চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ৰ অৱস্হা আজিৰ প্ৰেক্ষাপটত-নবীন নাগ

অসমত প্ৰায় ৯০০ ৰ অধিক চাহ বাগিচা আছে । এই বাগিচা সমূহত এখনকৈ প্ৰাথমিক বিদ্যালয় আছে । যি সমূহ প্ৰাথমিক বিদ্যালয় বিট্ৰিছে নিৰ্মাণ কৰি গৈছে।এই  বিদ্যালয় সমূহ বৰ্তমান ও চাহ বাগিচাৰ কৰ্তৃপক্ষই শিক্ষক নিযুক্তি দিয়ে। যদিও এই প্ৰাথমিক বিদ্যালয় সমূহত অসম চৰকাৰৰ শিক্ষা বিভাগৰ সৰ্বশিক্ষা অভিযান ৰ অধীনত বিভিন্ন ধৰণৰ সা সামগ্ৰী যোগান দিয়ে।
চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয় সমূহৰ শিক্ষক নিযুক্তি সম্পূৰ্ণ বাগিছাৰ মালিকৰ ওপৰত নিৰ্ভৰশীল ।এই  শিক্ষক সকলৰ মাজত কোনো এজন উচ্চ শিক্ষিত বা কোনো এজন একেবাৰে নিম্নমানৰ শিক্ষিত। শিক্ষক সকল পৰিচালনা হৈ বাগিছাৰ কৰ্তৃপক্ষৰ দ্বাৰাই যিহেতু শিক্ষক সকলক বেতন দিয়ে বাগিছাৰ বাগিছা কৰ্তৃপক্ষই । বাগিচাৰ মালিকৰ পৰা বেতন লোৱাৰ বাবে এজন শিক্ষকক বিভিন্ন কৰ্মত নিয়োজিত কৰে , কেতিয়াবা বাবু বা মহৰী , কেতিয়াবা চৰদাৰ বা চকিদাৰ হিচাপে আনহাতে কিবা কাৰণবসত এজন বাবুক শিক্ষক হ'বলৈ বাধ্য কৰাই ।এইয়া আজিৰ প্ৰেক্ষাপটত বাগিছা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা । এই ব্যৱস্থাৰ দ্বাৰাই মালিকৰ লাভ হৈ যদিও বাগিছাৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত হেতালি খেলা হৈছে আৰু এজন শিক্ষিত ব্যক্তি শিক্ষক হিচাপে নিযুক্তি পোৱাৰ পাছত তেওঁৰ ওপৰত মানসিক ভাৱে অত্যাচাৰ কৰা হৈছে। 
   চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয় সমূহত ও আন আন চৰকাৰী বিদ্যালয়ৰ দৰে বিনামূলীয় ইউনিফৰ্ম, কিতাপ পত্ৰ,  দূপৰীয়া খোৱা বোৱা ইত্যাদি যোগান ধৰে। কিন্তু কিয় চৰকাৰে চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ ওপৰত গুৰুত্ব নিদিয়ে , কিয় এজন শিক্ষকক শিক্ষকৰ পৰা বাবু বা মহৰী বনাই দিয়ে নিজস্ব মতে । এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব নাই নেকি নে মাত্ৰ কিছু সুবিধা প্ৰদান কৰি নিজৰ দায়িত্ব সামৰণি মাৰিছে। চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয় সমূহত এজন ছাত্ৰ বা ছাত্ৰীৰ বাবে শিক্ষাৰ যি পদ্ধতি থাকিব লাগে সেই পদ্ধতি নাই। কিয়নো আমি দেখা পাও যে ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত প্ৰাক প্ৰাথমিক বা প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষন পদ্ধতি সম্পূৰ্ণ বেলেগ যাৰ ফলত ছাত্ৰ বা ছাত্ৰী য়ে সহজতে বুজি পায়। বৰ্তমান সময়ত বাগিছাৰ প্ৰাথমিক বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা অধিক সেই অনুপাতে শিক্ষকৰ সংখ্যা একেবাৰে তাকৰ ।যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ বহু অসুবিধা হব লগীয়া হয়। শিক্ষা বিভাগে নিজৰ অধীনত অৰ্থাৎ চৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহত যি ধৰণৰ গুৰুত্ব দিয়ে সেই হিচাপে কিন্তু চাহ বাগিচাত থকা বে চৰকাৰী হিচাপে প্ৰচলিত প্ৰাথমিক বিদ্যালয় সমূহত গুৰুত্ব দিয়া পৰিলক্ষিত নহয়।
     যিহেতু বৰ্তমান অসম চৰকাৰৰ শিক্ষা বিভাগে চাহ বাগিচাত প্ৰায় ১১৯ খন আৰ্দশ হাইস্কুল প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে এইয়া বাগিছাৰ কাৰনে শুভ লক্ষণ কিন্তু চাহ বাগিছাৰ ছাত্ৰ ছাত্ৰী সকলে শিক্ষা গ্ৰহণ কৰা একমাত্ৰ প্ৰাথমিক বিদ্যালয় সমূহক কিয় গুৰুত্ব দিয়া নাই। কিয় বিদ্যালয় প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষা ব্যৱস্থা ভাল কৰিবলৈ গুৰুত্ব দিয়া নাই এইয়া আজিৰ সময়ত এক বৃহৎ প্ৰত্যাহ্বান । কাৰণ হাইস্কুল প্ৰতিষ্ঠা কৰিলে শিক্ষা ব্যৱস্থা ভাল নহ'ব তাৰ বাবে প্ৰাথমিক শিক্ষা ভাল হব লাগিব । এইয়ে চৰকাৰে এই বিদ্যালয় সমূহক বাগিছাৰ মালিকৰ ওপৰত নিৰ্ভৰ নকৰি সম্পূৰ্ণ নিজৰ অধীনলৈ অনাৰ কাৰণে প্ৰয়াস কৰাৰ প্ৰয়োজন আছে। চৰকাৰে নিজৰ অধীনলৈ আনি নিজৰ ব্যৱস্থাৰ দ্বাৰাই শিক্ষক নিযুক্তি বা কৰ্মব্যস্ত হৈ থকা শিক্ষক সকলক চৰকাৰী কৰন কৰা । শিক্ষক সকলক বিভিন্ন ধৰণৰ শিক্ষণৰ প্ৰশিক্ষণ দিয়া আৰু সম্পূৰ্ণ শিক্ষা বিভাগৰ নীতি-নিয়ম আৰু আৰ্হতা অনুযায়ী শিক্ষক ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব । মুঠতে বাগিছাৰ প্ৰাথমিকৰ পৰা উচ্চ পৰ্যায়ৰ শিক্ষা ব্যৱস্থা সু- নিশ্চিত কৰিবলৈ হলে বাগিছাৰ প্ৰাথমিক বিদ্যালয় সমূহ চৰকাৰীকৰন কৰিব লাগিব এই ক্ষেত্ৰত জনসাধাৰণৰ হৈ প্ৰতিনিধিত্ব কৰা সকলো জনপ্ৰতিনিধিয়ে বিধানসভাত বিষয়টো উপস্থাপন কৰি কাৰ্যকৰী কৰিবলৈ বিহিত পন্থা গ্ৰহন কৰিব লাগিব ।।
     চাহ বাগিছাৰ শিক্ষাৰ দ্বাৰাই চাহ বাগিচাৰ পৰিৱেশ আৰু অধিক সুন্দৰ ৰূপত গঢ়িব পাৰিম ।।

Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

2 Comments

  1. ইঞ্জৰৰ সৈতে সংযুক্ত হৈ অভিভূত। ভৱিষ্যতলৈ আমাৰ লিখনিসমূহ পঠিয়াবলৈ যত্ন কৰিম। ইঞ্জৰ চাহ জনজাতি আদিবাসীৰ ভবিষ্যত দ্ৰষ্টা হওক তাৰেই কামনা কৰিলোঁ।

    ReplyDelete
Post a Comment
Previous Post Next Post