গৰইয়া পূজা আৰু কুড়মালি লোক সংস্কৃতি Garoiya Puja & Kudmali folk Culture

সঁহৰাই পৰৱ  বাস্তৱতে কোনো এটা নিৰ্দিষ্ট বিষয় লৈ অনুষ্ঠানটো উদযাপন কৰা হয়। এই পৰৱ হৈছে গৰুক সেৱা শুশ্ৰূষা কৰাৰ উপৰিও ঘৰ চোতাল পৰিস্কাৰ কৰণ, ঘৰৰ আচবাব, ৰন্ধন কাৰ্যত ব্যৱহৃত সামগ্ৰী চুলহা ( চৌকা), পিঠা পনা পাত্ৰ , মাটিৰ পাত্ৰ, ঝাড়ু (বাঢ়নী) ইত্যাদি নিজ নিজ বাসগৃহতে তৈয়াৰ কৰা ,নতুন বনোৱা খাদ্য, গো-বন্দনা, পাহাড় পূজা, গৰইয়া পূজা, বাঁদনা পৰৱ আদিৰ লগত মিলিত এক ৰূপ। বাঁদনা পৰৱ এই উৎসৱটোৰ এটি বিশেষ অংগ সেয়ে   চহৰাই পৰৱক বাঁদনা পৰৱ বুলিও কোৱা হয়। বাঁদনা পৰৱ নামাকৰণটোৰ ব্যাখ্যা কোনো কোনোৱে "বন্দনা" ৰ পৰা আহিছে বুলি যুক্তি দেখুৱাই ( বন্দনা > বাঁদনা) । যদিও এই পৰৱত গৰুৰ সেৱা শুশ্ৰূষাৰ বিশেষ ভূমিকা গ্ৰহণ কৰে কিন্তু গোহালি ঘৰত গৃহস্থই ঘিউৰে তৈয়াৰী পিঠা আদি অৰ্পণ কৰাৰ সময়ত অন্য এটি দিশৰ পৰিলক্ষিত হয়। এই অনুষ্ঠানত ৰামায়ণ, মহাভাৰত, পুৰাণ আদিত বৰ্ণিত কোনো দেৱ-দেৱীৰ স্মৰণ কৰা নহয়। গোহালিত বিশেষকৈ কুড়মালি সংস্কৃতি মতে বড় পাহাড় , বাঁধন দড়ি, ছাঁদন দড়ি, গৰইয়া , গোসাইৰাঁই , বাঘুত আদি আৰাধ্য দেউতা (দেৱতাক)ক উদ্দেশ্যি পূজা কৰা হয় আৰু পিঠা আদি অৰ্পণ কৰা হয়। এই পৰৱত দেউতা ( দেৱতা)ৰ নামত কুকুৰা বলি দিয়া প্ৰথাও এক পৰম্পৰা গত ভাৱে প্ৰচলিত হৈ আহিছে। সম্প্ৰতি শিক্ষাৰ উন্নতিৰ লগে লগে এই বলি বিধান সমূহ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও গোহালিৰ পূজা বা গৰইয়া পূজা আদি লোক পৰম্পৰা ৰূপে আদিবাসীৰ মাজত প্ৰচলন হৈ আছে। এই কেইটাই হৈছে মূল পূজা বা সম্পূৰ্ণ উৎসৱটিৰ চৰম মূহুৰ্ত। বড়পাহাড়ৰ পূজা বহু পৌৰাণিকতাৰ ইঙ্গিত দিয়ে। যিকিনহওক এই বড়পাহাড় তথা গোহালিত মাটিৰ লদা তৈয়াৰ কৰি তাত গৰইয়া ফুল দি পূজা কৰাটো পাহাড় পূজাৰ প্ৰতীক বুলি ক'লে যথাৰ্থ হয়।আদিম কালত মানুহে পাহাড়ত বসবাস কৰিছিল আৰু সেই পাহাড়ৰ সৰ্ব্বোচ্চ শিখৰত পূজা কৰিছিল। সেয়ে এই ৰীতিটো সম্প্ৰতি জনগোষ্ঠীটোৰ মাজত প্ৰচলিত আছে। এই পাহাড় পূজা হৈছে ইয়াৰ আদিম বাসিন্দাৰ প্ৰমাণ।
