চাহৰ উৎপত্তি , অসমত চাহখেতিত চাহশ্ৰমিকৰ অৱদান আৰু অসমত চাহ শ্ৰমিকৰ স্থান

একাপ ৰঙা চাহে মন প্ৰাণ সতেজ কৰি তোলে কিন্তু এই চাহৰ উৎপ্ত্ত ক’ত কোনে আৰু কেতিয়া কৰিছিল এই প্ৰশ্নৰ উত্তৰ হয়তো বহুতে জানে আৰু চাগে বহুতে নাজানে গতিকে আজি মই বিতংভাৱে এই প্ৰশ্নৰ উত্তৰ দিবলৈ কীবৰ্ডতত হাত দিছো !

খ্ৰীষ্টপূৰ্ব দুই হাজাৰ সাতশ চনৰ আগৰ কথা সেই সময়ত চীনৰ ৰজা  শ্বেন ন্যাং নামৰ এজন সম্রাট আছিল এদিনাখন সম্ৰাট লগুৱা লিগিৰীৰ সৈতে বনভোজলৈ যায় এটা গছৰ তলত পানী উতলাই থকা সময়ত গছটোৰ পৰা দুটামান পাত পৰিলত লগে লগে পানীৰ ৰঙ পাতল ৰঙা হৈ পৰিল ৰজাই দেখিআচৰিত হৈ সেই পনীৰ স্বাদ অলপ পি চালে কিছু ক্ষণৰ পাছত ৰজাৰ ভাগৰুৱা দেহা সতেজ হৈ পৰিল বাকী সকলেও পানীৰ স্বাদ ল’লে সঁচাকৈ চমৎকাৰ দেখোন লগে লগে সম্ৰাটে আদেশ জাৰি কৰিলে যে এই গছ ৰাজ্যৰ বাগিচাত ৰুবলৈ !

প্ৰথমে চাহ ঔষদ হিচাপে লৈছিল পাছলৈ চাহ নিয়মীয়া শিতানৰ তালিকাত স্থান দখল কৰিবলৈ সক্ষম হ’ল খ্ৰীষ্টীয় 16 শ শতিকাত ইউৰোপ পালেগৈ ! 

তাৰ পাছত ইউৰোপীয় চতুৰ বৃটিছ সকলে চাহৰ বাণিজ্য কৰিবলৈ ভাৰতলৈ আহিল 

1823 চনত ৰবাৰ্ট ব্ৰুচ নামৰ এজন বণিক উজনি অসম ৰংপুৰ পালেহি তাতে  চিংফৌসকলৰ ৰজা এজনে ব্ৰুচক চাহৰ সম্ভেদ দিলে ! তেতিয়া ব্ৰুচে অসমৰ পৰা চাহগছৰ নমুনা সংগ্ৰহ কৰি বহু পৰীক্ষা নিৰীক্ষা কৰি গম পালে যে এই চাহপাত উপযোগী আৰ্থাত চাহ হিচাপে লব পাৰি ! লগে লগে অসমপ্ৰদেশ বৃটিছৰ বাবে মহত্বপূৰ্ণ হৈ পৰিল ! 

1834 - 1850 চনৰ ভিতৰত বৃটিছে থলুৱা আৰু বকৰানী মাটিবোৰ নিজৰ অধিকাৰলৈ আনি

চাহ খেতি আৰম্ভ কৰিলে ইয়াৰ প্থম ফলাফল 1837 চনত প্থমবাৰৰ বাব 12 বাকচ চাহ 

লণ্ডনলৈ প্ৰেৰণ কৰিলে পিছলৈ ক্ৰমানয়ে ৰপ্তানিৰ পৰিমাণ বাঢ়ি থাকিল !

