চাহ জনগোষ্ঠী আদিবাসীসকলৰ সমস্যাৰ এটি পৰ্যালোচনা

চাহ জনগোষ্ঠী আদিবাসী সকল অসমৰ এক বৃহৎ জনগোষ্ঠী,অসমত তেওলোকৰ জনসংখ্যা প্ৰায় এক তৃতীয়াংশ অৰ্থাৎ প্ৰায় এক কোটি ।অসমত তেওঁলোকৰ সামাজিক,অৰ্থনৈতিক,ৰাজনৈতিকভাষা সংস্কৃতি,সকলো ক্ষেত্ৰতে বিশেষ ভূমিকা আছে।তেওলোকে অসমৰ ঊন্নয়নৰ সকলো দিশতে বিশেষ ভূমিকা পালন কৰি আহিছে।তেওলোকৰ নিজা ভাষা স্ংস্কৃতি থকা স্বত্বেও তেওলোকে অসমীয়া ভাষাকো নিজৰ ভাষাকে আপোন বুলি মানি লৈছে,এই বিষয়ে সন্দেহ কৰিব লগা নাই।এই জনগোষ্ঠীৰ এটা বৃহৎ অংশ অসমৰ প্ৰায় আঠ শ খন চাহ বাগিছাত কাম কৰে,বাকী গাওঁ বস্তিত নিগাজীকৈ বাস কৰে কৰে।উল্লেখযোগ্য যে এই জনগোষ্ঠীৰ বিভিন্ন ধৰনৰ সমস্যা আছে।আটছা,আছাকে ধৰি বিভিন্ন ছাত্ৰ সংগঠনে এই সমস্যাৱলী সমাধানৰ ক্ষেত্ৰত চৰাকাৰৰ ওচৰত দাবি ঊত্থাপন কৰি আহিছে।
কিন্তু চৰকাৰৰ এই বিষয়ত কোনো কানষাৰ নাই।চাহ জনগোষ্ঠী সকলৰ যোৱা ৭৩ টা বছৰত সামাজিক,অৰ্থনৈতিক,শিক্ষা আদি ক্ষেত্ৰত কোনো পৰিবৰ্তন হোৱা নাই।দেশ স্বাধীনতাৰ দিনা এইজনগোষ্ঠীৰ যেনে আছিল এতিয়িও একে অৱস্থাত আছে। চৰকাৰে আইন প্ৰনয়ন কৰিছে,যদিও সেইয়াও পুৰনি হল।শ্ৰমিকৰ কল্যান আৰু নিৰাপত্তাৰ স্বাৰ্থত আইন সমূহ সংশোধিত হোৱা নাই।যাৰ ফলত চাহ উদ্যোগপতিসকলে চৰকাৰৰ কোনো নিৰ্দেশাৱলীক গুৰুত্ব নিদিয়ে।বহু বাগিছা এতিয়াও বন্ধপ্ৰায় হৈছে,চৰকাৰে এই বিষয়ত নীৰৱ।অসম চৰকাৰে চাহ বাগিছাৰ সমস্যাৱলী পৰিদৰ্শন কৰাৰ কাৰনে শ্ৰম আয়ুক্ত,সহকাৰী শ্ৰম আয়ুক্ত,শ্ৰম বিষয়া আদি নিয়োগ কৰিছে।কিন্তু এই চাম বিষয়া কেৱল পৰিদৰ্শনহে কৰে বাগিছা পৰিচালকৰ বিৰুদ্ধে একো কাৰ্যব্যৱস্থা লব নোৱাৰে।চাহ জনগোষ্ঠী আদিবাসীসকলৰ কিছূমান মৌলিক সমস্যা আছে,জনজাতিকৰণ,ভূমি পট্টা,মজুৰী বৃদ্ধি,নিবনুৱা সমস্যা,শিক্ষা সমস্যা,শ্ৰমিক উন্নয়ন,শ্ৰমিক নিৰাপত্তা,সা্ংবিধানিক নিৰাপত্তা আদি।কংগ্ৰেছ চৰকাৰে এই জনগোষ্ঠীটোক ৰাজনৈতিক লাভালাভৰ কাৰনে ব্যৱহাৰ কৰি থাকিল।নিৰ্বাচনৰ আগে আগে সকলো দলৰে প্ৰতিশ্ৰুতিৰ জোৱাৰ উঠে,কংগ্ৰেছৰ দিনতে চাহ জনগোষ্ঠী ক জনজাতিকৰন কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল।বিজেপি চৰকাৰৰ দিনতে নিৰ্বাচনৰ আগে আগে শতকৰা নব্বৈভাগ জনজাতিকৰনৰ কাম শেষ বুলি ঘোষনা কৰা হৈছিল।