সমাজ ব্যৱস্থাটো চলি যােৱাত অৰিহণা যােগাই আহিছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা
(আছা) ৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ আঁৰত আছিল এক ক’লা অধ্যায়। আছাৰ এই দীঘলীয়া যাত্রা
ইমান সহজ নাছিল। আজি গৌৰবেৰে ক'ব পাৰিছোঁ যে এই সংগঠনে আজি ৰূপালী জয়ন্তী বর্ষত
ভৰি দিলে। আমি সকলােৱে জানাে যে আদিবাসীসকল ভাৰতবৰ্ষৰ সকলাে ৰাজ্যতে বিয়পি
আছে। ই এটা বৃহত জাতিগােষ্ঠী, কিন্তু অসমৰ কথা যেতিয়া আহে তেতিয়া এই মানুহখিনিৰ
অস্তিত্ব বিঘ্নিত কৰি এক নিকৃষ্ট দৃষ্টিত চোৱা তথা ব্যৱহাৰ কৰা আমি দেখি আহিছোঁ।
অর্থনৈতিকভাৱে কোঙা মানুহখিনি নিস্ফুপভাৱে থাকিব লগাত পৰে যিটোক আদিবাসীসকল দুর্বল
বুলি এচামে নিৰূপণ কৰিব বিচাৰিছিল। যাৰ বাবে নামনি অসমৰ প্ৰায়বােৰ ঠাইৰ বড়াে বিদ্রোহী
সংগঠনৰ বলি হ'ব লগা হৈছিল আদিবাসীসকল আৰু পিছলৈ ইয়াৰ ফিৰিঙঠি উজনী অসমৰ
ফালে বিস্তাৰ হ’বলৈ ধৰিলে। আজিও মনত পৰে, কোকৰাঝাৰ, চিৰাং, লােংচোং বিশ্বনাথ আদি
জিলাৰ কথা, য’ত আদিবাসীসকল আজিও গৃহহাৰা হৈ আছে। প্রথমে BLT আৰু পাছলৈ NDFB
নামৰ বড়াে বিদ্রোহী সংগঠনৰ বিশেষভাৱে লক্ষ্য পৰিছিল আদিবাসীসকল। মুকলিকৈ প্রকাশ
নকৰিলেও বুজা যায় যে আদিবাসী সকলক বলিৰ পঠা সজাই আজি এটা জনগােষ্ঠীয়ে (বড়াে)
ৰাজনৈতিক দল গঠন কৰিলে, বড়ােভূমি স্থাপন হ'ল আৰু পর্যায়ক্রমে চৰকাৰৰ লগত আলােচনা
কৰি উগ্রপন্থীৰ সমস্যাটো নােহােৱা কৰি তেওঁলােকক পুনৰ কর্মসংস্থাপনৰ ব্যৱস্থা কৰা হ'ল। এই
প্রসংগ ইমানতে সামৰণী মাৰিছোঁ যদিও সেই সময়ত আদিবাসী পৰিচয়ক লৈ আঙুলি টোৱাই
আদিবাসী সমস্যাক বিশৃঙ্খলা সৃষ্টি কৰাৰ সময়ত অন্য জ্যেষ্ঠ ভাতৃ সংগঠনসকলে কিন্তু সেই
পৰিস্থিতি নিয়ন্ত্রণ কৰাত ব্যৰ্থ হৈছিল। ফলত জাতীয় পিতা জাষ্টিন লাকৰাৰ নেতৃত্বত আদিবাসী
ছাত্ৰ সন্থা আছা প্রতিষ্ঠা কৰা হৈছিল। ছাইমনসিং হ’ৰৰ পিছত আদিবাসীসকল সংগঠিত কৰাৰ
জাষ্টিন লাকৰাৰ এই পদক্ষেপক আমি অসমৰ আদিবাসীসকলৰ দ্বিতীয় অধ্যায় বুলি ক'ব পাৰে।
ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈ আমি যদি এৰি অহা দিনবােৰৰ সাংগঠনিক কামকাজ
বিচাৰ কৰোঁ তেন্তে আমি গৌৰবেৰে ক'ব পাৰাে যে আদিবাসী ছাত্ৰ সন্থা আজি এশ শতাংশই
