কৰম পূজাৰ একলম

চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত অতীজৰে পৰা কিছুমান পূজা-পাৰ্বণ, আচাৰ-অনুষ্ঠান প্ৰচলিত হৈ আহিছে। এই পূজা-পাৰ্বণসমূহৰ ভিতৰত কৰম পূজা আটাইতকৈ আড়ম্বৰপূৰ্ণ পূজা ৷ ল’ৰা-ছোৱালীৰ পৰা বুঢ়া-বুঢ়ীলৈকে সকলোৱে মতলীয়া হৈ পৰে এই পূজাত।
       কৰম পূজা মূলত: কৃষিভিত্তিক অনুষ্ঠান। এই পূজা বছৰৰ বিভিন্ন সময়ত তিনিবাৰ কৰা হয়। যেনে ভাদ মাহৰ শুক্লা একাদশীত ‘জিতিয়া কৰম’, আহিন মাহৰ বিজয়া দশমীত ‘বুঢী কৰম’ আৰু আঘোণ মাহৰ পূৰ্ণিমা তিথিত ‘ৰাস কৰম’ পালন কৰা হয়। হ’লেও ভাদ মাহৰ শুক্লা একাদশীৰ জিতিয়া কৰমেই চাহ বনুৱা সমাজত আটাইতকৈ উলাহ ভৰা তথা আড়ম্বৰপূৰ্ণ উৎসৱ।
        কৰম পূজাৰ গুৰুত্বপূৰ্ণ অংশটো হৈছে ‘বালি উঠা’ বা ঝাৱা ধৰা। এই পূজাত অংশ ল’ব বিচৰা জীয়ৰীসকলে উপবাসে থাকে ৷ এই ছোৱালীবোৰক কৰমতী বুলি কোৱা হয়। কৰমতীসকলে পূজাৰ তিনি, পাঁচ আৰু সাত দিন মানৰ আগতে মাদল, বাঁহী আদিৰ ছেৱে ছেৱে কোনো এক পুখুৰী বা নদীৰ ঘাটলৈ গৈ স্নানাদি কাৰ্য সমাপন কৰি এডোখৰ ভাল ঠাইত ধূপ-দ্বীপ, নৈবেদ্য আদিৰে পূজা-অৰ্চনা কৰি, আৰতি গাই লগত নিয়া নতুন পাত্ৰ বা পাচিত সকলোৱে এঁকাজলি বালি ভৰায়। এই বালিতেই কৰমতীসকলে লগত নিয়া মাটিমাহ, বুটমাহ, মগুমাহ, ধান,বাজৰা, সৰিয়হ আদি শস্য ব্যক্তিগতভাৱে চিন ৰাখি সিঁচি দিয়ে আৰু সেই শস্যভৰা পাচি আনি গাঁৱৰ এঘৰত থয়। পূজাৰ দিনালৈ মাহ, বাজৰা,সৰিয়হ আদিৰ গজালিবোৰ কেই আঙুলমান বাঢ়িবলৈ ধৰে আৰু ইয়াক ঝাৱা ধৰা বুলি কোৱা হয়। ঝাৱা ধৰা দিনৰে পৰা পূজাৰ দিনলৈ গৃহস্থৰ ঘৰত প্ৰতিদিনে সন্ধিয়া চাকি-বন্তি জ্বলাই নৃত্য গীতৰ আয়োজন কৰা হৈছে ঝাৱা ধৰাৰ নিয়ম।পূজাৰ বাবে সাধাৰণতে কৰম গছৰ ডাল কাটি আনি মাটিত পুতি ঘৰুৱা থানত পূৰ্বপুৰুষক সুঁৱৰি পূজা পাতে।
    কৰমতীসকলে সিদিনাই চোতালত কৰম বেদী স্থাপন কৰি তাত ফুল-পুষ্পৰে সজাই তুলি নীতি নিয়মে অনুসাৰে ধূপ-দীপ জ্বলাই আৰতি বা চুমান কৰি ঝাৱা অৰ্পণ কৰে ৷ তাৰ লগতে নানা উপচাৰ আদিও আগবঢ়োৱা হয়। সন্ধিয়া ভগাৰ লগে লগে উপবাসে থকা কৰমতীসকলে বেদীৰ কাষত বৃত্তাকাৰে বহি লোকাচাৰ অনুসাৰে কহনী বুঢ়া (পুৰোহিত)ই কোৱা কৰম পূজাৰ প্ৰৱৰ্তক কৰমা আৰু ধৰমাৰ কাহিনী শুনে। তাৰ পিচত নৃত্য-গীত আৰম্ভ হয়। মাদলৰ চেৱত ঝুমুৰ আদি নৃত্য-গীতেৰে ডেকা-গাভৰুসকলে গোটেই নিশা জাগৰণত প্ৰাণৰ আৱেগ প্ৰকাশ কৰে।
     গোটেই নিশা পূজা চলাৰ পিচত পিচদিনা সূৰ্য্যোদয়ৰ লগে লগে  কৰম ডালটো উভালি আনি মাদলৰ ছেৱে ছেৱে নৃত্য গীতৰ মাজেৰে কৰমতীসকলে পুখুৰীত বা নদীত কৰম ডালটো উটুৱাই দিয়ে ৷

✏️অনামিকা গোৱালা
ৰাজমাই,শিৱসাগৰ
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post