(সঁচা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি মোৰ একলম) "বা ভুক লাগথে। ভাত খাম" - চওনাৰ একমাত্ৰ পুত্ৰ দুপৰীয়া আহাৰৰ বাবে কান্দিছে। চাওনা সেই খগেনহঁতৰ বাগানত এবেলা কাম কৰি আহিছে। আজি বাগানত ভিটামিন দৰব মৰা হৈছে। সেয়েহে পলম হ'ল ঘৰ আহি পাবলে। চাওনাৰ পুতেক তিনি বছৰমান বয়স । চাওনাৰ ঘৈনিয়েক মৃত্যু হোৱা আজি ডেৰবছৰমান হ'ল। সেই তেতিয়াৰ পৰা চাওনা আৰু একমাত্ৰ পুতেক ঘৰখনত থাকে।
"ৰ বাবু, মই হাঁত-মূখ ধুইলেম হৌ"
- চাওনা কান্দি থকা পুতেকক শান্তনা দিয়া সুৰত কলে। হাত-মূখ ধুবলৈ সি টিউবেললৈ গ'ল। পুতেক কান্দিয়ে থাকিল।
"বা ভাত খাম,বা ভাত খাম"-
পুতেক আৰু জোৰে কান্দিব ধৰিলে।
"এই বাবু মই পিটম তকে দেক, ৰ থৰা দেৰি" চাওনাই ধমকি সুৰত কলে। সি হাত-মূখ ধুৱাৰ পাছত আহি দেখে পুতেক টুপনীয়াই আছে।
"বাবু, ৰ নায় ঘুমা মই আলু চাটনি বানায় লেম হৌ!" - চাওনা ৰাতিপুৱা চৌকাৰ গৰম ৰাখত দি থোৱা আলু দুটা ওলিয়ালে, জলকীয়া আৰু নিমখ সানি আলু পিটিকা কৰিলে। নিশাৰ ঠাণ্ডা ভাতত পানী দি থৈছিল ৰাতিপুৱা। এখন ষ্টিলৰ থালত পানী দিয়া ভাত আৰু এখন সৰু বাটিত আলুৰ পিটিকা, দুয়ো বাপেক পুতেক পিৰহাত বহি ভাত খাবলে আৰম্ভ কৰিলে।
"বা মই আলু চাটনি নায় খাম"- পুতেকে খং কৰি দেউতাকক ক'লে। চাওনা ভালদৰেই জানে ল'ৰাক কি দৰে ফুচোলাব পাৰি।
" হেই! অকৰা, আলু খালে, চালু হয়না। খায়দে,খায়দে" - চাওনা জানে কি উপায়েৰে পুতেকক ঠগিব পাৰি।
"আলু খালে চালু হয়না নে বাবা!" - পুতেকে ফুটা-নুফুটা মাতেৰে চাওনাক প্ৰশ্ন কৰিলে।
"হঁ, চালু হয়না, জলদি-জলদি খায়দে বেটা।" - চাওনায় পুতেকক ক'লে।
দুয়োৰে ভাত খোৱা হৈযোৱাৰ পাছত। চাওনা কামলৈ বুলি পুনৰ পুতেকক লগত লৈ খগেনহঁতৰ বাগানলৈ গ'ল। ভিটামিন দৰব আগবেলা মাৰি শেষ হ'ল এতিয়া পুক মৰা দৰব মাৰিব লাগিব। এক ড্ৰাম, অৰ্থাৎ ২০০ লিটাৰ দৰব মাৰিলে, একটা হাজিৰা, ১২০/- টকা হয়, পিছবেলা এক ড্ৰাম্ দৰব মাৰিলে, দুটা হাজিৰা হ'ব। টকাৰ বহুত দৰকাৰ হৈছে। জিয় মোবাইল এখন কিনাৰ কথা ভবি থৈছিল। এমাহমান এনেকৈ কাম কৰি থাকিলে, সোনকালে তাৰ সপোন পূৰ হ'ব। এনেবোৰ চিন্তা থকাৰ কাৰনে হয়তো আপোন পাহৰা হৈ সন্ধিয়া ৫/৬ টা মানলৈকে খগেনহঁতৰ তাতে কাম কৰি থাকে। খগেনহঁতে চাওনাক নিজৰ ঘৰৰ সদস্য হিচাবে গণ্য কৰে।
এনেদৰেই চাওনাৰ সৰু সংসাৰখন সুন্দৰভাৱে আগবাঢ়ি আছিল। চাওনা সদায় পুতেকক খগেনহঁতৰ বাগানলৈ লগত লৈ যায়। জুনমাহ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ভাল সময়। অধিক চাহ উৎপাদন আৰম্ভ হয়। সেয়েহে কাম অলপ বেছি হয় আৰম্ভনিৰ তুলনাত। চাওনা যদি আজিৰ তাৰিখত কাম এৰিদিয়ে খগেন বিপদত পৰি যাব। এনেবোৰ কথা কেতিয়াও চাওনায় নাভাবে। চাওনাৰ মনত জিয় মোবাইলহে এতিয়া মনোবল হৈ আছে।
