লেখক - সুৰেশ কুড়মি ,মৰাণ ৰাঙলী
মধ্য ভাৰতৰ আদিম জনজাতি কৃষিজীৱি সকলৰ একমাত্ৰ ভৰসা আঘোণৰ ধাননি পথাৰখন । প্ৰকৃতিৰ লগত যুঁজ দিব পৰা অসীম ক্ষমতা থকা আদিম জনজাতিসকল জলবায়ু অনুসৰি প্ৰচুৰ ঠাণ্ডা , পখৰ ৰ'দত আৰু মুষলাধাৰ বৰষুণ বতৰতো কঠোৰ পৰিশ্ৰম কৰি শস্য উৎপাদন কৰিব পাৰে । এই আদিম জনগোষ্ঠী দ্রাবিড় আৰু অষ্ট্ৰিকৰ বংশধৰ হৈছে অসমৰ আদিবাসী চাহ জনগোষ্ঠী লোকসকল । এই লোকসকল অসমত চাহ খেতিৰ লগতে ধান খেতি , শাক - পাচলি খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে । অসমৰ আদিবাসী চাহ শ্রমিক লোকসকল কৃষিজীৱি হোৱা হেতুকে তেওঁলোকৰ পূজা পার্বনসমূহ কৃষিভিত্তিক । কৃষি কাৰ্যৰ লগত সম্বন্ধিত পৰৱসমূহৰ ভিতৰত কৰ্ম পৰৱ , বাঁদনা বা সঁহৰাই পৰৱ আৰু টুসু পৰৱেই হৈছে প্ৰধান । আদিবাসী জনজাতি লোকসকল আদিম কালৰ পৰা পৰম্পৰাগতভাৱে এই পৰৱসমূহ অনুষ্ঠিত কৰি আহিছে । আঘোণ মাহটো হৈছে খেতি চপোৱাৰ সময় । গোটেই বছৰটোৰ বাবে খেতিয়কসকলে আহাৰ মুঠি গোটোৱাৰ কামত ব্যস্ত হৈ পৰে । অন্যান্য আদিবাসী জনজাতিৰ লগতে কুড়মি জনজাতি কৃষিজীৱি সকলে খেতি পথাৰৰ ধান দাই মেলি শেষ কৰি তিনি পাঁচ বা ‘ ন ’ গুছা ধান পথাৰতে এৰি দিয়ে । ধান দাই শেষ হোৱাৰ পাছত তথা কোনোৱে আঘোণ মাহৰ শেষৰ দিনা অর্থাৎ আঘোণ সংক্রান্তি দিনা সন্ধ্যা সময়ত সেই ধানৰ গুছাবোৰ মাটিৰ সৈতে উঘালি আনি ঘৰৰ চোতালত বা খৰিয়ানত বা ঘৰৰ ভিতৰত চঁইক পোৰা ( আলপনা ) দি থোৱা হয় । সেইদিনা ঘৰৰ চোতালখন গোবৰ দি মোছি , চাফ - চিকুণ কৰা হয় । সন্ধ্যা সময়ত পথাৰত থকা ধানৰ গুছাবোৰ নিয়মানুসাৰে আনিব লাগে । চোতালত ভৰিৰ খোজৰ দৰে চাউলৰ গুড়িৰে চঁইক পুৰা ( আলপনা ) দিয়া হয় । ধানক ডিনি মাই , লক্ষী মাই অর্থাৎ মাতৃৰূপে পূজা কৰা হয় । চাউলৰ গুড়ি , ধূনা , সেন্দুৰ , কাজল , ধ্ৰুৱ ঘাঁহ , আদিৰে বন্তি এগছি দি সেৱা কৰি কয় ( কুড়মালি ভাষাত ) “ হে ডিনি মাঁই , হে ঠাকুৰনি মাঁই , হে লখি মাঁই , মই তকে ধৰ্নমাসে ( জেঠ মাহত ) ঘাৰলে আনি এহে ভুঁইএ জাইগাঁই ধাৰিজ কলাই । তহৰ নাতি - পুতি , ছউআ পুতা , ঘাৰ গেলা । মাই চালে অকৰ ছুঁগে দিন পুহাউবে । মই তহৰ সেবা কৰ্ম ” । এনেদৰে কৈ কোনোৱে চোতালত , কোনোৱে খৰিয়ানত ধানৰ গুছাবোৰ আনি থয় । ইয়াকে কুড়মালিত ডিনি অনা বোলে আৰু কিছুৱে লক্ষী অনা