গোটেই বাগিচাৰ লাইনত চলাথ কৰি মাত্ৰ কেইটামান ফোনৰ নম্বৰহে পাইছিল মধুৱে । তাকো সৰহ ভাগেই কিপেট মোবাইল । হাতত থকা তালিকাখনত চকু ফুৰাই তাইৰ বুকুখন বিষাই উঠিছিল । নাই ,স্মাৰ্ট ফোন দুই তিনিটা মান হে আছে ।
বাগিচাখনতে তাইৰ ঘৰ । সেয়ে তাই লকডাউনৰ মাজতে ওলাই ঘূৰি ফুৰিছিল। উপায়োতো নাই । চৰকাৰৰ নিৰ্দেশ । ছাত্ৰ-ছাত্ৰীৰ ঘৰৰ ফোনৰ নম্বৰটো অতি সোণকালে যোগান ধৰিব লাগে ।
তাই থৰ লাগি বহি থাকিল অলপ সময় । চৰাইবিলাকৰ কিচিৰ-মিচিৰ মাতহে সাৰ পোৱা যেন হ'ল । তাই ওচৰত থকা গছজোপালৈ চাই পঠিয়ালে । এইকেইদিন গছজোপাত চৰাইৰ মেলা বহিছে । আনদিনা হোৱা হ'লে ইহঁতৰ মাতত তাই স্বৰ্গীয় সুখ অনুভৱ কৰিলেহেঁতেন । কিন্তু আজি...
ক্ষন্তেকতে তাইৰ মনটোক এটি বিষন্ন ভাৱে ঘেৰি ধৰিলে । আতংক । হয় আতংই । বাগিচা অঞ্চলত এতিয়া দুই ধৰণৰ আতংকই খেদি ফুৰিছে । কৰ'না ভাইৰাছ আৰু শিক্ষা ব্যৱস্থা ...
আজি আকৌ তাই আগবেলা ওলাই গৈছিল লাইনলৈ । তিনি চাৰি ঠাইত তাই ছাত্ৰ-ছাত্ৰীৰ জুম দেখিলে । একেবাৰে প্ৰাথমিক পৰা স্নাতক স্নাতক পৰ্যায়ৰ লৈকে । সকলোৰে হাতে হাতে কলম- বহী । হোৱাট'চএপৰ গৰাকীক টনা- আজোৰা ।
এক প্ৰকাৰৰ আতংকত তাইৰ গাটো জিকাৰ খাই উঠিল ...
📝 ৰীতা গোৱালা