সাম্প্ৰতিক প্ৰেক্ষাপটত চাহ শ্ৰমিক সমাজখনৰ অনগ্ৰসৰতাৰ মূল কাৰণসমূহ আলোকপাত কৰিলে শিক্ষাৰ সমস্যাটোহে সৰ্বপ্ৰথমে দৃষ্টিগোচৰ হয়। আৰু ইয়াৰ চাক্ষুস প্ৰমাণ সহজেই অনুমেয়। শিক্ষাই হৈছে সমাজ এখনক অগ্ৰগতিৰ জখলাত আগুৱাই নিয়াৰ মূল চাবি-কাঠি ।শিক্ষাৰ জৰিয়তে সমাজ এখনৰ উন্নয়নৰ মাপকাঠি নিৰ্ণয় কৰা হয়। শিক্ষাবিহীন সমাজ পশুতুল্য বুলিও কোৱা হয়। মানুহৰ জীৱনত অহৰহ ক্ৰিয়া কৰি থাকে। সেয়েহে মহান দাৰ্শনিক এৰিষ্টটলে কৈছে ' শিক্ষাই সুস্থ দেহত সুস্থ মগজুৰ সৃষ্টি কৰে।'
সমাজ এখন বাস্তৱিকতে কিমান উন্নয়ন সেয়াই নিৰ্ধাৰণ কৰে সমাজখনৰ শিক্ষাৰ মানদণ্ডই।গতিকে মানুহৰ সমাজ জীৱনত ব্যক্তি বিশেষে শিক্ষাৰ প্ৰয়োজন কিমান সেইয়া উপলব্ধি কৰিব পাৰিলেহে মানুহ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আগ্ৰহী হ'ব। পৃথিৱীৰ সকলোবোৰ উন্নত দেশেই শিক্ষাৰ দিশত আগৰণুৱা। শিক্ষাৰ ক্ষেত্ৰখনত আগবঢ়া বাবেই সেইসমূহ দেশ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব বিকাশ ঘটাই উন্নয়নশীল দেশসমূহৰ আশাৰ মাৰ্গ সাজিছে। ভাৰতবৰ্ষ শিক্ষাৰ মূল জখলাডালৰ চৰমসীমা স্পৰ্শ কৰিবলৈ এতিয়াও বহু বাকী। শিক্ষাই সমাজ এখনৰ মানদণ্ড নিৰ্ণয় কৰাত সহায় কৰে। কিন্তু এইখিনিতে প্ৰশ্ন হয় কেনেধৰণৰ শিক্ষাই সমাজ এখনক পৰিৱৰ্তনৰ দিশে আগুৱাই নি এখন গঠনমূলক উন্নয়নকামী সমাজ প্ৰতিষ্ঠা কৰাত সহায় কৰিব পাৰে? প্ৰাচীন কালৰে পৰাই ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থাত মূল্যবোধ আৰু নৈতিকতামূলক শিক্ষা প্ৰদানত গুৰুত্ব দিয়া হৈছিল। কিন্তু সম্প্ৰতি বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত দেশৰ মূল শিক্ষা পদ্ধতিৰ হীনদেঢ়ি ঘটি সম্প্ৰতিৰ শিক্ষা ব্যৱস্থাই এক নতুন ৰূপ ল'লে। ছাত্ৰজনে কিমানখিনি জ্ঞান আয়ত্ব কৰিব পাৰিছে, সেই শিক্ষাই ছাত্ৰজনৰ মনোজগতত কিদৰে প্ৰভাৱ পেলাইছে বা সমাজত ছাত্ৰজনে কিদৰে আচৰণ কৰিছে এইবোৰ দিনতকৈ সম্প্ৰতি নম্বৰমুখী শিক্ষাৰ ওপৰতে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হয়। অভিভাৱকসকলেই হওক বা শিক্ষাগুৰুসকলেই হওক ছাত্ৰজনে এশ শতাংশ নম্বৰ পোৱাটোহে যেন তেওঁলোকৰ উদ্দেশ্য তেনে মনোভাৱেই পোষণ কৰা দেখা যায়। সম্প্ৰতি গোটেই সমাজ ব্যৱস্হাটোৱেই ইয়াৰ লগত সাঙুৰ খাই পৰিছে।