চাহ জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ- জয়ন্ত কুৰ্মী

কৰম উৎসৱ পাৰ্বন হৈছে সংস্কৃতিৰ এৰাব নােৱাৰা সামাজিক অনুষ্ঠান আৰু এই অনুষ্ঠান মুলতঃ সামাজিক লােকাচাৰৰ অন্তর্গত । চাহ জনগােষ্ঠী সমাজৰ সামাজিক উৎসৱ হৈছে কৰ্ম যি আৰ্য্য ভিন্ন - জনগােষ্ঠীৰ প্ৰভাৱত গঢ় লৈ উঠিছে । কৰ্ম কৃষি ভিত্তি উৎসৱ আৰু এই উৎসৱৰ লগত ভালেমান লােক বিশ্বাস সামাজিক লােকাচাৰ জড়িত হৈ আছে । পৃথিৱীৰ বুকুত প্রতিদিনেই পৰিবর্তন ঘটি থাকে । শীত আৰু বসন্ত ঋতুৰ যি পৰিবর্তন সেই পৰিবর্তন প্ৰকৃতিৰ ৰূপত প্রকাশ পায় । এই বিস্ময় পৰিবৰ্তন দেখি আদিম মানুহবোেৰে জীৱন প্ৰৱাস প্ৰকৃতিৰ লগত জড়িত হৈ পৰিছিল । মানুহৰ প্রয়ােজন থাকক বানাথাকক গ্রীষ্ম ঋতুত পানী শুকাই যায় আৰু বর্ষা ঋতুত নদী উফন্দি উঠি বানৰ সৃষ্টি কৰে । শীত কালত গছৰ পাতবােৰ সৰি এক বীভৎস ৰূপ লয় । আৰু বসন্ত ঋতুত গছবােৰ প্ৰাণ পাই ফল ফুলে সুভাশিত হৈ উঠে । গছ - গছনি , নদ নদীবােৰ যেন এক আচাৰ্য যাদুৰ দ্বাৰা নতুন জীৱন পায় তথা মানুহে পূর্ণ জীৱন লাভ নকৰে । প্রকৃতিক নিয়ন্ত্রণ কৰাৰ কোনাে ক্ষমতা নাই মানুহৰ । এনেদৰে দীর্ঘ কাল প্রকৃতিক পৰ্য্যাবেশন কৰি এক সময়ত মানুহে ভাবিলে যে গছমৰি গলেও তাৰ বীজ পৃথিৱীত নতুনকৈ ৰােপন কৰিলে তাৰ পৰা গছ হয় আৰু মৃত মানুহবােৰ পুনৰ শিশু হৈ মাকৰ কোলাত ঘুৰি আহে । এনেদৰে এদিন মানুহৰ বিশ্বাস হ’ল যে প্রকৃতিৰ এই পৰিবর্তন যদি যথাযথ ভাৱে অনুকৰণ কৰা যায় তেনেহলে মানুহেও প্রকৃতিক নিয়ন্ত্রণ কৰিব পাৰিব । প্রকৃতিক জয় কৰিবলৈ হলে প্রকৃতিৰ দেৱতা সকলক সন্তুষ্ট কৰিব লাগিব । এই বিশ্বাস অনুসৰিয়েই প্ৰকৃতিৰ লগত মেঘ , ৰ’দ , বৰষুণক , নিখুত ভাবে অনুকৰণ কৰি প্রত্যাশিত ফল লাভ কৰিব 2/10 শস্য আৰু সন্তান কামনাৰ বাবে প্ৰকৃতিৰ দেৱতাক সঙ ০ কৰাৰ বাবে বিভিন্ন দেশত ভিন্ন পূজা প্রচলিত হৈ আহিছে । গ্রীচ দেশত GARDEN OF ADONIS নামে এক অনুষ্ঠান পালিত হয় । এই অনুষ্ঠানৰ লগত কৰম পূজাৰ সাদৃশ্য দেখা যায় । সাধাৰণতে শাওঁন মাহৰ শেষত আৰু ভাদ মাহৰ মাজভাগত ধান ৰােপনৰ কাম শেষ হয় । এই সময়ছােৱাতেই উপযুক্ত ৰ'দ , বৰষুণৰ প্ৰভাৱত গছ - গছনি বােৰ সজীৱ হৈ উঠে আৰু ঠিক এই সময়তে ভাদৰ মাহৰ শুক্লপক্ষত পর্যাপ্ত ফল লাভৰ বাবে কুমাৰী যুৱতী সকলে “ জাওৱা ” নামৰ এই বর্ণাঢ্য অনুষ্ঠানৰ আয়ােজন কৰে । শুক্ল পক্ষৰ প্ৰথম দিনা কুমাৰী যুৱতী সকলে বাহেৰে নির্মিত চোকাত ( সৰু টুকুৰী ) বালি দি তাত বীজ ( শস্য ) দিয়া হয় । পৰৱৰ প্রথম দিনটোক