পূৰ্ব মধ্য ভাৰতৰ দ্ৰাবিড়ীয় আৰু অষ্ট্ৰিক গোষ্ঠীৰ বংশধৰ অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ কৃষিজীৱি লোকৰ কৃষিভিত্তিক লোক উৎসৱৰ ভিতৰত সহৰাই বা বাঁধনা পৰৱ হৈছে অন্যতম। আদিবাসী কৃষিজীৱি লোক সকল কৃষিৰ ওপৰত নিৰ্ভৰশীল সেয়ে তেওঁ লোকৰ পূজা পাৰ্বণ সমূহ কৃষি সম্বন্ধীয়। ধান হৈছে তেওঁ লোকৰ প্ৰধান শস্য। হাল বোৱা, ধান সিঁচা, কঠিয়া ৰোপণৰ পৰা আৰম্ভ কৰি ধান দোৱা, ধান কঢ়িওৱা, মৰণা মাৰি ভঁৰালত সোমোৱালৈকে কৃষিজীৱি সকল খেতিৰ কামত ব্যস্ত হৈ পৰে। এই কাৰ্যত সহায়ক ৰূপে গৰু, ম'হ হৈছে প্ৰধান পশুধন। সেয়ে তেওঁ লোকে গৰু ম'হ আদিক পশুধন ৰূপে গো- বন্দনা ,গোপূজা তথা গৰু ম'হ আদিক সেৱা শুশ্ৰূষা কৰি উৎসৱ পালন কৰে।এই গো-বন্দনা তথা সেৱা কৰা উৎসৱটোকে বাঁধনা বা চহৰাই পৰৱ বুলি কোৱা হয়।
🔳বাঁধনা বা সহৰাই পৰৱৰ উৎপত্তি
আদিবাসী লোক সকল হৈছে প্ৰকৃতি পূজক। প্ৰকৃতিৰ গছ গছনি , পাহাৰ পৰ্বত , নদ নদী , পানী, মাটি, সূৰ্য আদিক প্ৰকৃতিৰূপী ভগৱান জ্ঞান ও বিশ্বাস কৰে।প্ৰকৃতিক পূজা কৰে। তেওঁ লোকৰ কৃষিৰ প্ৰধান শস্য হৈছে ধান। ধান খেতিৰ বাবে মাটি চহাবলৈ প্ৰথমতে আদিম মানৱে গছৰ ডাল, পশুৰ হাড় আদিৰে ভূমি কৰ্ষণ কৰিছিল। এই ক্ষেত্ৰত মানুহৰ শাৰীৰিক পৰিশ্ৰম অধিক বেছি হৈছিল তাৰ বাবে তেওঁ লোকে কৃষি কাৰ্যত পশু বিলাকক কামত ব্যৱহাৰ কৰি তেওঁ লোকৰ পৰিশ্ৰম লাঘৱ কৰিছিল। এইটো কোৱা বা অনুমান কৰাটো সহজ কথা কিন্তু বাস্তৱিকতে পশুধনক কৃষি কাৰ্যত ব্যৱহাৰ কৰাটো ইমান সহজ নাছিল। বনৰ পশুক বশ কৰি হাল বোৱা তথা কৃষি কাৰ্যত ব্যৱহাৰ কৰিছিল যিটো এজন মানুহৰ দ্বাৰা সম্ভৱ নাছিল। সম্ভৱতঃ তেওঁ লোকে দলবদ্ধভাৱে গছৰ লতাৰে ফান্দ পাতি বনৰ পশু ( গৰু ম'হ ) বিলাক বান্ধি বশ কৰিছিল। গৰু ম'হ বিলাক গছৰ লতাৰ ৰছীৰে বান্ধি বশ কৰি কৃষি কাৰ্যত লগাইছিল। কুড়মালি লোক সংস্কৃতিত বাঁধনা ( বন্ধা কাৰ্য) বা সহৰাই পৰৱত আজিও খুঁটিত ৰছী পঘাৰে গৰু ম'হ বান্ধি বাঁধনা উৎসৱ পালন কৰে তথা বৰধ ভিৰকা অনুষ্ঠান আয়োজন কৰে অৰ্থাৎ বনৰ পশুবিলাকক কৃষি কাৰ্যত লগোৱা এই ঐতিহাসিক ঘটনাটোকে মানুহে সংস্কৃতিত ধৰি ৰাখিছে।