বা ঠাকুৰণি অনা বুলিও কয় । ধান মৰণা দি শেষ কৰি ধানবিলাক ডুলি বা ভঁৰালত থোৱা হয় । ধান থোৱা ডুলি বা ভঁৰালতে ডিনি মাক থোৱাৰ নিয়ম আছে । এই ধানৰ গুছাৰপৰা ( ডিনি ) পৰা এটা ধানৰ থোকৰ পৰা অলপ ধান লৈ ডিনি থাপনা বা টুসু থাপনা কৰা হয় । সেয়ে কুড়মালি ভাষাত কোৱা হয় “ জাকৰ নাম হেকি ডিনি সে হেকি টুসুমনি ” কুড়মালি ভাষাত এই টুসু গীতফাকিৰ পৰা বুজিব পৰা যায় ।
টুসু বহলি সসুৰ ঘাৰে
বেসেই খেতে পাথঅৰে ।
সাজি সঁপড়ি লহঅসঅলে আউলি , অগহঅনঅ সাঁকৰাইতে গউ ।।
অৰ্থাৎ টুসু ৰ বা ধানৰ খেতি পথাৰখন হৈছে শহুৰ ঘৰ । শহুৰ ঘৰত থকা অৱস্থাত টুসুৰ সন্তান - সন্ততি সকলৰ ( ধান বিলাকৰ ) লগত থাকে । আঘোণ সংক্রান্তি দিনা উলহ - মালহেৰে চাকি - বন্তি জ্বলাই টুসুক ডিনি মাক ৰূপে ঘৰলৈ অনা হয় । খেতি পথাৰত টুসুৰ নাম ধান , খৰিয়ানত ডিনি মাঁই আৰু এই ডিনি মাঁই হৈছে টুসুমনি । কুড়মালি গীতটিৰ পৰা ইয়াকে বুজাইছে –
টুসু টুসু কহিঅ হামৰা
টুসু খেলঅই খঅইএ ।
ধিআ হামৰ বুলেই অহল কহল , ঘাৰে বাখেইৰে ৷৷
টুসুমনিক চিনহাপ ভিনু ,
ভিনু ভিনু বাথানে ।
দুলাৰি ধিআক চিনহা
ভিনু ভিনু ভিনু চিনহাপে ৷৷
খেতে ধান খৰইএ ডিনি ,
ডিমঅনি পাড়অনে ।
আউল নিহি হিআ খালাসে ,
মুলুকঅ পাড়অনে ।।
টুসু থাপনাভাৰতৰ আদিম জনজাতি কৃষিজীৱি সকলৰ কৃষিভিত্তিত পৰৱসমূহৰ ভিতৰত টুসু পৰৱ হৈছে অন্যতম । আঘোণ মাহৰ সংক্রান্তি দিনা টুসু থাপনা কৰা হয় । অন্যান্য আদিবাসী জনজাতি সকলৰ লগতে কুড়মি জনজাতিৰ মাজতো এই পৰৱ অতি উলহ মালহৰে অনুষ্ঠিত কৰা হয় । ধাননি পথাৰত কৃষকে ধান কঢ়িওৱাৰ পিছত যিবিলাক ধানৰ থোক পথাৰত পৰি থাকে সেইখিনি বুটলিবলৈ গাঁৱৰ কণ কণ সৰু ল’ৰা - ছোৱালীবিলাকে তৎপৰ হৈ পৰে । ধান বুটলি ( লেচেৰি বুটলি ) আনি গাঁওৰ ছোৱালীবিলাকে এঠাইত সংগ্ৰহ কৰি ৰাখে আৰু ইয়াৰ উপৰিও তেওঁলোক একেলগে ঘৰে ঘৰে ধান , চাউল বিচাৰে । সংগ্ৰহ কৰা গোটেই ধানখিনি শুকাই মেলি আধা বিক্ৰি কৰে আৰু বাকীখিনি ধানৰ চাউল খুন্দি পিঠাগুড়ি তৈয়াৰ কৰে । তেওঁলোক কাৰোবাৰ এঘৰত স্থান নির্ণয় কৰি চোতালত বা ঘৰৰ ভিতৰত আঘোণ সংক্রান্তি দিনা টুসু থাপনা কৰাৰ দিন ঠিক কৰে । সেই দিনা ৰাতিপুৱা পাঁচ প্ৰকাৰৰ ফুল চিঙি আনে । শালগছত বন্ধা ফুল বা টুসু ফুলৰ লগত চাৰিবিধ ভিন্ন ৰঙৰ ফুল আনে ৷ শালগছৰ পাতৰ ৩ টা খালাত ( পাতৰ থালৰ দৰে ) তিনিটা লাড়ু , তৈয়াৰ কৰি অকণমান ধানৰ ওপৰত থৈ সাঁউআৰে ( পিঠা বনোৱা এবিধ মাটিৰ পাত্ৰ ) ঢাকি দিয়া হয় । ইয়াকে টুসু থাপনা কৰা বুলি কোৱা হয় । এই টুসুক প্রতি সন্ধ্যাবেলাত চাকি বন্তি ধূপ ধূনাৰে এটিকৈ ফুল দি চুমান কৰা হয় । টুসু থাপনা কৰি গাঁওৰ যুৱতী সকলে একেলগে টুসুগীত গাই । এনেকৈ প্রতি সন্ধ্যাবেলাই এমাহ ধৰি টুসুক একোটা ফুল দি টুসুগীত গাই আনন্দ উপভোগ কৰে । তেওঁলোকে আঠ দিনৰ পিছত আঠকলইআ পাতে আৰু সেইদিনা চিৰণি দিয়াৰ নিয়ম আছে । সাঁউআৰে ঢাকি ৰখাৰ কাৰণ হৈছে সেই কেইদিন ( গোটেই পুহমাহ ) খাপৰা পিঠা ( এবিধ চাউল গুড়িৰে বনোৱা পিঠা ) বনোৱা আৰু খোৱাৰ নিয়ম নিষিদ্ধ । টুসু থাপনা কৰা গীত কুড়মালি ভাষাত - হামৰা জে মাঁই টুসু থাপিঅ অগহঅনঅ সাঁকৰাইতে গঅ , অবঅলা বাছৰেক গবৰ , লগন চাউকে গুড়ি গঅ । আৰুআ চাউৰে থাপিঅ টুসু , গুলাঁচ ফুলে পুজিঅ গঅ বছৰ বছৰ আইহা টুসু এহে কাগালেক ঘাৰে গা ।। পুহ আৰু মাঘ মাহটো কৃষিজীৱি জনজাতিসকলৰ বাবে আজৰি সময় । অসমৰ আদিবাসী চাহ জনজাতিসকলে টুসু পৰৱ অতি উলহ - মালহৰে উদ্যাপন কৰে । টুসু পৰৱ আদিবাসী জনজাতিসকলৰ কৃষিভিত্তি পৰৱ ।
এই পৰৱ বাস্তৱিকতে খেতিৰ লগত ওতঃপ্রোত ভাৱে জড়িত থকাৰ কাৰণে কৃষিভিত্তিক পৰৱ বুলি কোৱা হয় । টুসু পৰৱক পোষ পৰৱ বুলিও কোৱা হয় । টুসু পৰৱৰ উৎপত্তিঃ – টুসু পৰৱৰ ইতিহাস বিচাৰি বিভিন্নজনে বিভিন্ন মত দর্শাইছে । ৬০ বঙ্কিম চন্দ্ৰ মাহাতোৰ মতে “ যেহেতু পৌষ ম্যাস ব্যাপী পাত্রভর্ত্তি তুষকে টুসুৰ প্ৰতিমূৰ্ত্তি হিসেবে পূজা কৰা হয় , সুৰাং তুষ থেকেই ‘ টুসু ’ শব্দেৰ আগমন , তা বলা যায় । ” গৱেষক দীনেন্দ্রনাথ সৰকাৰৰ মতে “ পুষ্যা বা তুষ্যা নক্ষত্র থেকে টুসু পূজাৰ উৎপত্তি ” । তেখেতে কৈছে মধ্য প্ৰাচ্যৰ প্ৰজননৰ দেৱী টুষেৰৰ লগত টুসুমনিৰ যোগসূত্ৰৰ কথা উল্লেখ কৰিছে । অনন্ত কেসৰিআৰ মতে টু + সু মিলি টুসু শব্দ গঠন হৈছে । টুসুক লৈ বিভিন্ন পৰিকল্পিত কাল্পনিক উপকথাৰে ভৰপূৰ হৈ আছে । এই পৰিকল্পিত উপকথা কেইটামান উল্লেখ কৰা হ’ল । উপকথা অনুসৰি বঁাঁচী তামাড় ৰাজকন্যা অভ্যস্ত গুণৱতী তথা ৰূপসী আছিল । তাইৰ নামৰ টুসুমণি । এটা সময়ত মোগলৰ হাতত তামাড় ৰজা পৰাজিত হোৱাত টুসুক মোগলৰ ৰজাই বিয়া কৰাব বিছাৰিছিল । টুসুৱে নিজৰ আত্মসন্মান ৰক্ষাৰ্থে