সফল হৈছে বুলি। কিয়নাে বঢ়াই নক'লেও আজিৰ প্ৰজন্মই ধমক মাৰি নিজৰ পৰিচয় আদিবাসী
বুলি গৌৰবেৰে ক'ব পাৰিছে ৷ ইয়াৰ কোনাে আক্ষেপ নাই। ইয়াৰ আনুসাঙ্গিক বিষয়বােৰৰ উপৰত
অধ্যয়নৰ লগতে আদিবাসীসকলৰ সংস্কৃতি, পৰম্পৰা বুৰঞ্জী আদি অধ্যয়ন আৰু প্ৰকাশৰ ব্যৱস্থা
কৰি সংৰক্ষণৰ ব্যৱস্থাও কৰা হৈছে। আদিবাসী ছাত্র সংগঠনৰ এই দীঘলীয়া যাত্রাৰ যােগেদি মাটি
ভেটি, বাগিচাৰ মজুৰি (Labour Wage) আদিবাসীসকলৰ অনুসূচীকৰণ (ST) আদিৰ নায্য প্রাপ্তিৰ
দাবী কৰাত সহজ হৈ পৰিছে। দিনক দিনে শিক্ষাৰ হাৰ বৃদ্ধিৰে উঠি অহা প্ৰজন্মক মানৱ সম্পদ
ৰূপে গঢ় দি দিক নির্ণয় কৰাত আছা সফল হৈছে। আদিবাসী দল সংগঠনসমূহক একগােট কৰি
সন্মিলিত মঞ্চক আগবঢ়াই নিয়াত সহজ হৈছে। আদিবাসী সুৰক্ষা সমিতি, আদিবাসী মহাসভা,
আদিবাসী মহিলা সমিতি, আদিবাসী সাহিত্য সভা আৰু ভিন্ন জাতীয় সভাসমূহক একগােট কৰি
আদিবাসীসকলৰ আগন্তুক পৰিকল্পনাক আগবঢ়াই নিয়াৰ সংঘবদ্ধ প্রচেষ্টা অটুট ৰাখিছে। এই
সর্ববৃহৎ সহযােগিতাই চৰকাৰী পক্ষক পতিয়ন নিয়াৰ পৰা ভূমিকা বতর্মান সময়ত আদিবাসী ছাত্র
সন্থাৰ আছে।
আদিবাসী এটা বৃহত জাতি গােষ্ঠী। গােটেই ভাৰতবৰ্ষত ১২০ টাৰাে অধিক জাতি
উপজাতি আদিবাসীসকলৰ মাজত সিঁচৰিত হৈ আছে। ইফালে চাহ বাগিচাৰ বাবে অসমত যথেষ্ট
সংখ্যক আদিবাসীসকলক প্ৰব্ৰজন কৰি অনা হৈছিল। কিন্তু তাৰ আগতে আদিবাসীসকল অসমত
বসবাস কৰিছিল ৷ সেয়েহে অসমৰ আদিবাসীসকল যে খিলঞ্জীয়া হয় সেই কথা নিশ্চিত। অসমৰ
বায়ু- পানী সেৱন কৰি অসমৰ পৰিবেশৰ লগত খাপ খুৱাই বিলীন হৈ গৈছে আদিবাসীসকল।
যেতিয়াই জনগােষ্ঠীয় কথা বতৰা চর্চা হয় তেতিয়া জনগােষ্ঠীয় লােকসকল যে সকলাে ক্ষেত্ৰতে
পিছপৰা তাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি, আইন তথা নিয়মেৰে জনগােষ্ঠীয় মর্যাদা দিয়ে।
সমাজৰ অন্যান্য জাতি-জনগােষ্ঠী, ভাষা-ভাষীৰ লগত খােজত খােজ মিলাই যাবৰ বাবে
চৰকাৰৰ ইও এক পদক্ষেপ। প্রকৃত খিলঞ্জীয়া হিচাপে আদিবাসীসকলে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ
অর্থে প্রতি মুহূর্তত যুঁজ দি আহিছে। অসমত বহুত জনগােষ্ঠীৰ জনজাতি আছে যিসকল বর্তমান
অসমীয়া ভাষাক প্রাধান্য দিয়া ঠাই। উদাহৰণ স্বৰূপে বড়াে জনগােষ্ঠীসকলে বড়াে ভাষাক লিখিত
ৰূপত ব্যৱহাৰ কৰে। ঠিক তেনেকৈ, কাৰ্বি, মিচিং, নেপালী (গােখা) সকলে তেওঁলােকৰ নিজৰ