জাওৱা উঠোৱা ( জাৱা জাগা ) বুলি কোৱা হয় । সেই দিনাখনৰ পৰা পূজা কৰিব বিচৰা যুৱতী সকল উপবাসে থাকে । নদী অথবা পুখুৰীত গা ধুই উঠি , হালধী তেল দি বীজ ( শস্য ) খিনি সানি দিয়া হয় । যেতিয়া ইয়াৰ ৰং হালধীয়া হয় তেতিয়া সৰু টুকুৰীটোত বালি দি তাৰ ওপৰত বীজখিনি ৰখা হয় । ইয়াক জাৱা - জাগা বুলি কোৱা হয় ( জাৱা - অংকুৰ ) বীজখিনি কেইদিন মানৰ পাছত অংকুৰিত বা গজালি মেলাৰ লগে লগে যুৱতী সকলৰ যৌৱন অহা যেন অনুভৱ কৰে । জাৱা ই — দিনা নদী বা পুখুৰীৰ পাৰত থকা জাৱাক কেন্দ্ৰ কৰি হ 3/10 ধৰি নৃত্য কৰে । জাৱা মায় জাৱা কিয়া কিয়া জাৱা জায়লুম ভাইৰে কুৰুথি বেহলা ৰে জাৱা উঠোৱাৰ আগত যুৱতী সকলে জাৱা ডালটোক শ্রদ্ধা ভত্তিৰে সেৱা কৰি ঘৰলৈ আনি চোতালত বনাই থােৱা থাপনাতে ৰূপন কৰি ঠাইখিনি মছি দিয়া হয় । ইয়াৰ পাছত প্রতিদিনে পুৱা ধূপ ধুনা দি গধুলি নৃত্য গীত কৰি জাৱা জাগােৱা হয় । যি সকল কুমাৰী যুৱতীয়ে কৰম পূজাৰ আগভাগ লয় তেওঁলােকক কমতী বুলি কোৱা হয় । কর্মতী সকলে প্রতিদিন পুৱাই জাৱা জগাইহে খােৱা বােৱা কৰিব পাৰে । জাৱা ওঠোৱাৰ সময়ৰ পৰা ( সাতদিন বা পাচদিন ) সমাপন লৈকে তেল জাতীয় খাদ্য , দাইল , দৈ , মুৰি আদি খাদ্য ভােজন নকৰে ৷ কেৱল মাত্র ভাতত পানী দি অথবা ফলমূল খাই থাকে । কাৰণ শাক - পাছলি বা অন্যান্য বস্তুবােৰ খালে টুকুৰিত অংকুৰিত হব ধৰা বীজবােৰত প্ৰভাৱ পৰিব বুলি লােক বিশ্বাস আছে । ইয়াৰ উপৰিও দৈ খালে বােলে বীজবােৰ ভেকুৰিব পাৰে আৰু গৰম বস্তু খালে বীজবােৰ পূৰি যাব পাৰে বুলি ভাবে । নিয়ম মাত্র ভােজন কৰাৰ লগতে গা ধােৱাৰ আগতেও কিছুমান নিয়ম কমতী সকলে জানিব লাগে । যেনেগা ধােৱাৰ সময়ত চুলি সম্পূৰ্ণকৈ মেলি ধূব লাগে । বগা বস্তু পৰিধান কৰিব লাগে কৰমতী সকলে চুলিত বা গাত তেল বা প্রসাধন সামগ্রী লগাব নােৱাৰে । ৰাতি মাটিত কাপােৰ বা বস্তা পাৰি শুব লাগে জাৱাক ধ্যান কৰি শুব লাগে । জাৱা উঠোৱাৰ পাছত প্রতিদিন পুৱাই জাৱা ৰখা ঠাইডােখৰ গােবৰ পানীৰে পৰিস্কাৰকৰি ৰাখি কৰমডাল থকা থাপনাত জাৱা টুকুৰিটো ৰাখি হাতত হাত ধৰি নৃত্য - গীত কৰে । নৃত্য গীত কৰা ঠাই ডােখৰক আৰা বুলি কোৱা হয় । এই নৃত্যৰ মহত্ব আছে কাৰণ কৰমতী সকলে পুৱা যদি নৃত্য গীত নকৰে তেনেহলে একো এটা খাব নােৱাৰে । নৃত্য কৰাৰ সময়ত বিভিন্ন ধৰণৰ গীত পৰিবেশন কৰা হয় । আচলতে নৃত্য গীতৰ মাধ্যমেৰে প্রার্থনা কৰি কম দেৱতাক সন্তুষ্ট কৰা হয় । একাদশীৰ দিনা কুমাৰী যুৱতী সকলে পূজা দিবৰ বাবে হাবিৰ পৰা ফলমূল , ফুল