চাহ জনগোষ্ঠীৰ উন্নয়ন

চাহ গছৰ গুৰি খুচৰি সোণ বুতলাৰ ৰঙীণ সপোন দেখি ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অসম মুলুকলৈ ঢাপলি আহিছিল লক্ষ লক্ষ মেহনতি লোক। ইয়াণ্ডাবু সন্ধিৰ পাছত ব্ৰিটিছৰ প্ৰবঞ্চনাৰ বলি হৈ গিৰমিতীয়া প্ৰথাৰে অহা সেই মেহনতি লোকসকলেই পৰবৰ্তীকালত অসমত চাহ জনগোষ্ঠী নামেৰে পৰিচিত হয়। লক্ষণীয় বিষয় এয়ে যে অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক দিশত উল্লেখযোগ্য অৱদান আগবঢ়াই অহা স্বত্বেও চাহ জনগোষ্ঠীৰ লোকসকলৰ বিশেষ কোনো পৰিবৰ্তন নহ'ল। সেই সময়ৰ বিদেশী বগা চাহাবৰ পৰা আজিৰ স্বদেশী চাহাবৰ দিনলৈকে গোলাঘাট জিলাৰ বগিধলা চাহ বাগিচাৰ দৰে বিভিন্ন বাগিচাত নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি যাওঁতে বিভিন্ন নিৰ্যাতনৰ সন্মূখীন হোৱাৰ লগতে গুলী খাবলগীয়া পৰিস্থিতি কৰুণদায়ক ও ধিক্কাৰ জনক। সেয়ে হয়তো নিজৰ লেখনীত সাহিত্যিক সুশীল কুৰ্মীদেৱে ক'ৰবাত লিখা মনত পৰে--ঢাক, ঢাক, ঢাক, কেৱল ঢাকেই বালি। লাখ, লাখ, লাখ হৈয়ো একো নাপালি। চাহ শিল্পই অসমৰ অৰ্থনৈতিক ভেটি সৱল কৰি তোলাৰ উপৰিও চাহ জনগোষ্ঠীৰ লোকসকলে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি সমৃদ্ধিশালী কৰি অসমীয়া জাতি গঠন ত ভূমিকা লৈ আহিছে। চৰকাৰী লোকপিয়লত চাহ জনগোষ্ঠীৰ লোকসকলে মাতৃভাষা অসমীয়া বুলি লিখাৰ ফলস্বৰূপেহে বঙালী ভাষাৰ পৰিবৰ্তে অসমীয়া ভাষাই সংখ্যা গৰিষ্ঠতা লাভ কৰি ৰাজ্যিক ভাষাৰ মৰ্যাদা লাভ কৰিলে। অৰ্থনৈতিক ভেটি সবল নোহোৱা বাবেই সামগ্ৰীক ভাবে জনগোষ্ঠীৰ লোকসকল পিছ পৰি আছে। চাহ বাগিচাৰ বৰ্তমানৰ সামান্য দিনমজুৰিৰে দীনতাক আকোঁৱালি লোৱাৰ বাহিৰে গ্ৰন্থৰ নাই। আজিৰ বিজ্ঞান প্ৰযুক্তিৰ যুগতো চাহ শ্ৰমিকসকলৰ পৰিয়ালে পেতে মাতে চলি থকাৰ বাহিৰে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ চিন্তা সুদুৰপৰাহত। অৰ্থনৈতিক দিশত পিছপৰি থকা বাবেই আজিৰ খৰচবহুল উচ্চ শিক্ষা আধৰুৱা হৈ শৈক্ষিক দিশতো পিছপৰি ৰোৱা বুলি কব পাৰি। শুদ্ধি, বিয়া, পূজা আদি উৎসৱৰ নামত অবাধ সুৰাৰ প্ৰচলনে বাগিচাৰ লাইনৰ পৰিবেশ কলুষিত হোৱাৰ উপৰিও সঞ্চিত ধনৰ শৰাধ হোৱা দেখা যায়। গাত নাই ছাল বাকলি, মদ খাই তিনি টেকেলিৰ দৰে উপাৰ্জনকৈ অনাহক আৰু অপ্ৰয়োজনীয় খৰছ কৰি কেতিয়াবা কিছুমানে নিজে নজনাকৈয়েই চৰম দৰিদ্ৰতাক আমন্ত্ৰণ কৰে। অৰ্থনৈতিক আৰু শৈক্ষিক দুয়ো দিশে পিছত থকা বাবেই অধিকাংশই আজি কেৱল ভোট বেংক হৈয়ে আছে। নিৰ্বাচনৰ বতৰত সহজেই বিক্ৰী হয় ভোট, বিক্ৰী হয় বিবেক আৰু সেয়ে নেতাৰ চালাকি ভাষণত উন্নয়নৰ অলীক সপোন দেখাৰ বাহিৰে গত্যন্তৰ নাথাকে সাধাৰণ শ্ৰমিকসকলৰ। শ্ৰমিকৰ প্ৰকৃত উন্নয়ন মাঠো ললিপপ হৈ ৰয়।            আমি আশা কৰিম-এদিন চাহ জনগোষ্ঠীৰ লোকসকলৰ সামগ্ৰীক উন্নয়ন হ'ব। চাহ শ্ৰমিকসকলে শ্ৰমৰ প্ৰকৃত মূল্য পাব, মানৱ সম্পদ ৰূপে উপযুক্ত মৰ্যাদা লাভ কৰিব । এইক্ষেত্ৰত আটছাৰ মজিয়াৰ পৰা ৰাজনৈতিক ক্ষেত্ৰত বৰ্তমান সফলতাৰ শিখৰত উপনীত হোৱা  যুৱসাংসদ পল্লৱ লোচন দাস, বৰ্তমান অসমৰ কেন্দ্ৰীয় চৰকাৰৰ একমাত্ৰ মন্ত্ৰী আমাৰ গৌৰৱ ৰামেশ্বৰ তেলী আৰু জনপ্ৰিয় যুৱনেতা তথা নৱনিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰচাদ তাচা ডাঙৰিয়াই আন্তৰিকতাৰে সচা অৰ্থত চাহ জনগোষ্ঠীৰ সামগ্ৰীক উন্নয়নৰ বাবে উচিত পদক্ষেপ সময়ত লব বুলি আশা কৰিলো। চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ বৰ্তমানৰ নেতা তথা বিধায়ক তেৰচ গোৱলা , ৰাজ্য চৰকাৰৰ চাহ জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিসান আৰু বিৰুদ্ধি দলৰ সৰৱ বিধায়ক ৰূপজ্যোতি কুৰ্মি , আটছাৰ আহি বিধায়ক হোৱা ডুমডুমাৰ দূৰ্গা ভূমিজ আদি জনপ্ৰতিনিধিসকলে চৰকাৰক দিয়া কৌশলগত হেঁচা ও হ'ব পৰে জনগোষ্ঠীটোৰ উন্নয়নৰ আধাৰ। আটছা আৰু মজদুৰ সংঘয়ো দুৰদৰ্শী পৰিকল্পনাৰে বাগিচা অঞ্চলত মাদক দ্ৰব্য নিবাৰণ কৰাৰ উপৰিও জনগোষ্ঠীৰ নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰি শিক্ষিত কৰি তোলিব পাৰিলে জনগোষ্ঠীটোৱে উন্নয়নৰ মাৰাথান দৌৰত ভাগ লব পাৰিব। নহ'লে যুগ যুগান্তৰ উন্নয়নৰ ললীপপত বন্দী হ'ব লাগিব।

🖋️পঙ্কজ ৰবিদাস, তিনিচুকীয়া।  
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post