ভাৰতবৰ্ষৰ উত্তৰ পূৱ দিশত অৱস্থিত প্ৰাকৃতিক পৰিৱেশেৰে সমৃদ্ধিত আৰু সূৰ্য্য উঠা দেশ হিচাপে পৰিচিত একমাত্ৰ ৰাজ্যখনেই হল "অসম"।এই অসমভূমিত নদ- নদী, পৰ্বত- পাহাৰেৰে ভৰপূৰ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰে বিভিন্ন ধৰ্মৰ এক মিলনভূমি স্বৰূপ। এই অসমৰ বিভিন্ন জাতি জনজাতিসমূহৰ ভিতৰত আদিবাসী চাহ জনগোষ্ঠী লোকসকলৰ অৱদান অপৰিসীম। এই জনগোষ্ঠীৰ বিভিন্ন পূজা-পাৰ্বন আছে তাৰে কিছু সংক্ষিপ্ত ৰূপত দাঙি ধৰিছোঁ।
কৰম পৰৱ- অসমৰ আদিবাসী চাহ জনগোষ্ঠী লোকসকলৰ কৃষিভিত্তিক উৎসৱ সমূহৰ ভিতৰত একমাত্ৰ বুকুৰ আপোন উৎসৱটিয়েই হৈছে কৰম পৰৱ। আদিবাসী চাহ জনগোষ্ঠী লোকসকলৰ কৃষিভিত্তিক কৰম পৰৱ ভাদ মাহৰ শুক্লা একাদশীৰ দিনাৰ পৰা আৰম্ভ হয়। উল্লেখযোগ্য যে এই পৰৱত গাঁৱৰ কাহিনী কোৱা বয়োবৃদ্ধ এজন লোকে কৰম আৰু ধৰমৰ এটি আখ্যানমূলক কাহিনী কৰমতী সকলক শুনোৱাৰ নিয়ম আছে, যাৰ দ্বাৰা তেওঁলোক ভৱিষ্যত জীৱনত অগ্ৰসৰ হ'বলৈ অনুপ্ৰাণিত আৰু উৎসাহিত হয়। তেওঁলোকৰ অতিকৈ প্ৰিয় ঝুমুৰ নাচ-গান এই পৰৱত পৰিবেশন কৰা হয়।
দুটামান গীত উল্লেখ কৰা হ'ল-
১) জাৱাগীত-
এটি এটি জাৱা
কিয়া কিয়া জাৱা
ধান বনাই'ল!
চেহসৰে ধানা
এক পাচী ছাইৰে।
২) ঝুমুৰ গীত (আখঢ়া গীত)-
“আখঢ়া বন্দনা কৰি
সৰস্বতী মাইগ বলি
আখঢ়া বন্দনা ব্ৰত নাৰী
মদনে ঝুমুইৰ লাগল ভাৰি।"
৩) ডাল আদৰি আনিবলৈ যোৱা সময়ত গোৱা গীত–
“দে দাদা দে দাদা,
ডাইৰ কাইট দে
দে ভজি দে ভজি ,
ৰটি ছাইক দে।
দে ভজি দে ভজি
শাৰী পিন্ধাই দে
দে ভজি দে ভজি
ডাইৰ ঝইক দে।
চহঁৰাই পৰৱ- কাতি মাহৰ কৃষ্ণা ত্ৰয়োদশী দিনাৰ পৰা অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে চহঁৰাই পৰৱ অতি ধুমধামেৰে আয়োজন কৰে। এই পৰৱৰ আয়োজন পোন্ধৰ দিনৰ আগৰেই পৰা আদিবাসী কৃষিজীৱ মানুহ সকলৰ মন আনন্দত মতলীয়া হৈ পৰে। চহঁৰাই পৰৱত ডেকা- বুঢ়া সকলোৱে মিলি চহঁৰাই গীত গায় আৰু নাচে। কুড়মালি লোকসংস্কৃতিমতে কাতি মাহৰ কৃষ্ণ পক্ষৰ এয়োদশী দিনা গৰু ম'হৰ শিঙত সৰিয়হ তেল দিয়া আৰম্ভ কৰা হয়, চতুৰ্দশী দিনা ঘাউআ পৰৱ, অমাৱস্যা দিনা গাই জাগৰণ, প্ৰতিপদ দিনা গৰইয়া পূজা। চহঁৰাই বা গৰইয়া পৰৱ ৩ দিনৰ পৰা ৬ দিন পর্যন্ত উদযাপন বা পালন কৰা হয়। মূলতঃ গৰুক মান্যতা দি উৎসৱৰ ৩-৫ দিন আগৰ পৰাই গৰুৰ শিঙত মূৰত তেল লগাই সেৱা-শুশ্রষা কৰা হয়। শিঙত বা মূৰত তেল লগোৱা সময়ত গোৱা গীতবোৰ এনেধৰণৰ—
ক’না শিঙঘে ৰে বাৰদা
তেলা সেন্দুৰা লেবে হো।
ক’না শিঙঘে লেৱবে, মড়ৱইৰীৰে দাহিনা শিঙঘে ৰে বাৰদা তেলা সেন্দুৰা বাঁৱা।। শিঙঘে লেৱবে মড়ৱইৰ ৰে....