নিজৰ ভাষা ব্যৱহাৰ কৰে। আদিবাসীসকলে কিন্তু অসমীয়া ভাষাকে আকোৱালী লৈ আজিও
লিখা-মেলা চৰ্চা কৰি সাহিত্যৰ ক্ষেত্ৰখন মহিয়ান কৰি তুলিছে। ওপৰত উল্লেখ কৰাৰ দৰে
আদিবাসীসকলৰ বিভিন্ন জাতি, উপজাতি থকা বাবে ইয়াৰ ভাষা আৰু দোৱানসমূহাে বেলেগ
বেলেগ। যেনেকৈ চাওঁতালসকলে চাওঁতালি ভাষাক লিখিত ভাষা হিচাপে ব্যৱহাৰ কৰিব পাৰে,
কিন্তু এক সন্মিলিত মঞ্চত ব্যৱহাৰ কৰিব পৰাকৈ আদিবাসীসকলৰ ভাষাটো কিন্তু চাওঁতাল হ'ব
নােৱাৰে। কিয়নাে চাওঁতালসকল আদিবাসীসকলৰ এটা অংগহে মাত্র। মুঠৰ ওপৰত ক'বলৈ গ'লে আদিবাসীসকল অসমীয়া ভাষাকে লিখিত আকাৰত মর্যাদা দি আহিছে। আনহাতেদি ধর্মীয় দিশৰ
পৰা চাবলৈ গ'লে এসময়ৰ শংকৰদেৱৰ আদর্শেৰে অনুপ্রাণিত হৈ একাংশই নৱ বৈষ্ণৱ ধর্ম গ্রহণ
কৰাও দেখা পােৱা যায়। আদিবাসীসকল যিহেতু আদিম যুগৰ পৰা বসবাস কৰা জনগােষ্ঠীয়
লােক। এওঁলােকে গছ-গছনি, অৰণ্য আদিক দেৱতা ৰূপে পূজা কৰি আহিছে। আজিৰ সময়ত
বিশ্লেষণ কৰি চালে সেইসকল মানুহেই অসমীয়া সংস্কৃতি (বিহু ভাওনা) ৰক্ষা কৰি আহিছে।
তাৰেই প্রমাণ হৈছে নৱ বৈষ্ণৱ ধৰ্মৰ আদিবাসী লােকসকল। আনফালে কিছুমানে খ্রীষ্টান ধর্ম গ্রহণ
কৰিলে। যাৰ বাবে আদিবাসীসকলৰ ৰীতি-নীতিত পৰিৱৰ্তন হ’ল আৰু এক সামান্য অংশহে
আদিবাসীৰ সাৰণা ধর্মক মানি আহিছে বুলি অনুমান কৰিব পাৰি। এই সকলােবােৰৰ মূলতে হৈছে
ভাষা-সংস্কৃতি, কলা-কৃষ্টি আদি এক বােৱতী নদীৰ দৰে যে গতিশীল সেয়া প্রমাণিত হয়।
একষাৰে ক'বলৈ গ'লে অসমত বাস কৰা এক লক্ষ্য বিশ লাখ আদিবাসীসকল অসমীয়া সংস্কৃতক
বর্তাই বা ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে সেয়া কাজেই দেখা পােৱা গৈছে।
বতর্মান চৰকাৰে অসমৰ ভিন্ন জাতিৰ এই মিলনভূমিৰ সক্রিয়তাক মহিয়ান ৰূপ দিবলৈ
যত্ন কৰিছে। চৰকাৰৰ লক্ষ্য হৈছে জনগােষ্ঠীয় লােকসকলৰ সংস্কৃতি ৰক্ষাৰ অর্থে একো একোটা
বেষ্টনি গঢ়ি তােলা। জনগােষ্ঠীয় পৰম্পৰা, ৰীতি-নীতি, সংস্কৃতিৰ মর্যাদাক অটুট ৰাখিবৰ বাবে
চৰকাৰৰ এয়া এক পদক্ষেপ। উদাহৰণ স্বৰূপে বিভিন্ন স্বায়ত্বশাসিত পৰিষদ যেনে- মিচিং, তিৱা
বড়াে, ৰাভা, কাৰ্বি স্বায়ত্বশাসিত পৰিষদ আদি। চৰকাৰৰ লক্ষ্য ইয়াৰ অধ্যুষিত অঞ্চলবােৰ একো
একোটা বেষ্টনিৰ ৰূপ দি তেওঁলােকৰ পৰম্পৰা সংস্কৃতি আদিক ৰক্ষা কৰা। যদি সেই কথাই ধূৰূপ