সুৱৰ্ণৰেখাত জাপ দি আত্মজাহ দিয়ে । সেয়ে সেই অঞ্চলত টুসু উৎসৱ পালন কৰা হয় । আন এটি উপকথা অনুসৰি মধ্য প্রাচ্যৰ অঞ্চলত এজন মাহাতো জমিদাৰ ঘৰৰ সুন্দৰী কন্যা টুসুৰ ৰূপমুগ্ধ হৈ এজন অকুভূমি জমিদাৰৰ পুত্ৰই তাইক বলপূৰ্ব্বকভাৱে বিয়া কৰাব বিচাৰোতে টুসুৱে মান সন্মান ৰক্ষা কৰি সুৱৰ্ণৰেখা নৈত জাপ দি মৃত্যুক সাৱটি লয় । তেতিয়াৰ পৰা সেই অঞ্চলত টুসু পূজা আৰু সেই স্থানত টুসু বিসর্জন দিয়া হয় । এনেকুৱা কিমান যে টুসুক লৈ উপকথা পৰিকল্পিত ভাৱে ৰচনা কৰা হৈ আছে । কাৰোবাৰ মৃত্যুৰ দিনা নৃত্য - গীত কৰি সুস্বাদু , খাদ্য ভক্ষণ কৰি , ফূৰ্ত্তি , আনন্দ , উল্লাহ কৰা কোনো ধর্মীয় তথা জাতি জনজাতিৰ মাজত দেখিবলৈ পোৱা নাযায় । এই উপকথা সমূহে জাতিগত , ধর্মীয় সংঘৰ্ষ লগোৱাৰহে এক অপপ্ৰচেষ্টা চলোৱা বুলি ক'ব পাৰি । ই কেতিয়াও ভাতৃত্ববোধ গঢ়িবলৈ সহায়ক নহয় । তেনেকুৱা আৰু এটি উপকথা আছে । টুসুমনি কুলন্দাৰ ৰাজ্যৰ ৰজা বীৰবলৰ একমাত্র কন্যা শিখড় ভূমৰ ৰজা ভৰত সিংহৰ দুহিতা সুৰুষমণি লগত ৰুক্মিনী ওৰফে টুসুমণি কুল প্ৰাণৰ সম্বন্ধ আছিল । ভৰত সিংহই টুসুমণিৰ আৰু কৰ্ণদেৱৰ পুত্ৰ সীতাৰামৰ লগত নিজা খৰছত মাঘ বিহুৰ প্ৰথম দিনা বিয়া পাতি দিছিল । বিয়াৰ এবছৰৰ পিছত মকৰ সংক্রান্তি দিনা সীতাৰামৰ মৃত্যু হয় । সতীদাহ প্রথা প্রচলিত থকা হেতুকে সুবৰ্ণৰেখা নদীৰ পাৰত সতীঘাট নামে ঠাইত সীতাৰামৰ চিতাজুইত সোমাই স্বামীৰ লগতে নিজৰ জীৱন ত্যাগ কৰে । সেই দিনৰ পৰা টুসুক মহাসতী ৰূপে মহিলাসকলে আৰাধনা কৰে । এতিয়া কথা হ’ল , টুসু কাৰ কন্যা , কাৰ স্ত্ৰী , অথবা জন্মস্থান ক’ত বা কোন যুগৰ , কোন কোলৰ , কোন কালৰ , আৰ্য নে অনাৰ্য তাৰ কোনো লিখিত প্রমাণ আজিলৈকে কোনেও দিব পৰা নাই । যদি টুসু ৰাজকন্যা বা আর্যকন্যা হয় তেনেহ'লে সর্বজ্ঞাত যে আৰ্যসকল টুসু পূজা নকৰে । এনেকৈ অনাৰ্য সংস্কৃতিক হেয় প্রতিপন্ন কৰাৰ উদ্দেশ্যে এই সকলোবিলাক কাল্পনিক উপকথা সৃষ্টি কৰি অপপ্ৰচাৰ কৰা হৈছে । কাল্পনিক উপকথা সমূহত আদিম জনগোষ্ঠী কৃষিজীৱি সকলৰ মাজত জাতিগত , ধৰ্মীয় আবেগৰ ওপৰত সংঘাত সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছিল । ইতিহাসবিদ সকলৰ মতে আৰ্যসকল ভাৰতলৈ আগমনৰ পূৰ্বৰে পৰা টুসু পৰৱ প্ৰচলিত হৈ আছিল । পৃথিৱীৰ পাঁচটা মানৱ সৃষ্টি