অসমৰ চাহ বাগিছাত কৰ্মৰত শ্ৰমিকৰ সন্তানৰ দ্বাৰা ১৯৪৭চনৰ ২৭ আৰু ২৮ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ টেঙাখাত আঞ্চলিকৰ দীঘলীয়া গাওঁত এটি ছাত্ৰ সংগঠনৰ গঠন কৰা হৈছিল । নাম ৰাখি ছিল "অসম ছোটনাগপুৰী ছাত্ৰ সন্মিলন "। অসম ছোটনাগপুৰী ছাত্ৰ সন্মিলনৰ সভাপতিৰ দৰে গধুৰ দায়িত্ব্য বহন কৰিছিল স্বৰ্গীয় চাইমন সিং হৰ আৰু সেনাপতিৰ নিচিনা সাধাৰন সম্পাদকৰ দায়িত্ব্য স্বৰ্গীয় সৰ্ন্তোষ কুমাৰ তপ্ন ক দিছিল।
যুগৰ লগত খাব-খোৱাকৈ নামৰো সলনি হ'বলৈ ধৰে। অসম ছোটনাগপুৰী ছাত্ৰ সন্মিলন (১৯৪৭)ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল স্বৰ্গীয় চাইমন সিং হৰ আৰু সাধাৰন সম্পাদকৰ আছিল স্বৰ্গীয় সৰ্ন্তোষ কুমাৰ তপ্ন।
সময়ৰ লগত নামৰো পৰিবৰ্তন হ'ল । সভাপতি এৰেজ্ঞান হেৰেতা আৰু সাধাৰন সম্পাদক গেৰচন চিৰু ৰ দায়িত্ব্য থকা (১৯৫৩-৫৭) কাৰ্যকালত অসম ছোটনাগপুৰী ছাত্ৰ সন্মিলনৰ পৰা সদৌ অসম চাহ বাগিছা সম্প্ৰদায় ছাত্ৰ সন্থা লৈ নামৰ পৰিবৰ্তন কৰা হৈছিল।
দহবছৰ সময় যোৱাৰ পিছত সভাপতি-সাধাৰণ সম্পাদকৰ দায়িত্ব্য চিল বিউচ কন্দগান - শ্ৰী পবন সিং ঘাটোৱাৰ (১৯৬৮ চন) কাৰ্যকালত সদৌ অসম চাহক বাগিছা সম্প্ৰদায় ছাত্ৰ সন্থা পৰা অসম চাহ মজদুৰ সম্প্ৰদায় ছাত্ৰ সন্থা নামলৈ সলনি কৰা হৈছিল।
দুবছৰ পিছত সভাপতিৰ দায়িত্ব্য জিতেন চূন্ডী আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব্য শ্ৰী পবন সিং ঘাটোৱাৰ ৰ(১৯৭০ চন) কাৰ্যকালত অসম চাহ মজদুৰ সম্প্ৰদায় ছাত্ৰ সন্থা পৰা অসম চাহ মজদুৰ জনজাতি ছাত্ৰ সন্থা লৈ নামাকৰণ কৰা হয়।
কিছু বছৰ যোৱাৰ পিছত সচেতন বুদ্ধি-জীবি ছাত্ৰ নেতা সকলে চূড়ান্ত সিদ্ধান্ত লৈ যে বৰ্তমান সময়ৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা (১৯৭৬ চন) নাম স্থায়ী ভাবে ৰখা হয়।
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নাম হোৱাৰ পিছৰ প্ৰথম জন সভাপতি আছিল দীনেশ্বৰ তাছা আৰু সাধাৰন সম্পাদক আছিল বাকী প্ৰসাদ তেলেঙা।
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ চমুকৈ আট্ছা বুলি কোৱা হয়। ইংৰাজীত Assam Tea Tribes Students' Association অৰ্থাৎ ATTSA ।
আট্ছাৰ গঠনৰ মূল উদ্দেশ্য-লক্ষ্য আছিল - অসমৰ চাহ জনগোষ্ঠী সমাজ খনৰ দমন, শোষন নিপীড়ন পৰা উদ্বাৰ কৰা , জ্ঞানৰ চমু মুকলি কৰা ,নিৰবিচ্ছিন্ন ভাবে সংগ্ৰাম জীয়াই ৰাখি প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ ছাত্ৰ সংগঠনৰ বাট মুকলি কৰা অশেষ ত্যাগ স্বীকাৰ কৰাৰ ফলত ছাত্ৰ সকলক সংগঠিত কৰা হয়।শিক্ষা লাভৰ অধিকাৰ সাব্যস্ত কৰা , অপ সংস্কৃতিৰ বিৰুদ্ধে সংগ্ৰাম কৰা আদি।