      গৰইয়া পূজাত বিশেষকৈ গৰইয়া ফুল, গৰইয়া খুটি, মাটিৰ লদা,চাউলগুড়িৰে বনোৱা পিঠা, ধ্ৰুৱ ঘাঁহ, চিটচিটি,আৰুৱা চাউল, সেন্দুৰ, গাখীৰ আদিৰ প্ৰয়োজন হয়। গোহালি গোবৰ পানীৰে মচি চইক পুৰা ( আলপনা) হয়। নিজা নিজা সংস্কৃতি অনুসৰি পূজাৰ নিয়মভাগ কিছু বেলেগ বেলেগ হয়। কুড়মালি লোকসংস্কৃতি অনুসৰি ঘৰৰ গৃহস্থই এই পূজা কৰে। পূজাথলীত চাউল গুড়িৰে আঁচ টানি নটা ঘৰ বনাই । প্ৰত্যেক ঘৰত সেন্দুৰ ফোঁট দিয়া হয়। নটা ঘৰত ৯ জন আৰাধ্য দেৱতাক স্মৰণ কৰা হয়। কুড়মালি লোক সংস্কৃতিৰ ৯ জন আৰাধ্য দেৱতা হ'ল গৰইয়া,  গোসাইৰাঁই,  বড়পাহাড়,  বুঢ়াবাপ, মাহামাঁই, ছাঁদনদড়ি, বাঁধনদড়ি, বাঘুত আৰু ধৰম। প্ৰত্যেক দেৱতাৰ নামত একোটাকৈ কুকুৰা বলি দিয়া হয়। কুকুৰাৰ ৰংবিলাক কিছু বেলেগ বেলেগ থাকে। কুড়মি জনজাতিৰ মাজত বিশেষভাবে গোষ্ঠীৰ মতে বেলেগ বেলেগ ৩ জন,৫ জন ৭জন আৰাধ্য দেৱতাক স্মৰণ কৰে। তেওঁ লোক সম্পূৰ্ণ কুড়মালি লোকসংস্কৃতিৰ মতে গৰইয়া পূজা কৰে। সম্প্ৰতি তেওঁ লোকৰ মাজতো বলি বিধান প্ৰথা হ্ৰাস পাইছে।
        ছাঁদনদড়ি আৰু বাঁধনদড়ি এই শব্দ দুটাৰ মাজত প্ৰথমটো অৰ্থ হ'ল ছাঁদন দড়ি ( ৰছী) দ্বাৰা পশুধন ধৰাৰ উদ্দেশ্যে  ফান্দ পতা আৰু বাঁধন দড়ি(ৰছী) অৰ্থাৎ এই দড়িৰ দ্বাৰা পশুবোৰক বান্ধি ৰখা হয় । কুড়মালি ভাষাত দড়ি মানে ৰছী বা পঘা । ইয়াত পশুধন বুলিলে গৰু ম'হ আদিকে বুজোৱা হৈছে কাৰণ গৰু ম'হৰ উদ্দেশ্যি এই অনুষ্ঠানটো অনুষ্ঠিত হৈ আহিছে। গৰইয়া শব্দৰ অৰ্থ গো-দেৱী অৰ্থাৎ গোমাতা আৰু গোসাইৰাঁই শব্দটিৰ অৰ্থ গো-দেৱতা অৰ্থাৎ পুলিঙ্গত গোসাইৰাঁই ব্যৱহাৰ হয়। সেই যে গোহালিত গৰইয়া আৰু গোসাইৰাঁইৰ উদ্দেশ্যি নৈবেদ্য অৰ্পণ কৰা হয়। এনেদৰে ব্যাখ্যা কৰিলে  পূজাটোৰ ব্যাখ্যাৰ এটি বিশেষ কাহিনী অনুমান কৰাটো সহজ হ'ব।