শিং নথকা গাইজনীৰ হৈ গৃহস্থই দুখ প্ৰকাশ কৰি গীতো গায়।
ঝৰ্ ঝৰ্ কান্দেয়ে
মুড়লি হ'ত গইয়া (দয়া)
কনা শিঙঘ্ৰে লেৱতেই মড়ৱইৰ ৰে.....
এনেধৰণৰ মহত্বপূৰ্ণ গীত-মাতৰ মাধ্যমেৰে চহঁৰাই পৰৱক আদৰে।
এটি অহিৰা গীত উল্লেখ কৰা হৈছে-
১) অহিৰা গীত
"অহিৰে খজ খজতে আলি
পুচ্ছ পুচ্ছতে আলি বাবু হ'
অহিৰাকে ঘৰ কতি দূৰে।
ক'না হেকে ফালনাকে ঘৰাৰে
ফালনাকে ঘৰে ভালা
তুলসী কা পীড়াঁ হ'
ওপৰতে উড়ে ৰাজা হাসা ৰে।।..."
টুচু পৰৱ- টুচু পৰৱ হৈছে কৃষিজীৱী নাৰী সকলৰ এক লোকায়তী পৰম্পৰাৰ নাৰী কেন্দ্ৰিক পৰৱ বা উৎসৱ। ইয়াকে "পুচ পৰব" বুলি কোৱা হয়।
এই পৰৱৰ মূল বিষয়টোৱেই হৈছে মৃত শস্য বা ধানক আঘোণ মাহত ঘৰলৈ চপোৱাৰ পাচত, গোটেই পুহ মাহ নাৰীসকলে টুচু নামেৰে উপাসনা কৰি পুহ মাহৰ শেষৰ দিনটোত পানীত উটুৱাই দি কৃষি বছৰটোৰ বাবে বিদায় দিয়ে, আৰু ভৱিষ্যত দিনলৈ ইয়াৰ পুনৰ জনম কামনা কৰা। এয়া প্ৰকৃততে ধান বা আন শস্যক পুনৰ জনম দিয়াৰ এক লোকায়ত পৰৱ। এই পৰৱত বৈদিক সংস্কৃতিৰ প্ৰভাৱ নাই। এই পৰৱ যিহেতু এক লোকয়তী পৰৱ, সেয়ে এই পৰৱত টুচুৰ কোনো প্ৰতিমা বা মূৰ্ত্তিও নাথাকে। তাৰ বিপৰীতে টুচু পৰৱত "চৌড়ল"ৰহে ব্যৱহাৰ হয়। এই চৌড়লত ধান, যৱ আদি শস্যৰ লগতে গোৱৰ আদি আৰু টুচু বন্দনাৰ সামগ্ৰী ধূপ-ধুনাৰ লগতে বিভিন্ন শস্যৰ ফুল আদিহে থাকে।
ফাগুৱা পৰব- ফাগুৱা পৰব আদিবাসী চাহ শ্ৰমিক লোকসকলৰ আন এটি জনপ্রিয় উৎসৱ। ফাকুৱা উৎসৱক ৰং আৰু আনন্দৰ উৎসৱ, মিলনৰ উৎসৱ, সম্প্ৰীতিৰ উৎসৱ বুলিব পাৰি।
এই উৎসৱক হোলী পৰব বুলি কোৱা হয়।
জনবিশ্বাস মতে হিৰণ্য কশিপুৰ ভনীয়েক হোলীকাই ইশ্বৰ ভক্ত প্ৰহ্লাদক কোলাত লৈ জুইত জাঁপ দিছিল। কাৰণ হ’ল জুইত যাতে প্ৰহ্লাদৰ মৃত্যু হয়। কিন্তু ইশ্বৰ ভক্ত প্ৰহ্লাদৰ জুইত একো নহ’ল আৰু অপ সংস্কৃতিৰ প্ৰতীক হোলীকা জুইত ভষ্মীভূত হ’ল। এই কাৰণে শুভশক্তিৰ বাবে হোলীকাক দাহন পৰম্পৰা আৰু জনবিশ্বাস প্ৰচলিত হৈ আছে। হোলীৰ আগদিনা কোনো এডোখৰ ঠাইত গাঁৱৰ বয়োবৃদ্ধ/ডেকাসকলে একগোট হয়। গছৰ ডাল,খেৰ- বাঁহ আদিৰে এটা মেজি সাজে আৰু নিয়ম নীতি অনুসৰি পূজা কৰাৰ পাছত সেই মেজি দাহ কৰা হয়। ইয়াকে হোলিকা দাহন কৰা বোলে। আদিবাসী চাহ শ্ৰমিক লোকসকলে ফাগুৱা পৰৱ হিচাপে পালন কৰে।
