ভাদ মাহৰ ৰঙীন সপোনবোৰ

ভাদ মাহ হৈছে অসমৰ সমাজ তথা চাহ জনগোষ্ঠীৰ বাবে এক পৱিত্র মাহ। কিয়নো এই ভাদ মাহতে খোলা হয় আমাৰ পৱিত্র নামঘৰসমূহ। এই পৱিত্র মাহত আগমন ঘটে বিভিন্ন পূজা আৰু উৎসৱৰ দিনবোৰৰ। এই পৱিত্র মাহতে উদযাপন  কৰা হয় চাহ  জনগোষ্ঠীৰ সাংস্কৃতিক আৰু পৰম্পৰাগত উৎসৱ "কৰম পূজা"। এই কৰম পূজা চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকে ভাদ মাহৰ একাদশী তিথিত অতি উলহ্-মালহেৰে উৎযাপন কৰে। সাধাৰণতে কৰম পূজা তিনিটা(একাদশী কৰম, জিতিয়া  কৰম আৰু বুঢ়ী কৰম)।এই তিনিওটা কৰম পূজা বিভিন্ন সময়ত বিভিন্ন স্থানে  বিধি বিধান অনুসৰি উদযাপন কৰা হয়। ভাদ একাদশী ৰাতিত যি কৰম পূজা উদযাপন কৰা হয় সেই কৰম পূজা বৰ্তমান সময়ত বিশ্ব দৰবাৰত জনপ্ৰিয় হৈছে। 

কৰম পূজা সাধাৰণতে ভাদ মাহৰ শুক্লা একাদশী তিথিত পালন কৰা হয়। এই পূজা উদযাপন কৰা আগতে গাভৰুসকলে পাচঁ বা সাত দিনৰ আগত উপবাসে থাকি জাৱা  ধৰা কাম আৰম্ভ কৰে। জাৱাৰ  অৰ্থ হৈছে শইচ পৰা। গাভৰুসকলে নিজৰ সুবিধা অনুযায়ী ভাদ মাহৰ প্ৰথম দিনাই ৰাতিপুৱাই বাঁহৰ নতুন টুকুৰি  লৈ নৈৰ ঘাটলৈ  গৈ সূৰ্য্য দেৱতাক  প্ৰণাম জনাই স্নান কৰি টুকুৰিত  বালি ভৰাই তাত বুট মাহ, মগু মাহ, গোমধান, সৰিয়হ ইত্যাদি বীজ ছটিয়াই দিয়ে৷ এই নীতি পালন কৰা গাভৰুসকলক "কৰমতী" বুলি কোৱা হয়। কৰমতীসকলে এই বুট মাহ, মগু মাহ, সৰিয়হ আদি শুকাই নাযাবৰ কাৰণে পাচঁ বা সাত দিন ধৰি ইয়াৰ নীতি নিয়ম পালন কৰি তেল হালধি ব্যবহাৰ নকৰাকৈ চলে। এইদৰে নীতি নিয়ম অনুসৰি সন্ধ্যা সময়ত কৰম গছৰ তলত চাকি দি ঢোল, মাদল বজাই গীত নৃত্য কৰি ইয়াৰ নিয়ম পালন কৰা হয়। একাদশীৰ আগদিনাখন বা কৰম পূজা পতাৰ আগ দিনাই গৈ কৰম ডালক নিমন্ত্রণ দি অহা হয়। যি দিনা এই পূজা উদযাপন কৰা হ'ব সেইদিনা সন্ধ্যা সময়ত ডেকা-গাভৰু আৰু কৰমতী সকলোৱে মিলি অতি উলহ্ -মালহৰে কৰম গছৰ ডাল ঢোল মাদল বজাই গীত নৃত্য কৰি স-সন্মানেৰে  আদৰি আনে। অনাৰ  পিছত আগতীয়াকৈ সজাই মেলি ৰখা নিৰ্দিষ্ট স্থানত নীতি নিয়ম অনুসৰি গাত খান্দি থোৱা স্থানত ৰখা হয়। ইয়াৰ  পাঁচ জন মান বুঢ়া মানুহে বিধি  বিধান অনুসৰি পূজা কৰে। পূজা কৰা পিছত কাহিনী বুঢ়াই  কৰমা- ধৰমাৰ কাহিনী কয় আৰু এই কাহিনী সকলোৱে  শুনে আৰু  তাৰ মহত্ব বুজি লয়। পূজা শেষ হোৱাৰ পৰত সকলোয়ে মিলি জুলি আনন্দ মনেৰে 'ঝুমইৰ' নৃত্য কৰে। 
ঝুমইৰ নৃত্য ছয় প্ৰকাৰৰ। যেনে - বন্দনা, ডাঁড়শলিয়া, খেমটা  বা ৰং, গলৱাৰী, ঝিঙাফুলীয়া আৰু ভিনসুৰীয়া। প্ৰত্যেক ঝুমইৰ দলীয় সকলে নিজৰ পচন্দ অনুসৰি ঝুমইৰ নৃত্য কৰি আনন্দ উপভোগ কৰে। এই ঝুমইৰ নৃত্য চাহ জনগোষ্ঠীৰ সকলোৱে ভাদ মাহত ডেকা গাভৰুৰ পৰা আদি কৰি জ্যেষ্ঠ সকল অতি আনন্দৰে নিজৰ নৃত্য গীত কৰে। 

ঝুমইৰ নৃত্যৰ প্ৰত্যেকটো গীত চাহ জনগোষ্ঠীৰ জীৱন আৰু কৰ্মৰ আধাৰত জড়িত। কৰম উৎসৱটি কোনো ধৰ্মৰ লগত জড়িত নহয়, সকলো মানুহ জাতি, ধৰ্ম, ভাষা, সম্প্ৰদায়ৰ লোকে ইয়াত গীত নৃত্য কৰিব পাৰে। এই ঝুমইৰ নৃত্য ৰ ওপৰত বিভিন্ন জনে বিভিন্ন সময়ত গৱেষণা কৰি ইয়াৰ গুৰুত্ব আৰু তাৎপৰ্য বিশ্ব দৰবাৰত জিলিকাই তোলাৰ চেষ্টা কৰিছে। ঝুমইৰ নৃত্য বৰ্তমান সময়ত কেৱল মাত্র চাহ জনগোষ্ঠীৰ মাজত আৱদ্ধ নাথাকি অসমৰ সকলো স্থানতে ইয়াৰ গীত নৃত্য কৰা দেখা যায়। 


লেখক - শ্ৰী কুমাৰ পানতাঁতী 
সহকাৰী প্ৰবক্তা, ৰাজনীতি বিজ্ঞান বিভাগ
আমগুৰি মহাবিদ্যালয়।
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post