সাহিত্যিক বুলি ক'লে যি কেইজন মানুহৰ ছবি চকুত ভাহি আহে তেখেত সকলৰ ভিতৰত নাৰায়ণ ঘাটোৱাৰদেৱ অন্যতম । অকল চাহ জনগােষ্ঠীৰে নহয় ; অসমৰ আগশাৰীৰ সাহিত্যিক সকলৰ লগতে তেখেতৰ কলমে সৃষ্টি কৰা সম্পদৰাজী যথেষ্ট ঐশ্বৰ্য্যশালী । জীৱনৰ ঘাত প্রতিঘাতত থমকি নােৰােৱা সাহিত্যিক গৰাকীৰ সৃষ্টিৰাজী ভাৱ গধুৰ আৰু চিন্তা উদ্রেগকাৰি । হামদে তাৰা’অলংকাৰেৰে অলংকিত ঘাটোৱাৰদেৱ নৱম শ্রেণীত পঢ়ি থাকোতে অসমৰ জলন্ত সমস্যাৰ ওপৰত ইংৰাজী প্ৰৱন্ধ ( Naturies Fury in Assam ) লিখি লেখক জীৱনৰ সুপ্রভাত আৰম্ভ কৰে যদিও পিছৰ সময়ছােৱাত অসমীয়া ভাষাতে নিৰৱিচ্ছিন্ন ভাৱে সাহিত্য চর্চা কৰি গৈছে । লিখক গৰাকীৰ প্ৰকাশ ভংগী অতি সহজ সৰল আৰু বিষয়বস্তু গভীৰ । জীৱনৰ জটিল ক্ষণতাে উদ্ঘাটন কৰিছিল নিতৌন - ন দিশ । আর্থিক দৈন্যতাই যেন তেওঁক অধিক প্রেৰণা হে দিছিল । তেখেতৰ ৰচনাৱলী খনৰ কেইটামান প্ৰৱন্ধ হে আমি আলােকপাত কৰিব বিচাৰাে । নাৰায়ণ ঘাটোৱাৰদেৱৰ অতি গুৰুত্বপূৰ্ণ প্ৰৱন্ধ স্বাধীনতা আন্দোলনত ভাৰতীয় শ্রমিকৰ ভূমিকা ’ লেখাটি শ্রমিক সকলৰ সামাজিক নিৰাপত্তা আৰু অনান্য স্বাৰ্থৰ কথা অনুভূত হয় । ১৯২১ চনত বি . পি ওৱাডিয়াৰ শ্রমিক আন্দোলন সম্পর্কে কৰা এটি সাৰুৱা মন্তব্য এনেদৰে- It is very necessary to recognise the labour movement as an integral part of the national movement the latter will not succed in the right direction of democracy if Indian working classess are not enabled to organise their own forces and come into their own . তেখেতৰ লিখনী সমূহ ক্ষত বিক্ষত ইতিহাসৰ ঘটনাৰাজীৰ এক সুন্দৰ নিদর্শন । ঐতিহাসিক প্রেক্ষাপটৰ ওপৰত লিখা আন এটা বলিষ্ঠ প্ৰৱন্ধ হ’ল ‘ মে ’ দিৱসৰ পটভূমিত সকলােৰে জ্ঞাত মে ’ দিৱসৰ ওপৰত লিখা প্ৰৱন্ধত আছে শ্রমিক আন্দোলনৰ সফল আৰু বিফল মুহুর্ত এক সংগাঠনিক ধাৰা । ঔদ্যোগীকৰণৰ সময়ত ১৮০৬ চনত জোৰা শ্ৰমিকৰ ধৰ্মৰ্ঘট , ১৮৩৮ চনৰ নিউয়ক চহৰৰ কাৰখানা শ্রমিক ধর্মঘট । রকিং মেনচ এডভ ’ কেটৰ মুখপত্র , ১৮৬৬ চনৰ ২০ আগষ্ট অবিসম্বাদী আন্তর্জাতিক নেতা চিলভিউচৰ জাতীয় সংগঠনকে আদি কৰি ১ মে শ্রমিক দিৱসলৈকে খুব কম কথাৰে বৰ্ণনা অতি সুন্দৰ আৰু সাৱলীল । ঘাটোৱাদেৱৰ অন্য এটা তথ্য সমৃদ্ধ প্ররন্ধ ট্রেড ইউনিয়ন সাংবাদিকতা আৰু চাহ মজদুৰ । সাংবাদিকতাই কেনেকে ট্রেড ইউনিয়ন যথেষ্ট পৰিৱৰ্তন আনিলে । বিদেশৰ শ্ৰমিকৰ ৰাজনৈতিক , অর্থনৈতিক , সামাজিক অৱস্থাৰ সম্পর্কে অৱগত হােৱাৰ দিশ দৰ্শনৰ ভূমিকা পালন কৰিছে । তেখেতে Brune , stori , president of the ICFTU উক্তি এটা দাঙি ধৰিছে এনেদৰে Hence journalism must assist the trade unions to accelerate and advance the struggle for fredom for peace and for justice and must help trade unions in bringing peace and justice to all people in all countries by strengthening democracy ... তেখেতে মনত পেলাইছে যে ভাৰতৰ অনান্য প্রান্তৰ দৰে অসমতাে ঔদ্যোগিক শ্ৰমিকৰ সংখ্যা কোনাে গুণে কম নহয় । প্রবন্ধটিত আছে ট্রেড ইউনিয়নৰ ইতিহাস আৰু বহু গুৰুত্বপূর্ণ তথ্য । আন এটি উল্লেখযােগ্য শক্তিশালী প্ৰৱন্ধ হ’ল ‘ Roles of tea garden workers in freedom movement ' প্ৰৱন্ধটিত এক অপ্রিয়সত্য কথা দাঙি ধৰিছে , এনেদৰে- Due to non availability of proper historical record some one may be left out in the list of freedom fighters and for which they have been deprived from any sort of recognition their names have not been mentioned in history in particular . শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ যি আন্দোলন বর্তমান চলি আছে এনে আন্দোলনৰ আদি পর্ব বৰ সুন্দৰকে ঘাটোৱাৰ দেৱে বৰ্ণনা কৰিছে । আনকি অসমৰ প্ৰাক্তন মুখ্য আয়ুক্ত হেনৰি কটন চাহাবেও শ্ৰমিকৰ ওপৰত চলা এনে অমানবীয়তাৰ বিষয়ে লিখা তথ্য তেখেতে উল্লেখ কৰিছে । ' History of May Day in India ' এটি তথ্যপূর্ণ প্ৰৱন্ধ । অতি কম কথাৰে শ্রমিক দিৱসৰ ঐতিসাহিক তাৎপৰ্য্য সুন্দৰ বৰ্ণনা । ইংৰাজীতে লেখা প্রৱন্ধিটিয়ে ঘাটোৱাৰদেৱৰ ইংৰাজী ভাষাৰ ওপৰত দখল থকা কথাই প্রমাণ কৰে । লেখকৰ সংগ্রামী সত্বাৰ উৰ্গীৰণে পাঠকৰ যুদ্ধ ক্ষেত্ৰৰ সমৰ সজ্জিত সৈনিক ৰূপে ঠিয় কৰাইছে । এই যুদ্ধক্ষেত্র লাগিলে শ্রমিক আন্দোলনে হওঁক বা স্বাধীনতা আন্দোলনে হওঁক অথবা সেউজ বিপ্লৱে হওঁক । সেউজ বিপ্লৱৰ সাম্প্রতিক মূল্যবােধত ঘাটোৱাৰদেৱে কৃষক