বাঁধনা বা সহৰাই পৰৱৰ উৎপত্তি সম্বন্ধে কুড়মালি সহৰাই বা বাঁধনা বা অহিৰা গীতবিলাকত পোৱা যায়।এই পৰৱ প্ৰাক বৈদিক যুগ আৰু সিন্ধু সভ্যতা কালৰ আছিল বাবে ইয়াৰ লোক গীতবিলাকত বহুত ঐতিহাসিক নিদৰ্শন পোৱা যায়। এই গীতবিলাকৰ কুড়ুম নদী, কুড়ুম পাহাৰ , হড়দিপি নগৰ, মালস্ক দেশৰ কথা উল্লেখ ও স্মৃতি দেখিবলৈ পোৱা যায়।সহৰাই পৰৱৰ লোকগীতটোত এনেদৰে উল্লেখ আছে-
"অহিৰে কনঅ পাহাড়ে কেৰি কঁচি কঁচি বাঁস অৰে বাবু হউ
কনঅ নগৰেকা ডমিনি,
সৰু সৰু বেতিআঁই সুপ বুনতউ হউ,সেহঅ সুপে গেইআকে চুমাই ।
"অহিৰে কুড়ুম পাহাড়ে কেৰি কঁচি কঁচি বাঁসৰে বাবু হউ
হড়দিপি নগৰেক ডমিনি
সৰু সৰু বেতিআই সুপ বুনতঅ হউ ,সেহঅ সুপে গেইআকে চুমাই"।।
সহৰাই পৰৱৰ ইতিহাস সম্বন্ধে কিছু গৱেষকে মধ্য পূৱ ভাৰতৰ বৃহৎ ছোটানাগপুৰ অঞ্চলত পৰৱটো সৃষ্টি হোৱাৰ মত আগবঢ়াইছে। কিয়নো সেই অঞ্চলত থকা বিভিন্ন ঠাই, নদ নদী আৰু বন জংঘলৰ নাম চহৰাই পৰৱৰ কুড়মালি লোকগীত সমূহত পোৱা যায়। কুড়মালি ভাষাত চাৰি প্ৰকাৰৰ বনৰ নাম- ৰণবন,অৰুণবন, বিজুবন আৰু বাঘাবন আদি চহৰাই গীত সমূহত উল্লেখ পোৱা যায়।
" অহিৰে কাঁহাহি ৰে অহিৰা গেইআ চৰাঅইএ গঅ,
কাঁহাহি তঅ পানিআ পিআই।
কাঁহাহি ৰে অহিৰা গেইআ ৰে গঠাঅএ গঅ,
কাঁহাহি বেসি বাঁসিআ বাজাই।
অহিৰে ৰনেবনে ৰে অহিৰা গেইআ চৰাঅএ গঅ,
মালাদহেঁ পানিআ পিআই।
বউৰা তৰে অহিৰা গেইআ ৰে গঠাঅএ গঅ,
ঢুঁচুই বেসি বাঁসিআ বাজাই"।।
মধ্য পূৱ ভাৰতৰ ছোটানাগপুৰ অঞ্চলত বাঁধনা বা সহৰাই পৰৱৰ উৎপত্তিৰ ধাৰণাটো আমি নূই কৰিব নোৱাৰোঁ। সেই অঞ্চলৰ মানভুম,ধলভুম, সিংভুম,শিখড়ভুম, আৰু বৰাভুমত কুড়মি, ৰাজৱাৰ, গোৱালা, চাওতাল,ওৰাং, মুণ্ডা,পান তাঁতী,ভুমিজ, নাপিত, ডোম, কুমাৰ, কামাৰ, লোহাৰ, হাড়ি, বাউৰী, তেলী আদি এক বৃহৎ জাতি জনজাতিৰ লোকে সহৰাই পৰৱ উদযাপন কৰে।বাঁধনা বা সহৰাই পৰৱৰ গীতসমূহ সৰ্বাধিক কুড়মালি ভাষাত ৰচিত হৈছিল কিন্তু পিছলৈ বৈষ্ণৱ যুগত কিছু পৰিমাণে বাংলা মিশ্ৰিত কুড়মালি ভাষাত ৰচিত হৈছে। কপিলা মঙ্গল আদি গীত মিশ্ৰিত কুড়মালি ভাষাত পোৱা যায়।
🔳বাঁধনা বা সহৰাই পৰৱৰ আৰম্ভণি
কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ এয়োদশী দিনাৰ পৰা অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে সহৰাই পৰৱ অতি ধুমধামেৰে আয়োজন কৰে। এই পৰৱৰ আয়োজন পোন্ধৰ দিনৰ আগৰেই পৰা আদিবাসী কৃষিজীৱিলোকৰ মন আনন্দত মতলীয়া হৈ পৰে। সকলোৱে পৰৱক আদৰণি জনাবলৈ ব্যস্ত হৈ পৰে। কিছুৱে ঘৰৰ বেৰ মুছা ,ৱাল আদি ৰং দিয়া তথা ঘৰৰ চাৰিওফালে চাফ চিকুনতাৰ কাম আৰম্ভ কৰে। সেই কেইদিনমান গৰুৰ বাবে ঘাঁহ কাটে, ঘৰৰ চোতাল আৰু গোহালিখন পৰিস্কাৰ পৰিচ্ছন্ন কৰাৰ ব্যস্ততাত থাকে। কুড়মালি লোকসংস্কৃতিমতে কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ এয়োদশী দিনা গৰু ম'হৰ শিঙত সৰিয়হ তেল দিয়া আৰম্ভ কৰা হয়, চতুৰ্দশী দিনা ঘাউআ পৰৱ, অমাৱস্যা দিনা গাই জাগৰণ, প্ৰতিপদ দিনা গৰইয়া পূজা আৰু শেষৰ দিনা বলধ বন্ধা ও ভিৰকা ( জোকোৱা) অনুষ্ঠান সম্পন্ন কৰা হয়।
🔳তেল দেউআ
কাৰ্তিক কৃষ্ণপক্ষৰ ১৩ দিনৰ দিনা গৃহস্থই গোহালিৰ গৰু বিলাকক শিঙত তেল দিয়াৰ নিয়ম আছে। ইয়াৰ আগতে সন্ধ্যাবেলা গোহালিত গৰু বন্ধাৰ পিছত সংগ্ৰহ কৰি ৰখা ঘাঁহ পাত ,খেৰ আদি দিয়া হয়।পূৰ্বৰ দৰে সহৰাই গীত গাই গাই গৃহস্থই গৰু ম'হ আদিক শিঙত তেল দিয়ে।
🔳ঘাউআ
দ্বিতীয় দিনা হ'ল ঘাউআ পৰৱ । উক্ত দিনা ঘৰৰ চোতালত গোবৰ পানীৰে মুছা হয় ।গৰু ,ম'হ আদিক গা ধুওৱা নিয়ম। প্ৰত্যেকৰে ঘৰত উক্ত দিনা দুৱাৰত ,চৌকটত চাউল গুড়ি, সেন্দুৰ কাজল আদিৰে ফুট দিয়া বা ফুল বচা হয়। ঝাৰখণ্ড, পশ্চিম বংগ আৰু উড়িষ্যাত আদিবাসী জনগোষ্ঠীৰ লোকসকলে বেৰত ফুল ,পশুপক্ষী গছ গছনি,জীৱ জন্তু আদিৰ ছবি আঁকি ৰঙীন কৰি তোলে। যিটো চিত্ৰকলা চাওতাল আৰু কুড়মি সকলৰ মাজত বৃহৎ প্ৰচলন আছে। তেওঁ লোকে হড়প্পা মহেঞ্জোদাৰোত থকা খোদিত ঐতিহাসিক ছবিসমূহ অঁকা দেখা যায়।
🔳অমাৱস্যা
এই দিনটোত গৰুক গা ধুওৱা নিয়ম পুনৰ কৰা হয়। গাঁৱৰ প্ৰত্যেক কৃষিজীৱি লোকে নিজৰ নিজৰ গৰুবিলাক নদী বা পুখুৰীত গা ধুৱাই। গাঁৱৰ এমূৰত "গঠ পূজা" কৰা হয়। চাউল, সেন্দুৰ,ধ্ৰুৱ ঘাঁহ ,ধূপ ধূনাৰে পূজা অৰ্চনা গাঁৱৰ লাইআ বা পাহানে কৰে।এই পূজা গৰু ম'হ আদিৰ কোনো ধৰণৰ ৰোগ নহ'বৰ বাবে কৰা হয় বুলি এক লোক বিশ্বাস আছে। পূজাৰ শেষত গঠটোৰ কাষত এটা কুকুৰা কণী থৈ তাৰ উপৰেদি গৃহস্থই গাঁৱৰ গৰুবোৰ একেলগে পাৰ কৰে।যিটো গৰুৱে ঠেঙেৰে কুকুৰা কণীটো গচকিব তথা ভাঙিব সেই গৰুটোক কুড়মালি ভাষাত "মিৰ ডাঁগৰ" অৰ্থাৎ শ্ৰেষ্ঠ গৰু হিচাপে অভিহিত কৰা হয়। শ্ৰেষ্ঠ গৰুৰ মালিকক "মিৰ চাসি"( শ্ৰেষ্ঠ কৃষক ) বুলি ধৰা হয়। সেই দিনা সন্ধিয়া মিৰ চাসি ঘৰৰ পৰা প্ৰথমে ধিঁগুআনি ( সহৰাই গীত গোৱা দল) সকলে সহৰাই গীত আৰম্ভণি কৰে। ঘৰে ঘৰে ধিঁগুআনি সকলে অহিৰা বা সহৰাই গীত গাই গাই নিশাটো গৃহস্থক জাগি থাকিবলৈ আৰু গোটেই নিশা গৰু ম'হ আদিক সেৱা শুশ্ৰূষা কৰিবলৈ গীতৰ দ্বাৰা আহ্বান জনায়।
