কুড়মালি সাহিত্য সভা , অসমৰ উদ্যোগত আৰু গোলাঘাট জিলা কুড়মালি সাহিত্য সভাৰ সহযোগত ইং ২৩/১/২০২২ তাৰিখে বাদুলিপাৰৰ সমীপৱৰ্তী খুমটাইৰ জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত সভাত কুড়মালি ভাষালৈ অনুবাদ কৰা অসমৰ জাতীয় সংগীতটি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ কুড়মালি সাহিত্য সভাৰ প্ৰধান সম্পাদক সুৰেশ কুড়মীৰ অনুবাদেৰে অম্বিকা কুড়মিয়ে কণ্ঠ নিগৰোৱা কুড়মালি ভাষাৰ এই জাতীয় সংগীতটি উন্মোচন কৰে নাজিৰাৰ বিশিষ্ট শিল্পী তথা ঝুমইৰ গুৰু ভদ্ৰ ৰাজৱাৰে ৷
অনুষ্ঠানতে কুড়মালি সাহিত্য সভা , অসমে প্ৰকাশ কৰি উলিওৱা কুড়মালি ভাষাৰ প্ৰাক-প্ৰাথমিক আৰু প্ৰাৰম্ভিক শিক্ষাৰ পাঁচখন পাঠ্যপুথি উন্মোচন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পৱিত্ৰ বৰবৰাই ৷ কুড়মালি সাহিত্য সভা , অসমৰ সভাপতি লোকনাথ কুড়মিৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সঞ্জয় কুমাৰ তাঁতী ৷ আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়াই সভাৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক আদিত্য ৰঞ্জন কুড়মিয়ে ৷
পুৱাৰ ভাগত সভাৰ পতাকা উত্তোলন কৰে সভাপতি লোকনাথ কুড়মিয়ে , বন্তি প্ৰজলন কৰে নবীন কবি জীৱপ্ৰকাশ কুৰ্মীয়ে ৷
সমবেত সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাত কুড়মালি সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সঞ্জয় কুমাৰ তাঁতী, বিশিষ্ট শিল্পী ভদ্ৰ ৰাজৱাৰ, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালা, মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মি, কুড়মালি ভাষাৰ অসমৰ দ্বিতীয় জন স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা আদিত্য ৰঞ্জন কুড়মি, শিল্পী অম্বিকা কুড়মি লৈ এখনকৈ সম্বৰ্ধনা পত্ৰ,জাপি , গ্ৰন্থৰ টোপোলাৰ সৈতে বিশেষ সম্বৰ্ধনা জনোৱা হয়।
সভাত উপস্থিত থাকে কুড়মালি সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ ক্ৰমে উপ সভাপতি নিৰঞ্জন কুড়মি, কাৰ্যালয় সম্পাদক মদন কুড়মি, প্ৰচাৰ সম্পাদক বীমল কুড়মি, সদস্য বিটুল কুড়মি, তিনিচুকীয়া জিলাৰ সভাপতি প্ৰকাশ কুড়মি, ডিব্ৰুগড় জিলাৰ সভাপতি বাবুৰাম কুড়মি, শোণিতপুৰ জিলাৰ উপ সভাপতি নবীন কুড়মি,সহঃ সম্পাদক ক্ষীতিশ কুড়মি, শিৱসাগৰ জিলাৰ সহঃ সম্পাদক পৰেশ কুড়মি, আদিবাসী ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ উপদেষ্টা বিটুল কুড়মি, জলহা সমাজৰ বিষয়ববীয়া, তাঁতী সমাজৰ বিষয়ববীয়াৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত আছিল।