চাহ জনগোষ্ঠীৰ মূল সমস্যাই হ'ল জনজাতিকৰণ। জনজাতিকৰণক লৈ আজি আট্ছাই ৭৫ বছৰেই আন্দোলন কৰি আহিছে। জনজাতিকৰণৰ লগতে এই জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমূহ ভিতৰত চাহ শ্ৰমিকৰ বাবে প্ৰয়োজিত শ্ৰমিক আইন ১৯৫১ চনৰ সংশোধন ও ইয়াৰ প্ৰয়োগ চাহ আৰু প্ৰাক্তন চাহ জনজাতিৰ বাবে ভূমি সমস্যা , চাহ শ্ৰমিক মজুৰি সন্দৰ্ভত ব্যৱস্থা লোৱা , কলা-কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে ব্যবস্থা লোৱা, শৈক্ষিক পৰিবেশ গঢ় দিয়া,বৰ্তমান বাগিচা সমূহৰ সংকট নিয়োগ নীতি ৰ পৰিবৰ্তন অনা , আত্ম-নিৰ্ভৰশীলতাৰ ব্যৱস্থা গ্ৰহন।
অসমৰ বৃহত্তৰ চাহ জনগোষ্ঠী সমাজ খনক নেতৃত্ব লোৱা একমাত্ৰ ছাত্ৰ সংগঠন হ'ল অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আট্ছা।সন্থাৰ নীতি নিয়ম সমূহ সুকলমে পৰিচালনাৰ উদ্দেশ্যে যোৱা ১৯৮৫ চনৰ ৬ অক্টোবৰ ত অনুষ্ঠিত হোৱা সন্থাৰ প্ৰতিনিধিত্বমূলক সভাত সংবিধান প্ৰস্তুতি সমিতি গঠন কৰা হয়। উক্ত সমিতিৰ মনোনীত সদস্য সকল আছিল -
১)শ্ৰী ভগীৰথ কৰণ, আহ্বায়ক।
২)শ্ৰী লোকেশ্বৰ কুৰ্মী, সদস্য।
৩)শ্ৰী ৰাজেন ৰোহিদাস, সদস্য।
৪)শ্ৰী প্ৰদীপ তাঁতি, সদস্য।
৫)শ্ৰী অৰ্জুন চাহু, সদস্য।
৬)শ্ৰী বীৰেন মিদ্ধা, সদস্য।
সংবিধানৰ প্ৰথম সংশোধনী সমিতিৰ সদস্য সকল হ'ল -
১)শ্ৰী লোকেশ্বৰ কুৰ্মী
} আহ্বায়কদ্বয়।
২)শ্ৰী এতোৱা মুন্ডা
৩)শ্ৰী ৰাজেন ৰোহিদাস - সদস্য ।
৪)শ্ৰী দীপক ঘাটোৱাৰ - সদস্য ।
৫)শ্ৰী সীমাঞ্চল দিগাল - সদস্য ।
সংবিধানৰ দ্বিতীয় সংশোধনী সমিতিৰ সদস্য সকল হ'ল -
১)শ্ৰী সীমাঞ্চল দিগাল
}আহ্বায়কদ্বয়।
২)শ্ৰী কামাখ্যা প্ৰসাদ তাচা
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক শ্ৰী ললিত মাহালীৰ দ্বাৰা শ্ৰী লখিন্দৰ কুৰ্মীৰ সহযোগত "ডিব্ৰু অফ্চেট " ডিব্ৰুগড়ত ২৮ ডিচেম্বৰ ২০১৭ তাৰিখত আট্ছাৰ সংবিধান খন পুনৰ মুদ্ৰিন কৰা হৈছিল।
অসম চাহ জনজাতি ছাত্ৰ সন্থা (আট্ছা)ৰ কেন্দ্ৰীয় সমিতিত বৰ্তমান সভাপতিৰ দায়িত্ব্য আছে শ্ৰী ধীৰাজ গোৱালা আৰু সাধাৰন সম্পাদকৰ দায়িত্ব্য আছে শ্ৰী জগদীশ বৰাইক।
