ঘাম আৰু ঋতুস্ৰাৱ

বাগান পায়েই পাত ছিঙি থকা মিনিক দেখি বাবুৱে ক'লে ---" মিনি তামোল-পাণ এটুকুৰা দিয়া । তহঁতৰ বাবুৱানী " নোৱাৰা "  হৈছে নহয় । আমাৰ বহুত নীতি-নিয়ম মানিবলগীয়া হৈ  সেই কেইদিনত । ইটো- সিটো চুব নেপায় । পাক ঘৰ , পূজা ঘৰত সোমাব নাপায় । আৰু বহু কিবা-কিবি । সেয়ে কোনো মতে চাহটো কৰি খাই আহিছো । দে আকৌ তামোলটো । "
 : মিনিয়ে তামোল এটুকুৰা আগবঢ়াই দি ক'লে--বাবু সেইটোতো ঋতুস্ৰাৱ হে । তাতে কি পাৰা-নোৱাৰা কথা আছে । স্কুলৰ বাইদেউ গৰাকীয়ে আমাক কৈছিল - এইটো কোনো বেমাৰ নহয় । এইটো নহ'লে  হে  বেমাৰ হ'ব । ই প্ৰকৃতিৰ নিয়ম । সৃষ্টিৰ আধাৰ বোলে । অধিক ৰক্ত ক্ষৰণ হোৱাৰ বাবে সেই কেইদিন আমি আৰামত থাকিব লাগে । পুষ্টিকৰ আহাৰ খাব লাগে । পাৰা-নোৱাৰাৰ কথা নহয় বোলে  । 
: এ বাগানৰ ছোৱালী দুই/ এটা আখৰ পঢ়িলেতো বহুত জানো বুলি ভাৱে - বুলি কয় বাবুৱে তামোলৰ পিক্ খিনি পেলালে । পুৰ্বপুৰুষৰ পৰা এই নিয়ম চলি আহিছে । আমি চুৱা গাৰে চুই দিয়া একো বস্তু খাব নোৱাৰো দেই ।
:মিনিয়ে  ক'লে -- বাবু আপুনি চাহ আৰু তামোল খালে । তেন্তে ই অপ্ৰিয় হ'লেও সত্য যে--এই চাহ আৰু তামোলটোত আমাৰ ঘাম আৰু ঋতুস্ৰাৱ লাগি আছে । কাৰণ আমিও নাৰী । আমাৰো মাহেকত ঋতুস্ৰাৱ হয় । আমাৰ সুবিধা-অসুবিধাৰ কথাতো কোনেও নুবুজে । আপোনালোকেতো আমাক চুটি নিদিয়ে । আজিও মোৰ  ঋতুস্ৰাৱ হোৱা দুদিন হৈছে । বাগিচাত আৰু কত নাৰীয়ে এনে অৱস্থাত কাম কৰি আছে । আমিতো এইটো অৱস্থাতে পাত ছিঙি থাকো । এই চাহখিনি কি দি শুদ্ধিকৰণ কৰে  ...?  তেনেকৈয়েইতো সকলোৱেই  চাহ পি আহিছে । সেয়ে কৈছো -- আপুনি পুৱা খোৱা চাহ কাপ    আৰু  তামোল - পাণত আমাৰ ঘাম আৰু ঋতুস্ৰাৱ লাগি আছে ।
: বাবুজনে মিনিলৈ বেঙে মূতা গৰুৰ দৰে চাই ৰ'ল 

📝ৰীতা গোৱালা 
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

1 Comments

Post a Comment
Previous Post Next Post