ভাৰতবৰ্ষ, অসম গৌৰৱ পিংকী কৰ্মকাৰেও সন্মান সহ মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ চৰকাৰে ব্যৱস্হা কৰিব লাগে -নবীন কুৰ্মি

এই কেইদিন বিভিন্ন সংবাদ মাধ্যমত বৰবৰুৱা চাহ বাগিচাৰ হাড়ে হিমজুৱে অসমীয়া শিক্ষিতা যুৱতী পিংকী কৰ্মকাৰে ২০১২ চনত লণ্ডন অলিম্পিকত ভাৰতৰ হৈ ইউনিচেফৰ তৰফৰ পৰা ইউনিচেফৰ স্পৰ্টছ ফৰ ডেভেলপমেন্ট (unicef sports for development) প্ৰকল্পৰ জৰিয়তে নিৰ্বাচিত ২০ দেশখনৰ অন্যতম এগৰাকী অংশগ্ৰহণকাৰী আছিল।এতিয়াৰ শিক্ষিতা যুৱতী গৰাকী তেতিয়া দশম শ্ৰেণীত পঢ়ি আছিল।

এতিয়া আহো ভাৰতবৰ্ষ, অসম গৌৰৱ পিংকী কৰ্মকাৰ কি বিশেষ অৰ্হতাৰ বাবে লণ্ডন অলিম্পিকত শিখা দৌৰত ভাগ লবলৈ সুযোগ পাইছিল??? নে চাহ  জনগোষ্ঠীৰ হোৱাৰ বাবেহে সুযোগ পাইছিল???

বিভিন্ন সংবাদ মাধ্যমত বহুল ভাৱে পিংকী কৰ্মকাৰৰ বিষয়ে প্ৰচাৰিত হোৱাত সামাজিক মাধ্যমত বহুতে প্ৰশ্নৰ অৱতাৰণা কৰি মতামত ব্যক্ত কৰা পৰিলক্ষিত হৈছে। যদি ক্ৰীড়া বিদ হিচাপে যোৱা নাছিল, তেন্তে কিয় ভাগ লবলৈ পাইছিল???

২০১২ বৰ্ষত পিংকী কৰ্মকাৰ দশম শ্ৰেণীত পঢ়িছিল, লণ্ডন অলিম্পিকত শিখা দৌৰত ভাগ লবলৈ যোৱাৰ আগৰেপৰাই  নিজে পঢ়াৰ উপৰিও সেই অঞ্চলৰ চাহ বাগিচা অঞ্চলত  একল বিদ্যালয়ৰ জৰিয়তে শিশু কিশোৰ কিশোৰী সকলক পঢ়াইছিল। আধাতে বিদ্যালয় এৰা শিশু সকলক পঢ়াইছিল। সেই গতিকে ইউনিচেফৰ উক্ত প্ৰকল্পৰ অধীনত ২০১২ লণ্ডন অলিম্পিকত শিক্ষা দৌৰত ভাৰতবৰ্ষৰ নেতৃত্ব বহন কৰিছিল, সেই অলিম্পিকত ভাগ লোৱা খেলুৱৈৰ লগত।

অভাৱ অনাটনৰ বাবেই আধাতে শিক্ষাজীৱন সামৰা শিশু সকলক লৈ সপোন দেখা যুৱতী গৰাকী এটা সময়ত নিজৰ শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিলে। লণ্ডন অলিম্পিকত শিখা দৌৰত ভাগ লোৱাৰ পাছত পিংকী কৰ্মকাৰৰ বিষয়ে বিভিন্ন বাতৰি কাকতত পঢ়িব পাইছিলো। জনপ্ৰিয় শিশু আলোচনী মৌচাকৰ বেটুপাতত স্হান লাভ কৰিছিল। সেই সময়ৰ চৰকাৰে চাকৰি দিয়াৰ কথাও কৈছিল, কিন্তু কাৰ্যক্ষেত্ৰত দৈনিক মজুৰিত খোদ বাগানত কাম কৰি জীৱন নিৰ্বাহ কৰিব লগাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে। লগতে ইউনিচেফে লণ্ডন অলিম্পিকত শিখা দৌৰত ভাগ লোৱাৰ মাননিও আজি পৰ্যন্ত নিদিয়াৰ গুৰুতৰ অভিযোগ উঠিছে। আন্তঃৰাষ্টীয় সংস্হা টোৱেও চূড়ান্ত প্ৰতাৰণা কৰিছে।

ভাৰতবৰ্ষ, অসম গৌৰৱ পিংকী কৰ্মকাৰেও সন্মান সহ মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ চৰকাৰে ব্যৱস্হা কৰিব লাগে।

✍️নবীন কুৰ্মি, সাপেখাতী, চৰাইদেউ।


Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post