তেতিয়া হাতদুখন ঠিকেই আছিল । এদিন গাঁঠিৰ ধনমুঠি লৈ দেউতা বজাৰলৈ গৈ আছিল । গাঁৱৰ কেঁচা ৰাস্তাটো বৰষুণ পৰি পিছল হৈ আছিল । দেউতা খুপি খুপি গৈ আছিল । মানুহ এজনে দেউতাক আগভেটা দি সুধিলে ----
: ঐ বুৰী ( দেউতাক মানুহজনে বুৰী বুলি মাতিছিল ) ক'লৈ গৈছ ?
: বজাৰলৈ যাওঁ ( দেউতাৰ উত্তৰ)
: কিয় ?
: ল'ৰা- ছোৱালীকেইটাৰ কিতাপ আনিব লাগে
: লেবাৰৰ ল'ৰা- ছোৱালীয়ে কিতাপ পঢ়ে নেকি ? ব'ল ব'ল মোৰ ঘৰত খৰি ফালিবলগীয়া আছে ।
: নহয় ককাইদেউ । কিতাপখিনি আনি দিবই লাগিব । কিতাপ নথকাৰ বাবে ল'ৰা-ছোৱালীকেইটা পঢ়িব পৰা নাই ।
: হা হা হা । ভাল হঁহুৱালা । লেবাৰৰ ল'ৰা কিতাপ পঢ়ে হেনো ! ব' ল কৈছো নহয় । ব'ল । ঘৰত জুই ধৰিবলৈ বৰ অসুবিধা হৈছে । তোৰ বৌৱে বৰ কষ্ট পাইছে । ঢ়খৰিকেইডাল ফালি থৈ যা ।
: নাই কাইদেউ । মই ল'ৰা- ছোৱালী কেইটাক কিতাপখিনি আনি দিবই লাগিব ।
: লেবাৰৰ ল'ৰা কিতাপ পঢ়ি কি ডাল কৰিব ? তইতো মোৰ ঘৰতে কাম কৰি ডাঙৰ হলি । ( দেউতা মানুহজনৰ ঘৰত সৰুতে বন কৰা ল'ৰা হিচাপে কাম কৰিছিল হেনো )
সেইদিনাখন দেউতাই মানুহজনৰ কথা নুশুনিলে । কিতাপ আনি দাদাহঁতৰ হাতত তুলি দিছিল ।
সময় বোৱতী নৈ । ই কাৰোৰে বাবে ৰৈ নাথাকে । বিভিন্ন ঘটনা-পৰিঘটনাৰে আমাৰ জীৱন আগ বাঢ়ি গৈ থাকিল । এটা সময়ত এটি সুস্থ পৰ্যায়ত আহি আমি উপস্থিত হৈছিলো ।
হঠাৎ এদিন উক্ত মানুহজন আমাৰ ঘৰত আহি ওলাল । দেউতাই তাক হাঁহি মুখে সম্ভাষণ জনাই বহিবলৈ দিলে । মানুহজনে বহিল । কথা প্ৰসঙ্গত মানুহজনে ক'লে--
: বুৰী তোৰ ল' ৰা-ছোৱালীকেইটাতো মানুহ বনিল । এটা বাগানৰ অফিচত । এটা স্কুলত । এটা নাৰ্চ পঢ়ি আছে । তাইৰো হ'ব । মোৰ কেইটাহে একোডাল নহ'ল । তোৰ ল'ৰাটোৰটোৰ অঞ্চলটোত নাম আছে । সকলোৱেই চিনি পাই । ( ইতিমধ্যে দাদাই আমাৰ অঞ্চলটোত ভাল ফুটবল আৰু ক্ৰিকেট খেলুৱৈ হিচাপে জনাজাত হৈ পৰিছিল ।) গতিকে তাকে কৈ মেলি মোৰ ল'ৰা কেইটাকো বাগানত মূৰটো গুজিবলৈ সুবিধা কৰি দে চোন ।
দেউতাই দীঘলকৈ উশাহ এটা লৈ কৈছিল---
: হ'ব ককাইদেউ । মই ল'ৰাটোক কথাটো কৈ চাম । দেউতাই মনতে ভাৱিছিল হেনো -- এতিয়া বাগিচাত কাম বিচাৰি নিজৰ ল'ৰাটোকে লেবাৰ বনাবলৈ আহিছে । ( কাৰণ ইতিমধ্যে দেউতাই শিকি পেলাইছিল -- লেবাৰ মানে এটা জাতি নহয় । আনৰ তলত কাম কৰা মানুহকহে লেবাৰ বুলি কয় । )
দেউতাক হেনো কথাবোৰ নাটকৰ দৰে লাগিছিল । পিছত আমি দেউতাৰ মুখত বহু বাৰ শুনিছো -- লেবাৰৰ ল'ৰা হেনো কিতাপ নপঢ়ে । লেবাৰৰ ল'ৰা কিতাপ পঢ়ি কি ডাল কৰিব ? মানুহজনৰ এই তীক্ষ্ণ বাক্যবাণে দেউতাৰ মনটোক বৰ কষ্ট দিছিল বুলি ।

📝 ৰীতা গোৱালা