অসম চাহ জনজাতি ছাত্ৰ সন্থা , অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, অসম চাহ জনগোষ্ঠী সাহিত্য সভা আৰু ৩৬ জনজাতি পৰিষদ , অসম ৰ উদ্যোগত চাহ জনগোষ্ঠী লোক সকলৰ জাতিগৰ্ত প্ৰমাণ পত্ৰ প্ৰদান সম্পৰ্কে ৰাজ্যিক বিশেষ অভিৱৰ্ত্তন , স্থান - বোকাখাত , ২২ নৱেম্বৰ ২০২১ তাৰিখৰ সোমবাৰে আট্ছাৰ সভাপতি শ্ৰী ধীৰাজ গোৱালাৰ সভাপতিত্বত " অসম চাহ জনজাতি জাতীয় সন্মিলনী " ৰ সভাপতি হিচাপে শ্ৰী পৃথিবী মাঝি ক আৰু সাধাৰন সম্পাদক হিচাপে শ্ৰী অৰুণ কাঁৱৰ ক লৈ এখন শক্তিশালী সন্মিলনী গঠন কৰা হয়।
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰী ধীৰাজ গোৱালাৰ সভাপতিত্বত গোলাঘাট পৌৰসভাৰ সভাকক্ষত যোৱা ০৯/১১/২০২২ তাৰিখে অনুষ্ঠিত হৈ যোৱা কেন্দ্ৰীয় কাৰ্যনিবাহৰ্ক সভাত গ্ৰহন কৰা প্ৰস্তাৱ ও সিদ্ধান্ত সমূহৰ ভিতৰত প্ৰথমটো সিদ্ধান্ত আছিল -
আট্ছাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস (মহাৰজক জয়ন্তী) গোলাঘাট নগৰত অবস্থিত সমন্বয় ক্ষেত্ৰত উদ্যাপন কৰা হ'ব।
আট্ছাৰ মহাৰজত জয়ন্তীৰ লগত সংঘটিত ৰাখি বিভিন্ন কাৰ্যসুচী লোৱা সিদ্ধান্ত হৈছিল।তাৰ ভিতৰত কিছুমান কাৰ্যসুচী সফল ৰূপায়ন কৰা হয়।
আট্ছাৰ নেতৃত্বত পৰিবৰ্তন কামী নতুন উদ্যমে শেহতীয়াকৈ চাহ জনগোষ্ঠীৰ মাজত এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে যদিও ফলাফল হে লক্ষনীয় হ'ব।
২৮ ডিচেম্বৰ দিনটো প্ৰত্যেক গৰাকী জাতি টোক ভাল পোৱা চাহ জনজাতি ছাত্ৰ সমাজৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ দিন।
✍️বিনোদ চেৰো, উমাতাৰা চাহ বাগিছা।
🙏🙏🙏 প্ৰথমে মই "ইঞ্জৰ"সামাজিক সম্প্ৰচাৰ স্বত্তাধীকাৰী তথা কৰ্মকৰ্তাক ধন্যবাদ জনাইছো!! কিয়নো বহু নজনা কথা আজিৰ তাৰিখত আপোনালোকৰ পেজৰ পৰা জানিবলৈ পাই মই নথৈ সুখী হৈছো!! কাৰণ বৰ্তমান সময়ত সময়ৰ অভাৱ বুলি বহু জনগণৰ মখে মুখে প্ৰচলিত হোৱা শুনাযায়!! আপোনালোকৰ দ্বাৰা জানিব পাৰিলো যে,অসমত বসবাস কৰা লক্ষ্যাধীক সংখ্যাৰে চাহ শ্ৰমিক সকলক ৰাজনৈতিক মেৰপেচত পেলাই সেই সময়ৰ শিক্ষিত ব্যক্তি সকলক কিছুমান চতুৰ ৰাজনৈতিক নেতা -পালিনেতাই গ্ৰাহত পেলাই ,ৰাজনৈতিক মুনাফা আৰু শ্ৰমিক সকলৰ বাবে হওক বা সেই সময়ৰ দূৰৱস্থা দেখি ,বিভিন্ন আচঁনিৰে ছাত্র সংগঠটোক ৰাজনৈতিক ভাৱে পাক মাৰি ধৰি ৰাখি আজিৰ তাৰিখতো বৰ্তমান সময়তো এটা ভূল পথেৰে পৰিচালিত কৰাই থকা দেখা পোৱা গৈছে !! কিয়নো ভাৰতৰ বহু ঠাইত এতিয়াও চাহ-বাগিছা আছে কিন্তু সেই ঠাইত আদিবাসী চাহ জনগোষ্ঠী বুলি কোনো ধৰণৰ কিতাপ পত্র বা গ্ৰন্থত উল্লেখ পোৱা নাই !!
