ঘৰখনৰ ডাঙৰ ছোৱালী । তাই দশম শ্ৰেণীত পঢ়ি আছিল । হঠাৎ ... । সৌ সিদিনা মাক ঢুকুৱাত বাপেকে তাইক মাকৰ স্থায়ী চিটটোতে বাগিচাৰ কাম কৰিবলৈ নাম লগাই দিলে । তাইৰ পঢ়া- লিখা কৰাৰ বৰ ইচ্ছা আছিল । খেলা-ধূলা সকলোতে পাৰ্গত আছিল । তাই স্কুল যোৱাৰ কথা বাপেকক কৈছিল । কিন্তু বাপেকে পাঁচটা সন্তানক অকলে পোহ-পাল দিব নোৱাৰো বুলি কয় । উপায় নাপাই লিলি বাগানমুখী হ'ল ।
লিলি হৃদ-পুষ্ট এগৰাকী চকুত লগা ছোৱালী । তাই পাত ছিঙি গৈ আছে । চনামিনিয়ে তাইক ক'লে--" ঐ লিলি । ভাল' কইৰে তোল । ডাঙৰ মেনেজাৰটা আচছে ।" তাই অধিক মন দি পাত ছিঙিবলৈ ধৰিলে । মেনেজাৰজনে বহু সময় ওচৰত থিয় হৈ তাইকে চাই থাকিল । তাই ভালৰো ভালকৈ পাতছিঙিবলৈ চেষ্টা কৰিলে । সন্ধিয়া পাত ওজনৰ সময়ত লাইন চকীদাৰজনে তাইক কালৈৰে পৰা মেনেজাৰৰ বঙলাত কাম যাবলৈ ক'লে । তাই একে আষাৰতে নাযাওঁ বুলি ক'লে ।
গধূলি লাইন চকীদাৰজনে সিহঁতৰ ঘৰলৈ আহি বাপেকক জনালে যে - মেনেজাৰে কৈছে লিলি যদি বঙলালৈ কাম কৰিবলৈ নাযায় । তেন্তে সিহঁতৰ কাম বন্ধ কৰি দিয়া হ'ব । বাপেকে তাইৰ মুখলৈ চালে ... । তাই কি ক'ব ? কি নাই ? বৰ অসহায় অনুভৱ কৰিলে । কাৰণ বাপেকৰ চকুহালে তাইক বহু কিবা- কিবি কৈ আছে ।
পিছদিনাখন তাই বঙলা পালেগৈ । ইটো- সিটো কৰি তাই এবেলা পাৰ কৰিলে । পিছবেলা মেনেজাৰজনে তাইক পানী বিচাৰি ৰূমলৈ মাতি পঠিয়ালে । অলপ পিছত চাহ বিচাৰি মাতি পঠিয়ালে । আৰু অলপ পিছত সি শুই থকা বিচনাখন ঠিক কৰিবলৈ ক'লে । তাই অলপ সময় থৰ হৈ ৰ'ল । তাৰ পিছত মনটো ডাঠ কৰি কামত ধৰিল । শব্দ এটা হোৱাত তাই পাছ ফালে ঘূৰি চালে । তাই মেনেজাৰজনক দৰ্জাৰ হুকডাল কিয় মাৰিছে বুলি সুধিবলৈ পালেহে মেনেজাৰে তাইক জপটিয়াই ধৰি মুখখন চেপি বিচনাখনত বগৰাই দিলে । তাই হাত ভৰি মাৰি মাৰি বাধা দিবলৈ বিচাৰিলে । মেনেজাৰজনে ক'লে--" তহঁত আমাৰ ভোগ্য সামগ্ৰীহে । চিঞৰ- বাখৰ কৰিলেই ঘৰৰ সকলোৰেই কাম বন্ধ কৰি দিম । একেবাৰে নাম কাটি খেদিও দিম । " তাই কিবা এটা ভাৱিলে । হয় । এই মুহূৰ্তত স্কুলত ৰাতুল চাৰে আত্মৰক্ষাৰ বাবে শিকোৱা কিটিপকেইটা দ্ৰুতগতিৰে তাইৰ মনলৈ আহি আছে । তাৎক্ষণিক ভাৱে তাই হাতখনেৰে মেনেজাৰৰ ডিঙিটো পকাই ধৰি গুপ্তাংশত গাৰ সমস্ত শক্তি প্ৰয়োগ কৰি প্ৰচণ্ড গোৰ এটা মাৰিলে । মেনেজাৰজন বিকট চিঞৰ এটা মাৰি দূৰতৈ ছিটিকি পৰিল । তাই দৌৰি গৈ দৰ্জাৰ হুকডাল খুলি বাহিৰলৈ ওলাই গৈ পুলিচলৈ ফোন কৰিলে । মেনেজাৰৰ অৱস্থা দেখি বঙলাত কাম কৰা মানুহবোৰে মুখটিপি হাঁহিলে । বুঢ়া মালীজনে ক'লে--" এশ গৰু মাৰিলে বাঘৰো মৰণ । আজি পালে বাপেকে ।"
পুলিচ আৰু সাংবাদিকৰ আগমন ঘটিল । তাই সাংবাদিকৰ আগত কথাখিনি ক'বলৈ লওঁতেই কোনোৱাই চিঞৰি উঠিল ---" তুমি মুখখন চূৰ্ণিৰে ঢাকি লোৱা । " তাই ক'লে --" মই কিয় মুখ ঢাকিব লাগে ? মইতো একো বেয়া কাম কৰা নাই । মুখ যদি লুকুৱাবই লাগে তেন্তে এই ধৰণৰ লম্পটবিলাকে । আৰু যদি কোনোৱাই মোৰ মুখখন দেখি এইজনী ছোৱালীৰ লগত ঘটনাটো ঘটিছিল বুলি পুতৌ বা ঘৃণা কৰিব বিচাৰে । তেন্তে মই ভাৱিম সেইকেইটাৰো মন- মগজু এই লম্পটটোৰ দৰেই বিকাৰগ্ৰস্ত । "----- এই বুলি তাই অনৰ্গল কথাখিনি কৈ গ'ল ...
🖋️ৰীতা গোৱালা
This comment has been removed by the author.
ReplyDelete