এখন গাঁৱত এহাল বুঢ়া-বুঢ়ী আছিল । সিহঁতৰ ল'ৰা-ছোৱালী নাছিল । এদিন বুঢ়াই হাল বাবলৈ পথাৰলৈ গ'ল । বুঢ়ীয়ে আলু, দাইল দি ধুনীয়াকৈ খিচিৰি ৰান্ধি বুঢ়াক জলপান দিবলৈ ওলাল ।পথাৰলৈ যোৱা বাটটোৰ মাজতে এখন হাবি আছিল । বুঢ়ী গৈ হাবি ডৰাৰ মাজ পালত , শিয়াল এটা ওলাই আহি ক'লে -- " নানী , এতনা ভাৰী বঝাটা লেইকে কাঁহা যাবি , দে মই তকে সহায় কৰে দিব ।'" ( আইতা ইমান গধুৰ বুজাটো লৈ ক'লৈ যাব । দিয়ক মই আপোনাক সহায় কৰি দিম ।)
বুঢ়ীয়ে জলপানৰ টোপোলাটো শিয়ালটোক দিলে । শিয়ালে বুঢ়ীক ক'লে --" নানী, ৰাস্তা-ঘাট পিছল তুই মৰ পুছড়ী ধৰে আছে থাক ।" ( আইতা , বাট- পথ পিছল । আপুনি মোৰ নেজ ডাল ধৰি আহি থাকক । ) বুঢ়ীয়ে তাকে কৰিলে ।
ইফালে শিয়ালে খিচিৰিৰ গোন্ধত ৰ'ব নোৱাৰি টোপোলাটো খুলি খিচিৰি খাই খাই গীত জুৰিলে --" হাম খাই খিচিৰি, তুই ধৰ পুছড়ী ।( মই খাওঁ খিচিৰি ,তুমি ধৰা নেজ । ) বুঢ়ীয়েও শিয়ালৰ গীতৰ লগত মূৰ দুপিয়াই গৈ গৈ হাবি ডৰাৰ ইমূৰ পালেগৈ ।
ইফালে খিচিৰি খাই শেষ কৰি বুঢ়ীক ক'লে---" নানী, ইহাঁসে তুই যাতেলে পাৰবি । হামাৰ খুব দৰকাৰী কাম একটা মনে পড়ল'।" ( আইতা , ইয়াৰ পৰা আপুনি যাবলৈ পাৰিব । মোৰ খুব দৰকাৰী কাম এটা মনত পৰিল ।" এই বুলি সি দৌৰ দিলে ।
বুঢ়ীয়ে জলপানৰ টোপোলাটো বুঢ়াক দি শিয়ালে গোৱা গীতটো গুণগুণাই গাবলৈ ধৰিলে --" হাম খাই খিচিৰি । তুই ধৰ পুছড়ী ।"
জলপানৰ টোপোলাটো খুলি একো নেদেখি বুঢ়াৰ খং উঠিল । বাটত বুঢ়ীয়ে গোটেইখিনি খিচিৰি খাই অহা বুলি ভাবি বুঢ়াই খঙত চিঞৰি উঠিল । তেতিয়াহে বুঢ়ীয়ে ধূৰ্ত শিয়ালৰ " হাম খাই খিচিৰি, তুই ধৰ পুছড়ী " গীতটিৰ অৰ্থ বুজি পালে ।
📝 ৰীতা গোৱালা