অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ ষোড়শ প্ৰতিষ্ঠা দিৱস পালন

অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ ষোড়শ প্ৰতিষ্ঠা দিৱস যোৰহাট জিলা সমিতিৰ অতিথ্যত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত হয়। সভাৰ মূল পতাকা উত্তোলন কৰে সভাৰ  প্ৰতিষ্ঠাপক উপসভাপতি  লেখক সাহিত্যিক তথা অনুবাদক দেৱেন  তাছাই ।পতাকা উত্তোলন কৰি  সাহিত্য সভা গতিশীল ৰূপত আগবাঢ়ি যোৱাৰ কথা ব্যক্ত কৰে ।সভাৰ মূল পতাকা উত্তোলন কৰাৰ সমান্তৰাল কৈ পোন্ধৰ খন পতাকা উত্তোলন কৰে  সভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে  ৰাজ্য খনৰ কেইবা গৰাকী শিল্পী সাহিত্যিকে ।২০০৯ চনৰ ১৫ মাৰ্চ তাৰিখে যোৰহাটৰ জিলা লিচু বাৰীস্তিত উদ্যোগ বিকাশ সম্পদ কেন্দ্ৰত জন্ম লাভ কৰা   সাহিত্য সভাৰ জন্ম স্থানতে সভাৰ প্ৰতিষ্ঠা দিৱস পালন হোৱাত বৌদ্ধিক সমাজ উৎফুল্লিত হয় । সভাৰ স্মৃতি তৰ্পণ কৰে  সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক মাখন লাল বাঢ়ৈয়ে ।তেখেতে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰি সভাৰ প্ৰতিস্থাপক সভাপতি প্ৰয়াত গণেশ চন্দ্ৰ দেৱক সুঁৱৰি আমাৰ মাজৰ পৰা আঁতৰি যোৱা প্ৰয়াত প্ৰাক্তন প্ৰধান সম্পাদক উমেশ বৰাইক, পদুমী  গাজ লু ,আদি কৰা  কেইবা গৰাকী ব্যক্তিৰ অৱদানৰ বিষয়ে বক্তব্য আগবঢ়ায়।  সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ পদেন সদস্য  মানিকলাল মাহত্বৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ৰাজ্য খনৰ  বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মশ্ৰী  প্ৰহলাদ চন্দ্ৰ তাছা  মুখ্য অতিথি হিচাবে উপস্থিত থাকি সাৰুৱা ভাষণ আগবঢ়াই , কয় অসম চাহ জনগোষ্ঠী সাহিত্য সভাই  কেইবা খনো উল্লেখ যোগ্য পুথি  প্ৰকাশ কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে ।তাৰ লগে লগে পৰ্যালোচনামূলক  গ্ৰন্থ প্ৰকাশ, চাহ জনগোষ্ঠীয় কবি সাহিত্যিক সকলৰ  পৰিচয় গ্ৰন্থ প্ৰকাশ কৰা , সাহিত্যউৎসৱ অনুষ্ঠিত  কৰি নতুন প্ৰজন্মৰ মাজত নতুন জোৱাৰ আনিবলৈ পৰামৰ্শ আগবঢ়াই ।  প্ৰতিষ্ঠা দিৱসত  এগৰাকী উদীয়মান কন্ঠশিল্পী চুনমূন গন্ধ ই ভজন পৰিৱেশনৰে সকলোকে  আকৰ্ষিত কৰে । সভাৰ   উদেশ্য ব্যাখ্যা আগ বঢ়াই সভাৰ প্ৰধান সম্পাদক সঞ্জীৱ কৈৰীয়ে ।প্ৰতিষ্ঠা দিৱসত   সাংস্কৃতিক সম্পাদক ভদ্ৰ   ৰাজোৱাৰ য়ে মনৰ ভাৱ ব্যক্ত কৰি কয়  চাহ জনগোষ্ঠী য় মোখিক সাহিত্য সমূহক লিখিত ৰূপত আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তা ৰ  কথা উল্লেখ কৰে।  সাহিত্যিক পেঞ্চনাৰ হেমপ্ৰভা তাছা ই  ভাষণ আগবঢ়াই নৱ প্ৰজন্মক লৈ সাহিত্য সভাই কৰণীয় দিশ বোৰৰ পাতনি মেলে । প্ৰতিষ্ঠা দিৱসত সহকাৰী সম্পাদক পংকজ কালিন্দী, সুৰভি তাঁতী ,জিলাৰ সম্পাদক সোণেশ্বৰ গোৱলা, উপ সভাপতি সঞ্জয় কৃষ্ণ তাঁতী, কোষাধ্যক্ষ হৰিবোলা কালিন্দী,‌সাংগঠনিক সম্পাদক গোলোক কুৰ্মি, অজিত মাল , অঞ্জনা পাহাৰীয়া,   কাৰ্য্য নিৰ্বাহক সদস্য অৰুণ ৰাজোৱাৰ,বৰুণ ৰাজোৱাৰ, যোৰহাট  শাখাৰ প্ৰিয়ংকা প্ৰজা আদি কৰি যথেষ্ট সংখ্যক লোকৰ উপস্থিতত সভাৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয় ।
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post