তাৰপাছত প্ৰথমবাৰৰ বাবে 1839 চনত অসমত প্ৰথম  চাহ কোম্পানী আসাম টি প্ৰতিস্থা কৰিলে ! প্থমতে বড়ো , কছাৰী ,কোচ কলিতা আদি জনজাতিসকলক চাহ বাগিচাত 

কাম কৰিবলৈ লগাই কিন্তু স্থানীয় লোকে বাগিচাত কঠোৰ পৰিশ্ৰম কৰিব নোৱাৰি বাগিচা এৰি পলাই গৈছিল যাৰ ফলত লণ্ডনত গঢ়ি উঠা চাহৰ বজাৰ ডুব যোৱাৰ উপক্ৰম হ’ল

তাৰ কাৰণ দুটা আছিল প্ৰথমটো হ’ল প্ৰখৰ বানপানী আৰ দ্বিতীয়টো হ’ল চাহ শ্ৰমিকৰ 

অভাৱ ! আসাম টি কোম্পানীয়ে  বলৱস্তি 652 জন শ্ৰমিক নিযুক্তি দিছিল তাৰে বেছিভাগ কলেৰা ৰোগত ভোগি মৃত্যু হৈছিল ! আৰু বাকী সকল পলাই গৈছিল কাৰণ বৃটিছে কম দৰমাহত কাম কৰাইছিল ! বৃটিছে কম দৰমাহত কাম কৰাবলৈ একশ্ৰেণী দালালৰ সৃষ্টি কৰিলে আৰু অসম সোণেৰে উপচা দেশ বুলি কৈ ঠগি অন্ধ্ৰপ্ৰদেশ , উত্তৰপ্ৰদেশ ,উৰিষ্যা ,বিহাৰ , পশ্চিম বংগ আদি ৰাজ্যৰপৰা আৰকাঠীয়া চালান কৰি শ্ৰমিক হিচাপে অসম আনিলে !


এই লোকসকলে যাতে মাত মাতিব নোৱাৰে সেইবাবে 1859 – 1865 আৰু 1882 চনত  তিনখনকৈ কলা আইন জাৰি কৰিলে !

শ্ৰমিক সকল সঠাৎ গৃহহীন হোৱাৰ বাবে বৃটিছে নিম্নমানৰ ঘৰ সাজি দিয়ে আৰু যি দিয়ে

তাকে খাই যি কয় তাকে কৰে কাৰণ প্ৰশ্ন কৰাৰ অধিকাৰ দিয়া হোৱা নাছিল ! বেমাৰ হলে চিকিৎসাৰ ব্যৱস্থা নাছিল , শিক্ষাৰ ব্যবস্থা নাছিল  আৰু বহিৰাগত জগতৰলগত কোনো

সম্পৰ্ক নাছিল ! মালিক পক্ষই ঘৃণনীয়ভাৱে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিছিল !


চিকিৎসাৰ অভাৱত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল  ঔপনিৱেশিক চৰকাৰৰ নিৰ্দেশকো অমান্য কৰিছিল মালিকপক্ষই !শিক্ষাতো একেই অৱস্থা বাগিচাত স্কুলৰ অভাৱ 

তথাপিও চানু খাৰীয়া নামৰ এজন সাহসী ল’ৰাই সকলো বাধা নেওচি মেট্ৰিক পৰীক্ষা দি 

চাহ বাগিচাৰ প্ৰথম মেট্ৰিক ছাত্ৰৰ নাম সোণালী আখৰেৰে ইতিহাস ৰচি গ’ল !


বহিৰাগত সম্পৰ্ক নথকা স্বতেও বাগিচাৰ শশ লোক স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰি চহিদৰ তালিকা নাম ৰাখিলে তেনে দুগৰাকী মহান চহিদৰ নাম হ’ল – বেজাবৈষ্ঞৱ বাউৰী  আৰু মাংৰি ওৰাং !