"অহিৰে খজ খজইতে আউলঁঅ পুছঅ পুছঅতে বাবু হউ,
অহিৰাকৰ ঘাৰ কতি ধুৰ হউ।
অহিৰাকা ঘাৰে ভালা তুলসিকা পিঢ়া হউ,
উপৰে তঅ ঘুৰেই ৰাজা হাঁসাৰে।
অহিৰে জাগঅ মাই লছমি জাগঅ মাই ভগঅবতি ,
জাগঅ তঅ গহালিকা গাই।
আগু জাগাউঅব অহিৰা গাঁউএক গৰাম হউ,
তবে জাগাউব সিৰিগাই।
জাগেকা পতিফল পাউবে গঅ অহিৰা, পাঁচ পুতা দস ধেনু গাই"।। উক্ত দিনা সন্ধিয়া চাকি বন্তি জ্বলাই উজ্বলাই তোলা হয়। গোহালিৰ বন্তি গছি গোটেই নিশা জ্বলাই থোৱাৰ নিয়ম আছে। গৃহস্থই নিশাটো গৰুবিলাকক ঘাঁহ আদি দি থকা হয়।
🔳গৰইয়া
অমাৱস্যাৰ পিছৰ দিনা গৃহস্থই গোহালিত গৰইয়া পূজা কৰে। সদ্যহতে কুড়মি জনজাতিৰ লোকে গৰইয়া পূজা কুড়মালি লোক সংস্কৃতিৰ অনুসৰি সম্পন্ন কৰে। তেওঁ লোকে গৰইয়া পূজাত গৰইয়া দেৱী বা গায় গৰু , গোসাঁইৰাই বা বলদ , ছাঁদনদড়ি, বাঁধনদড়ি, বড়পাহাড় আৰু বাঘুত আদি আৰাধ্য দেৱতাক পূজা কৰা হয়। কুকুৰা বলি বিধানৰো প্ৰচলন দেখা যায়। উক্ত দিনা কৃষি কাৰ্যত ব্যৱহাৰ হোৱা নাঙল, যুঁৱলী ,কোৰ ,দা, কুঠাৰ আদি ধুই মেলি তুলসী থান বা চোতালত এঠাইত ৰাখি আলপনা দিয়ে আৰু ধুপ ধূনা জ্বলাই চুমান কৰা হয়। ঘৰৰ দুৱাৰৰ পৰা তুলসী পিঢ়া, তুলসী পিঢ়াৰ পৰা গোহালি আৰু গোহালিৰ পৰা নঙলালৈকে চইকপুৰা ( আলপনা) দিয়া হয়। সেইদিনা গায় গৰুক চুমান কৰা হয়। শ্ৰীগাই ( গায় গৰুৰ ভিতৰত বয়স্ক) আৰু শ্ৰীবৰধ ( বলদ গৰুৰ ভিতৰত বয়স্ক ) ক বিশেষকৈ চুমান কৰা হয় আৰু বলদ হালৰ শিঙত মেড়ুইৰ বন্ধা হয়। বিভিন্ন জাতি জনজাতিৰ লোকে নিজস্ব নিয়ম পদ্ধতিৰে গৰইয়া পূজা কৰে।
🔳বৰধ ভিৰকা
সহৰাই পৰৱৰ শেষৰ দিনা বৰদ ভিৰকা অনুষ্ঠান কৰা হয়। ঘৰৰ হালোৱা গৰু এটাক মুকলি স্থানত খুটাত বান্ধি চামৰা এডোখৰে বলধটোক ভিৰকা ( জোকোৱা) হয়। ই কুড়মালি সংস্কৃতিত বহু পুৰণি কালৰে পৰা প্ৰচলিত হৈ আহিছে বুলি বিভিন্ন গৱেষকে মতামত আগবঢ়াইছে। অসমতো কিছু কিছু ঠাইত এই অনুষ্ঠানটো আয়োজন কৰা দেখা যায়।
✍️সুৰেশ কুড়মি
9957450689