সকলক কি দৰে উপকৃত কৰিব পাৰি । দেশৰ কৃষি খণ্ডত সেউজ বিপ্লৱৰ ভূমিকা তেখেতে খুউব সুন্দৰকে বর্ণনা কৰিছে । নিৱনুৱা সংস্থাপন , কৃষক , বেংক ঋণ , অসম কৃষি বিশ্ববিদ্যালয় , ... ৰিচাৰ্চ চেন্টাৰৰ প্রতিষ্ঠা গুৰুত্ব ইত্যাদি বহু কথা লেখকৰ ভিন্ন দিশত থকা গভীৰ চিন্তাৰ পৰিচয় বহন কৰিছে । চাহ শ্রমিক আন্দোলনৰ আদি পর্ব স্বর্গীয় মধু কোঁচৰ পৰা স্বর্গীয় বাংকু উৰাঙলৈ এক তাৎপৰ্যপূৰ্ণ প্ৰৱন্ধ । নাৰায়ণ ঘাটোৱাৰদেৱ অকল আন্দোলনমুখী বা প্রতিবাদী প্ৰৱন্ধ লিখিয়ে ক্ষান্ত হােৱা নাই বনুৱা সাংস্কৃতিক জীৱনৰ মেটমৰা সম্ভাৰ তেখেতৰ গ্ৰন্থইকঢ়িয়াই ফুৰিছে । লােক নৃত্য , ঝুমুৰ , ঝুমুৰ গীতৰ সৌন্দৰ্য্য বাইপৰৱ , টুচু পৰৱ , বনুৱাৰ নিচুকনি গীত , ওমলা গীতত শিশু , কৰম পৰৱ , ফকৰা - যােজনা আদিৰ উৎসৱৰ সুন্দৰ বৰ্ণনাহ তেখেতৰ গ্রন্থ সমৃদ্ধ । বিভিন্ন ৰচনা সম্ভাৰেৰে অলংকিত তেখেতৰ কলমে সৃষ্টি কৰি গৈছে অজস্র ভিন্ন স্বাদৰ লিখনি । শ্রী শ্রী অনিৰুদ্ধ দেৱৰ সাহিত্য ৰাজিৰ মূল্যায়ন ৭৭০ বছৰীয়া চাওলুং- - কা - ফা বর্ষ । লগতে আছে অমূল্য বৰুৱাৰ জীৱন আৰু কবিতা আৰু আছে বিষ্ণু প্ৰসাদ ৰাভা আৰু কাজী নজরুল । আছে বহু ৰঙী বহাগ বিহু , বিহুগীতত চাহ বাগিচা ইত্যাদি । শিক্ষা সম্বন্ধীয় প্ৰৱন্ধৰ উপৰিও আছে জীৱন মুলক লিখনি।বীৰত্বৰ বাংময় স্বাক্ষৰ গোঁড়ৱানাৰ ৰাণী দুর্গাৱতীৰ লগতে বহু মূল্যবান প্ৰৱন্ধ । তেখেতৰ সাহিত্য চর্চাই অসমীয়া সাহিত্যৰ দিশত এক নতুন মাত্রা প্রদান কৰি গৈছে । কম শব্দত বহু গুৰুত্বপূর্ণ বিষয় আলােচনা তেখেতৰ সৃষ্টিৰ এক প্রধান বৈশিষ্ট্য । নাৰায়ণ ঘাটোৱাৰৰ ৰচনাৱলীক এক গােট কৰি গ্ৰন্থ আকাৰে প্ৰকাশ কৰা অসম প্ৰকাশন পৰিষদৰ সচিব প্রমােদ কলিতাদেৱক প্রাধান্য কৰি সমূহ বিষয়ববীয়াকে এই আপাহতে ধন্যবাদ জনালোঁ । কোনাে এজন লেখকৰ ৰচনাৱলী একত্রিত কৰাটো হ’ল আটাইতকৈ কষ্টকৰ কাম । সম্পাদননা কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু জটিল । এনে এক গুৰু দায়িত্ব বহন কৰা শ্ৰদ্ধাৰ সুশীল কুর্মিদেৱলৈ আমি শ্রদ্ধাও কৃতজ্ঞতা জনালোঁ । নৱ প্ৰজন্মই এনে ধৰণৰ ৰচনাৱলীৰ পৰা বহু উপকৃত হ'ব লগতে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা ই এক অমূল্য সম্পদ ।