অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে বৃহত্তৰ অসমীয়া সংস্কৃতি। ভিন ভিন সংস্কৃতিৰ মিলনৰ এক সুদৃঢ় ভেটি হল অসমীয়া সংস্কৃতি। এই বৃহত্তৰ অসমীয়া লোকসংস্কৃতিৰ এক অভিন্ন অংগ হল লোক উৎসৱসমূহ। বিভিন্ন জনজাতি তথা অজনজাতি লোক নিজ নিজ সংস্কৃতি, উৎসৱ পাৰ্বণ, লোকাচাৰ ইত্যাদিৰ সমিলমিলৰে চহকী হৈ উঠিছে অসমৰ উৎসৱৰ গতিধাৰা। অসমীয়া সংস্কৃতিৰ লোকবিশ্বাস, উৎসৱ পাৰ্বণ, আচাৰ ব্যৱহাৰ, সকলোবোৰ ঠাইভেদে বেলেগ বেলেগ। অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক ইত্যাদি বিভিন্ন কাৰণত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহি বসবাস কৰা এক বৃহৎ জনগোষ্ঠী হল চাহ জনগোষ্ঠী বা চাহ সম্প্ৰদায়। মূলত চাহ বাগিছাৰ বনুৱা হিচাপে অনা এই জনগোষ্ঠীৰ লোকসকল বৰ্তমান বৃহত্তৰ অসমীয়া সমাজৰ অভিন্ন অংগস্বৰূপ। চাহ জনগোষ্ঠীৰ লোকসকল ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহি অসমত একেলগে বসবাস কৰিবলৈ ললে। ফলত তেওঁলোকৰ আচাৰ ব্যৱহাৰ, মাত কথা, ৰীতি নীতি, লোকাচাৰ প্ৰায়বিলাকত যথেষ্ট মিল থকা দেখা যায়। চাহ জনগোষ্ঠীৰ লোকসকলক বাগানৰ বনুৱা হিচাপে কাম কৰিবলৈ আনিছিল যদিও বৰ্তমান বাগিচাৰ ওপৰিও গাওঁ অঞ্চলত স্থায়ীভাৱে বাস কৰি কৃষি কৰ্মত জড়িত হৈ জীৱন অতিবাহিত কৰি আহিছে। চাহ জনগোষ্ঠীৰ লোকসকল কৃষিকৰ্মত অতীজৰে পৰা জড়িত হৈ আছে। এই লেখাৰ জৰিয়তে চাহ শ্ৰমিক সমাজৰ মাজত প্ৰচলিত ন ভূঁই বা বাণগাৰী ৰ লগত প্ৰচলিত লোকাচাৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে। এই ন ভূঁইৰ অঞ্চল ভেদে নীতি নিয়মবোৰ পৃথক। এই সম্পূৰ্ণ দিশবোৰ সামৰি এটা টোকা প্ৰস্তুত কৰিব চেষ্টা কৰা হৈছে ।
চাহ জনগোষ্ঠীৰ লোকসকলেও চত মাহৰ শেষত বা বহাগৰ আৰম্ভণিতে ভাল দিন বাৰ চাই পথাৰত হাল নমাই।আৰু তেতিয়াৰপৰাই কৃষি কাৰ্যৰ আৰম্ভণি হয়। কঠীয়াৰ বাবে ধান মৰা, টোম বা বস্তাত ধান ভৰাই পানীত তিয়াই ৰখা ইত্যাদিত বিভিন্ন সৰু বৰ নিয়ম পালন কৰা দেখা যায়। ধান পানীত দিয়াৰ দিনৰ পৰা কঠীয়া নপৰালৈকে ঘৰখনত চাউল ভজা বা ধান ভজা নিষেধ। তদুপৰি কঠীয়া ধানৰ যিবোৰ খেৰ থাকে সেইবোৰ জ্বলোৱাৰ পৰা বিৰত থাকে। লোকবিশ্বাস যে এই সময়ত চাউল বা ধানৰ ভাজিলে আৰু ধান খেৰ জ্বলালে কঠীয়া নগজে আৰু জ্বলি যাব বুলি বিশ্বাস কৰে।
