লোক- সাহিত্যৰ চমু অৱলোকন ••নবীন কুৰ্মি

ভাদকা একাদশী
কৰম গাড়াইল ৰাতি
বাইৰ দেৱা গ’ মায়া
ৰেশমেক বাতি
আইজৰে কৰমা ৰাতি।।”

অসমৰ ভৌগোলিক সীমালৈ চাহ বাগিচাত কাম কৰিবলৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ পৰা বগা চাহাবে অনা জন সমষ্টি, বিভিন্ন জাতি-গোষ্ঠীৰ লোক সকলে এই ৰাজ্যলৈ আহোঁতে তেওঁলোকে লগত নিজৰ ছাঁটোৰ দৰে লৈ আহিছিল লোক-সাহিত্যৰ মেটমৰা সম্ভাৰ । ভিন্ন ভিন্ন ফেদে উদযাপন কৰা উৎসৱ-অনুষ্ঠনবোৰত লোকগীত, লোক-কথা পৰিৱেশন কৰি মন শান্ত কৰিছিল ।

চাহ বাগিচা আৰু গাঁও অঞ্চলত বসবাস কৰা লোকসকল লোক-সাহিত্যৰ ক্ষেত্ৰত চহকী । লোক
সমাজৰ সৃষ্ট সাহিত্যকে লোক-সাহিত্য বোলে । লোক-সাহিত্য লোক-সমাজে, লোক সমাজৰ কাৰণে ৰচনা কৰে আৰু লোক-সাহিত্যৰ মাজেদি লোক-সমাজ চিত্ৰিত হয় । লোক-সমাজৰ চিন্তা-দৰ্শন, হাঁহি -অশ্ৰু, সুখ-দুখ, প্রেম -প্ৰীতি, ৰীতি-নীতি, বিক্ষোভ-বিদ্ৰোহ আদি কৰি সকলো অনুভূতিৰ প্রকাশৰ বাহন লোক-সাহিত্য।
অতীজৰ পৰা এটা প্রজন্মৰ পৰা আন এটা প্রজন্মলৈ বাগৰি সমাজত অনাখৰী ৰচকৰ নামত চলি অহা সাহিত্যৰ অলিখিত গঠনকেই সমালোচক সকলে লোক-সাহিত্য বুলি কৈছে - 
‘‘Folk Literature is the orallore of Culture with no written language. The folk Society is generally assumed to be the model of preliterate or so called primitive societ-ies that anthropologist have treditionally studied.

লোক-সাহিত্যৰ বিকাশৰ এই ধাৰাই পিচলৈ লিখিত সাহিত্যৰ ৰূপ পায় আৰু উক্ত সমাজত লাহে লাহে কিতাপ, বাতৰি-কাকত, আলোচনী, বাৰ্তালোচনী, অনাতাঁৰ আৰু দূৰদৰ্শনত প্রকাশৰ মাধ্যম ৰূপে স্থান লাভ কৰে ৷ সাধাৰণতে আমাৰ মনলৈ লোক-সমাজ বুলিলে এনে এখন সমাজৰ দৃশ্য মনলৈ আহে যিখন সমাজ নৈতিক, ধাৰ্মিক, ৰাজনৈতিক আৰু সামাজিক দিশত উদাসীন আৰু নিঃসংগ ৷ এনে সমাজত লোক সকল সাধাৰণতে শিক্ষা-দীক্ষাহীন বা তেনেই সামান্য শিক্ষা থকা, জনবসতি কোলাহলৰ পৰা বহু আঁতৰত থাকি জীৱন ধাৰণ কৰা শ্ৰমজীৱী মানুহ ৷ এই জনগণ মানৱ সৃষ্ট বিশৃংখলতাৰ পৰা আঁতৰত থাকি নিজৰ অভিজ্ঞতা আৰু বিশ্বাসক সমল কৰি নিজৰ মাজতেই কিছুমান সত্বমাক প্ৰতিপালন কৰি বসবাস কৰি ভাল পায়। ধৰ্মীয় প্রমূল্য, বুজা-বুজি আৰু তেওঁলোকৰ পোৱা-নোপোৱাৰ প্রকাশ নিজৰ মাজতেই সীমাবদ্ধ কৰি ৰাখিব বিচাৰে।

লোক সমাজৰ লক্ষ্য সমাজৰ সুখ আৰু সমৃদ্ধি। লোক সমাজৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্রচেষ্টা চলোৱাৰ ফলত কিছু সংখ্যকে ক’ব নোৱাৰাকৈয়ে উন্নত জীৱন ধাৰণৰ বাবে আকৰ্ষণ অনুভৱ কৰিব ধৰিলে। লোক সমাজখন শ্রমিক, কৃষক, নিৰক্ষৰ গঞা, গৰখীয়া, নাৱৰীয়া, শিল্পী, খনিকৰ , বনিক-বেপাৰী, শিপিণী-ৰোৱনী
প্রভৃতি ভিন ভিন শ্রেণী শ্ৰমত জড়িত শ্রমজীৱী মানুহৰ সমাজ ৷ এই শ্ৰেণী লোকৰ গীত-মাত, নাট-সাধু, ফকৰা-যোজনা, তন্ত্ৰ-মন্ত্ৰ সামৰিয়েই লোক সাহিত্যৰ পথাৰখন সৃষ্টি হৈছে ৷