মানৱ সভ্যতাৰ আৰম্ভণিত যেতিয়া মানুহে প্ৰথম পশুবিলাকক নিজৰ কামৰ সহায়তাৰ বাবে পাহাড়ৰ পৰা ফান্দ পাতি ধৰি তথা ফাঁচ দি ৰছীৰে বান্ধি ঘৰলৈ আনি বশ কৰিলে অৰ্থাৎ ঘৰত এনে পশুবোৰক কোনো গছ বা খুটাত বন্ধা হৈছিল। এই সমস্ত কাৰ্যটিৰ প্ৰতীক স্বৰূপে বাঁদনা পৰৱত সেই আদিম যুগৰ স্মৃতি বহন কৰি আহিছে। এই অনুষ্ঠানটো চহৰাই পৰৱৰ শেষ মুহূৰ্ত্ত তথা শেষৰ দিনা অৰ্থাৎ গৰু খুটা আৰু বুঢ়ী বাঁদনা একপ্ৰকাৰৰ হয়তো এই অনুষ্ঠানটিৰ আনন্দ উল্লাসৰ বাবে মানুহে কেৱল আয়োজন নকৰে। ই হয়তো তেওঁ লোকৰ পশুবিলাকৰ বশ কৰা অৰ্থাৎ বশ্যতা স্বীকাৰ কৰাৰ উদ্দেশ্যে এই কৰ্মটি কৰে।পাহাড় জংঘলৰ পৰা ফাঁচ সাজি দড়ি ( ৰছী)ৰে টানকৈ খুটি বা গছত বান্ধি সিঁহতৰ পশু শক্তিক বশ কৰি নিজৰ কৃষি কাৰ্যৰ বাবে ব্যৱহাৰ কৰিছিল। এই কৰ্মটি হয়তো দলবদ্ধ ভাবে কৰিব লগা হৈছিল। যিটো এজন মানুহৰ বাবে সম্ভৱপৰ নাছিল সেয়ে উক্ত কাৰ্যটি বাঁদনা পৰৱত স্মৰণ কৰি ৰাখিছে।এই চহৰাই পৰৱৰ বাঁদনা তথা বৰদ ভিৰকা ( বলধ গৰু জোকোৱা) ৰূপে প্ৰচলন আছে। সেয়ে এই দিশটো বিচাৰ কৰিলে বাঁদনা শব্দটি বাঁধনাৰ পৰা আহিছে বুলি ক'লে ভুল নহয়।
        সভ্যতাৰ আদিকালত মানুহে কামৰ তাগিদাত অৰ্থাৎ খাদ্য , বাসস্থান আৰু আত্মৰক্ষাৰ বাবে যি কাম কৰিছিল ইয়াৰ প্ৰতীক ৰূপটো কুড়মালি লোকসংস্কৃতিত ধৰি ৰাখিবলৈ সক্ষম হৈছে। এই জনগোষ্ঠীৰ যেতিয়া গৰুৰ কৰ্মৰ পৰা উপকৃত হৈছে আৰু বুজিব পাৰিছে গোদুগ্ধ উত্তম খাদ্য তেতিয়াৰ পৰাই তেওঁ লোক গৰুক দেৱ-দেৱীৰ জ্ঞান কৰি পূজা অৰ্চনা কৰিছে ।বৰ্তমানো দেৱ-দেৱীৰূপে সেৱা শুশ্ৰূষা কৰে। সিঁহত চহৰাই পৰৱত গাই গৰু বিলাকক সেৱা যত্নৰ বাবে বিশেষ গুৰুত্ব দি আহিছে আৰু এই অনুষ্ঠানটো পালন কৰা হয়। 
          গৰুৰ শিঙত মেড়ুইৰ পিন্ধাই সজাই পৰাই সুন্দৰ কৰি তোলা হয়। গৰইয়া পূজা দিনা হাল যুঁৱলী, মৈ, কোৰ ,কুঠাৰ আদি যিমান কৃষিকাৰ্যত ব্যৱহাৰ হোৱা সামগ্ৰী সমূহ ধুই মেলি চাফা কৰা হয়। কৃষিৰ যন্ত্ৰসমূহ এঠাইত গোটাই চইক পুৰা হয় আৰু আৰুৱা চাউলেৰে চুমান কৰা হয়। এনেদৰে সঁহৰাই পৰৱত গৰইয়া পূজাত গো-বন্দনা কৰা হয়।

✍️সুৰেশ কুড়মি - 9957450689
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post