ফাগুৱা পৰৱৰ পিছদিনা শ্ৰী কৃষ্ণৰ লাঠি নৃত্য কৰি আনন্দ-ফুৰ্তি কৰে। প্ৰতিটো হোলী গীতৰ মূৰ্ছনাত মঞ্জুৰিত হৈ উঠে শ্ৰীকৃষ্ণৰ ফাকু খেলৰ কথা। ইশ্বৰ কৃষ্ণৰ লীলা মাধুৰ্যৰ যেন ই এক পৰম প্ৰকাশ।
গৰাম পূজা- আদিবাসী চাহ শ্ৰমিকলোক সকলৰ বসতি প্রধান প্রায় গাঁৱতে অৱস্থিত ‘গ্রামথান' ত জেঠ-আহাৰ মাহত এই পূজা পালন কৰে। গাঁওবাসীক কোনো অপশক্তি, অপায় অমংগল নহ'বৰ বাবে নিৰ্দ্দিষ্ট নিয়মৰ মাজেৰে এই পূজা অনুষ্ঠিত কৰে।
চড়ক পূজা-এই পূজা প্ৰতি বছৰে চৈত্ৰা সংক্ৰান্তি বা চৈত্ৰৰ অন্তিম দিনা অনুষ্ঠিত হয় আৰু বহাগৰ প্ৰথম দুই-তিনি দিন চড়ক পূজাৰ উৎসৱ চলি থাকে।
চড়ক পূজা আন পূজাতকৈ ব্যতিক্রম।এই পূজা শিহৰণকাৰী। পূজাত ভক্তসকলে নিজৰ শৰীৰত লোৰ কাঁটা বা বেজী সুমুৱাই লোৱা দৃশ্য দেখিলে বহুতো প্রত্যক্ষদৰ্শীৰ গাৰ নোম শিয়ৰি উঠে।
অসমত দুই-তিনিটা অঞ্চলত এই পূজা উদযাপন কৰি আহিছে।
মনসা পূজা- আদিবাসী চাহ শ্ৰমিক লোকসকলে শাওন-ভাদ মাহত সৰ্পদেৱতাক সন্তুষ্ট কৰাৰ অর্থে এই পূজাভাগ পাতে। সাপে যাতে কোনো ধৰণৰ অনিষ্ট আৰু অমঙ্গল নকৰে তাৰ বাবে প্ৰাৰ্থনা কৰা হয়।
বৃক্ষ পূজা- আদিবাসী চাহ শ্ৰমিক লোকসকলে
প্ৰায়ভাগ পূজা পার্বণসমূহ গছৰ তলত কৰা দেখা যায়। বৰগছ, জৰী গছ, তুলসী গছ বেলগছ, চিকামৰলীয়া গছ এইবোৰ তেওঁলোকৰ বাবে পবিত্ৰ বৃক্ষ। বিভিন্ন সময়ত বিভিন্ন ৰূপত এইবোৰৰ পূজা কৰা দেখা যায়। জৰী গছ বা বৰগছৰ তলতে গ্রাম থান থাকে। অন্যান্য কিছুমান পূজাও এই দুবিধ গছৰ তলত কৰা দেখা যায়। ঠিক একেদৰে বেল গছৰ তলত বিভিন্ন সময়ত বিভিন্ন কাৰণত চাকি-বন্তি দি সেৱা কৰা দেখা যায়। এইবোৰ পূজাৰ জৰিয়তে নিৰ্দিষ্ট দেৱ-দেৱীক পূজা কৰাৰ বৃক্ষকো পূজা কৰা হয়।
চন্দ্ৰ-সূৰ্য্য পূজা- এই পূজা তেওঁলোকৰ কিছু লোকসকলৰ মাজত প্ৰচলন আছে। ব্ৰতত থাকি নিয়ম নীতি অনুসৰি এই পূজা কৰা হয়। এই পূজাক সূর্যাহী পূজা বুলি কোৱা হয়।
