চাহ বাগিছাত কৰোণা ভাইৰাছৰ প্ৰভাৱ

ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো কাল কৰোণাৰ সংক্ৰমন বৃদ্ধি পাইছে। বৰ্তমান সময়ত অসমৰ চাহ বাগিচা অন্ধল সমূহত কৰোণা ভাইৰাছ অতি দ্ৰুত গতিত বৃদ্ধি পাইছে। বৰ্তমান অসমৰ বিভিন্ন বাগিছাত Containment zone হিচাপে সৰু সৰু লাইনক ভাগ কৰা দেখা গৈছে।

এই ভাইৰাছৰ প্ৰভাৱৰ ফলত চাহ বাগিছা অঞ্চল সমুহত আতংকৰ সৃষ্টি হৈছে। এই সময়ছোৱাত খাটি খোৱা দিন হাজিৰা কৰা শ্ৰমিক সকলৰ খাদ্য সামগ্ৰী নাটনিকে ধৰি ভিন্ন সমস্যাই দেখা দিছে। চৰকাৰৰ পৰা বিনামূলীয়া চাউল লাভ কৰিছে যদিও বহু লোকে গাঁওত কাম-কাজ কৰি চলিছিল কিন্তু কৰোণা ভাইৰাছৰ বাবে কাম কৰি টকা আনিব পৰা নাই সেই গতিকে পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত হৈছে। বাগিছাৰ Contament zoneৰ লাইনত থকা লোকসকলৰ পানী, খৰি আদিৰ অভাৱ দেখিবলৈ পোৱা গৈছে।
মহামাৰী কৰোণা ভাইৰাছৰ সময়ত নিজৰ জীৱনৰ কথা নাভাবি বাগিছাত কাম কৰে শ্ৰমিকসকলে। মালিক আৰু কোম্পানীৰ পক্ষৰ কোনো ভূমিকা দেখা পোৱা নাই।

মুঠতে প্ৰলোভন দি কাম আদায় লৈ আছে। দিনটোৰ বাবে ঘৰৰ পৰা লাল চাহ খাই বাগিছাত কাম কৰা শ্ৰমিক সকলৰ গুৰুত্ব কম মালিক পক্ষৰ।
যদিও এই ভাইৰাছৰ সময়ত বিভিন্ন জনে সজাগতা অনাৰ প্ৰয়াস কৰা দেখা গৈছে।
মানুহৰ মাজত সজাগতাৰ অনাৰ চেষ্টা আটছা, আটছা স্বতন্ত্ৰ, আছা, আদি দ'ল সংগঠনৰ।
শ্ৰমিক সকলকে এই ভাইৰাছৰ পৰা বাচি থাকিবলৈ দ'ল সংগঠন, তথা স্বেচ্ছাসেৱী সংগঠনৰ মাস্ক, ছেনিটাইজৰ, হেণ্ডৱাচ চাবোন, পিপিই কিট , খাদ্য সামগ্ৰী বিতৰণ কৰা দেখা যায়।

বৰ্তমান সময়ত কৰোণা ভেকচিনৰ উৰাবাতৰি প্ৰচাৰ ফলত চাহ বাগিছাৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। যদিও দ'ল সংগঠনৰ সজাগতাত ভেকচিন লোৱা দেখা পোৱা গৈছে। অসম চৰকাৰে বাগিছাৰ চিকিৎসালয় সমুহত ঔষধ, ভেকচিন আদিৰ যোগান ধৰা, কভিড চেন্টাৰৰ বাবে বেড আদি যোগান ধৰিছে।

✍️লক্ষীৰাম কুৰ্মী শাওঁতলী ( গোলাঘাট)
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

2 Comments

Post a Comment
Previous Post Next Post