বিজেপি চৰকাৰক যোৱা নিৰ্বাচনত পৰিবৰ্তনৰ আশাত সকলো ৰাইজে ভোট দিছিল।কিন্তু প্ৰমানিত হল এইখন চৰকাৰে অসমৰ জনহিতকৰ কাৰনে একো কাম কৰিব নোৱাৰিলে।বৰ্তমানলৈকে যিখিনি কৰি থকা হৈছে,সেইয়া পুৰনি বতলকে নতুনকৈ ৰহন দিয়া হৈছে আৰু বহু ক্ষেত্ৰত আগতকৈ বেয়াহে কৰিছে। অসমত প্ৰায় এশতকৈ অধিক জনগোষ্ঠী আদিবাসীৰ লোক আছে,তাৰে দেশৰ প্ৰায়বোৰ ৰাজ্যত তেওলোকক জনজাতিকৰনৰ স্বীকৃতি দিয়া হৈছে।জনজাতি কৰণৰ প্ৰয়োজনীয় বৈশিষ্ট আছে,।কংগ্ৰেছৰ দিনতো এই জনগোষ্ঠী টোক বহুবাৰ প্ৰতাৰনা কৰা হৈছিল। ১৯৩১ চনৰ লোক পিয়লত চাহ শ্ৰমিক সকলক যিহেতু তেওলোকৰ হৈ প্ৰতিনিধিত্ব কৰা কোনো ব্যক্তি নাছিল সেয়েলোকৰ কাৰনে বিশেষ ব্যৱস্থা গ্ৰহন কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল । উল্লেখযোগ্য যে ১৯৪৭ চনলৈকৈ এই জনগোষ্ঠীৰ অনুসূচিত জাতি আৰু জনজাতি শ্ৰেনীত অন্তভূক্ত আছিল যদিও স্বাধীনতাৰ পিচত এই বৃহৎ জনগোষ্ঠীটো ৰাজনৈতিক চক্ৰান্তৰ বলি হয়। ১৯৬৭ চনৰৰ এ,কে চন্দ্ৰৰ ৰিপোৰ্টতো চাহ জনগোষ্ঠীক অনুসূচিত জনজাতিত অন্তৰ্ভূক্ত কৰিবলৈ পৰামৰ্শ দিছিল। চাহ জনগোষ্ঠী আদিবাসীসকলৰ বিভিন্ন সংগঠনে বাগিছাৰ শ্ৰমিক সকলৰ দৰমহা প্ৰ তিদিনে ৩৫১ টকা বৃদ্ধি কৰাৰ দাবি উত্থাপন কৰি আহিছে।।কিন্তু অসম চৰকাৰে মজূৰী বৃদ্ধি নকৰিলে আৰু এতিয়া অসমৰ চাহ শ্ৰমিকৰ মজুৰী প্ৰতিদিনি ১৬৭ টকাতে সীমিত।অসম চৰকাৰে চাহ বাগিছাত থকা ঘৰ,ৰাস্তা পদূলী নিৰ্মান,স্কূল চৰকাৰীকৰন আদি আচনি গ্ৰহনকৰি বাগিছা কৰ্তৃপক্ষৰ ব্যয় হ্ৰাস কৰিছে,এইয়া ভাল পদক্ষেপ ।তেনে ক্ষেত্ৰত চাহ শ্ৰমিকৰ দৈনিক মজুৰী বৃদ্ধিত আপত্তি থাকিব নালাগে।মাটিৰ ম্যাদিকৰণৰ ক্ষেত্ৰতো ৰাজনীতিকৰন কৰা হৈছৈ।১৮৮৬ চনৰ ভূমিনীতিত চাহ জনগোষ্ঠীক সংৰক্ষিত শ্ৰেনীত স্বীকৃতি দিছিল,নতুন ভূমিনীতিতো একেটা নীতিকে গ্ৰহন কৰা হৈছে।এই শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীক চাহ আৰু ছাত্ৰীক চাহ আৰু প্ৰাক্তন চাহ শ্ৰমিক কল্যান পৰিষদে দিয়া জলপানীৰ ক্ষেত্ৰতো বহু খেলি মেলিৰ অভিযোগ।অৱশ্যে সৰ্বশিক্ষাই চাহ বাগিছাৰ লৰা ছোৱালীক স্কুললৈ আকৰ্ষন কৰাটো অস্বীকাৰ কৰিব নোৱাৰি। যোৱা কেইটা বছৰত আদিবাসীৰ যুৱক যুৱতীয়ে চাকৰি পাইছে বুলি মনে নধৰে।