ReplyDeleteগতিকে, আমি আমাৰ প্ৰাপ্য অধিকাৰৰ পৰা আতঁৰি বা বঞ্চিত হবলৈ গৈছো নেকি কেতিয়াবা সভা সমিতি সমূহত গৈ অনুভৱ কৰো!! আমাক এটা ভূল পথেৰে গতি কৰাই আছে নেকি কোনোবা জন নায়কে বা জনপ্ৰতিনিধিয়ে !! অসমত বসবাস কৰা ১ লাখৰো অধিক এই চাহ শ্ৰমিকৰ শক্তিক ভাগ ভাগ কৰিবৰ বাবে কোনোবা দুষ্ট চক্ৰান্তৰ হাত আছে নেকি? কাৰণ অসমৰ বহু গুণীজ্ঞাণী লোকে জানে যে,যদি আমি এই বৰ্হি ৰাজ্যৰ পৰা বৃটিছ চালানত অনা লোক সকল যদি অসমৰ ভূমি পূত্র হয়, তো আমি অসমখন জিনি বা জয় কৰি বা ইয়াৰ ভূমিপূত্র হিচাপে বসবাস কৰি থকা কি লাভ ,যদি আমাৰ প্ৰাপ্য আৰু অধিকাৰ আনে উপভোগ কৰিব !!
তাৰ পৰিপ্ৰেক্ষিতত বিকল্প চিন্তা কৰাৰ সময় পালেহি !! মই কি কব বিচাৰিছো আপোনালোকে লেখনিৰ পৰা জানিব পাৰিছে!! আমি বিগত দিনত যি ভোক্তভোগী হৈ আছিলো আৰু বৰ্তমান ৰাজনৈতিক মুনাফাৰ বা চক্ৰান্ত মূলক কূটনীতিৰে বান্ধিৰাখি কাম সমূহ আগুৱাই লৈ গৈ আছে!! বৰ্তমান কিছু কিছু ব্যক্তিয়ে এতিয়া সময়ৰ উপযোগীত কথা বিলাকক লৈ চিন্তা কৰিছে আৰু আমাৰ মানুহবোৰক গতি কৰাই গৈ আছে!! আৰু কিছু কিছু ব্যক্তিয়ে উপলব্ধি ও কৰিছে আমি বিগত দিনত ক'ত ভূল কৰি আহিলো?? আমাৰ জাতি জনগোষ্ঠীৰ ভিতৰত আদিবাসী চাহ জনগোষ্ঠী একে খিনি মানুহৰ ওপৰত সাংবিধানিক ভাৱে দুটা নামকৰণ হ'ব নোৱাৰে ! মোৰ দৃষ্টিৰে "অসম ছোটনাগপুৰী ছাত্র সন্মিলন" নামটো জনগোষ্ঠীৰ উন্নয়ণমূকল হ'লহেতেন কিন্তু অৱশেষত সময়ে সময়ে ইয়াক সলনি কৰাৰ কথা চিন্তা কৰা হ'ল!! কিয় কৰা হ'ল আৰু কেলে কৰা হ'ল?? এনে বহু প্ৰশ্ন মনত উদয় হয়!!
আজিও চাহ শ্ৰমিক সকলৰ বহু এনে সমস্যা আছে যিনেকি অসমত বসবাস কৰা দিনৰ পৰাই স্থায়ী সমাধান নহল!! কিয় নহল কেলে নহল ক'ব নাযাও ,মই ভাৱো এই জলন্ত সমস্যা সমূহ অতি সিগ্ৰে সমাধানৰ সূত্রে আগবাঢ়ি যাৱক আৰু এই পিছপৰা জনগোষ্ঠীটো উন্নয়ণ হওক তাকে লেখনিত প্ৰকাক কৰিলো!!