চাহ জনগোষ্ঠী (আদিবাসী) জনজাতিকৰণৰ সম্পৰ্কে••বিনোদ চেৰো

অসমৰ চাহ বাগিছা অঞ্চলত বসবাস কৰা জাতি , সমাজ ঐক্যৰ এনাজৰী। বৰ্তমান সময়ত চাহ বাগিছা লাইন ঘৰ তথা গাঁও অঞ্চলত বসবাস কৰা  জাতি , ধৰ্মৰ লোকৰ সমন্ধয় এনাজৰী ডাল হ'ল চাহ জনজাতি।

       চাহ জনজাতি হ'ল এক মঞ্চ , যত নিজস্ব বৈশিষ্ট্য থকাৰ স্বতেও সকলো চাহ বাগিচা-গাওঁ অঞ্চলত বসবাস কৰা জাতি সমাজ সমূহক এখন ছাতিৰ তলত একগোট হৈ এক শক্তিশালী সমন্ধয়ৰ মঞ্চ সৃষ্টি কৰিছে ।সেয়াই হ'ল চাহ জনগোষ্ঠীৰ সমন্ধয়ৰ এনাজৰী।

          অবশ্যে চাহ জনজাতি বা চাহ জনগোষ্ঠী বুলিলে একেটা জনগোষ্ঠীক নুবুজায়। বিভিন্ন জনগোষ্ঠীৰ গোট হে চাহ জনগোষ্ঠী। অসমত চাহ খেতিৰ উদ্ভাৱন হোৱা পিছত ইংৰাজ খেতিয়ক সকলে শ্ৰমিক বিচাৰি হাবাথুৰি খাইছিল আৰু উৰিষ্যা , পশ্চিমবংগ , বিহাৰ বৰ্তমান ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ , মহাৰাষ্ট্ৰ আদিৰ ঠাইৰ ঢাপলি মেলিছিল শ্ৰমিক বিচাৰি। সকলো ঠাইত শ্ৰমিক আনিছিল । আজিৰ পৰা প্ৰায় ডেৰশ দুশ বছৰৰ আগত অহা শ্ৰমিকৰ সন্তান সন্ততিয়েই চাহ জনগোষ্ঠী বা আদিবাসী। 

        1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ আহে আৰু চাহ খেতিৰ উদ্দেশ্যে 1834 চনত চাহ সমিতি গঠন কৰে। 1837 চনত গঠন চাহ বাগিচা প্ৰতিষ্ঠা কৰা হয় অসমত চাহ খেতি আৰম্ভ হৈছিল যদিও শ্ৰমিকৰ অভাৱ দেখা যায় গৈছিল। কিয়নো থলুৱা লোক সকল শ্ৰমিক হিচাবে কাম কৰিবলৈ আগবাঢ়ি অহা নাছিল। এই অভাৱ পুৰণ কৰিবৰ বাবে উৰিষ্যা , পশ্চিমবংগ, বিহাৰ, অন্ধ প্ৰদেশ আদি প্ৰদেশলৈ ঢাপলি মেলিছিল শ্ৰমিক বিচাৰি । 1841 চনত তেতিয়াৰ বিহাৰৰ ছোট নাগপুৰৰ পৰা প্ৰথম শ্ৰমিক দল (Batch) অসমলৈ আনিবলৈ সক্ষম হৈছিল।তেতিয়াৰ "The District Emigrant Labour Act,1932 ৰ অধীনত গঠন হোৱা Tea District Labour Association ৰ যোগেদি বিহাৰ , উৰিষ্যা, পশ্চমবংগ , মহাৰাষ্ট্ৰ , অন্ধ প্ৰদেশ আদি প্ৰদেশৰ পৰা শ্ৰমিক আনি থকা হয় আৰু 1960 চনলৈকে শ্ৰমিক অনা হৈ আছিল । চাহ শ্ৰমিক হিচাবে কাম কৰিবলৈ অনা হৈছিল যদিও ইয়াৰ বহুতো লোক গাওঁ , বস্তি অঞ্চলত খেতি বাতি কৰি থাকিবলৈ লয়। বৰ্তমান চাহ আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ 60 লাখৰো অধিক।