বিনা মূলীয়া ছাউল,পাচ বুকত কেইটামান টকাই এই জনগোষ্ঠীৰ সমস্যা সমাধান নহয়।তাৰোপৰি এইয়া সকলোৰে প্ৰাপ্য আৰু যি কোনো চৰকাৰে এই সুবিধাখিনি প্ৰদান কৰিব।।চাহ জনগোষ্ঠী আদিবাসী সকলে সাংবিধানিক অধিকাৰৰ বাবে আন্দোলন কৰি আহিছে। নিৰ্বাচন ৰ আগে আগে ৰাইজক বিয়াগোম প্ৰতিশ্ৰুতি দিয়া হয়,কোনো চৰকাৰে ইয়াৰ কাৰ্যকৰি নকৰে।দুখৰ বিষয় যে ,সমগ্ৰ অসমৰ ৰাইজৰ কাৰ বিৰুদ্ধি প্ৰতিবাদ থকাৰ পিচতো সংসদত একমাত্ৰ গৰিষ্ঠ সংখ্যাৰ বলত নাগৰিকত্ব (সংশোধিত)আইন গৃহিত কৰে।বিজেপি চৰকাৰৰ অসমৰ ৰাইজক কৰা প্ৰতাৰণা ইয়াতকৈ ডাঙৰ একো হব নোৱাৰে।চাহ জনগোষ্ঠী সকল অসমীয়াৰ লগত সদায় আছে।অসমত বিদেশী আহিলে কেৱল অসমৰ মাটি ভেটি ভাষাতে প্ৰভাৱ নপৰে,চাহ বাগিছাতো ইয়াৰ কূপ্ৰভাৱ পৰিব।লুইতপৰীয়া ভাষা সংস্কতিক যি ভাল পায় সিয়ে অসমীয়া।চাহ জনগোষ্ঠী আদিবাসী সকল হাড়ে হিমুজুৱে অসমীয়া। তেওঁ লোকৰ বহু স্বনামধন্য সাহিত্যিক,শিল্পীয়ে অসমীয়া ভাষা সংস্কৃতিলৈ অশেষ অৱদান আগ বঢ়াই আহিছে।।অসমৰ চাহ জনগোষ্ঠীসকল ভাৰতবৰ্ষৰ আদিম অধিবাসী।তেওলোক দেশৰে নহয়,অসমৰো খিলঞ্জীয়া।নাগৰিক পঞ্জীৰ সময়ত এই জনগোষ্ঠীটোক খিলঞ্জীয়া হিচাপে গ্ৰহন কৰিছে।গতিকে এই ক্ষেত্ৰত কোনো ধৰনৰ মেৰপেচ থাকিব নালাগে।
আশা কৰোঁ চৰকাৰে এই চাহ জনগোষ্ঠী আদিবাসীসকলক ভোট বেংক হিচাবে ব্যৱহাৰ নকৰি তেওঁলোকৰ সমস্যা সমাধান কৰাত গুৰুত্ব দিব ।।

‌🖋️প্ৰানেশ্বৰ লোমগা
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

1 Comments

  1. প্ৰানেশ্বৰ লোমগা দাদাৰ এই _"চাহ জনগোষ্ঠীৰ আদিবাসী সকলৰ সমস্যাৰ এটি আলোচনা"_ article টো পঢ়ি ভাল লাগিলে। চৰকাৰে আমাৰ চাহ জনগোষ্ঠীৰ আদিবাসী সকলৰ বাবে সকলো দিশতে সমান চকুৰে চাই নতুন প্ৰজন্মৰ ভৱিষ্যতৰ বাবে ভাল পদক্ষেপ হাতত লয় বুলি অনুৰোধ জনালোঁ। আমাৰ নিচিনা বহুতো ছাত্ৰ ছাত্ৰী ৰ এটাই আশা থাকে সেইয়াই হৈছে বছৰি জলপানী টো কিন্তু সেইয়াটো কিছু পদ পোৱা সকলে আমাৰ বাগানৰ ছাত্ৰ ছাত্ৰী ক বঞ্চিত কৰি দিয়ে। ফলত বহুৰে সপোন মাজবাটত ৰৈ যায়।😢🙏🏻

    ReplyDelete
Post a Comment
Previous Post Next Post