কিন্তু যি শিক্ষাই সমাজত নতুনত্বৰ বীজ সিঁচিব নোৱাৰে, সমাজত শান্তি -সম্প্ৰীতি কঢ়িয়াই আনিব নোৱাৰে বা সমাজৰ নেতিবাচক দিশসমূহ মষিমূৰ কৰিব নোৱাৰে তেনে শিক্ষাৰ জানো সমাজত প্ৰয়োজনীয়তা আছে। মূল্যবোধৰ শিক্ষাৰ স্খলন হোৱাৰ বাবেই মানুহৰ মাজত অসহিষ্ণুতা বৃদ্ধি পাই দেশত চোৰ, ডকাইত, ধৰ্ষণকাৰী, হত্যাকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু সমাজখনত এক অন্ধকাৰ ভৱিষ্যতৰ আগজাননী দিছে।
ভাৰতৰ অন্যতম ৰাজ্য অসমো ইয়াৰ ব্যতিক্ৰম নহয়। অসমতো এইধৰণৰ অপৰাধবোৰে গা কৰি উঠাৰ মূলতে হ'ল নৈতিকতাৰ অভাৱ।অসমৰ চাহ উদ্যোগৰ লগত জড়িত হৈ যুগ যুগ ধৰি অসমৰ সৰ্বাংগীন বিকাশৰ অৰ্থে অসম তথা ভাৰতবৰ্ষৰ অৰ্থনৈতিক ক্ষেত্ৰখনত চাহ শ্ৰমিকসকলে আগবঢ়োৱা অৱদানৰ কথা কোনেও নুই কৰিব নোৱাৰে। কিন্তু অসমৰ প্ৰেক্ষাপটত এই লোকসকল আজিও অন্য সমাজৰ তুলনাত পিছ পৰি থকাৰ প্ৰধান অন্তৰায় হ'ল শিক্ষাৰ
অভাৱ।উপযুক্ত শিক্ষাৰ অভাৱৰ বাবেই আজি এইসমাজখন অৱহেলিত, অনগ্ৰসৰিত। বৰ্তমান সময়ত এই লোকসকলৰ শৈক্ষিক দিশৰ অগ্ৰগতিৰ খাতিৰত কিছুমান আচঁনি হাতত লোৱা হৈছে যদিও পৰিসাংখ্যিক দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে বাগিচা অঞ্চলত শিক্ষাৰ হাড় ত্ৰিশ শতাংশতকৈও কম। ব্ৰিটিছৰ কঠোৰ অত্যাচাৰ আৰু দুৰ্ব্যৱহাৰ সহ্য কৰিও বাগিচাৰ শ্ৰমিকসকলে এক শতিকাতকৈয়ো অধিক কাল অসমৰ উন্নয়নৰ স্বাৰ্থত নিজৰ আত্মবলিদান দিছিল। ব্ৰিটিছৰ শাসনৰ বশৱৰ্তী হৈ অতি নিৰ্মম আৰু দুৰ্বিষহ জীৱন কটাবলৈ যাওঁতে অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ সমস্যাই শ্ৰমিকসকলৰ বাবে অন্ত নাছিল তেনে স্থলত অন্যান্য প্ৰয়োজনসমূহৰ কথা ভাৱিবৰ অৱকাশেই বা ক'ত? অৱশেষত দেশবাসীৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলত (চাহ শ্ৰমিকসকলৰ অৱদানো স্বীকাৰ্য) ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে যদিও শ্ৰমিকসকল আজিও পৰাধীন ভাৱেই জীৱন যাপন কৰিবলগা হৈ আহিছে।পূৰ্বতকৈ তুলনামূলকভাৱে কিছু সলনি হ'লেও আজিও এই লোকসকলে দুৰ্বিষহ জীৱনেই যাপন কৰিব লগা হৈছে। স্বাধীনতাৰ পৰৱৰ্তী কালত বহুবাৰ চৰকাৰ সলনি হ'ল, বহুতেই এই খাটিখোৱা জনগোষ্ঠীটোক বহু প্ৰতিশ্ৰুতিসমুহ ভুৱা হৈয়ে ৰ'ল। যাৰ ফলস্বৰূপে আজিও জনগোষ্ঠীটোৱে আজিও নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত চিঞৰিব লগা হয়। তৎস্বত্ত্বেও মুখা পিন্ধা ৰাজনৈতিক নেতাসকলে বুজিব নোৱাৰে শ্ৰমিকসকলৰ মৰ্মবেদনা। সম্প্ৰতি অসমৰ অন্যান্য লোকসকলৰ লগতে চাহ জনগোষ্ঠী লোকসকলৰ মাজতো শিক্ষাৰ প্ৰসাৰৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। সৰ্বশিক্ষা অভিযান,সংযোগী শিক্ষা কেন্দ্ৰ ইত্যাদি ধৰণৰ আঁচনি প্ৰণয়ন কৰি বাগিচা অঞ্চলৰ
