কুড়মালি সাহিত্য সভা, অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অনলাইন গুগুল মিটৰ মাধ্যমত অনুষ্ঠিত হোৱা কুড়মালি ভাষা লোকসাহিত্য সমূহ সংৰক্ষণ কৰিবলৈ অনুষ্ঠিত কৰা "ৰিমি ঝিমি" ধাৰাবাহিক কুড়মালি লোকগীতৰ অনুষ্ঠান এটি যোৱা ইং ১ আগষ্ট ২০২১ তাৰিখে সন্ধিয়া ৭ বজাৰ পৰা ১০ বজালৈকে অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিৰ আঁত ধৰে অসম কুড়মালি সাহিত্য সভাৰ প্ৰধান সম্পাদক সুৰেশ কুড়মিয়ে। তেখেতে কয় অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত কুড়মালি ভাষাৰ লোকগীত সমূহ সংৰক্ষণ কৰিবলৈ গীতসমূহ লিখিত ৰূপ দিব লাগিব। ক'ৰণা মহামাৰীৰ লকডাউনৰ সময়ত অনলাইনৰ মাধ্যমত কুড়মালি লোকগীত (চহৰাই গীত,জাৱা গীত , কৰম গীত, ঝুমইৰ গীত ,টুচু গীত, বিয়া গীত, বাৰ মাহৰ গীত, ঘেৰা বা ঢপ গীত, উধওৱা গীত, টাঁইড় বা গৰখীয়া গীত, ধান ৰ'পা গীত, ধান কটা গীত, খেল-ধেমালি গীত, নিচুকনী গীত আদি ) ধাৰাবাহিকভাৱে পৰিবেশন তথা প্ৰচাৰ কৰিবলৈ এই "ৰিমি ঝিমি" কুড়মালি লোকগীতৰ সাংস্কৃতিক অনুষ্ঠানটো আয়োজন কৰা হৈছে। অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা যোগদান কৰা শিল্পী সকল যথাক্ৰমে অম্বিকা কুড়মি , হিমাশ্ৰী মাহাতো, সোণমণি নায়ক, ভগীৰথ কুড়মি, বাসন্তী গড় কুড়মি, নন্দিনী মৰাণ, প্ৰিয়দৰ্শিনী কৈৰী, মিতালী কুড়মি , মুনিন কৈৰী, মুনী কুড়মি, বিপুল কুড়মি, ৰাহুল কুমাৰ আদিয়ে অংশগ্ৰহণ কৰি কুড়মালী লোকগীত পৰিৱেশন কৰে।
সাংস্কৃতিক অনুষ্ঠানটিত সমল ব্যক্তি হিচাবে উপস্থিত থাকি বিশিষ্ট ঝুমইৰ গুৰু ভদ্ৰ ৰাজৱাৰে কয় যে অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত বিভিন্ন পূজা পাৰ্বণ, বিয়া বাৰু আদিত সৰ্বাধিক কুড়মালি গীতৰ প্ৰচলন দেখা যায়। কৰম পৰৱৰ গীত ,চহৰাই পৰৱৰ গীত, টুচু পৰৱৰ গীত, বিয়া গীত আদি কুড়মালি লোকগীত সমূহ কুড়মি, ৰাজৱাৰ ,পান, তাঁতী, কুমাৰ, গোৱালা, কামহাৰ বা লোহাৰ, কৈৰী,বেদীয়া, ঘাটোৱাৰ, তেলী, নায়ক,মুচি, ডম, ঘাঁচি আদি বিভিন্ন জাতি জনজাতিৰ মাজত পৌৰাণিক দিনৰ পৰাই প্ৰচলিত হৈ আহিছে। বৰ্তমান কিছুমান নবীন শিল্পীয়ে মিশ্ৰিত ৰূপত আৰু অশ্লীল শব্দ প্ৰয়োগ কৰি এই গীতসমূহৰ প্ৰকৃত সুৰ-তাল-মাত্ৰা আদি বিকৃত কৰিবলৈ চেষ্টা কৰিছে, যিটো অত্যন্ত দুখজনক কথা।
বিশিষ্ট সাহিত্যিক,গৱেষক সঞ্জয় কুমাৰ তাঁতীয়ে কুড়মালি ভাষাৰ ইতিহাস সম্বন্ধে মন্তব্যত কয় যে কুড়মালি ভাষাটো এক অতি পুৰণি ভাষা। সময়ত মধ্যভাৰতৰ বৃহৎ ছোটানাগপুৰ অঞ্চলত বিভিন্ন আদিম জাতি জনজাতিৰ সাংস্কৃতিক চৰ্চা আৰু বিনিময় মাধ্যমৰ সংযোগী ভাষা হিচাপে আছিল। বৰ্তমানো সেই অঞ্চলৰ পৰা অসমলৈ অহা বিভিন্ন জাতিগোষ্ঠীৰ বৃহৎ সংখ্যক লোকৰ মাজত কুড়মালি ভাষাটো প্ৰচলিত হৈ আছে।অসমত কিছু মিশ্ৰিত ৰূপত কুড়মালি ভাষাটো প্ৰচলিত হৈ আছে, যদিও তেওঁলোকৰ পৰম্পৰাগত লোকগীত সমূহ বৰ্তমানো বৰ্তি আছে। সেয়ে এই সমূহক সংৰক্ষণ আৰু চৰ্চা কৰিবলৈ তেখেতে কুড়মালি সাহিত্য সভাক আহ্বান জনায়। এই লোকগীত সমূহৰ বিষয়বস্তু, সুৰ-তাল-মানৰ ওপৰতো এক বস্তুনিষ্ঠ গৱেষণাৰো তেখেতে পোষকতা কৰে। আনহাতে এই লোকগীত সমূহক অসমৰ মানুহৰ মাজত প্ৰচাৰ আৰু বিনিময় হোৱাৰো প্ৰয়োজন বুলি তেখেতে তেখেতৰ মন্তব্যত প্ৰকাশ কৰে।
কুড়মালি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক জীৱন জ্যোতি কুড়মিয়ে কুড়মালি লোকগীতৰ বিশেষ কৰ্মশালা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।
সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ স্বনামধন্য শিল্পী মকৰ সিং ভুমিজ, সুবীল বাৰ্গ, বিশ্বকৰ্মা কাঁৱাৰ, বাবা কুড়মি আদিয়ে গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানত বিশিষ্ট লেখক-লেখিকা ভাষা সাহিত্যৰ গৱেষণাৰ ছাত্ৰ ছাত্ৰীৰ লগতে সাহিত্য সভাৰ বিষয়ববীয়া উপস্থিত থাকে।কুড়মালি সাহিত্য সভাৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক তিলেশ্বৰ কুড়মিয়ে "ৰিমি ঝিমি" অনুষ্ঠানটোত অংশগ্ৰহণ কৰি গীত পৰিৱেশন কৰা সকলো শিল্পীকে সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।