাব, বগা ৰংটোৱে পবিত্ৰতা আৰু সততাক বুজাব।
     অসম চাহ জনগোষ্ঠী সমন্ধয় জাতীয় মহাসভাৰ গঠনৰ সময়ত নাম ৰাখিছিল। কিন্তু কিছু বছৰ যোৱাৰ পিছত অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰি এখন স্থায়ী সমিতি হিচাপে চৰকাৰী সমাজ বা সংগঠন পঞ্জিয়ণত পঞ্জিয়ণ ভূৰ্ক্ত কৰে।পঞ্জিয়ণ নাম্বাৰ হ'ল - RS/DIB/255/F/69(2017-18) ।
    অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সমিতি ২০১১-২০২১ বৰ্ষৰ সভাপতিৰ  দায়িত্ব্য আছিল শ্ৰীযুত তেৰছ গোৱালা   আৰু সম্পাদকৰ দায়িত্ব আছিল  শ্ৰীযুত লবীন কৰ্মকাৰ। 
       অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অধিবেশন আৰু জাতীয় অভিৱৰ্তন খনি যোৱা ইং ২৩, ২৪ আৰু ২৫ জানুৱাৰী ২০২১ তাৰিখে সন্তোষ-চাইমন সমন্বয় ক্ষেত্ৰ , দুলীয়াজানৰ বিহুতলীত অনুষ্ঠিত কৰা কেন্দ্ৰীয় অধিবেশণৰ বিষয়-বাচনী সভাত পুনৰ শ্ৰীযুত তেৰছ গোৱালাক সভাপতিৰ দায়িত্ব দিয়ে উপস্থিত সদন আৰু সাধাৰন সম্পাদকৰ দায়িত্ব্য দিয়ে শ্ৰীযুত অৰুণ কাৱাৰক বৰ্তমান সময় লৈকে।
     অসমৰ চাহ আৰু প্ৰাক্তন চাহ শ্ৰমিক সকলৰ জাতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থাৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনজাতি সাহিত্য সভা আৰু ৩৬ জনজাতি পৰিষদ, অসমৰ উদ্যোগত চাহ জনগোষ্ঠী লোক সকলৰ জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ সম্পৰ্কে ৰাজ্যিক বিশেষ অভিবৰ্তন , স্থান-  বোকাখাত ২২ নৱেম্বৰ ২০২১ তাৰিখে সোমবাৰে আট্‌ছাৰ সভাপতি শ্ৰী ধীৰাজ গোৱালাৰ সভাপতিত্বত "অসম চাহ জনগোষ্ঠী জাতীয় সন্মিলনী "ৰ সভাপতি হিচাপে শ্ৰীযুত পৃথিবী মাঝি  আৰু সাধাৰন সম্পাদক হিচাপে শ্ৰীযুত অৰুণ কাৱাৰ ক দায়িত্ব্য দি এক শক্তিশালী সন্মিলনী গঠন কৰা হয়।
   বৰ্তমান সময়ত অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাই অসমৰ চাহ জনগোষ্ঠী-আদিবাসী সমাজ খনক একত্ৰি কৰাৰ উদ্দেশ্যৰে বিভিন্ন পৰ্য্যায়ত উপসমিতি, ভাতৃ মহাসভা গঠন প্ৰচেষ্ঠা গ্ৰহণ কৰি সকলো পৰ্য্যায়ত লোকক মহাসভাত জড়িত কৰিব বিচাৰিছে। মহাসভাই অসম চৰকাৰৰ ওচৰত কৰা বহুতো দাবী এতিয়ালৈকে মানি লৈছে সদন বা কেবিনেট বৈঠকত এই দাবী সমূহ গৃহিত কৰিছে।
    বৰ্তমান সময়ত ২৫ টা জিলা সমিতি গঠন কৰা হৈছে আৰু বৰাক উপত্যকাৰ সমিতি খন গঠন কৰাৰ যা-যো চলি আছে।

◾শ্ৰী বিনোদ চেৰো, উমাতাৰা চাহ বাগিছা।
    (8011110146)
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

1 Comments

  1. সদৌ অসম বাউৰী সমাজ নামটো উল্লেখ কৰা নহ'ল যে।

    ReplyDelete
Post a Comment
Previous Post Next Post