ছাত্ৰ - ছাত্ৰীসকলক প্ৰাথমিক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছিল। কিন্তু এই আঁচনিসমূহ যথাযোগ্যভারে কাৰ্যকৰী হ'লনে? সম্প্ৰতি শাসনাধিস্থ বিজেপি চৰকাৰখনেও ৰাজ্যখনত শিক্ষাৰ হাৰ বৃদ্ধি কৰিবৰ বাবে অভূতপূৰ্ব কিছুমান আচঁনি লৈছে কিন্তু এই আঁচনিসমূহে বাগিচা অঞ্চলত কিদৰে প্ৰভাৱ পেলাইছে সেয়াইও গুৰুত্বপূৰ্ণ বিষয়। তদুপৰি অতবছৰে শোষণ অত্যাচাৰৰ বলি হোৱাৰো পিছতো অাভ্যন্তৰীণভারে আমি কি শিক্ষা পাইছাে সেইটোহে ডাঙৰ কথা। আমি একেই শোষণ বঞ্চনাৰ মাজত থাকিব বিচাৰো নে তাৰ পৰা পৰিত্ৰাণ পাব বিচাৰো। কাৰণ ব্ৰিটিছৰ দিনৰে পৰা সকলো অধিকাৰ হেৰুৱাই পুতলাৰ দৰে আনৰ হাতত নাচি আহিছোঁ। গতিকে এতিয়া আমাৰ সময় সমাগত সচেতনতাৰে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ।সেইবুলি বাট পথত ধৰ্ণা দি গগণ ফালি চিঞৰিলে আমাৰ সমস্যাৰ সমাধান নহ'ব বৰঞ্চ আমাৰ দুৰ্বলতাকহে প্ৰকাশ কৰা হ'ব।
যোৱা কিছুদিনৰ পৰা অসমত গণহত্যাৰ মাত্ৰা বহু বেছি বৃদ্ধি পাই আহিছে। কেতিয়াবা শাক - পাচলিৰ বেপাৰ কৰি উভতি আহোঁতে নতুবা মাছ মাৰি থাকোতে বা কৰ'বাত সেউজীয়া পৰিৱেশ উপভোগ কৰোতে নতুবা চাহ বাগিচাত নিজৰ কৰ্তব্যৰত গণপ্ৰহাৰৰ বলি হয় মৃত্যুক আঁকোৱালি ল'ব লগা হয়। কিন্তু যেতিয়া ঘটনাবোৰৰ লগত চাহ শ্ৰমিকৰ একাংশ জড়িত হৈ পৰে তেনে ঘটনাত অপৰাধীসকলতকৈ গোটেই জনগোষ্ঠীটোৰ সাঙুৰি কটু বাক্য ব্যৱহাৰ কৰি সাম্প্ৰদায়িক মন্তব্য কৰা দেখা যায়। বিভিন্ন ধৰণৰ নীচ মন্তব্য কৰি এক বিষবাষ্প বিয়পোৱাৰ প্ৰকাশ কৰে সমাজখনৰ প্ৰতি। আৰু তাৰ প্ৰত্যুতৰ দিবলৈ দুই এজনৰ বাদে কোনো দল সংগঠন বা জনগোষ্ঠীটোৰ প্ৰতিনিধিসকলেও কিন্তু সাহস কৰা দেখা নাযায়। ইয়াত কোনোধৰণৰ উগ্ৰ মন্তব্য দিয়াৰ বাবে উচতনি যোগোৱাটো আমাৰ উদ্দেশ্য নহয়। কিন্তু আমি গভীৰভাৱে উপলব্ধি কৰা উচিত যে এনেধৰণৰ দোষ বা অপবাদসমূহ আমাৰ গাত জাপি দিয়াৰ সাহস বা সুবিধা তেওঁলোকে কিদৰে পাইছে। কাৰণ বাগিচাত কৰ্মৰত শ্ৰমিকসকল শিক্ষিত নোহোৱাৰ খাতিৰত তেওঁলোকৰ মাজত সজাগতাৰ অভাৱ। বাহ্যিকভাৱেও তেওঁলোক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে উপলব্ধি কৰিব