চিঙি আনি তুলসীৰ তলত থৈ গা ধুৱলৈ যায় । আহিবৰ সময়ত ধান গছ এমুঠি লৈ আনি কম ডাল পুতি ৰখা স্থানত ৰাখি ফল ফুল উচগা কৰা হয় । সেই স্থানত কহনী বুঢ়া বা লায়া উপস্থিত থাকি ব্রত উদ্যাপন কৰা সকলােৰে উদ্দেশ্য ব্রত কথাৰ মাধ্যমেৰে কৰম পূজাৰ মহিমাৰ কথা ব্যাখ্যা কৰে । কথা শেষ হােৱাৰ পাছত কুমাৰী যুৱতী সকলৰ লগতে ওচৰ চুবুৰীয়াই নৃত্য গীত কৰি আনন্দ উপভােগ কৰে । পিছৰ দিনা পুৱা কমতী সকলে তেওঁলােকৰ জাৱা ( অংকুৰিত বীজ ) ক কেন্দ্ৰ কৰি নৃত্য গীত কৰে । তেওঁলােকক উৎসাহিত কৰিবৰ বাবে গাঁৱৰ ডেকা - গাভৰু বােৱাৰী সকলােৱেই সহযোেগ কৰে । বেলি ঢলি অহাৰ লগে লগে ওচৰৰ নদী বা পুখুৰীত কৰমডাল বিসর্জন দিয়ে । বর্তমান সময়ত চাহ জনগােষ্ঠী সমাজৰ এক উৎসৱলৈ পৰিণত হৈছে আৰু আজিও ধমু ধামেৰে কৰম পৰৱ আয়ােজন কৰি আহি আছে । ইয়াৰ মাজতে প্রশ্ন হয় যে শস্য আৰু সন্তান কামনাৰ বাবে বৃক্ষ বন্দনাই যেতিয়া মূল কথা তেনেহলে বিশেষ ভাৱে কৰম পূজাৰ বাবে কৰম গছকেই নির্বাচিত কৰা হ'ল কিয় ? বৃক্ষ বন্দনাৰ কাৰণ সম্পকে পণ্ডিত সকলৰ ধাৰণ যে মৃত পূর্বপুৰুষৰ আত্মা গছত আশ্রয় লয় । গছে মানুহক ছাঁ দিয়ে । গছক কেন্দ্ৰ কৰিয়েই গাওঁ এখনৰ দেৱতাৰ স্থান নিৰুপন কৰি পূজা কৰা হয় । আদিম কালৰ পৰাই গছত দেৱতা বা ভূতৰ স্থান বুলি কোৱা হয় । গছৰ ডাল আৰু পাতবােৰক একান্তমনে চালে এক অলৌকিক পৰিবেশৰ সৃষ্টি হয় । ঋতুৰ চক্ৰত পৰি গছবােৰে নিজকে সজায় । গছে মানুহক দৈনন্দিন জীৱনত সহায় কৰে । বিভিন্ন গছৰ বিভিন্ন ৰাজকীয় বৈশিষ্ট বহন কৰি আহিছে । সেই তুলনাত কম গছ । নিম্পাত বৈচিত্রহীন এই গছ বিশাল ও ওখত নহয় । ফুলাে নধৰে ইয়াৰ পৰা একো উৎপাদনে নহয় । কম গছৰ পাতবােৰ অন্য গছৰ পাততকৈ ডাঙৰ আৰু বহল বাবে পাতৰ আঁৰত আত্মগােপন কৰা সুবিধাজনক মানুহে দেখা নাপায় । সেয়ে এই গছত দেৱতা সকল জিৰণি লয় বুলি বিশ্বাস কৰি এই কম ডাল বা গছক পূজা কৰা হয় । বৃক্ষ বন্দনাৰ মূল কাৰণ নিহিত হৈ আছে আদিম মানুহৰ অলৌকিক বিশ্বাস । " trees considered as animate beings are credited with the power of making the rain to fall , the sun to shine , flocks and herds to multiply andwoman to bringtorth Easily ” চাহ জনগােষ্ঠীৰ লােকসকল বসবাস কৰা অঞ্চলবােৰত দেৱতাৰ স্থান গছক কেন্দ্ৰ কৰি স্থাপন হৈছে । The grove deities are held responsible for the crops and are specially honoured at all the great agricultural festivals " . , চাওঁতালী সকলে পােন প্রথমে কম পূজা