তেন্তে আদিবাসী সকলৰ বেষ্টনি সৃষ্টি কৰাত চৰকাৰে কিছু অসুবিধাৰ সন্মুখীন হ’ব।
আদিবাসীসকলৰ যিমানবােৰ জাতি গােষ্ঠী আছে যিবােৰ একেটা বেষ্টনিত সম্পূর্ণ নহয়। আকৌ
চাহ জনগােষ্ঠী যিটো শব্দ সেয়া ইয়াত আহি পৰাৰ প্রশ্নই নুঠে; কিয়নাে এই শব্দৰ বৈজ্ঞানিক
দৃষ্টিভঙ্গী নাই তথা ই চাহ বাগিচা আৰু বাগিচাৰ পৰা ওলাই বাগিচাৰ বাহিৰত বসবাস কৰা
শ্রমিককহে প্রতিনিধিত্ব কৰে। কিন্তু আমি আগতেই কৈ আহিছোঁ যে ইংৰাজৰ চাহ বাগিচাৰ স্থাপন
কৰাৰ আগতেই অসমত আদিবাসীসকল আছিল। আকৌ ভাৰতীয় প্রেক্ষাপটত মহিষাসুৰৰ কথা
ক'ব পাৰি যি আছিল চাওঁতালসকলৰ বংশধৰ। মহাভাৰতত ঠিক তেনে ধৰণে একলব্যৰ কথা
ক’ব পাৰি। একলব্যৰ বুঢ়া আঙুলিটো গুরুদক্ষিণা দিয়াৰ পিছত তর্জনী আৰু মধ্যমা আঙুলিৰে
হৰধনু মাৰিছিল আৰু বর্তমানত আদিবাসীসকলে সেই আঙুলিৰে ধনু নিক্ষেপ কৰা দেখা যায়।
এনে বহু উদাহৰণ আছে যিবােৰ এতিয়া আঁত ধৰিব বিচৰা নাই ৷ ইফালে বেষ্টনিৰ কথা ক'বলৈ
যাওঁ তেন্তে আদিবাসীসকলৰ একো একোটা বেষ্টনিৰ ৰূপ দিয়া হয় তেন্তে অসমৰ
আদিবাসীসকলে এক দৃষ্টান্তমূলক মূল্যায়নৰ ভূমিকা গ্ৰহণ কৰিব। তাৰ ফলত অসমৰ ৰাজনৈতিক
দৃশ্যপট ওলট-পালট হ'ব সেয়া খাটাং। সেইবাবেই অসমৰ আদিবাসীসকলক অতীতৰে পৰা
বিভাজনৰ ৰাজনীতি কৰি থকা হৈছে। চৰকাৰ যিহেতু একো একোটা ৰাজনৈতিক দলৰ পৰাই
গঠিত হয় সেয়েহে ৰাজনৈতিকভাৱে এইসকল মানুহক বিভাজন কৰাটো প্ৰতিটো ৰাজনৈতিক
দলৰে প্রথম পদক্ষেপ হিচাপে দেখা পােৱা যায়। অর্থনৈতিকভাৱে দুর্বল, নিৰক্ষৰ, নিচাযুক্ত
পানীয় গ্রহণ তথা নিম্নমানত মজুৰি প্ৰদান কৰা এইবােৰেই হৈছে ইয়াৰ উপসর্গ। আন এচামে আকৌ আদিবাসীৰ পৰিচয়ক গাব দিব বিচাৰে। প্রান্তিক আলােচনীৰ “ অজগৰ ’ শীর্ষক লেখাটো, ২
জুন, ২০২১ দৈনিক জনমভূমি কাকতৰ ‘ কুলি’ৰ প্ৰসংগকেইটা তাৰেই এটা প্রমাণ। এইবােৰ
কেঁকুৰা-চেপা, অৱক্ষয়ৰ ক্ষণত আদিবাসী ছাত্ৰ সন্থাই সদাই মাত মাতি আহিছে আৰু মাতি যাব।
যাৰ বাবে আমি আছাক লৈ গৌৰৱ বােধ কৰোঁ। আজি ৰূপালী জয়ন্তী বৰ্ষত আমি হৃদয়েৰে
আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ কর্মকর্তা ও শত শ্বহীদৰ বলিদানক সন্মান জনাওঁ আহক।
আছাৰ জন্মলগ্নৰ পৰা কর্মসূচীক চকু ফুৰাই চালে দেখা যায় যে আদিবাসী ছাত্ৰ সন্থাই