পৰা নাই। অন্তৰৰ চেতনাটো দূৰৰে কথা। গতিকে এজন মানুহ হিচাপে, সমাজৰ এগৰাকী সদস্য হিচাপে বা দেশৰ নাগৰিক হিচাপে আমাৰ সকলোৰে নৈতিক দায়িত্ব সমাজখনক সুস্থ, সবল ৰূপে গঢ় দিয়াত। যাতে আন নিচাত্মিকা মনোভাৱৰ লোকসকলে জনগোষ্ঠীটোক সামৰি কিবা কটু মন্তব্য দিবলৈ বা নেতিবাচক দৃষ্টিৰে চাবলৈ সাহ নকৰে। তদুপৰি এয়াও ধ্ৰুৱ সত্য যে অৰ্থনৈতিক সমস্যাৰ উপৰিও পৰিচয়ৰ সংকট, ৰাজনৈতিক, সামাজিক ইত্যাদি এশ এবুৰি সমস্যাৰে সমাজখন ভৰপূৰ। গতিকে আমি যদি যথোপযুক্ত শিক্ষাৰে শিক্ষিত হওঁ;অন্ধবিশ্বাস,কুসংস্কাৰ আদিবোৰৰ পৰা মুক্ত হৈ বিজ্ঞানসন্মত শিক্ষাৰে নিজকে গঢ়ি তুলিব পাৰো; নৈতিকতা, মূল্যবোধ আদি দিশসমূহৰ প্ৰতি প্ৰাধান্য দি এখন সুস্থ সবল আৰু সৰ্বাংগসুন্দৰ ৰূপেৰে সমাজখন গঢ়ি তুলিব পাৰো; তেনেহ'লে অন্যান্য সমস্যাসমূহো বৌদ্ধিক জ্ঞানৰ বলেৰে নিশ্চয়কৈ সমাধান কৰিব পৰা যাব। গতিকে আনক দোষাৰোপ কৰাতকৈ আমি নিজে কিদৰে নিজৰ জ্ঞান আৰু যোগ্যতাৰ বলত সেই সমস্যাসমূহৰ সমাধানৰ পথ বাছি উলিয়াব পাৰো, বাগিচা অঞ্চলত শিক্ষাৰ জাগৰণ আনি এনেধৰণৰ কাৰ্যৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰিব পৰা যায় সেইবোৰ দিশৰ প্ৰতি গুৰুত্ব দিয়াৰ সময় সমাগত। সমাজখনৰ যিসকল লোক শিক্ষিত, নিজৰ বিবেক বিবেচনাৰে সবল বা জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা জাতীয় সংগঠন, ছাত্ৰ সংগঠন ,প্ৰশাসন সকলোৰে সংঘবদ্ধ প্ৰচেষ্টা লাগিব। সামাজিক প্ৰাণী হিচাপে সমাজৰ সকলোৰে হিতৰ কথা আমি চিন্তা কৰিব লাগিব। তদুপৰি অন্ধকাৰগ্ৰাসত সমাজখনত জ্ঞানৰ জ্যোতিৰ সৌধ নিৰ্মাণ কৰিবৰ বাবে ছাত্ৰ ছাত্ৰী সকলেই মুখ্য ভূমিকা ল'ব লাগিব। সমস্যাবোৰক গুৰুত্ব দি সমস্যাৰ অজুহাত দেখুৱাই থাকিলে ইয়াৰ সমাধান কেতিয়াও সম্ভৱ নহয়। সমস্যাৰ সন্মুখীন হৈ ইয়াৰ সমাধানৰ পথো নিজে বিচাৰিব লাগিব। কঠোৰ অধ্যৱসায় আৰু আত্মবিশ্বাসেৰে দৃঢ়তাৰে অধ্যয়নত ব্ৰতী হ'লে সফলতাই নিজেই দৌৰ দি আহিব। আৰু যেতিয়া এজন এজনকৈ সমাজখনৰ প্ৰতিজন ব্যক্তিয়েই শিক্ষিত আৰু সজাগ হৈ উঠিব তেতিয়া চাহ জনগোষ্ঠী সমাজখনো উন্নয়নৰ জখলাডালত আগুৱাই গৈ শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হ'ব।
🖋️দীপাৱলী কুৰ্মি,ডিব্ৰুগড়
ছাৰ, অতি সুন্দৰ আৰু গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি। আপোনাৰ সৈতে আমি একমত। আপোনালৈ ধন্যবাদ ছাৰ।
ReplyDelete