           বৰ্তমান সময়ত অসমৰ চাহ বাগিচা তথা গাওঁ অঞ্চলত বসবাস কৰা উৰাং , মুণ্ডা, খাড়িয়া, ভূমিজ , কুৰ্মি, গোৱালা, চেৰো আৰু গড় আদি প্ৰায় 108 টা মান জাতিক একে লগে চৰকাৰী কাম-কাজত চাহ জনজাতি বা Tea Tribe বুলি নামাকৰণ কৰি লৈছে। কিয়নো এই জাতিৰ লোকসকলক চিনাকিকৰণৰ সুবিধাৰ্থে অসম চৰকাৰে চাহ জনজাতি লোক সকলক চৰকাৰী আচনি ,শিক্ষা, সাহিত্য, কলা-কৃষ্টি, সংস্কৃতি, স্বাস্থ্য -চিকিৎসাৰ আদিৰ কল্যাণ আৰু সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে 1983 চনত The Directorate of Welfare of Tea Garden and Ex-Tea Garden Tribe নামে অসম চৰকাৰে এখন বিভাগ গঠন কৰে।

          অসম চৰকাৰৰ MOBC vide Tribal Areas and Welfare of Backward Classes Department Letter No. TAD/BC/268/795/37, dt. 27th Nov. 1975 চন তাৰিখে Tea Garden and Ex-Garden Tribes Numbering 01 To 90 টা জাতিক অন্তভূক্ত কৰিছিল । সেই জাতি সমূহ হ'ল ---

1) Arya Mala 2) Asur 3) Baspher 4) Bhokta
5)Bowri 6) Bhuyan 7) Bhumij 8) Bedia
9)  Belder 10) Baraik 11)Bhatta 12)Basor
13) Baiga 14)Baijarn 15) Bhil 16)Bondo
17) Binjia 18) Birher 19) Birjia 20) Beddi
21) Chowdhari 22) Chere 23) Chick Borik 24) Dandari
25) Dandasi 26) Dusad 27) Dhanwar 28) Ganda 
29) Gonda 30) Ghansi 31) Ghorai 32) Ghatowar
33) Hari 34) Holra 35) Keot 36) Koiri
37) Khonyor 38) Kurmi 39) Kawar 40) Karmali
41) Kurwa 42) Kol 43) Kalahandi 44) Kotwal
45) Kharia 46) Kumhar 47) Kheruwar 48) Khodnl
49) Koya 50) Kondpan 51) Kohar 52) Karmakar
53) Kishan 54) Lohar 55) Lodha 56) Lodhi
57) Madari 58) Mohli 60) Mahato 61) Malphariya
62) Manki 63) Mirdhar 64) Majwar 65) Nonia
66) Nagasia 67) Nagbansi 68) Pasi 69) Paidi
70) Panika 71) Parja 72) Patratanti 73) Pardhan
74) Rajwar 75) Sawra 76) Sahora 77) Turi
78) Chamar 79) Barhai 80) Ahir- Goala 81) Jolha
82) Modi 83) Telenga 84) Tassa 85) Bauri
86) Tantubai 87) Kalihandi 88) Nath 89) Teli
90) Tanti

          চাহ জনজাতিক জনজাতিকৰণলৈ আজি  পাচঁ দশক কৈ অধিক কাল বিভিন্ন দল সংগঠন যোগেদি দাবী উত্থাপন হৈ আহিছে। ই এক আন্দোলনৰ ৰূপ লৈছেই। ইয়াৰ মাজতো বহুতো প্ৰশ্ন কৰিছে যে চাহ জনজাতিক কিয় জনজাতিকৰন কৰিব লাগে বা জনজাতিকৰন কৰিলে কি হ'ব ?

