বুধুৱা-মাংৰীৰ শিক্ষা

বুধুৱা-মাংৰী মধুপুৰ চাহ বাগিচাৰ বাসিন্দা। এটি ল'ৰা মদন আৰু ছোৱালী মালতী। দিন হাজিৰাই জীৱন জীৱিকাৰ সমল। মদন বাগানৰ মজলীয়া বিদ্যালয়ৰ সপ্তম শ্ৰেণীত পঢ়ে। মালতী বাগানৰ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত পঢ়ে। পঢ়া শুনাত বেছ আগ্ৰহ আছে। হ'লেও কি হব! মজলীয়া বিদ্যালয়ৰ দেওনা পাৰ কৰা সিহঁতৰ মা দেউতাই পঢ়া শুনাৰ খবৰ লবলৈ আহৰি নাই।
কামৰ পৰা আহি বুধুৱাই ঘৰত লৰা ছোৱালী হালৰ পঢ়াৰ সময়ত অসুবিধা কৰে। হাড়িয়া খাই মালতীক মাৰ পিট কৰে। ল'ৰা-ছোৱালীৰ পঢ়া শুনাৰ লাগতিয়াল কিতাপ বহী, কলম, পেঞ্চিল সমূহ দলিয়াই দিয়ে।ল'ৰা ছোৱালী হালে ভয়ত পেপুৱা লাগি কন্দা কটা কৰে।

তথাপিও ল'ৰা ছোৱালী হালে ভালদৰে বছৰেকীয়া পৰীক্ষাত উত্তীৰ্ণ হয়। অষ্টম, ষষ্ঠ শ্ৰেণীত মাকে নামভৰ্তি কৰি দিয়ে।
ফাটি যোৱা স্কুল বেগ লৈ মদন, মালতী লগতে বিদ্যালয়লৈ যায়।
সিহঁতে দুদিন মানৰ পৰা মন
মাৰি থকা মাকৰ চকুত নপৰা নহয়। ভালদৰে ভাত পানী নাখায়। সুধিলেও একো নকয়। মা দেউতাক কামলৈ গুচি যায়।
দুদিনৰ পাছৰ কথা। দুদিন ধৰি বিদ্যালয় নগ'ল। সেই কথাটো মালতীক বাগানৰ পৰা আহোতে সিহঁতৰ শিক্ষকে কোৱাতহে গম পায়।
মাকে নিশা ভাত পানী খাই সিহঁতক কথাটো সুধিলে। মাকক অসুবিধাটো ক'লে। দেখিলে যে সিহঁতৰ স্কুল বেগ দুটা বিদ্যালয়লৈ নিব পৰা হয় থকা নাই।

মাকৰ দুগুণ চিন্তা বাঢ়িল। টকা পইচাৰ নাটনি। বাপেকে হাড়িয়া চাৰাপ খায় দৰমহা পইচা শেষ কৰে।
মালতীয়ে বাপেকক লৰা ছোৱালী হালৰ কাৰণে স্কুল বেগ বজাৰৰ পৰা আনিবলৈ যেনেতেনে পাঁচশ টকা দিলে। পাঁচশ পোৱাৰ পাছত বুধুৱাক পায় কোনে! বজাৰত মদে মাংস খায় দুশ শেষ কৰিলে।ল'ৰাটোৰ বাবে স্কুল বেগ লৈ ঘৰমুৱা হ'ল।
পদূলিৰ পৰাই নিচাত মাতাল বুধুৱাই চিঞৰ মাৰিলে। মদনকেৰ স্কুল বেগ টা লে।মালতী পঢ়িকে লাভ নাইখে। লকেৰ ঘৰে চাদী হবেক। বাচন বৰ্তন ধুবেক। মৰ চনা বেটাকে পঢ়াম। বেটীৰ স্কুল যোৱা বন্ধ। এইবোৰ শুনি মালতীৰ খং উঠিল।
স্কুল বেগ দেখি মদন মালতীৰ অপাৰ আনন্দ। কিন্তু বাপেকৰ কথাবোৰ শুনি স্কুল বেগ নোলোৱাকৈ ভিতৰত সোমালে।ৰাতি দুয়ো একো নোখোৱাকৈ শুলে।
পিছদিনা স্কুল যোৱাৰ সময়। মদনে মা বাবাৰ ওচৰত ক'লে,- মোক স্কুল বেগটো নালাগে, সেই বেগটো মালতীক দিবলৈ ক'লে।
লগে লগে মালতীয়ে ক'লে মোকো স্কুল বেগটো নালাগে বুলি কয় দুয়োটাই কান্দিব ধৰিলে। সিহঁত হালৰ কান্দোন দেখি বাপেক বুধুৱাৰো চকু পানী ওলাল। মাংৰীয়েও চকু পানী ধৰি ৰাখিব নোৱাৰিলে। 
আজিয়েই মৰ চনা বেটী মালতী কাৰণে স্কুল বেগ আনিম। লগত সিহঁত দুটাৰ কাৰণে ইউনিফৰ্ম আনিম বুলি কয়। গাৰু শিতানত সাঁচি ৰখা হাজাৰ টকা উলিয়াই লয় বজাৰলৈ বুলি যাত্ৰা কৰে। ভৱিষ্যতে কোনোদিন মদ পানী নোখোৱাৰ পণ ল'লে। নিজৰ লৰা ছোৱালী হালক কষ্ট নিদি নিজে কষ্ট কৰি  সমান চকুৰে চাবলৈ বুজি পালে। লগতে ল'ৰা ছোৱালী দুটিক সুশিক্ষিত কৰাৰ পণ লয়। মাংৰীৰ মুখত এমোকোৰা হাঁহি বিৰিঙিল।

📝নবীন কুৰ্মি, সাপেখাতী
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post