কৰিছিল বুলি কব খােজে । কিন্তু এই কৰম পূজা তেওঁলােকে ধৰি ৰাখিব নােৱাৰিলে তেওঁলােকৰ লগতে সহৱস্থান কৰি থকা কুর্মি , মু 6/10 ইত্যাদি জাতিৰ লােকসকলে কালত্রমত এই পূজা আয়োৰ আহিছে অসমত এতিয়াও কৰম পূজাত চাহ জনগােষ্ঠীৰ বহুতাে জাতিয়ে আয়ােজন কৰি জনগােষ্ঠীটোক একত্রিত কৰি ৰখাত সহায় কৰিছে । চাওঁতালী সকলৰ ৰূপকথা মতে কৰম পূজাৰ প্ৰৱর্তক ধর্ম । ধর্মুক কম দেৱতাই প্রথম দেখা দিছিল । কম গছৰ পৰা নামি আহি কৰম দেৱতাই ধর্মুক কৈছিল যে পৃথিৱীৰ লােকসকলে ধর্ম কর্ম সকলােবােৰ পাহৰিব ধৰিছে । তেওঁলােকে ধর্মত থাকি সুখ শান্তি ঐছৰ্যৰে জীয়াই থাকিব পাৰে তাৰ বাবে তােমালােকে মােক পূজা আগবঢ়াবা । যিয়েই মােক পূজা কৰিব তেওঁক মই সকলাে দিম । ধর্মুই কলে কেনেকৈ পূজা কৰিম ? তুমি মােক পূজা কৰিবলৈ হলে এই প্রাচীন কৰম গছজোপাৰ পৰা ডাল এটি কাটি লৈ থাপনা এটা বনাই তাত পুতি তিনিবাৰ প্রণাম কৰিবা আৰু মাদল বজাই পুতি থােৱা কৰম ডালটোক প্রদক্ষিণ কৰি প্রার্থনা কৰি নৃত্য কৰিবা । প্রার্থনাত সকলাে দেৱ - দেৱীক স্মৰণ কৰিবা । এনেদৰে নৃত্যগীতেৰে পূজা - অর্চনা কৰিলে তােমালােকৰ দুখ দুর্গতি নাশ হব জীৱন কল্যাণকামী হৈ উঠিব । ঘৰলৈ আহি ধর্মই কৰম পূজা আয়ােজনৰ বাবে সাজু হ'ল । আৰু তেতিয়াৰ পৰাই চাওঁতালী সমাজত কৰম পূজাৰ আৰম্ভ হ'ল বুলি কোৱা হয় । কুর্মি সমাজৰ মাজত প্ৰচলিত লোেক বিশ্বাসৰ মতে কমা আৰু ধর্মা নামে দুই ভাই ককাই আছিল । ধর্মই প্রত্যেক বছৰ ভাদৰ মাহৰ শুক্লা একাদশীৰ দিনা কৰম পূজা আয়ােজন কৰি আহিছিল । কিন্তু কমই এইবােৰৰ প্রতি বিশ্বাস নাছিল । সদায় পূজাৰ দিনা কাজিয়া কৰি তর্ক - বিতর্ক কৰি থাকে । শেষত উপায়হীন হৈ দুয়াে সম্পতিবােৰ ভাগ কৰি বেলেগে বেলেগে থাকিবলৈ ললে । ধর্মই ধর্ম , কর্ম ভালদৰে কৰি দিনে দিনে ধনী হৈ গৈ থাকিল । কমার্থ সকলােকে হিংসা , হাই কাজিয়া কৰি সম্পত্তিবােৰ বেচি পথৰ ভিক্ষাৰী হৈ পৰিল । এদিনাখন কমাই ধৰ্মাৰ পথাৰত সােমাই ধানবােৰ উঘালী পেলাই দিলে । কিন্তু কম দেৱতাৰ আর্শীবাদত সকলােবােৰ আগৰদৰে পথাৰৰ ধানবােৰ ৰুৱা দেখি এই অলৌকিক ঘটনা কিদৰে হ’ল আহি ভায়েকক সুধিলে তেতিয়া ধর্মই সকলােবােৰ কথা বিৱৰী কলে যে তুমি ভাদৰ মাহৰ একাদশীৰ দিনা কৰম ডাল গাৰি কৰম দেৱতাৰ পূজা কৰিবা তেতিয়া সকলােবােৰ গম পাবা । কমাই অনেক কষ্ট কৰি কমডাল আনিবলৈ নদীৰ পাৰলৈ গ'ল । কম ডাল কাটি লৈ আহােতে ভাগৰ লগতা কম ডালটো ভৰিৰ ওচৰত থৈ জিৰাই লওঁ বুলি ভাৱােতেই টোপনি গ'ল । কাৰােবাৰ মাত সাৰ পাই দেখে যে কম