বাগিচাৰ লাইনৰ আলিবিলাক পকীকৰণ হ'ব । প্ৰায় এক কোটি টকাৰ আধাৰশীলাখন স্থাপন কৰি বিধায়ক গৰাকীয়ে পূৰ্ণিমাৰ পূৰ্ণ জোনৰ দৰে হাঁহিটো মাৰি ক'লে--ৰাইজ আপোনালোকৰ বহু দিনীয়া আশাটো পূৰ্ণ হ'বলৈ গৈ আছে । এই হ'লেই আৰু ধৰক । এইটো মাথো আলি নহয় । এগৰাকী মাতৃ-পিতৃৰ সপোন ,আশা,হেঁপাহ । আপোনাসবৰ সন্তানসকল বোকা-পানী নলগাকে স্কুললৈ যাব ।
বিধায়কৰ ভাষণ শুনি থকা মংগলু মাষ্টৰে বাগিচাৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনলৈ চাই পঠিয়ালে । জৰাজীৰ্ণ অৱস্থা । আন্ত: গাঁথনি বোলা বস্তুটোৱেই নাই । ইয়াতেই নেকি ! তেনেতো নহয় । আজি প্ৰায় দুশ বছৰেই বাগিচাৰ প্ৰাথমিক বিদ্যালয়বিলাক কাছৰ গতিৰেই চলি আছে । কিতাপ,বহী,শিক্ষক, বিদ্যালয়ৰ গৃহ এশ এবুৰি সমস্যা । এই গৰাকী বিধায়ককো সি কিমান বাৰ যে আবেদন কৰিছে বিদ্যালয়খনৰ সমস্যাবিলাকক লয় । নাই । আজিলৈকে দেখুন কুটা এগছিও বিদ্যালয়ৰ নামত নিদিলে । ঘৰত লাইটৰ পোহৰ আৰু ৰাস্তাটো পকা হ'লেই যেনিবা ! আৰু শিক্ষা ? শিক্ষা নহ'লে হ'বনে ? প্ৰাথমিক শিক্ষাটোকে উপযুক্ত ভাৱে আহৰণৰ পৰা বঞ্চিত হোৱা শিশুসকল
কিমান দূৰ আগুৱাই যাব পাৰিব ?
হঠাৎ । গাড়ীৰ দৰ্জা মৰা শব্দত মংগলু মাষ্টৰ বাস্তৱলৈ ঘূৰি আহিল । দেখিলে বিধায়কে গাড়ীত বহি দৰ্জা মাৰিছে । শব্দ কৰি গাড়ীখন তীব্ৰ বেগে গুচি গ'ল । এমুঠি ছাই বৰণীয়া পৰ্দাই জুমটোৰ মানুহবিলাকৰ চকু ঘেৰি ধৰিলে । সি নিজকে ক'লে--- পাতত পানী দি গুচি গ'ল ধূৰ্ত শিয়াল...
📝ৰীতা গোৱালা