সভ্যতা সংস্কৃতিৰ ভাৰতৰ সিন্ধুঘাটি সভ্যতা , হড়প্পা আৰু মহেঞ্জোদাৰো সভ্যতাও এটা । হড়প্পা , মহেঞ্জোদাৰো আৰু সিন্ধুঘাটি সভ্যতাৰ স্বৰ্ণীয়কাল খ্ৰীষ্টপূৰ্ব 5000 ৰ পৰা 3000 বছৰ । এই সভ্যতাৰ ধাৰক বাহক দ্ৰাবিড় আৰু অষ্ট্ৰিক প্ৰজাতিৰ লোকসকল আছিল বুলি প্ৰমাণ পোৱা গৈছে । ভাৰতীয় মূল নিবাসী দ্রাবিড় আৰু অষ্ট্ৰিক সকল কৃষিজীৱি আছিল । তেওঁলোকৰ প্ৰধান শস্য ধান । কৃষিজীৱি হিচাপে তেওঁলোকৰ পূজা - পাৱৰ্ণ সমূহ কৃষিৰ লগত জড়িত । প্রাচীন জনগোষ্ঠীৰ লোকে ছয় ঋতু অনুযায়ী বছৰ গণনা কৰিছিল । এই বিষয়ে আমি কুড়মি , চাওঁতাল , মুণ্ডা , ওৰাং , গোঁড় , ভীল আদি অন্যান্য জনগোষ্ঠীৰ কৰ্ম , সহৰাই , টুসু আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ গীত ও পদ্ধতি ৰ পৰা প্ৰমাণ পোৱা যায় । ধান চপোৱাৰ পিছত এক আনন্দ উৎসৱ হিচাপে টুসু পৰৱ , ধান কই শেষ হোৱাৰ পিছত বীজৰোপন প্রক্রিয়া ৰূপে কৰম পৰৱ আৰু ধান পকাৰ সময়ত গৰুক সেৱা কৰা তথা বাঁদনা বা সঁহৰাই পৰৱ উদ্যাপন কৰা হয় । ইয়াৰ পৰা বুজিব পৰা যায় যে টুসুৰ উৎপত্তি আৰ্যসকলে অহাৰ পূৰ্বতে তথা ভাৰতত কৃষিকাৰ্য আৰম্ভণী সময়ৰ পৰা এই পৰৱ কৃষিজীৱি সকলে অনুষ্ঠিত কৰিছিল আৰু যিটো আজিও আদিম আদিবাসী কৃষিজীৱি অষ্ট্ৰিক আৰু দ্রাবিড় সকলৰ কিছুমান জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ আছে । যিটো সময়ত ছোটানাগপুৰ অঞ্চলত আৰু অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ মাজত টুসু পৰৱ পালন কৰা হয় । ঠিক একে সময়ত দক্ষিণ ভাৰতত পোঙ্গল উৎসৱ পালন কৰে । সমগ্র অসমত ভোগালী বিহু পালন কৰা হয় । মকৰ সংক্রান্তি দিনা মেজি জ্বলাই আনন্দ উপভোগ কৰা হয় । ভাৰতবৰ্ষৰ আদিম অধিবাসীৰ কৃষিজীৱি সকলৰ পৰৱ সমূহক নাৰীক প্রাধান্য দিয়া হয় । টুসু পৰৱ ছোৱালী বা তিৰোতাৰ সকলৰ উৎসৱ । গাঁৱৰ জীয়াৰী বোৱাৰী সকলে সেই দিনা সমবেত হোৱাৰ সুযোগ লাভ কৰে । আঘোণ মাহৰ সংক্ৰান্তিত টুসু থাপনা কৰা দিনৰ পৰা মকৰ সংক্ৰান্তিৰ টুসু বিদায় বা ভাসানলৈকে মহিলা সকলেই সকলো নিয়ম পদ্ধতি সমাপন কৰে । মহিলা সকলে আঘোণৰ পথাৰত ধান দাই থকা মূহুৰ্ত্তৰ পৰা টুসুগীত সমূহ আওৰাবলৈ আৰম্ভ কৰে । পকা ধানবিলাকৰ একো একোটা থোক ইমানে দীঘল দীঘল হয় আৰু পটানৰ পৰিমাণ কম থাকে তেনে অৱস্থাত কৃষকে ডাঙৰী বান্ধি নিয়াৰ সময়ত ধানবিলাক কম বতাহতো লৰি থাকে । সেয়ে দাউনী বিলাকে গীতৰ মাধ্যমত টুসু বা ধানৰ গুণ গৰিমাৰ প্ৰকাশ কৰিব বিচাৰে ।
