অসমৰ আন্দোলনসমূহত চাহ জনগোষ্ঠীসকলৰ ভূমিকা

1915 চন | সমগ্ৰ ভাৰতৰ লগতে অসমতো ইংৰাজ বিৰোধী আন্দোলন | অসমৰ চাহ জনগোষ্ঠীসকলেও আন্দোলনত জঁপিয়াই পৰিছিল |তেওঁলোকৰ মাজত আছিল- গজৰাম কুৰ্মী, প্ৰতাপ গড়, জগমহন গড়, মহনলাল গড়, সম্ভুৰাম গড়, বিদেশ কুমাৰ লোহাৰ, আঞ্চা ভূঁয়ৰ, ৰাধচু মুণ্ডা, গোবিন তাঁতি, ৰামচাই তুৰী, বিষ্ণু চুকু মাঝি, বগাই বাউৰী, দূৰ্গী ভূমিজ ,অৰ্জুন ঘাটোৱাৰ ,বাঁধনা ওৰাং আদি...
        বহু আন্দোলনকাৰী ইংৰাজৰ বন্দুকৰ গুলিত শ্বহীদ হৈছিল | তেওঁলোক হৈছে-- খ্ৰীষ্টিচন মুণ্ডা, দয়াল পানিকা, মংগল কুৰ্কু, তেহলু চাওঁৰা, বাংকুৰু চাওঁৰা, বিষ্ণু খাৰিয়া, বিজু বৈষ্ণৱ, দূৰ্গী ভূমিজ আদি.....
         1916 চনত ইংৰাজে খ্ৰীষ্টিচন মুণ্ডাক ৰাজহুব়াকৈ ফুলবাৰী চাহ বাগিচাত ফাঁচী দিয়ে |
         1921 চনত মালতী মেম ওৰফে মাংৰী উৰাঙে "নাৰীৰ ওপৰত নিৰ্যাতন আৰু মদ নিবাৰন" ৰ বাবে প্ৰতিবাদ কৰিবলৈ গৈ ঘগৰা চাহ বাগিচাত ইংৰাজৰ বন্দুকৰ গুলি বুকুত লৈ মৃত্যুক সাৱটি লয় |
          1942 চন | জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত মৃত্যুবাহিনী গঠন কৰা হয় | সেই মৃত্যুবাহিনীত বহু চাহ জনগোষ্ঠীলোকে অংশ গ্ৰহন কৰি মৃত্যুক সাৱটিব লগা হ'ল |
           1979 চন | অসমত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত  অসম আন্দোলনৰ সূত্ৰপাত হয় | পাঁচ বছৰ আন্দোলনৰ অন্তত 1985 চনৰ 15 আগষ্টত অসম চুক্তি সাক্ষৰ হয় | অসম আন্দোলনত 885 জন লোক শ্বহীদ হৈছিল | চাহ জনগোষ্ঠী/আদিবাসী লোকেও শ্বহীদ হৈছিল | তেওঁলোক হ'ল -- চান্দলচাং মাঝি, (422), কুলদা কুৰ্মী (522), ভৰত ভূমিজ (532), বৰবানা উৰাং (536), শ্যাম কন্দ (615), ৰমেশ মুৰাৰী (657), আৰু দাফলী ভূমিজ (800) |
         আৰু শেহতীয়া 2020 চনৰ CAA আন্দোলনতো ঈশ্বৰ নায়ক নামৰ চাহ জনগোষ্ঠীৰ যুৱক এজন শ্বহীদ হয় |

          চাহ জনগোষ্ঠীসকল কেৱল অসমক সোণৰ অসম গঢ়াতেই ব্যস্ত হৈ থকা নাই |ইয়াৰ আন্দোলনতো মুখ্য ভূমিকাও লৈছে .........|

সংগ্ৰহঃ হোৱাটচএপ 
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post