জুনমাহ হ'লে গাঁৱৰ পথাৰ, চাহ বাগানৰ নলা, পুখুৰী পনীৰে ভৰি থাকে। গাঁৱৰ খেতিয়ক সকল পথাৰ, কঠীয়াতলী শাক-পাচলি বাৰি হাল বায় ভাগৰি থাকে। ল'ৰা-ছোৱালী স্কুল-কলেজলৈ যায়। মহিলাসকল পাত চিঙিব যায়। কোনোবা বস্তীবাগান আকৌ কোনোবা কোম্পানী বাগান। বঢ়া-বুঢ়ী বয়সৰ বয়সস্থসকল ঘৰতে থাকে। প্ৰখৰ ৰ'দ। সোনকালে ভাগৰ লাগে। গাঁৱত থকা প্ৰথমিক স্কুলখন আজি-কালি দুটা বজাতে ছুটি হয়। সৰু ল'ৰা-ছোৱালীবোৰ স্কুলৰ পৰা আহি বাগানৰ নলাত বৰশী বাবলে যায়। চেঙেলী মাছ দুটামান পায় তাতেই সিহঁতৰ আনন্দ।
আনদিনাৰ দৰে চাওনা ব্যস্ত দৰব মৰাত। সৰু লৰা এজন দৌৰি আহি ক'লে-
"চাওনা কাকা, তদেৰ বাবু নালামে গিৰ যাহে!" চাওনা ল'ৰাজনৰ লগত দৌৰি গ'ল।
"কৌন নালামে?- ল'ৰাজনক শুদিলে।
ল'ৰাজন - "ডাঙ্গৰ নালামে।" ল'ৰাজনে ফেঁপায় উত্তৰ দিলে।
সচাঁ চাওনাৰ একমাত্ৰ ল'ৰা বাগানৰ সেই চাৰিফুট দ্ নলাত উপঙি আছে। চাওনা দৰব মৰা ড্ৰেছতে নলাত জাপ দিলে। মৰমৰ বাবুক দাঙি পানীৰ পৰা তুলি আনিলে। পেট পেলায় শুৱাই, পিঠিত হেঁছিলে সি, হয়তো পেটত থকা পানী ওলায় গলে, বাবু জীয়াই উঠে। কিন্তু! তেতিয়ালৈকে বহুত পলম হ'ল। মৰমৰ বাবু আৰু চাওনাক দিগদাৰ দিবলৈ এই পৃথিৱীত নাই। বাবু সদায় মাকক বিছাৰি আছিল! হয়তো আজি বাবু মাকক লগ পাব!
খগেনহঁতৰ সহায়ত বাবুৰ নস্বৰ ফুলকুমলীয়া দেহটিক ভূ-মাতৃৰ কোলাত অৰ্পণ কৰা হ'ল! চাওনাৰ মূৰত নিষ্ঠুৰ নিয়তিয়ে গভীৰ আঘাত দিলে।
চাওনা, বাবুৰ কথা ভাবি-ভাবিয়ে ভাবোক হৈ যায়! চাওনায় মানুহবোৰক কৈছিল যে সি পুণৰ বিয়া নকৰাব। বাবুক কোনোবা এখন ভাল স্কুলত ভৰ্তি কৰাব। বাবু ডাঙৰ মানুহ বনাব। বাবু, চাওনা আৰু ঘৈনিয়েকৰ মৰমৰ একমাত্ৰ চিন। খুন-পচিনা এক কৰি বাবুক মানুহ কৰিব।
চাওনা ৰ' লাগি মনে-মনে ঘৰৰ চুকত বহি তাৰ জীৱনত ঘটি যোৱা কথাবোৰ ভাবি আছিল । আজি তিনিদিন সি কামলৈও যোৱা নাই। খগেনহঁতৰ বাগানত চাওনাৰ লগত কাম কৰা লগৰ এজন চাওনাৰ খবৰ লবলৈ আহিল।
"চাওনা কন্ন খালে নাই? তিনদিনছে তৰ্ খবৰে নাইযে?"- লগৰজনে শুদিলে। কিন্তু চাওনাৰ মূখৰ পৰা এটাও শব্দ নোলাল।
..."লে তৰ ভৌজি থৰা ভাত দেই ভেজাহে তৰখাতিৰ, ঢেকীয়া ছাগ ভাজি, আৰ আলু চাটনি আহে, খায়দে,"- লগৰজনে সৰু বাচন এখনত পানী দিয়া ভাত আৰু সৰু বাটি এখনত আলু পিটিকা বাটিখন চাওনাফালে আগবঢ়ায় কলে। চাওনা পানী দিয়া ভাত আৰু আলু পিটিকা ছায়, চকুলো টুকি থাকি গ'ল।
মই, মানুহৰ মুখৰ পৰা শুনিব পালো। চাওনা পগলা হ'ল। তাৰ মানসিক ভাৰসাম্য নাইকীয়া হ'ল।
খাটি খোৱা সাধাৰণ মানুহৰ জীৱন গাঁথা। এনে কত চাওনাৰ কাহিনী অপ্ৰকাশিত হৈ ৰ'ল!! তাৰ কোনো হিচাব নাই।
কলমঃ শ্ৰী প্ৰবীণ ৰমেন ছামৰীয়া
( ভুল ত্ৰুটিবোৰ আঙুুলিয়াই দিয়ে যেন তাৰে কামনাৰে)