( কুড়মালি গীত ) এক সড়অপে দুই সড়অপে , তিন সড়অপে লক চলে , হামৰ টুসু এসনে চলেই ,
বিন বাসাতে গাত হিলে ।। কুড়মালি ভাষাত ধানৰ থুক ( গুটি থকা ) টোক ধানৰ ‘ সিস ’ , ধানত অলপ পৰিমাণত চাউল ( অসম্পূৰ্ণ হোৱা ধান ) থকা অৱস্থাক ‘ মথড়া ’ আৰু পটানক ‘ আগড়া ’ বুলি কয় । ধান চপোৱাৰ পিছৰেপৰা প্রত্যেক সন্ধ্যা ( টুসু থাপনা কৰা পিছৰ দিনৰ পৰা অৰ্থাৎ ১ ম পুহ ) টুচুক কৃষি দেৱী হিচাপে মহিলাসকলে পূজা অৰ্চনা তথা আৰাধনা কৰে । সন্ধ্যা বেলা চাকি বন্তি জ্বলাই ধূপ - ধূনা দেখুৱাই নিজৰ আদিপুৰুষ , কুলদেৱতাৰ লগতে টুসু তথা ধানক আৰাধনা কৰে যাতে তেওঁলোকৰ ঘৰখন ধন , ধানেৰে পৰিপূৰ্ণ হৈ পৰে । ( কুড়মালি গীত ) গাই আউলি বাছুৰ আউলি আউলি ভগবঅতি গউ । দেউআ ভূতাঁই সেঁঝিআ লে গউ , ডিনি ঠাকুৰানি গউ ৷৷ সাঁইঝ লে গা সেঁঝিআ লেগঅ লে গঅ দিআ বাতি গউ । সেঁঝিআ লেইকে ঘাৰ সামালি , ঘাৰেক কুলঅবতি গউ ।। বাঁউআ মহড়ি হেলি টুসু , হেলি গঅ বাঁউআ সুৰি । দেহিনা সুৰি বাথান ভৰি , ঘুৰলি গা নেগেক সাইথে ৷৷ টুসু পৰৱৰ সময়ছোৱাত প্রত্যেক আদিবাসী কৃষিজীৱিসকলে ঘৰত এমুঠি হ’লেও ধান যোগাৰ কৰি লয় আৰু সেই আনন্দত প্ৰত্যেক কৃষিজীৱিলোকে নতুন ধানৰ বিভিন্ন ধৰণৰ খোৱাৰ সামগ্ৰী প্রস্তুত কৰে । পুহ মাহৰ শেষৰ কেইদিন মহিলাসকলে চাউলৰ গুড়ি খুন্দা , চিৰা , মুড়ি , পিঠা বনোৱা আদি কামত ব্যস্ত হৈ পৰে । মহিলাসকলে পৰৱ পিঠা তৈয়াৰ কৰিবলৈ দুদিনৰ আগতে চাউল পানীত তিয়াই থয় । চাউল তিয়া বা ভিজা কাৰ্যসূচীক কুড়মালিত ‘ আঁউড়ি ’ বুলি কোৱা হয় । দ্বিতীয় দিনা গুঁড়ি খুন্দা অর্থাৎ গুঁড়ি কুটা কাৰ্যসূচী আৰম্ভ হয় । ইয়াক কুড়মালিত ‘ চঁাউড়ি ’ বুলি কয় । এই কাৰ্যসূচীত মহিলাসকলক ঘৰৰ অন্যান্য সদস্যও সহায় সহযোগ আগবঢ়ায় যিহেতু পিঠা তৈয়াৰৰ বাবে অধিক গুড়িৰ আৱশ্যক হয় । পিঠা তৈয়াৰ কৰা দিনতে টুসু জাগৰণ কৰা হয় । পিঠা খোৱা দিনটোক ‘ বাঁউৰি ’ বা মকৰ সংক্ৰান্তি বোলে আৰু সেইদিনটোতে টুসুক বিদায় বা ভাসান দিয়া হয় । গোটেই পুহ মাহটো সূর্য মকৰ ক্ৰান্তি ৰেখাত অৱস্থান কৰে । পুহ মাহৰ শেষৰ দিনা মকৰ সংক্রান্তি ৰেখাৰ পৰা