ন ভূঁই কৰাৰ নিয়ম এই জনগোষ্ঠীৰ লোকসকলৰ অঞ্চলভেদে বেলেগ বেলেগ হোৱা দেখা যায়। তথাপিও প্ৰায়বোৰ নিয়মত কিছু মিল থকা দেখা যায়। বহু অঞ্চলত ন ভূঁই কৰা দিনাখন উৎসৱৰ নিচিনাকৈ পালন কৰা দেখা যায়। চাহ জনগোষ্ঠীৰ লোকসকলে ন ভূঁই কৰাটোক বাণগাৰী বা বানগাড়ী কৰা বুলি কয়। বিভিন্ন তিথি অমাবস্যা, পূৰ্ণিমা, একাদশী ইত্যাদি চাইহে ন ভূঁইৰ নিয়ম বা দিন ঠিক কৰা হয়।
কিছুমান লোকে ন ভূঁই বা বাণগাৰী দিনা ঘৰৰ পূজাঘৰ, ঘৰ মচি চাফা কৰি পূৰ্বপুৰুষ সকললৈ পূজা আগবঢ়োৱা হয়। তাৰ পিছত ঘৰৰ বয়োজ্যেষ্ঠ লোকজনে প্ৰয়োজনীয় সামগ্ৰী সমূহ লৈ, উপবাসে থাকি পথাৰত পুজা কৰি ন গোঁজ দিয়াৰ পাছতহে পানী তথা অন্য খাদ্য সামগ্ৰী গ্ৰহণ কৰে। কিছুমান লোক ঘৰত পূজা নকৰাকৈ পথাৰত পূজা কৰা দেখা যায়। পুৰুষ আৰু মহিলা দুয়ো এই ন ভূঁই বা বাণগাৰী কৰিব পাৰে তাত কোনো নিষেধাজ্ঞা নাই।
অঞ্চলভেদে পূজাৰ সা সামগ্ৰী বেলেগ বেলেগ হোৱা দেখা যায়। সাধাৰণভাৱে কবলৈ গলে এই বাণগাৰী বা ন ভূঁইত আগলি কলাপাত, থুৰীয়া তামোল পাণ, বুট, মগু, নাৰিকল, কল, গাখীৰ, অন্য ফল মূল, পায়স, চাউল, ধান, মাটিমাহ, চেনীপানী, কচু, আদা, মধুৰিআমৰ ডাল, তৰা গছৰ ডাল, ধপাত, জেং, চাকি, ধূপ, সেন্দুৰ আৰু হাতেৰে মৰা কঠীয়া তিনি মুঠি ব্যবহাৰ হয়। সকলো ব্যক্তি ওপৰত দিয়া সকলো বস্তু ব্যৱহাৰ নকৰে। তাৰ মাজৰ কিছু বস্তু ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও ডাঙৰীয়া পূজা নকৰাসকলে পথাৰত তামোল পাণ আৰু কল আগনবঢ়ায়। তেওলোক অন্য বস্তু পূজা হিচাপে আগবঢ়াই।
ঘৰৰ মূৰব্বী পুৰুষ বা মহিলাগৰাকীয়ে প্ৰয়োজনীয় সা সামগ্ৰী লৈ পথাৰৰ আলিত বোকা মাটিৰে লেপী বা লেপি বা আগলি কলপাত দি পূজা আৰম্ভ কৰে। সাধাৰণতে ব্যক্তিজন পূবমুৱাকৈ থিয় হৈ পূজা কৰে। তামোল পাণ, প্ৰসাদ, চাকি, ধূপ জ্বলাই বুট মগু, কচু আদা জেং ইত্যাদি ইত্যাদি দি পৰিয়ালৰ পূৰ্বপুৰুষক , ডাঙৰীয়া বাবাক স্মৰণ কৰি নতুনকৈ ধানৰ গোঁজ দিছো অপায় অমঙ্গলৰ পৰা দূৰ কৰিব বুলি প্ৰাৰ্থনা কৰি হাতেৰে মৰা কঠীয়া তিনি মুঠিত সেন্দুৰৰ ফোঁট দি ৰুবলৈ আৰম্ভ কৰে আৰু পিছত অন্য ৰোৱণী ৰুৱে। কিছু কিছু অঞ্চলত পথাৰৰ আলিত তিনিটা গাত খান্দি মাটিমাহ, ধান, চাউল, ফল মূল, তামোল পাণ দি পূজা কৰা হয়। আকৌ আন কিছুমান অঞ্চলত চহৰাই পাতৰ দোন বনাই বা দনা বনাই তাত চাউল, ধান, গাখীৰ, চেনীপানী, ধূপ, ফল মূল দিও পূজা কৰা দেখা যায়।
