চাহ বাগিচা অঞ্চলত নির্মাণ হৈ থকা আর্দশ হাইস্কুল সমূহ চাহ জনগােষ্ঠী স্বনামধন্য ব্যক্তিৰ নামেৰে নামকৰণ কৰা হওক-নবীন নাগ

প্রথম বাৰৰ বাবে অসম চৰকাৰে চাহ বাগিচা অঞ্চলত শিক্ষাৰ প্ৰসাৰ বৃদ্ধি কৰাৰ মানসেৰে অসমৰ চাহ বাগিচা সমূহত 119 খন আর্দশ হাইস্কুল স্থাপন কৰিবলৈ আগবাঢ়িছে । এই বিদ্যালয় সমূহ ভৱিষ্যতে চাহ বাগিচাৰ ছাত্র ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড উন্নয়ন কৰাৰ স্বাৰ্থত যথেষ্ট অৰিহণা আগবঢ়াব । কিয়নাে আমি জানাে চাহ বাগিচা সমূহত মাত্র এখনকৈ প্রাথমিক বিদ্যালয় আছে যি সমূহ বিদ্যালয় চাহ বাগিচাৰ মালিক বা কোম্পানীয়ে পৰিচালনা কৰে । সেই প্রাথমিক বিদ্যালয়ৰ শিক্ষক সকল বাগিচাৰ দিন হাজিৰাতে শিক্ষকতা কৰে, নাই কোনাে ধৰণৰ প্ৰশিক্ষণ । যদিও বর্তমান বহু কেইখন বাগিচাৰ প্ৰাথমিক বিদ্যালয় চৰকাৰী কৰন হৈছে আৰু বহু বাকী আছে । বাগিচা অঞ্চলত প্রাথমিক বিদ্যালয়ৰ বাহিৰে নাই কোনাে ধৰণৰ মধ্য ইংৰাজী বিদ্যালয় , উচ্চ ইংৰাজী বিদ্যালয় যাৰ ফলস্বৰূপে চাহ বাগিচাৰ বহু ছাত্র ছাত্রীয়ে শিক্ষা অনুষ্ঠানৰ অভাৱত প্রাথমিক শিক্ষা গ্রহণ কৰিয়ে নিজৰ শিক্ষা জীৱন সামৰিব লগীয়া হৈছিল । কিন্তু বহু ছাত্র ছাত্ৰীয়ে নিজৰ শিক্ষাৰ প্ৰতি থকা প্ৰৱল ধাউতিৰ বাবে বাগিছাৰ বাহিৰত বিভিন্ন শিক্ষা অনুষ্ঠানত উচ্চ শিক্ষা গ্ৰহণ কৰি নিজকে এজন ভাল ব্যক্তি হিচাপে সমাজত পৰিচয় দিবলৈ সক্ষম হৈছে । অসম চৰকাৰে বিবেচনা কৰিলে যে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে প্রাথমিক শিক্ষা গ্রহণ কৰিয়েই নিজৰ শিক্ষা জীৱন সামৰণি নামাৰে সকলাে ছাত্র ছাত্রীয়ে যাতে উচ্চ শিক্ষা গ্রহণ কৰি সমাজত নিজকে প্রতিষ্ঠিত কৰিব পাৰে এই মানসেৰে বৰ্তমানৰ অসমৰ বিজেপি চৰকাৰে কেতিয়াও কোনাে চৰকাৰে ভাবিব নােৱাৰা সিদ্ধান্ত গ্রহণ কৰি অসমৰ চাহ বাগিচা অঞ্চলত 119 খন আর্দশ হাইস্কুলৰ এক উল্লেখযােগ্য সিদ্ধান্ত গ্রহণ কৰি চাহ বাগিচা অঞ্চলত এক আনন্দৰ বার্তা কঢ়িয়াই আনিছে । অসম চৰকাৰৰ এই সিদ্ধান্তক চাহ বাগিচাৰ সকলাে ৰাইজে লগ লৈছে । চৰকাৰে স্থাপন কৰিবলৈ লােৱা বিদ্যালয় সমূহত উচ্চ মানদণ্ডৰ এক শিক্ষা ব্যৱস্থা থাকিব । যদিও পূর্বৰ পৰা অসমৰ এই বৃহত জনগােষ্ঠীৰ চাহ জনগােষ্ঠীৰ সামগ্ৰীক বিকাশৰ স্বাৰ্থত জনগােষ্ঠীটোৰ বহু স্বনামধন্য ব্যক্তি সকলে অহৰহ চেষ্টা কৰি আহিছিল । চাহ জনগােষ্ঠীৰ মাজত সাহিত্য , সংস্কৃতিক , ৰাজনৈতিক , ক্রীড়াবিদ , সু - সমাজ সংগঠক আদিৰ দিশত দিনে-নিশাই কাম কৰি আহি জনগােষ্ঠীটোৰ নতুন প্রজন্মৰ পথ প্রদর্শক হিচাপে আছিল । তেনে ব্যক্তিৰ স্মৃতি যাতে চিৰযুগমীয়া হৈ থাকে তাৰ বাবে বাগিচাৰ আর্দশ হাইস্কুল সমূহ সেই মহান ব্যক্তি সকলৰ নামত নামাকৰণ কৰিব লাগে । লগতে বিদ্যালয় সমূহত সেই মহান ব্যক্তি সকলৰ নীতি আর্দশ যাতে সংৰক্ষিত হৈ থাকে তাৰ বাবে ও যাৱতীয় পদক্ষেপ গ্রহণ কৰাৰ প্ৰয়ােজন বুলি অনুমান কৰিছো । এই ক্ষেত্ৰত অসম চৰকাৰৰ আৰু বৰ্তমান সময়ত শাসক ও বিৰোধী পক্ষত থকা জনগােষ্ঠীটোৰ জনপ্রতিনিধি , সাহিত্যিক , বুদ্ধিজীৱী , সমাজ সংঠগক সকলােয়ে যাতে এই দিশত দৃষ্টি নিৱদ্ধ হৈ কার্যকৰী কৰিব পাৰি তাৰ বাবে প্রয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে । 

লেখক- নবীন নাগ , চাবুৱা
 📠 7002489069
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post