উত্তৰায়ণৰ ফালে ধীৰ গতিত অগ্ৰসৰ হয় । সেই কাৰণে উক্ত দিনটোক মকৰ সংক্রান্তি বুলি কোৱা হয় । সূর্য উত্তৰায়ণ অৱস্থাত কৃষিৰ উৰ্বৰাশক্তি বৃদ্ধি হয় আৰু বীজ অঙ্কুৰিত হ’ব ধৰে । সূৰ্য দক্ষিণায়নৰ সময়ত বীজৰ পোখা মেলোতে পলম হয় । মকৰ সংক্রান্তি আগৰ দিনটোত মহিলাসকলে দিনৰ ভাগত টুসু থাপনা কৰা স্থানত একগোট হৈ টুসু জাগৰণৰ বাবে বিভিন্ন সা সামগ্রী , ফুল - ফল আদি গোটাই আৰু তেওঁলোকৰ মাজৰ এগৰাকীক টুসুৰ মাঁক পাতি পূজা অৰ্চনা কৰা হয় । গোটেই নিশা সেমেকা শীতৰ হাড় কঁপোৱা জাৰৰ মাজতো টুসু গীতৰ সুৰত সকলোৱে মতলীয়া হৈ পৰে । টুসু গীত বিলাকত আদিবাসী সমাজ জীৱন হাঁহি কান্দোনৰে ভৰপূৰ , প্ৰকৃতিৰ ৰং ৰহস্য , যৌৱন সুলভ কামনা , বাসনা , প্ৰেমৰ কাকূতি ভাৱ ফুটি উঠে । সামাজিক ৰীতি - নীতি , আচাৰ - ব্যৱহাৰ , মাতৃসুলভ আদি ভাব ফুটি উঠে । পিছদিনা অর্থাৎ মকৰ সংক্রান্তি দিনা বাঁহৰ কাঠি আৰু বিভিন্ন ৰঙৰ ৰঙীন কাগজৰ নিৰ্মিত চৌড়ল ( চউড়ল ) সাজি বা পাল্কী তৈয়াৰ কৰি বহু দুখ মনেৰে টুসুক বিদায় দিয়া হয় । ইয়াৰ আগত টুসুক চৌড়লৰূপত গোটেই গাঁৱত গীত গাই ফুৰা হয় । গাঁৱৰ ওচৰতে থকা নৈ বা পুখুৰীত টুসুক বিদায় দিয়া ( কুড়মালি গীত ) পানিএ হেলিস পানিএ খেলিস , পানিএ আহঅউ কনে জে তৰ । আপন মনে বুঝি দেখা , পানিই আহেইক সসুৰ ঘাৰ ৷৷ আউলা ৰে ঘুৰঘুৰা পকা , দখিন দিগেক বাসাতে । আউলেক ৰে সনাক চউড়ল . টুসু ধনিকে লেগেলাই ।। টুসু লেগবে ভালঅ কৰবে , টুসু ৰাখবে জতঅনাই । হামৰ টুসু সিসু ছেলা , কামেক মৰম জানেনা । কুড়মালিত ‘ টুসু ' শব্দৰ অৰ্থ এনেদৰে দিব পাৰি ‘ টু ’ মানে পৰিপক্ক আৰু ‘ সু ’ মানে স্বামী অর্থাৎ আগন্তুক বছৰত ফচল পোৱাৰ কামনাত পৰিপক্ক ধানক স্বামী গৃহলৈ বিদায় দিয়া । ওপৰত দিয়া গীতটিৰ ব্যাখ্যা এনেদৰে দিব পাৰি । টুসু বা ধানক এগৰাকী জীয়ৰী ছোৱালী লগত তুলনা কৰা হৈছে । টুসুক এমাহ দিন সেৱা শুশ্রূষা কৰি মকৰ সংক্রান্তি দিনা স্বামীৰ গৃহলৈ বংশবৃদ্ধিৰ বাবে বিদায় দিয়া হয় । যিহেতু টুসু বা ধানৰ শহুৰ ঘৰ হৈছে খেতি পথাৰখন । খেতি পথাৰ অথবা পানীতহে ধানৰ বংশবৃদ্ধি ঘটে । মহিলাসকলে অতিকে আদৰৰ এমাহ দিন লালন পালন কৰা প্ৰাণৰ জীয়ৰী স্বৰূপ টুসুক বিদায় বেলিকাত বেজাৰৰ বন্যা বৈ আহে । টুসুক যেন বিদায় নিদি নিজৰ মাজতে গোটেই জীৱনটো