মাটিমাহ, কচু, আদা, মধুৰিআমৰ ডাল, তৰা গছৰ ডাল, জেং ইত্যাদি পূজাত ব্যৱহাৰ কৰে আৰু ইয়াৰ অন্তৰালত একো একোটা লোকবিশ্বাস জড়িত হৈ আছে।মাটিমাহ দিয়াৰ অৰ্থ হল ধানৰ থোক ভাল হওঁক মাটিমাহৰ দৰে লমালমে লাগক, কচু দিয়ে কাৰণ কচু অতি সহজতে বাঢ়ে আৰু ডাঠ হয় গতিকে পথাৰৰ ধান কচুৱনিৰ দৰে ডাঠ হোৱাৰ আশাৰে দিয়ে। ঠিক সেইদৰে আদা দিয়ে যাতে ধানৰ থোক ভাল হয়, মধুৰিআমৰ ডাল দিয়ে যাতে মধুৰী আমৰ গুটিৰ দৰে ধান লাগক, তৰা গছৰ ডাল দিয়ে যাতে ধানৰ গা-গছ তৰা গছৰ দৰে ওখ হয়, জেং দিয়ে যাতে পোক পৰুৱা জেংবোৰত লাগি খেতি নষ্ট হোৱাৰ পৰা ৰক্ষা পৰে।
ইয়াৰ উপৰিও খোৱা বোৱাৰ ক্ষেত্ৰতো ন ভূঁইৰ দিনা কিছু নিয়ম প্ৰচলিত হৈ আহিছে। কিছুমান অঞ্চলৰ লোক ন ভূঁইৰ দিনা সিদ্ধ আহাৰ গ্ৰহণ কৰে। কিছুমান লোক মাছ মাংস নাখাই, আন কিছুমান মাছ মাংস খোৱা দেখা যায়। ইয়াৰ উপৰিও কিছুমান অঞ্চলত ন ভূঁইৰ দিনাখন পৰিয়ালৰ সদস্য সকলে চাবোন ব্যৱহাৰ নকৰে। চাবোন কিয় ব্যৱহাৰ নকৰে তাৰ সঠিক উত্তৰ পোৱা নগল যদিও পুৰণিকলীয়া নিয়ম বুলিয়েই বহুতে উল্লেখ কৰে।
ধান ৰোৱাৰ পাছত ৰোৱনী সকলে বোকাৰে লুটুৰি পুটুৰি হৈ বিভিন্ন ৰঙ তামাচা কৰা দেখা যায়। গধুলি সকলো হালোৱা ৰোৱনীক ভোজলৈ নিমন্ত্ৰণ জনোৱা হয়। পৰিয়ালৰ সাধ্য অনুসৰি যা যোগাৰ কৰা হয়। লাওপানীৰ ব্যৱস্থা কৰা হয়। কিছুমানে গান গাই ঝুমুৰ নচা দেখা যায়। সুৰৰ তালে তালে গাই..
"আইজ ত পহিলা ৰপা
খোপাই আছে ফুলেৰ ঝোপা
দিদিগ আজেৰ ৰূপা চন্দনেৰ চমান ৰে
বুণা ধান চোণা ভইল
ৰূপা ধান ঝপা ভইল
দিদিগ বীৰা ধান লপচইলই"
এনেদৰে গীত গাই বিভিন্ন ফুৰ্তি তামাচাৰে বিভিন্ন লোকাচাৰ ৰীতি নীতিৰে ন ভূঁই বা বাণগাৰী কৰা দেখা যায়।
পৰিশেষত কব পাৰি যে চাহ শ্ৰমিক সমাজত প্ৰচলিতএনেধৰণৰ লোকাচাৰ তথা লোক সংস্কৃতি আৰু বিশ্বাসৰ অধ্যয়নৰ যথেষ্ট থল আছে। সীমিত তথ্যৰে বিভিন্ন অঞ্চলৰ যুৱক যুৱতীৰ সহায়ত তথ্য সংগ্ৰহ কৰি এই লেখা প্ৰস্তুত কৰা হৈছে। অঞ্চলভেদে হয়তো আৰু বহুতো লোকাচাৰ আৰু নীতি নিয়ম প্ৰচলিত হৈ আছে। কাৰণ সকলো অঞ্চলৰ বিষয়ে অধ্যয়ন কৰি সিদ্ধান্তত উপনীত হোৱাতো যথেষ্ট কষ্টকৰ আৰু দীৰ্ঘ সময়ৰ প্ৰয়োজন। পঢ়ুৱৈয়ে মন কৰিলে দেখিব যে ন ভূঁইৰ নীতি নিয়ম অসমৰ অন্য জাতি জনজাতিৰ সৈতে চাহ জনগোষ্ঠীৰ লোকসকলৰ নীতি নিয়মৰ বেছি পাৰ্থক্য নাই। ইয়াৰ পৰা এটা কথা কব পাৰি যে আধুনিক অসমীয়া সমাজৰ যথেষ্ট ৰীতি নীতি পৰম্পৰা চাহ জনগোষ্ঠীৰ সমাজত পৰিলক্ষিত হয়। গতিকে সংস্কৃতিৰ আদান প্ৰদান নুই কৰিব নোৱাৰি। এনেধৰণৰ সাংস্কৃতিক আদান প্ৰদানৰ জৰিয়তে সমগ্ৰ অসমৰ সংস্কৃতিৰ সুস্থ বিকাশত চাহ জনগোষ্ঠী সমাজে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে আৰু আগলৈও আগবঢ়াই গৈ থাকিব।
🖋️বিনয় মুণ্ডা