গোহালি পূজা- আহিন-কাতি মাহত এই পূজা কৰা দেখা যায়। এই পূজা তেওঁলোকৰ কিছু লোকসকলৰ মাজতহে প্ৰচলন আছে। ব্ৰতত থাকি নিয়ম নীতি অনুসৰি এই পূজা কৰে।
বাৰী পূজা- এই পূজা তেওঁলোকে বাৰীৰ চাৰিসীমাৰ ভিতৰত কোনো এক চোকত কৰে। জনবিশ্বাস মতে এই পূজা কৰিলে নিজৰ বাৰী চাৰিসীমাৰ ভিতৰত থকা গছ-গছনি, ফল-মূল, তামোল-পান, শস্য আদি আন কোনো দূষ্টচক্ৰ বা অপশক্তি ক্ষতি কৰিবলৈ ভয় কৰে। আজিকালি এই পূজা সাধাৰণতে খুব কম দেখা যায়।
চাহৰুল পৰব - চাওঁতাল সকলৰ এটি জনপ্ৰিয় লোক উৎসৱ। ফাগুন-চ'ত মাহত উলহ-মালহেৰে এই উৎসৱ পালন কৰা হয়। এনেদৰে আদিবাসী চাহ জনগোষ্ঠীসকলে বহুতো পূজা পাৰ্বন কৰা দেখা। ওপৰত কিছু মূল পূজা-পাৰ্বন বিষয়ে সংক্ষিপ্ত ৰূপ দিয়া হৈছে। আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ নিজস্ব গীত-মাত, ভাষা, নাচ,বাদ্য যন্ত্ৰ,আ-অলংকাৰ, সাজ-পোছাক আদি আছে তাৰে কিছু তলত উল্লেখ কৰা হ'ল-
গীত-মাত- ঝুমুৰ গীত, বিহা গীত( বিয়া গীত),ডমকচ গীত, জাহলী গীত, টুচু গীত, নিচুকনি গীত, ইত্যাদি।
ভাষা- কুড়মালি,চাওঁতালী,মুণ্ডাৰী,কুডুখ,খৰঠা, পাঁচপৰগণীয়া, চাদ্ৰী, উড়িয়া আদি।
লোকবাদ্য যন্ত্ৰ- ঢল, ঢাঁক,ঢলকী, মাদল, ধামসা, ঝাঁঝ, বাঁশী চম্চমী, নাগৰা,তুমড়ী ইত্যাদি।
আ-অলংকাৰ- আঙঠি, পৈঁয়ৰী, চন্দ্ৰহাৰ, চেইন,সীতাপাটি, কানফুলি, শিকলি,পৈঁয়ৰী,পায়েল,
মাদুলি, ঝুনকা,মালা ইত্যাদি।
আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে সাধাৰণতে কৃষি ক্ষেত্ৰ, বাঁহ-বেতৰ, ঘৰ সজা, চাহ বাগিছাৰ কাম আদিত পাকৈত।
এনেদৰে তেওঁলোকৰ বহু গীত-মাত শুনিবলৈ, আ- অলংকাৰ, সাজ-পাৰ পিন্ধিবলৈ পোৱা যায়, কিন্তু যান্ত্ৰিক যুগত ব্যস্ত ৰাজপথত মানুহৰ ব্যস্ততা ইমানে বাঢ়িছে যে কাৰো পিছলৈ ঘূৰি চোৱাৰ অৱকাশ নাই। প্রতিযোগিতাৰ যুঁজত নামি ক্ৰমান্বয়ে নিজৰ জাতি-গোষ্ঠী, আত্মীয়ৰ লগতে নিজৰ জাতীয় কলা-কৃষ্টি আৰু ভাষা-সংস্কৃতি পাহৰি পেলাইছে।
✍️লক্ষীৰাম কুৰ্মি
শাওঁতলী, গোলাঘাট
৬০০০৫১২৫৪৫