সেৱা শুশ্ৰূষা কৰাৰহে ইচ্ছা প্ৰকাশ কৰিছে । কেতিয়াবা আকৌ খুলাঅন্তৰে বিদায় দিবলৈ বিচাৰে । ভঁৰালত থকা সময়লৈকে ধানৰ বংশ বৃদ্ধি নহয় , পোখা নেমেলে পানী তথা খেতি পথাৰত সিঁচাৰ পাছত ধানৰ বংশবৃদ্ধি হয় । পথাৰত ন - ৰুৱা কঠিয়া যাতে প্ৰৱল বানে নামাৰে তাৰ বাবেও প্ৰাৰ্থনা কৰিছে । ( কুড়মালি টুসু গীত ) তকে টুসু পানিক দেবউ নি , হামৰ মনেক আসা মেটেই নি । ৰাখাঁ মাঁই হিআক মাঝে , পুজব গউ বিহান সাঁইঝে দুখিক দুখ বুঝঅনি মাঁই ছাড়ব নি মাঁই জিনগানি । সম্প্রতি টুসু পৰৱ আৰ্যীয়কৰণ হ'ব ধৰিছে । এই পৰৱ কেৱল ৰং ৰহস্য উৎসৱ যেনহে পৰিলক্ষিত হৈছে । টুসু পৰৱৰ নামত মদ্য পান কৰি উচ্ছৃংখল যুৱ সমাজে কিছু কিছু ঠাইত অশ্লীল মন্তব্য আৰু নৃত্য কৰা দেখা যায় । যিটো সামাজিক আৰু সংস্কৃতিক পৰিবেশ বিনষ্ট কৰি সমাজখনকে অধোগতিৰ দিশে আগবাঢ়িছে । সমূহীয়া টুসু পৰৱ বিলাকত প্রায়ে টুসু মূর্তি বা প্রতিমা সাজি লৈ টুসু পূজাৰ প্ৰচলন কৰিব ধৰিছে । যিটো অনাৰ্য সংস্কৃতিৰ সম্পূর্ণ নীতি বিৰোধ । কাৰণ অনাৰ্য সংস্কৃতিত মূর্তি পূজাৰ প্ৰচলন নাই । যিহেতু টুসুক আর্য বৈদিক দেৱীৰূপে মূৰ্তি নিৰ্মাণ কৰি পূজা তথা আৰাধনা কৰা অনাৰ্য সংস্কৃতিৰ একেবাৰে ধর্ম বিৰুদ্ধ কাৰ্য । টুসু কোনো আর্য বৈদিক দেৱী নহয় । হিন্দু ধৰ্মৰ কোনো ধর্ম শাস্ত্ৰ , বেদ উপনিষদ আৰু পুৰাণত টুসুৰ বিষয়ে উল্লেখ নাই । টুসু কোনো ৰাজকন্যা বা কাৰোবাৰ ঘৰৰ জীয়ৰী নহয় । আজিলৈকে ইয়াৰ কোনো প্রমাণ পোৱা নাযায় । টুসু আদিবাসী কৃষিজীৱি লোকসকলৰ আৰাধ্য দেৱী । টুসু পৰৱ পৰম্পৰাগত ভাৱে প্ৰচলিত এক কৃষিভিত্তিক উৎসৱ । আদিবাসী সকল প্রকৃতি পূজক । আদিম কালৰ পৰা তেওঁলোকে প্ৰকৃতিৰ বিভিন্ন ৰূপ , গছ - গছনি , মাটি , নদ - নদী , পাহাড় - পর্বত , পশু পক্ষী , শস্য , সূৰ্য আদিৰ মহত্ব উপলব্ধি কৰি আহিছে । এইবিলাক সম্পূর্ণ প্রাণীজগতৰ জীৱন আৰু শক্তিৰ মূল আধাৰ । সেয়ে এইবোৰক পূজা উপাসনা কৰা হয় । অৱশেষত আদিবাসী কৃষিজীৱি সকলৰ পৰম্পৰাগত ভাৱে প্ৰচলিত টুসু পৰৱ সামূহিক ভাৱে উদ্যাপন কৰোঁতে যাতে কোনো ধৰণৰ সামাজিক পৰিবেশ বিনষ্ট হ’ব পৰা কাৰ্য সংঘটিত নকৰিবলৈ আৰু টুসুৰ নামত কাল্পনিক প্রতিমা সৃষ্টি কৰি অজস্র ধন অপচয় কৰাতকৈ টুসুৰ চউড়ল সাজি অনাৰ্য সংস্কৃতি সংৰক্ষণ কৰিব বুলি আশা ৰাখিলো ।