ডাঙৰ নলাটো চাফা কৰি কৰি বুধন ভাগৰি পৰিল । সি অলপ জিৰণি লওঁ বুলি ওচৰৰ বুঢ়া শিৰীষজোপাৰ গাতে আঁউজি দিলে । শিৰীষৰ ছাঁত তাৰ গাটো অলপ জুৰ পৰি আহিল ।
হঠাৎ । টপকৈ কোৱাৰেন্ টাইন শব্দটি তাৰ মনত পৰিল । ঠিক হঠাৎ বুলিও ক'ব নোৱাৰি । কামটোত অধিক মন দিবলগীয়া হোৱাৰ বাবে অলপ সময়ৰ বাবে শব্দটো পাহৰি আছিল । কাৰণ এইকেইদিন গৰুৱে ঘাঁহ পাগুলাৰ দৰেই শব্দটো তাৰ মন-মগজুত পাগুলি আছে । তাৰেই কিয় ? বাগিচাৰ অন্য শ্ৰমিকৰ মুখে মুখে এই শব্দটো । বেছি ভাগেই শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰে । জিভাত ফাঁচ লাগিয়েই যায় ।
সি দেখিলে দুটি চাহ গছক লগলগাই মকৰা এটাই বৰ সুন্দৰকৈ জাল গোঁথি থৈছে । ধুনীয়া দেখিছে জালটো । আকৰ্ষণ আছে । ঠিক সেই সময়তে উৰি আহি পখিলা এটি তাতে লাগি ধৰিল । মকৰাটোৱে দৌৰি আহি সাউতকৈ খাব বিচাৰি লে । পখিলাটিয়ে চিঞৰি উঠিল ---
: ঐ ৰ । মোক নাখাবি । মইনো তোৰ কি হানি কৰিলো?
মকৰাটোৱে জিভা চেলেকি- চেলেকি ক'লে---
: সেইটো নহ'ব দেই । তুমি যেনেদৰে আহাৰ বিচাৰি- বিচাৰি এইখিনি পালা । ময়ো আহাৰ বিচাৰি জাল পাতিছিলো । তুমি আহি ফঁচিলা যেতিয়া তোমাকেই খাম ।
: পখিলাই চিঞৰি উঠিল । নাই প্ৰভু । তেনে পাপ নকৰিবা ।
: হা হা হা । হঁহোৱালা দেই । সেই বুধনহঁতকচোন দুশ বছৰেই চুৱাই চুৱাই খাই থকা ৰাংকুকুৰৰ জাকটোক আজিলৈকে পাপে চুব পৰা নাই । এনেকৈয়েই তো জাল পাতিছিল সিহঁতে চিকাৰ ধৰিবলৈ । লাগিল বাপেকে ইহঁতকেইটা । বৃটিছে শীতল মস্তিষ্কৰে তেতিয়াই কোৱাৰিন্ টাইন কৰি পেলাইছিল ইহঁতকেইটাক । বাগিচাৰ মাজতে জন্ম । বাগিচাতে মৰ । বাহিৰৰ হাৱা, পানী ভিতৰ সোমাব নোৱাৰে । ভিতৰৰ পৰাও বাহিৰ ওলাই আহিব নোৱাৰে ।
মকৰা আৰু পখিলাৰ কথাখিনি একান্ত মনে শুনি আছিল বুধনে । সি চক খাই উঠিল । সি নিজকে কোৱাদি ক'লে ---
: তাৰ মানে অত দিনে সিহঁতকেইটা কোৱাৰিন্ টাইন হৈ আছে ! সি আজিহে অৰ্থটো বুজি পালে ।
দেখিলে মকৰাটোৱে পখিলাটোক খাবলৈ আগজিভাত লগাই থৈছে ...
📝 ৰীতা গোৱালা