এটা জাতিৰ অতীত জীৱনৰ ধৰ্ম-নীতি, আচাৰ-ব্যৱহাৰ, আনন্দ উৎসৱ, লোকবিশ্বাস আদি লোক-সাহিত্যই কাঢ়িয়াই লৈ ফুৰে । এই বাবেই লোক সাহিত্যক কালজয়ী, যুগজয়ী, সৰ্বসাধাৰণৰ চিত্র আকৰ্ষক বুলি কোৱা হয় । অসমৰ অন্যান্য অধিবাসী সকলৰ দৰে চাহ বাগিচাত আৰু গাঁও অঞ্চলত বসবাস কৰা জাতি জন-গোষ্ঠীৰ লোক সকলৰ লোক-সাহিত্যৰ ক্ষেত্ৰখন বিস্তাৰিত । মঙ্গোলীয, নেগ্রিটো, অষ্ট্রিক-দ্ৰাবিয়ান, আৰ্য আদি ভিন ভিন নৃ-গোষ্ঠীয় লোকেৰে পৰিবেষ্টিত এই লোক সকল অসমলৈ আহোঁতে ছাঁটোৰ দৰে লগত লৈ আহিছিল পৰম্পৰাগত লোক-সাহিত্য। অৰ্থ সংগ্ৰহ কৰাৰ মৰীচিকা খেদি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বগা চাহাবে অনা লোক সকলে লগত লৈ আহিছিল জীয়াই থাকিবলৈ সাহস যোগোৱাৰ একমাত্ৰ আহিলা সুৰ-নাচ আৰু একোটি
মাদল। এই মাদলৰ তালে-তালে নিজৰ সুৰ আৰোপিত, সংযোগ আৰু নৃত্যৰে এই লোক সকলে জীৱনৰ বিভিন্ন সময়ত, বিভিন্ন উৎসৱ-পাৰ্বণত, বিভিন্ন কামত নিজৰ মনৰ সুখ-দুখ, আনন্দ-বিষাদ প্রকাশ কৰি সুখ-সন্তোষ লভি
আহিছে। জনজীৱনৰ সুখ-দুখ, আনন্দ-বিষাদ, আচাৰ-নীতি, উৎসৱ-পাৰ্বন আদিত পৰিৱেশন কৰি অহা মৌখিক গীতখিনিয়েই লোক-সাহিত্যৰ অমল সম্পদ ৷ লোক-সাহিত্যই প্রত্যেক জাতিৰ আশা-আকাংক্ষা, হৰ্ষ-বিষাদ,ভয়-ভক্তি, লোক-বিশ্বাস, মানসিক চিন্তাধাৰা আদিৰ পৰিচয় বহন কৰে ৷

লোক সাহিত্যৰ আন আন উপাদানবোৰ যি দৰে লোক সমাজৰ সৃষ্টি, সেইদৰে গীত-মাত বা লোকগীতখিনিও লোক-সমাজৰে অনুপম সৃষ্টি৷ লোকগীত অনাখৰী কবিৰ অভিজ্ঞতাৰ পৰা সৃষ্টি হোৱা আৰু এইবোৰ মানুহৰ মুখস্থ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি যুগ যুগ ধৰি সমাজত এটা প্রজন্মৰ পৰা আন এটা প্রজন্মলৈ বাগৰি আহি আছে। সময়ৰ আঁচোৰে গীতবোৰৰ ৰূপৰ পৰিৱৰ্তন ঘটাইছে যদিও ইয়াৰ সমাদৰ একেই ৰূপত আছে৷ লোক জীৱনক সন্তুষ্টি প্ৰদানৰ উদ্দেশ্যৰে, বিনোদনৰ স্বাৰ্থত সৃষ্টি হোৱা লোক গীতবোৰৰ মাজেদি সমসাময়িক সমাজ জীৱনৰ চিত্ৰ প্রকাশ পায়। গীতবোৰৰ ৰচনাৰ পটভূমিয়ে মানৱ জীৱনৰ বিভিন্ন দিশ সামৰি ল’ব পাৰিছে। আমাৰ লোক গীতবোৰ পৰম্পৰাগত। ইয়াৰ কোনো নিৰ্দিষ্ট ৰাগ-ৰাগিনী নাই। আনকি যথা নিৰ্দিষ্ট তাল-মানো নাই।
প্রকৃতিৰ কোলাত লালিত-পালিত, প্রাকৃতিক কবিসকলে, প্রকৃতিৰ অৱদান লৈ, প্রকৃতিৰ প্রদত্ত তালৰ সহায়ত লোক-গীতবোৰৰ সৃষ্টি কৰিছিল । গীত গাওঁতা সকলে গীতবোৰৰ তাল-মান, হাত বা ভৰিৰ সহায়ত ৰক্ষা কৰি পৰিৱেশন কৰিছিল। সেয়ে আমি কব পাৰোঁ লোক-গীতত সংগত কৰা বাদ্য যন্তুও প্রকৃতি প্রদত্ত।

‘ঢল-মাদল শুণি নিন্দ নাই ম’ৰ চখে ধনি
হামে আৱলি ধনি, নাচে আৱলি ধনি
শুণিকে বাজানা ভাই
হামে আৱলি ধনি, নাচে আৱলি ধনি
শুণিকে বাজানা ভাই৷
গায়ে ৰঙীণ শাৰী, হাতে কিঙ্কিণী চুড়ি
চমকত হিয়া ম'ৰ, শুণিকে বাজানা ভাই
হামে আৱল ধনি, নাচে আৱলি ধনি
শুণিকে বাজানা ভাই।।
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post