কাৰ ভুল

ৰামুকাকা এজন সহজ-সৰল মানুহ।তেখেত নিৰক্ষৰ । তথাপিও স্বাক্ষৰ ব্যক্তিত্বতকৈ বহুগুণে শিক্ষিত । ৰামুকাকা এটি সৰু পঁজাত অৰ্ধাংগিণী আৰু দুই কন্যাৰ সৈতে সুখৰ দিন অতিবাহিত কৰি আহিছে  ।ঘৰৰ দুয়োগৰাকী নিৰক্ষৰ তথাপি নিজ সন্তানক শিক্ষাৰ পোহৰে পোহৰাই তোলাৰ হেপাহ আছে । সজ-আচৰণ, সজ- ব্যৱহাৰ এই পৰিয়ালৰ পৰিচয় । ৰামুকাকাৰ ডাঙৰ কন্যা এজনী মেধাৱী ছাত্ৰী। তাই দৰিদ্ৰ পৰিয়ালৰ ছোৱালী যদিও উচ্চ শিক্ষাৰ সপোন পুহি ৰাখিছিল । তাই জানিছিল যে উচ্চ শিক্ষাৰ বাবে চাহ- জনকল্যাণ বিভাগে উচ্চ শিক্ষাৰ বাবে বহু সাহাৰ্য আগবঢ়ায় । তাই বহু উৎসাহিত হৈছিল, আন আন ধনী সমনীয়াৰ সৈতে খোজত খোজ মিলাই উচ্চ শিক্ষা লাভ কৰিব । সেই জলপাণিৰ আশাতে ৰামুকাকা ও নিজ সন্তানৰ সপোন বাস্তৱ কৰাৰ সপোন ৰচি কিছু পইচা ধাৰ- ঋন কৰি university ত নামভৰ্তি কৰাই দিয়ে । কিন্ত ৰামুকাকা আজি দূখত কান্দিছে । সান্তনা দিওতা কোনো নাই । যাক আশা কৰি শিক্ষাৰ জখলাত বগাব বিচাৰিছিল , সেই জখলা আজি ভাঙিব ধৰিছে । জলপাণিৰ আশাত লোৱা ঋনৰ পইচা পৰিশোধ কৰিব পৰা নাই । আজি ছাগে জনকল্যাণ মন্ত্ৰী গভীৰ নিদ্ৰাত । ইটোৰ পিছত সিটো তালিকা ওলাইছে । কিন্ত আজিও তাত বিসংগতি । ৰামুকাকাৰ জীয়েকৰ দৰে বহু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী বঞ্চিত । কাৰ ভূলৰ বাবে আজি দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰী হতাশ হবলগীয়া হৈছে । আজি আমি চিন্তিত যে তালিকা প্ৰস্তত কৰ্তাসকল নিৰক্ষৰ নে দালালি পন্থাৰ সদস্য । কাৰ ভূল, যাৰ বাবে বহু ছাত্ৰ-ছাত্ৰীৰ লগতে পিতৃ-মাতৃয়ে হতাশ হবলগীয়া হৈছে ।

🖋️বহাগী কৰ্মকাৰ
সাপেখাতী, চৰাইদেউ
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post