প্ৰায় ছমাহেই হ'ল ঠুংৰু ঘৰৰ বিচনাখনতেই একেবাৰে উঠিব নোৱাৰাকৈ পৰি থকা । উপায়ো নাছিল । হাতত ধন বিত শূণ্য । চৰুত ভাত উতলাৰ দৰে তাৰ শৰীৰত বিষটো বকবককৈ উতলি আছিল । আজি অলপ সকাহ পাইছে যেন লাগিছে । সি চাৰিওফালে চকু ফুৰাই আচৰিত হ'ল । মেডিকেলৰ বিচনাত কেনেকৈ ? এক প্ৰকাৰৰ নিজকে প্ৰশ্ন কৰিলে । ঘৰত সাচতীয়া টকাতো দূৰৰেই কথা । ভাত খাবলৈ এমুঠি চাউলৰ অভাৱ । তেন্তে...
: কাইল বেটা ফাগু আচল । চঙে এক মুঠা টাকা লেই আচিহে । অহে টাকালে গাড়ী একটা ভাড়া কৰে তকে মেডিকেল লেই আচলি । ফাল্তু মানুষকে বাগানে এম্বুলেন্স নাই দিয়ে । নাই হ'লে এখনলে ঘৰেই পচে - গেলে মৰতিলি --- ঘৈণীয়েকে তাৰ আচৰিত হোৱা চকু যুৰি চাই ক'লে ।
: মাত্ৰ এক চপ্তাহ ঘৰে নাই থাকা চকড়াটা কাঁহা পালেক ন অত টাকা ? সি কষ্টৰে ঘৈণীয়েকক সুধিলে ।
: ঐটা হামি কি জানি । কালকাতা জাইছিল বলে জানি --- ঘৈণীয়েকে ক'লে ।
: কালকাতা । কালকাতা কেনে ? -- ঠুংৰুৱে যেন চিঞৰিহে দিব ।
: লাহে লাহে বল ন গৌ । গাতে শক্তিয়েই নাইখ আৰ কেনে চিল্লাতে খুজছি ? কন' মানুষ একটা অদেৰ কে ভাল' কাম দিব বলে লেগেছিল' । হামি ত ঐটাই জানি ।
: ফাগুৰ মা আইজ-কাইল দিন- কাল বহুত বেয়া । চাৰেওদিগে খালী ঠগবাজ । হামাৰা অকড়া । সবাইকে বিশ্বাস কৰি । টুকনেই বাতে ফুচলেই যায় --- বহু কষ্টৰে কথাখিনি কৈ ঠুংৰুৱে চকু পানী টুকিলে ।
ঠিক সেই সময়তে নাৰ্চ- ডাক্তৰ কোঠাটোলৈ সোমাই আহিল । ডাক্তৰে ৰোগীজনক পৰীক্ষা-নিৰীক্ষা কৰি থাকোতে ফাগু সোমাই আহিল । ফাগুৰ পৰিচয়টো জানি ডাক্তৰজনে তাক আঁতৰলৈ মাতি নিলে ক'লে ----
: তোমাৰ দেউতাৰ আগৰ পৰাই এটা কিডনী নাই । এটা কিডনীৰে মানুহ এজন কিমান দিননো জীয়াই থাকিব ? যিটো আছিল সেইটোও বিকল হৈ পৰিল । গতিকে মানুহটোক বাচি থাকিবলৈ কিডনীৰ অতি প্ৰয়োজন । এতিয়া কি কৰিলে ভাল হৈ ভাৱা তোমালোকে --- ডাক্তৰজনে ৰোগীজনৰ ৰিপৰ্ট কাৰ্ডখন চাই চাই ফাগুক ক'লে ।
: ছাৰ এটা কিডনীৰ দাম কিমান হ'ব ? মুখৰ মাত ফুটা- নুফুটাকৈ ফাগুৱে ডাক্তৰজনক সুধিলে ।
: অতি কমেও ৭০/৮০ লাখ টকা । পাৰিবা জানো ?
: ৭০/৮০ লাখ টকা ! --- ফাগুৰ অজানিতে মুখৰ পৰা ডাঙৰকৈ শব্দটো ওলাই আহিল ।
: হয় । কিডনী মানৱ দেহৰ অমূল্য সম্পদ । কিডনী নহ'লে কি হৈ তুমি তোমাৰ দেউতাক নিজ চকুৰে দেখিয়েই আছা দেখুন !
-- প্ৰশ্ন সূচক দৃষ্টিৰে ফাগুলৈ চাই ডাক্তৰজনে ৰিপৰ্টকাডখন নাৰ্চ গৰাকীক দি গুচি গ'ল ।
ফাগুৰ মূৰত যেন কোনোবাই লোৰ হাতুৰীৰে পূৰ্ণহতীয়া কোব এটি দি গ'ল । সি তাৰ তলপেটটো হেপিয়াই চালে । মাত্ৰ ৩ লাখ টকাত । নিজ জীৱনটো ধ্বংসৰ পথলৈ ঠেলি দিলে দেউতাকৰ দৰেই । সি দেউতাকৰ ফালে চাওঁতে ভয়তে কঁপি উঠিল । উ: । সিও তাৰ মানে এই পৃথিৱীত দেউতাকৰ দৰে মাত্ৰ দুদিনৰহে আলহী । কাষতে থকা গছজোপাৰ পৰা দুখিলা পাত সৰি পৰা দেখি দেউতাকৰ আৰু তাৰ জীৱনৰ যৱনিকা পৰিল যেন লাগিল । সি হাত দুখনেৰে মুখখন ঢাকি উচুপি উঠিল । নাই আৰু আমাৰ ভাই- বন্ধুসকলক এনেদৰে তিল তিলকৈ মৃত্যু মুখলৈ ঠেলি দিব নোৱাৰি। । সি প্ৰাণটাকি বাগিচাৰ লাইনৰ ফালে দৌৰ দিলে...
ৰীতা ৰীতা, সুন্দৰ লিখিলা । ভাল লাগিল।লিখি থাকা । ইয়াত কৈয়ো অধিক সুন্দৰ শব্দ শৈলীৰে ।
ReplyDelete