বৃটিছ যোৱাৰ পাছত  চাহ জনগোষ্ঠীৰ লোকসকল থলুৱা লোকৰ সৈতে মধুৰ সম্পৰ্ক গঢ়ি তোলে কিন্তু কিছু সংখ্যক থলুৱাই চাহশ্ৰমিক সকলক ঘৃণাৰ চকুৰে চাইছিল আৰু বাগানীয়া

কুলি বুলি সম্বোধন কৰিছিল  ধানত যদি কেনেবাকৈ ছা পৰি যায় সেই ধান অপৱিত্ৰ বুলি পেলাই দিছিল সেয়াই নহয় পানী খোৱা গিলাছটোও পানী খালে লগত লৈ যাবলৈ দিছিল

এনে বহুতো কাৰণ আছিল যাৰ ফলত থলুৱা লোকৰলগত সম্পৰ্ক গঢ়াত এক বাধাৰ সৃষ্টি কৰিছিল ! কিন্তু বৰ্তমান চাহ শ্ৰমিক শিক্ষিত আৰুঅসমীয়া সমাজত স্থান দখল কৰিবলৈ হৈছে মাথো শিক্ষাতেই নহয় ৰাজনৈতিক , অৰ্থনৈতিক সাহিত্যিক সকলো দিশতে আগৰণুৱা ! কবলৈ গ’লে চাহ জনগোষ্ঠীৰ অবিহনে অসমীয়া জাতি অস্তিত্বহীন কাৰণ চাহ জনগোষ্ঠী নহলে অসম চাহৰ বাবে প্ৰসিদ্ধ নহলেহেঁতেন আৰু অসমীয়া ভাষা সাহিত্য তথা সংস্কৃতি আগবঢ়াই লৈ যোৱাত চাহ জনগোষ্ঠীৰ অগ্ৰণী ভূমিকা আছে গতিকে ইয়াৰ দ্বাৰাই গম পোৱা গ’ল যে  চাহ জনগোষ্ঠী অবিহনে বৃহৎ অসমীয়া জাতি গঠন হোৱাটো অসম্ভৱ ! 


হলেও যিমানে যি নহওক কিয় চাহ জনগোষ্ঠী আজিও গোলামীৰ শিকলিৰে বন্ধা আছে 

কাৰণ শশ বছৰৰ পাছতো চাহ জনগোষ্ঠীৰ দৰমাহৰ পৰিমাণ তেনেই কম ! আজি বজাৰত ব্স্তুৰ জুই চাই দাম 126 টকা হাজিৰাত চলেবা কেনেকৈ অতি পৰিতাপৰ কথা ভাৰতবৰ্ষত উৎপাদিত মুঠ চাহৰ 53 % শতাংশ চাহ প্ৰায় 855 খন চাহ বাগিচাৰ পৰা আমদানী হয় !

য’ত পাঁচ লাখ স্থায়ী আৰু ছয় লাখ অস্থায়ী শ্ৰমিকে তেজক পানী কৰ শ্ৰম কৰি উৎপাদন কৰি আছে ! 


কিন্তু মালিকপক্ষই দৰমাহ বৃদ্ধিৰ কথা নাভাৱে চাহ জনগোষ্ঠীৰ দল সংগঠনে ইয়াৰ ওপৰত মাত মতাৰ ফলতো মালিক পক্ষৰ গা না ঘামাই ! তাৰ বাবে বহুতো চাহ জনগোষ্ঠীৰ ছাত্ৰনেতাই প্ৰাণও দিবলগাত পৰিছে !

চৰকাৰেও কেইটমান টকা দি ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহি আছে চাহ জনগোশ্ঠীৰ উন্নতিৰ বাবে অকণো চিন্থিবলৈ সময় নাই বৰমূৰীয়া নেতা সকলৰ !


 যিয়ে নহওক কিয় চাহ জনগোষ্ঠী সকলৰ সাহসী বীৰ সন্তান সকল নিজকে জিবলৈ আৰু চিনিবলৈ হ’ল ! নিজ স্বজাতিৰ অধিকাৰ তথা সকলো সা সুবিধা উন্নয়নৰ কথা ভাৱিবলৈ হ’ল শিক্ষিত হৈ শিক্ষাৰ  আলোকৰে সমাজ আলোকিত কৰিব লাগিব চহিদ সকলৰ বাবে এয়াই হব সঁচা শ্ৰদ্ধাঞ্জলি !


লিখক – দুলাল ৰবিদাস 

যোগাযোগ - 6002305269


Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

1 Comments

Post a Comment
Previous Post Next Post