বিধবা মংলী চাৰিটা সন্তানৰ মাতৃ । অস্থায়ী শ্ৰমিক হোৱাৰ বাবে তাই বাগানত সদায় কামো নাপায় । কাষৰ মাড়ুৱাৰী দোকানখনত বাচন-বৰ্তন ধুই ঘৰখন কোনোমতে চলাই । এই পাত তোলা সময়ত তাই বাগানত কাম পালেহেঁতেন । কোৱিড নাইনটিনৰ বাবে এতিয়াতো বাগান লকডাউন । দোকানীজনেও সিহঁতৰ ঘৰত সোমাবই নিদিয়ে । কাম কৰাতো দূৰৰেই কথা ।
পুৱাৰ ভাগত কপাটিৰ মানুহজন ঘৰে- ঘৰে ৰেচন দি গ'ল । তাই নাপালে । ৰেচন কাৰ্ড নাই । ল'ৰাকেইটালৈ চালে । মুখবোৰ শুকাই টেমি যেন হৈ আহিছে । নহ'বনো কিয় ? আজি কেইবাদিনো হ'ল তাই সিহঁতৰ মুখত খুদকণ এটি তুলি দিব পৰা নাই । পানী খাইনো কিমান দিন আৰু এনেদৰে...
হঠাৎ মাত এটি শুনা যেন লাগিল । তাই এবাৰ বাহিৰলৈ চালে । নাই । ভোকতে গামোচা বন্ধা নিজৰ পেটটো হেচুকি ক'লে-- " অ তই হে মাতিছ । "
এইবাৰ চিঞৰটো ডাঙৰকৈ শুনা পালে । বাহিৰলৈ ওলাই দেখে এজন অচিনাকি মানুহ আৰু লগত ওচৰৰে দুজন ল'ৰা । মানুহজনে তাইৰ টিপচহী লৈ এক হাজাৰ টকা দি ফটো তুলিলে । তাই পেটৰ গামোচাখন খুলি পেলালে । মজিয়াত শুই থকা সন্তান কেইটাৰো পেট বন্ধা গামোচাবোৰ খোলাৰ কথা ভাৱিলে । আকৌ ভাৱিলে দোকানৰ পৰা আহিহে খুলিব । সেই সময়তে পিছফালৰ পৰা
এজন ল'ৰাই টকাখিনি তাইৰ হাতৰ পৰা কাঢ়ি লৈ অচিনাকি মানুহজনৰ পিছে পিছে গুচি গ'ল ।
তাই ঢাকোন দিয়া খালী চৰুটো খুলি চালে । চকুৰ পৰা দুটোপাল লোতক চৰুটোতে টপ্ টপকৈ সৰি পৰিল । এইবাৰ তাই চৰুৰ মুখখনকে লকডাউন কৰি পেলালে ।
📝 ৰীতা গোৱালা