দেৱতা ঠিয় হৈ আছে ভৰি চুই সেৱা কৰি নিজৰ ভুলৰ ক্ষমা বিচাৰিলে । দয়ালু কম দেৱতাই ক্ষমা কৰি আর্শীবাদ দিলে । ইয়াৰ পাছতেই কমডাল আনি কম দেৱতাৰ পূজা ধােম ধামেৰে আয়ােজন কৰি জীৱন আনন্দময় কৰি তুলিলে । কৰম পূজাৰ আচাৰ অনুষ্ঠানবােৰৰ প্রতি লক্ষ্য কৰিলে দেখা যায় যে হৰ পার্বতী মিলন অনুষ্ঠান তেনেকৈ সূৰ্য্য পৃথিৱী মিলন অনুষ্ঠানৰ অনুকৃতি কেৱল মাত্র বিবাহ অনুষ্ঠানৰ মাজত আৱদ্ধ নাথাকে । শস্য আৰু সম্ভাৱনাক তম্বিত কৰাৰ বাবে নৰ - নাৰীৰ যৌন ত্ৰয়াৰ মাধ্যমেৰেও ই অনুকুত হয় । পৃথিৱীৰ সকলাে দেশতে শস্য আৰু সন্তান কামনাৰ সমষ্ট অনুষ্ঠান যুৱতী সকলৰ প্রাধান্য বেছি । এই কাৰণেই সম্ভৱত আদিম মানুহে বিশ্বস কৰিছিল কুমাৰী যুৱতী সকলৰ মাজত উৰ্বৰতা শক্তি বেছি । শস্য ও সন্তান কামনাৰ বাবে আয়ােজন কৰা কৰম পূজাৰ সময়ৰ লগে লগে পৰিবৰ্তন হৈছে । উৎপাদন পদ্ধতি বিতৰণ ব্যৱস্থাৰ পৰিবর্তন হােৱাৰ লগে লগে সমাজৰ জীৱন ধাৰণ প্ৰণালী আদিৰাে পৰিবর্তন হয় । আৰু পৰিণাম স্বৰূপে কৰম পূজাৰ গীত মাত নৃত্যবােৰত জীৱনৰ সুখ দুখ , আনন্দ বিৰহ , প্রেম - প্রীতি , পােৱা - নােপােৱাৰ ভাববােৰ আশা আকাংক্ষা খিনি বাস্তাবায়িত কৰাৰ ঐতিহ্যৰ দিশটোৰ গভীৰ ভাৱে জড়িত হৈ আছে আদিৰস ৷ শেষত কম পুজাৰ তাৎপৰ্য্য সম্পর্কে সাহাবে Frazer সাহাবে দিয়া উত্তিটোৰে সামৰণি মাৰিব বিচাৰিছাে । The meaning of planting these barley blades and then presenting them to the Karama tree is hardly open to question . Trees are supposed to exercise a quickening influence upon the crops . therefore when the season of planting out the rice , the Mundas bring in a tree and treat it with so much respect , their object can only be foster there by the growth of rice which is about to be planted out and the custom of causing the banly blades to sprout rapidly and their presenting them to the tree must be intended to subserve the same purpose . Perhaps by reminding the tree spirit of his duty towards the crops and . stimulating his activity by this visible example of rapid vegitable growth . The throwing of the Karama tree into the water is to be interpreted as rain charm . 

✍️ জয়ন্ত কুৰ্মী সাপেখাতী , চৰাইদেউ অসম
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

1 Comments

Post a Comment
Previous Post Next Post