         ভাৰতত জনজাতিকৰণৰ প্ৰথম প্ৰচেষ্টাটো ইংৰাজ সকলেই আৰম্ভ কৰিছিল। 1935 চনৰ ভাৰত চৰকাৰ আইন (Govt. Of India Act,1935) ত জনজাতিকৰণক (Scheduled Tribe আৰু Scheduled Caste) অগ্ৰাধিকাৰ দিছিল । ভাৰতৰ বহুতো পিছপৰা জাতিক অনুসূচীত জাতি বা অনুসূচীত জনজাতিৰ তালিকাভূক্ত কৰি কিছুমান বিশেষ সা-সুবিধা প্ৰদান কৰি উন্নতি কৰণৰ প্ৰচেষ্টা কৰিছিল । অসমতো তাৰ প্ৰতিফলন নঘটা নহয়। চাহ জনগোষ্ঠী বা আধিবাসীৰ মাজৰ পৰা 1937 চনত নৱগঠিত বিধান সভাত মনোনীত কৰা হৈছিল বিদেশী পান তাঁতী আৰু বিনোদ কুমাৰ চাৰৱান। আকৌ 1946-1952 চনত আছিল বিনোদ কুমাৰ চাৰৱান আৰু চানু খেৰীয়া, জীৱন সাওতাল , পি এম চাৰৱান আৰু দলবীৰ সিং লহাৰ । 1947 চনত ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত নতুনকৈ ভাৰতৰ সংবিধান ৰচনা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিল আৰু ভাৰতৰ সংবিধান ৰচনা কৰাৰ সম্পূৰ্ণ দায়িত্ব ভাৰ ড° ভীমৰাও আম্বেদকাৰৰ ওপৰত পৰিছিল । ভাৰতৰ সংবিধান সম্পূৰ্ণ হোৱাৰ পিছত 1950 চনত 26th জানুৱাৰীত ভাৰতৰ জনগণৰ হাতত অপৰ্ন কৰিছিল। উল্লেখনীয় যে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ক্ষেত্ৰত ড° আম্বেদকাৰ জাতি আৰু অনুসূচীত জনজাতিৰ বাবে বিশেষ ব্যৱস্থা কৰি নোযোৱা হ'লে এই পিছপৰা জাতি সমূহ আজিও অত্যন্ত পিছপৰি থাকিলে হেতেন। এই পিছপৰা জাতি , জনজাতি সমূহৰ বাবে সংবিধানিক সা-সুবিধা দিয়াৰ অৰ্থই হৈছে উন্নয়ণৰ যোগেদি মূল সুঁতিৰ লগত সমানে সমানে খোজ কঢ়াৰ সামৰ্থ্য গোটোৱা।

       পিছপৰা জাতি , জনজাতি সমূহক কেনেদৰে সাংবিধানিক ব্যৱস্থাৰে পিছপৰা অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি মৰ্যদা দিয়া হয়। তাৰ সাংবিধানিক ব্যৱস্থা আছে। সংবিধানৰ 341 অনুচ্ছেদত উল্লেখ আছে।

  Article 275 ত অনুসূচীত জাতি আৰু অনুসূচীত  জনজাতি এলেকাত উন্নয়ণৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা আছে। অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ উন্নয়ণ আৰু কল্যাণৰ হকে অসমৰ প্ৰক্ষাপটত জন্ম গ্ৰহন কৰা বিভিন্ন দল সংগঠন সমূহে এই জনগোষ্ঠীৰ অনুসূচীত জাতি ও অনুসূচীত জনজাতিকৰণৰ বাবে দাবী জনাই আহিছে। অসম আদিবাসী পৰিষদ, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম আদিবাসী ছাত্ৰ সন্থা , আদিবাসী সামাজিক শিক্ষা আৰু সংস্কৃতি সন্থা আদি সংগঠনৰ যোগেদি ইয়াৰ ফলস্বৰূপে 1995 চনত অসম চৰকাৰে চাহ জনজাতি সকলক অনুসূচীত জনজাতিৰ তালিকাভূক্ত কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰক চুপাৰিশ কৰিছিল। কিন্তু বহুতো খুটি-নাটি থকাৰ বাবে কেন্দ্ৰীয় চৰকাৰ বিবেচনা কৰাৰ পৰা বিৰত থাকিল। আকৌ 2001 চনত অসম চৰকাৰে পুনৰবাৰ চুপাৰিশ কৰি পঠাই আৰু তন্নতন্নকৈ অধ্যয়ণ কৰি ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ Assam Institute of Research for Tribals and Scheduled Caste ক দায়িত্ব অৰ্পন কৰিছিল। এই অনুষ্ঠানে তন্নতন্নকৈ চাহ জনগোষ্ঠী(আদিবাসী) প্ৰতিটো জনগোষ্ঠী বা জাতিৰ সম্পৰ্কে অনুসূচীত জনজাতিকৰণৰ চৰ্ত সমূহ পৰিপূৰন কৰিছে নে নাই তাক অধ্যয়ণৰ কৰি 2005 চনত প্ৰতিবেদন দাখিল কৰে। কেন্দ্ৰীয় চৰকাৰক উল্লেখনীয় যে 2005 চনৰ 5th আগষ্ট তাৰিখে অসম বিধান সভাতো চাহ জনগোষ্ঠীক অনুসূচীত জনজাতিকৰণৰ কৰিব লাগে বুলি সৰ্বসন্মতি ক্ৰৰ্মে প্ৰস্তাৱ লোৱা হৈছিল।এতিয়া এই গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে।
    
    The Constitution (Scheduled Tribes) Order (Amendment )Bill,2019 Was in troduced in the Rajya Sabha on January 9,2019 By the Minister of Tribal Affairs , Jual Oran.

