মে' দিৱস

ৰামধনে পুৰণি বাকচটো খুলি অলপ সময় থৰ লাগি চাই থাকিল । তাৰ পিছত দূৰ্গা পূজাত কিনা পেন-চাৰ্ট যোৰকে উলিয়াই পিন্ধি ল'লে । ঠিক সেই সময়তে কোননোবাই গাড়ীখন অহাৰ বতৰা দিলে ।ৰামধনে আহি ঠুংৰুক ক'লে --
: চল গৌ কাকা । নাই যাবি নেকি ? তিনটা গাড়ী দেইছে বলে ?
    দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ঠুংৰুৱে ক'লে --
: হামি এইবাৰ নাই যাব ৰেই ৰামধন । ঘৰে খাতেলে কন' নাইখে । লকডাউনে কাম কৰতে নাই পাৰলি নহয় । খাতে -পিতে এইকেইদিন বাড়া দিগদাৰী হছে ৰে । তৰাই যাবি ত যা ।
       ওচৰতে খেলি থকা ঠুংৰুৰ ল'ৰা ফুচকুৱে সুধিলে --
: কাঁহা  যাতে চং ধৰছে বা । যাতেলে আৰ অত গাড়ী কেনে দিছে ?
        ওচৰতে থিয় হৈ থকা ৰামধনে ক'লে --
: মে দিৱস যাতেলে চং ধৰছি আক । প্ৰত্যেক বছৰেই পাতে । এইবাৰ ঐ  যে বগী বাগানে পাতেছে  । চামনে হ'লেও তিনটা গাড়ী দেই দিছে ৰেই । মুই ত বলছি ঠুংৰু কাকা তুই ভী চল । ঘুৰে - ভিৰে বাড়া মস্তি কৰব । 
        ঠুংৰুৰ ল'ৰাটোৱে আকৌ সুধিলে---
: বা গৌ মে দিৱস মানে কি ? ওহাঁ বহুত ফুৰ্তি লাগে নেকি ?
         ঠুংৰুৱে ল'ৰাটোৰ মূৰত হাতখন বুলাই বুলাই ক'লে---
:  মে দিৱস মানে মে দিৱসেই । ঐ দিন বাগান ছুটী থাকে । কন' বাগানে  বাড়কা ডাঙৰলে একটা মিটিং পাতে । হুঁৱা যাতেলে বাগানে বাগানে ফ্ৰি গাড়ী দিয়ে ।  হামৰাও একদিন ঘূৰতেলে  সময় পায় । মিটিঙে ডাঙৰ ডাঙৰ মানুষগিলা বাত বলে । হামৰা চট চট মানুষগিলা ঐগিলা কখনৌ শুনি । কখনৌ নাই শুনি । বেছি ভাগেই বাত বুঝাই নাই পাই ত । হঁ ,  একটা বাত কিন্তু - হুঁৱা  ঢেইৰ মানুষ থাকে যে ঘূৰতেলে মেলা ৰকম মজা লাগে ।
         ৰামধনে কৈ উঠিল ---
: অহে খাতিৰ ত হামি যাছি কাকা । এহে চলে চামনে থাকা ফুফু ঘৰেও থড়া গতিয়া খাই আচব ।
           ঠুংৰুৰ ল'ৰাটো  বাপেকৰ হাতত ধৰি টানি টানি ক'লে----
: চল ন গৌ বা । অ'ত ফুৰ্তি লাগে যদি হামৰাও যাব চল' ।
         ঠিক সেইটো সময়তে ঠুংৰুৰ ঘৈনীয়েকে ঘৰৰ ভিতৰৰ পৰা চিঞৰি উঠিল ---
:  বাবুৰ বাপ শুনছি । ৰাতে খাতেলে একটাও দানাও নাইখে ঘৰে । 
      ভোকৰ কথা শুনি  ঠুংৰুৰ  মানসপটৰ পৰা মে দিৱসৰ সকলো ভাল লগা  স্মৃতি উৰি গ'ল ...

📝 ৰীতা গোৱালা 
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post