বিশ্ব আদিবাসী দিৱস উপলক্ষে "শিপাৰ সন্ধান"ৰ উদ্যোগত অসমৰ আদিবাসী-চাহ জনগোষ্ঠীৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত"ৰ সম্পৰ্কে আলোচনা চক্ৰ সম্পন্ন

অসমৰ আদিবাসী চাহ শ্ৰমিক লোকসকলৰ ইতিহাস বিচাৰি "শিপাৰ সন্ধান" মাহেকীয়া পত্ৰিকাৰ উদ্যোগত অনলাইন গুগল মিটৰ মাধ্যমত যোৱা ইং ৯ আগষ্ট ২০২১ তাৰিখে সন্ধিয়া ৭ বজাৰ পৰা ১০ বজালৈকে বিশ্ব আদিবাসী দিৱস (International day of the World's Indigenous peoples) উদযাপন কৰা হয়।এই দিৱসৰ লগত সংগতি ৰাখি  "অসমৰ আদিবাসী/চাহ জনগোষ্ঠীৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত"এটি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়।  "শিপাৰ সন্ধান" মাহেকীয়া পত্ৰিকাৰ মুখ্য সম্পাদক সুৰেশ কুড়মিয়ে আলোচনা সভাখনৰ আঁত ধৰি কয় অসমৰ বৃহৎ আদিবাসী চাহ শ্ৰমিকৰ বিভিন্ন জাতি জনজাতিৰ  ভাষা , সাহিত্য আৰু সংস্কৃতিসমূহ সুৰক্ষিত কৰিব লাগিব। তেওঁ লোকৰ নৃতাত্বিক পৰিচয় বিচাৰি শিপাৰ সন্ধানৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলি মুখ্য সম্পাদক জনে কয় ।
       ঝুমইৰ গুৰু ভদ্ৰ ৰাজৱাৰৰ ঝুমইৰ গীতেৰে আৰম্ভ হোৱা সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থকা বিশিষ্ট সাহিত্যিক, গৱেষক তথা "শিপাৰ সন্ধান" পত্ৰিকাৰ উপদেষ্টা সঞ্জয় কুমাৰ তাঁতীয়ে কয় অসমৰ এই আদিবাসী-চাহ জনগোষ্ঠীৰ লোকসকলৰ পূৰ্বজ সকল মূলত: ভাৰত উপ মহাদেশৰ ইণ্ডিজেনাছ্ (আদিম নিবাসী) জাতিৰ বংশধৰ, আৰু বৰ্তমান প্ৰজন্মৰ লোকসকল অসমৰ স্থায়ী বাসিন্দা। এওঁলোক পৌৰাণিক সময়ৰ হৰপ্পা সভ্যতাৰ পৰা আৰম্ভ কৰি ছোটনাগপুৰ মালভূমিৰ "হড়-মিতান সামাজিক সভ্যতা" লৈকে ভাৰত উপমহাদেশৰ ভূমিতেই থকাৰ পাচত সাম্প্ৰতিক সময়ত এইসকল লোকৰ স্থায়ী বসবাস অসম নামৰ ভূ-খণ্ডত। ঐতিহাসিক ভাৱেই এওঁলোক ভাৰত উপমহাদেশৰ বাহিৰৰ পৰা অহা লোক নহয়। সেয়েহে এই লোকসকল এইখন দেশৰ ইণ্ডিজেনাছ্ তথা আদিম নিবাসী আৰু খিলঞ্জীয়া লোক। এতিয়াও এই লোকসকলৰ  মাজত নিজস্ব নৃ-তাত্ত্বিক সামাজিক ব্যৱস্থা, পৌৰাণিক ভাষা-সংস্কৃতিৰ সম্ভাৰ অক্ষুণ্ণ ৰখাৰ লগতে অসমৰ ভাষা-সংস্কৃতি গ্ৰহন কৰাৰ লগতে নিজৰ পৰিচয় বৰ্তাই ৰাখিছে ; আৰু বৃহত্তৰ অসমীয়া জাতিকেই মহীয়ান কৰি তুলিছে। ১৯৯৪ চনতে ৰাষ্ট্ৰসংঘই গ্ৰহন কৰা প্ৰস্তাৱ মৰ্মে এই লোকসকল ইণ্ডিজেনাছ্ তথা ভাৰতৰ আদিম নিবাসীৰ বংশধৰ আৰু সেই অৰ্থতেই অসমতো এওঁলোক খিলঞ্জীয়া জাতিগোষ্ঠীৰ লোক। এনে চিন্তা-চৰ্চাৰ মাজেৰেই এই লোকসকল তথা অসমৰ ভৱিষ্যত নিৰ্ভৰ কৰে।
        আদিবাসী সুৰক্ষা সমিতি,অসম কেন্দ্ৰীয় সমিতিৰ সভাপতি বলদেৱ তেলীয়ে কয় আদিবাসী চাহ শ্ৰমিক লোকসকল ৰাজনৈতিক,অৰ্থনৈতিক সকলো ফালৰ পৰা শোষিত হৈ আছে। সকলো ৰাজনৈতিক দলে তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে। জনগোষ্ঠীটোৰ প্ৰতিনিধিত্ব কৰা দলৰ নেতা সকলো জয়ী হোৱাৰ পিছত নিচুপ হৈ থাকে।
     অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী মনোমতি কুৰ্মীয়ে  বৃহৎ জনগোষ্ঠীটোৰ হড়মিতান সকল ভৱিষ্যতে একত্ৰিত হোৱাৰ কামনা কৰে।
     আদিবাসী সাহিত্য সভা,অসম কেন্দ্ৰীয় সমিতিৰ সভাপতি উলফ্ৰেড তপ্নয়ে আদিবাসী মূলৰ ভাষাসমূহক সম মৰ্যদা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় লগতে জনগোষ্ঠীটোৰ মাতৃভাষা আৰু সংস্কৃতিসমূহ সুৰক্ষিত হ'লে সম্প্ৰদায়বোৰৰ অস্তিত্ব ৰক্ষা হ'ব বুলি মতপোষণ কৰে।
   সভাত কবি, লেখিকা ক্ৰমে ৰেণু গোৱালা, মীনাক্ষী কুৰ্মী, ৰীতা গোৱালা আৰু কুড়মালী সাহিত্য সভাৰ প্ৰতিস্থাপক প্ৰধান সম্পাদক জীৱন কুড়মি আদিয়ে নিজা নিজা মতামত আগবঢ়ায় আৰু জলহা ছাত্ৰ পৰিষদৰ জিটু আহমেদ, আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বজিৎ চাওৰা , চাহ জনজাতি ছাত্ৰ সন্থাৰ নবীন কুৰ্মী , যুৱ লেখক ৰিংকু ৰাজৱাৰ, জিন্টু কুড়মিৰ লগতে ভালেকেইজন কবি,লেখক লেখিকা, শিল্পী, সমাজকৰ্মী সভাত দৰ্শক হিচাপে উপস্থিত থাকে।
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post