বৰ্তমান সময়ত 36 Adivasi Communites included in the Constitution (Scheduled Tribes ) order (Amendment), Bill 2019 বিলটো ৰাজ সভাত উত্থাপন হোৱাৰ পাছতো কিন্তু কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰা নাই।
 
অসম আদিবাসী জনজাতি শান্তি চুক্তি :-
     কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ , অসম চৰকাৰ আৰু অসমৰ 8 টা (আদিবাসী ) জনজাতি গোটৰ মাজত এখন ত্ৰিপাক্ষিক শান্তি চুক্তি 15 th September 2022 তাৰিখে স্বাক্ষৰিত হৈছিল।
    
      অসমৰ জনজাতীয় গোট আৰু চাহ বাগিচাৰ শ্ৰমিক সকলৰ দশক পুৰণি সকট বোৰৰ সমাপ্তিত বাবে এই চুক্তি স্বাক্ষৰিত হৈছিল।
     শান্তি চুক্তি অনুসৰি অসমৰ ১০৮ চাহ জনগোষ্ঠীৰ ভিতৰত মাত্ৰ 36 টা জাতিক অনুসূচীত জনজাতি আৰু 21 টা জাতিক অনুসূচীত জাতি হিচাপে জনজাতিকৰণ কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে শান্তি চুক্তিত উল্লেখ কৰিছে। বাকী থকা 51 টা চাহ জনগোষ্ঠীৰ জাতি সমূহক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত তালিকাভূক্ত হৈ থাকিব লাগিব।

       অসম চাহ জনজাতি ছাত্ৰ সন্থা(আট্‌ছা) ই কেন্দ্ৰীয় চৰকাৰ , অসম চৰকাৰ আৰু আদিবাসী বিদ্ৰোহী সংগঠনৰ মাজত হোৱা আদিবাসী শান্তি চুক্তিটোক আদ্‌ৰণি জনাইছে। লগতে অসমৰ চাহ জনগোষ্ঠীৰ 108 টা জাতিৰে একত্ৰিত থকা জাতি সমূহক বিভাজিত নকৰি গোটেই কেইটাক এটা শ্ৰেণীত অন্তভূক্ত কৰিবলৈ দাবী উত্থাপন কৰিছে।

    অসমৰ চাহ জনগোষ্ঠী আদিবাসীৰ অনুসূচীত জনজাতিকৰণৰ তালিকাত থকা 36টা জাতিৰ নামৰ তালিকা হ'ল :-

1) Mal Paharia 2) Kawar 3)Lodha
4) Baiga 5) Nagasia 6) Bhil
7) Gorait 8)Halba 9) Majwar
10) Dhanwar 11)Asur 12) Pradhan
13) khond 14) Korwa 15) Kheruwar
16) Chero 17) Koya 18)Birhor
19)Praja 20) Mirdha 21) Kishan
22)Chik Baraik 23) Kol 24) Saora
25)Birjla 26)Damdari 27) Bonda
28) Mahli 29) Shabar 30)Kharia
31) Gond 32)Munda 33)Oraon
34) Bedia 35) Santal 36) Bhumij

   অসমৰ চাহ জনগোষ্ঠী আদিবাসীৰ অনুসূচীত জাতিকৰণৰ তালিকাত থকা 21 টা জাতিৰ নামৰ তালিকা হ'ল :-
    
1) Bhuyan 2) Paidi 3) Pasi
4) Tanti 5) Patra Tanti 6) Pan Tanti
7)Turi 8) Rajwar 9) Bauri
10) Panika 12) Bhatta 13) Ghasi
14) Keot 15) Satnami 16) Rautia
17) Modi 18) Khodal 19) Dusad
20) Telanga 21) Rohidas

✍️বিনোদ চেৰো 
উমাতাৰা চাহ বাগিছা

Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post