চাহ বাগিচাত ফিল্টাৰৰ প্ৰয়োজন

পানীয়েই প্ৰাণীৰ প্ৰাণ । পানীয়ে প্ৰাণ দিবও পাৰে  । কাঢ়ি নিবও পাৰে । কাৰণ জনাবিলাকে জানে যে -  পানীৰ পৰাই বহুবোৰ ৰোগৰ সৃষ্টি হয় । বাগিচাৰ লাইনবিলাকত সেই তাহানিৰে পৰা বৰ্তমানলৈকেও  তিনি   '  প '   মানে পানী,পাইখানা , পাক ঘৰৰ যে  সু-ব্যৱস্থা নাই সকলোৰেই বিদিত । লাইনবিলাকত  এটা দমকলৰ পৰাই  ৪/৫  ঘৰৰ লোকে পানী খাবলগীয়া হয় ।
          আজি আমি পাতিবলগীয়া বিষয়টো হৈছে  বাগিচাত  শ্ৰমিকক  কৰ্মস্থলীত  কতৃপক্ষই  যোগান ধৰা  খোৱা  পানী  ।  এই পানীখিনি  এক  নিৰ্দিষ্ট ঠাইত  উতলাই  শ্ৰমিক সকলক যোগান ধৰা হয় ।  বেছি ভাগ  বাগিচাতেই পানী উতলা ঠাই টুকুৰাত  অস্বাস্থ্যকৰ পৰিৱেশ এটা দেখা যায়  ।  তদুপৰি  পানীৱালাবিলাকে  পানীখিনি  কৰ্মস্থলীলৈ লৈ যাওঁতে   বিৰীয়া এডালত  দুটা উন্মুক্ত ড্ৰাম  বা  দুটি বগী টিঙত  ভাৰ বান্ধি লৈ যোৱা দেখা যায় । কেতিয়াবা ঢাকোন হিচাবে কলপাত  দিয়া দেখা যায় যদিও  উতলা পানীৰ ভাপ লাগি জ্বলি মেৰ খাই পৰে   ।  ধূলি-মাকতি ,  চকুৰে মনিব নোৱাৰা বীজাণু  আৰু ক'ত কি ...  পাছৰখিনি আপোনাসবে বুজি পাইছেই ।  লগতে ডাঠকৈ চাহ পাত আৰু মুঠি মুঠিকৈ নিমখ । পিয়াহত আতুৰ শ্ৰমিকে নি:সন্দেহ  এই পানীখিনি খায়েই পিয়াহ গুচাই  । কিন্তু তাৰ পিছত ...
আজি-কালি বহু ঠাইত টেংকীত  পানী  যোগান ধৰা দেখা  যায় ।  যদিহে  টেংকীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়া নাযায় । তেন্তে  এই ব্যৱস্থাও শ্ৰমিকৰ শৰীৰৰ প্ৰতি নি:সন্দেহ ভাবুকি সৃষ্টি কৰাৰ  থল আছে ।  
        দেহা থাকিলেহে বেহা । শ্ৰমিকসকল সুস্থ হৈ থাকিলে  অধিক  শ্ৰমদান কৰিব পাৰিব  ।  উৎপাদনো  বেছি হ'ব । তেন্তে তাহানিৰেই পৰা দেহা-মগজু  ভঙাৰ  এই  শ্ল' পয়জন   কিয় ... ???  
      চাহৰ বাবে অসম বিখ্যাত হোৱাৰ লগতে   অসমৰ অৰ্থনৈতিক ভেটিও টনকীয়াল  হ'ল   । কিন্তু  আজিও  এইসকল শ্ৰমিকে সকলো দিশতেই অৱহেলিত ।  আনকি এটুপি  খোৱা পানীৰ পৰাও বঞ্চিত । আমি দেখা পাওঁ যে - চাহ শিল্পৰ লগত জড়িত সুবিধাবাদী সকলে দামীৰো দামী ফিল্টাৰৰ পানী খাই হৃদ-পুষ্ট হৈ থাকে । আমি অনুভৱ কৰিছো  দেশৰ অৰ্থনীতিৰ ভঁৰাল বৃদ্ধি কৰাত  সক্ৰিয় ভূমিকা গ্ৰহণ কৰা  এই  শ্ৰমিক সকলৰ বিশুদ্ধ খোৱা পানীৰ বাবে  চৰকাৰে চাহ কতৃপক্ষক    শ্ৰমিকৰ কৰ্মস্থলীত ফিল্টাৰৰ ব্যৱস্থা কৰিবলৈ বাধ্য কৰাব লাগে । লগতে চৰকাৰে শ্ৰমিকক চাইকেল, মবাইল আদি  আঁচনি দিয়াতকৈ ঘৰে প্ৰতি একোটাকৈ ফিল্টাৰ দিয়াৰ ব্যৱস্থা কৰিলে শ্ৰমিক সকল অধিক উপকৃত হোৱাৰ থল আছে । কাৰণ স্বাস্থ্যই পৰম ধন ...
     
 🖋️ৰীতা গোৱালা 
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post