আদিবাসী জনগােষ্ঠীক আত্মমর্যাদা দিলে আমি নিজ পৰিচয়ক তুলি ধৰিবলৈ সক্ষম হলোঁ।
সদিয়াৰ পৰা ধুবুৰিলৈ আদিবাসী সকলৰ সমস্যা তথা বিপদৰ সময়ত আগতিয়াকৈ মাত মাতি
চৰকাৰী পক্ষৰ লগত মােকাবিলা কৰিব পাৰিছে। জাতীয় পােছাক তথা সাজ-পাৰেৰে আদিবাসীৰ
জাতীয় পৰিচয় আৰু সংস্কৃতিক জনমানসত তুলি ধৰিছে। বিভিন্ন পৰম্পৰা সংস্কৃতিক ৰক্ষাৰ অর্থে
আগস্থান দি কম উৎসৱক আদিবাসী সকলৰ জাতীয় উৎসৱ ৰূপে প্রতিষ্ঠা কৰাৰ অৰিহণা
যােগাই আহিছে। এই সংগঠনৰ যােগেদি উঠি অহা প্রজন্মই শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহি
জনগােষ্ঠীটোৰ শৈক্ষিক মহলত যােগাত্মক প্রভাৱ পেলাইছে। আদিবাসী কলা-সংস্কৃতি, পৰম্পৰাক
একত্রিতভাৱে এক মহীয়ান ৰূপ দিবলৈ আদিবাসী মহাসভা প্রতিবছৰে পালন কৰি আদিবাসী
জাতীয় পৰিচয়ৰক, পূর্ণতা প্রদান কৰি জনগােষ্ঠীটোৰ একতাক প্রতিপন্ন কৰিব পাৰিছে।
সদৌ শেষত ক'ব বিচাৰাে একোটা জনগােষ্ঠীৰ উন্নতি বুলিলে সর্বদিশৰ উন্নতিকে বুজোৱা
হয়। শৈক্ষিক, অর্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক এই সকলাে দিশৰ উন্নতি তেতিয়াহে হ’ব
যেতিয়া অসমৰ আদিবাসী সমাজ একতাৰে সংগঠিত হৈ থাকিব। যােৱা ৮ জুন ২০২১ তাৰিখে
আদিবাসী আৱাজ আলােচনীয়ে প্ৰস্তুত কৰা webinar ৰ জৰিয়তে Ex-School Inspector Sri
Stanislaus Soreng দেৱে ইয়াৰ বিশ্লেষণ এনে ধৰণে আগবঢ়াইছিল যে বৃহত আদিবাসী
জনগােষ্ঠীক ভিন্ন সময়ত ভাঙণমুখী কৰিবলৈ এচামে চেষ্টা চলাই আহিছে। ৰাজনৈতিক বিভিন্ন
শক্তি যেনে- legal power, money power, dividend power, martial power আদি। আকৌ
আদিবাসীসকলৰ নেতৃত্বত বহুকেইটা সংগঠন আছে যাৰ বাবে প্রতিটো আদিবাসীয় সংগঠনে
ভাবে যে তেওঁলােকৰ নিজা লক্ষ্য তথা সংগঠনৰ যােগেদি আদিবাসীসকলৰ উন্নতি হ’ব বুলি।
ফলত অসমৰ আদিবাসীসকল বিমােৰত পৰিব লগা হয় আৰু যাৰ বাবে আদিবাসীসকল
একত্রিতভাৱে একেটা উদ্দেশ্যত উপনীত হ'ব নােৱাৰে। আহক, আমি আদিবাসী ছাত্ৰ সন্থাৰ এই
ৰূপালী জয়ন্তী বৰ্ষত একত্রিতভাৱে সংকল্প লওঁ আৰু আগন্তুক সংগ্রামী যাত্রাক সংঘবদ্ধভাৱে
সহায়ৰ হাত আগবঢ়াওঁ, আছাৰ আগন্তুক সকলৰ কর্মপন্থা হওঁক আদিবাসী সমাজৰ সৰ্বদিশৰ
উন্নতিৰ হকে।
জয় আদিবাসী, জাষ্টিন লাকৰ অমৰ হওঁক,
জয়তু আদিবাসী ছাত্ৰ সন্থা।
***