অসমৰ আদিবাসী চাহ জনগোষ্ঠী লোকসকলৰ লোক-পৰম্পৰা উৎসৱ চহঁৰাই পৰৱ-লক্ষীৰাম কুৰ্মি

ভাৰতবৰ্ষৰ উত্তৰ পূৱ দিশত অৱস্থিত প্ৰাকৃতিক পৰিৱেশেৰে সমৃদ্ধিত আৰু সূৰ্য্য উঠা দেশ হিচাপে পৰিচিত একমাত্ৰ ৰাজ্যখনেই হল "অসম"। এই অসমভূমিত নদ- নদী, পৰ্বত- পাহাৰেৰে ভৰপূৰ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰে বিভিন্ন ধৰ্মৰ এক মিলনভূমি স্বৰূপ। অসমৰ বিভিন্ন জাতি জনজাতিসমূহৰ ভিতৰত আদিবাসী চাহ জনগোষ্ঠী লোকসকলৰ অৱদান অপৰিসীম।
 কৃষ্টি - সংস্কৃতি হৈছে একোটা জাতি তথা জনগোষ্ঠীৰ দাপোন স্বৰূপ। সংস্কৃতিয়ে একোটা জাতিৰ অস্তিত্বক বজাই ৰাখে। নিজৰ অস্তিত্বক বিৰ্সজন দি কোনো জাতি -জনগোষ্ঠীয়েই মৰ্যাদা অক্ষুণ্ণ ৰাখিব নোৱাৰে। অসমৰ প্ৰত্যেক জাতি-জনগোষ্ঠীলোকসকলে নিজৰ পৰম্পৰা সমূহ জীয়াই ৰাখিবলৈ চেষ্টা কৰি আহিছে। তাৰেই ভিতৰতে হৈছে আদিবাসী চাহ জনগোষ্ঠী লোকসকল। আদিবাসী চাহ জনগোষ্ঠী লোকসকল প্ৰকৃতিক পূজক। ঔপনিৱেশিক শোষণে জুৰুলা কৰা দৰিদ্ৰ, নিপিঢ়িত আদিবাসী চাহ জনগোষ্ঠী জনজীৱনতো লোক সংস্কৃতিৰ  ভঁৰাল চহকী হৈ আছে।

 সংস্কৃতিৰ সংজ্ঞা হিচাপে বিভিন্ন সময়ত বহু লেখকে  বিভিন্ন মত পোষণ কৰি আহিছে।
      ----
ড. নবীন চন্দ্ৰ শৰ্মাৰ মতে

“একেটা ক্ৰিয়াৰ বাৰম্বাৰ আচৰণ বা আবৃত্তিক কৰ্ষণ বা কৃষ্টি আখ্যা দিব পাৰি; আৰু এই কৃষ্টিক সংস্কাৰ কৰি লোৱাটোৰ নামেই সংস্কৃতি৷”

 বিশ্বনাৰায়ন শাস্ত্ৰীৰ মতে

“কৃষ্টি হ’ল এটা জাতিয়ে কৰা সকলো কামৰে সমষ্টি আৰু সংস্কৃতি হ’ল সেই জাতিৰ চিন্তা, কল্পনা আৰু কামৰ শ্ৰেষ্ঠ অংশখিনি৷ ইয়াৰ প্ৰভাৱ জাতিৰ মনত থাকি যায়৷ সেই প্ৰভাৱে জাতিৰ জাতীয় আদৰ্শ গঢ় দিয়ে, কামত অনুপ্ৰেৰণা দিয়ে৷”

অসমৰ আদিবাসী চাহ জনগোষ্ঠী লোকসকল কৃষিৰ কৰ্মৰ লগত জড়িত। কৃষি কৰ্ম আৰম্ভ কৰাৰ লগে লগে আদিবাসী চাহ জনগোষ্ঠী কৃষিজীৱি লোক সকলৰ মাজত কৃষিভিত্তিক উৎসৱ বা পৰৱ সমূহ আৰম্ভ হয়। তাৰেই ভিতৰত এটি অন্যতম প্ৰধান পৰৱ হ'ল -চহঁৰাই পৰৱ। চহৰাই পৰৱ হৈছে আদিবাসী চাহ জনগোষ্ঠী লোকসকলৰ গৰখীয়া জীৱনৰ সৈতে পোনপটীয়াভাৱে জড়িত এটি কৃষি উৎসৱ। 
কাতি মাহৰ কৃষ্ণা ত্ৰয়োদশী দিনাৰ পৰা অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে এই চহঁৰাই পৰৱ অতি ধুমধামেৰে আয়োজন কৰে। এই পৰৱৰ আয়োজন পোন্ধৰ দিনৰ আগৰেই পৰা আদিবাসী কৃষিজীৱ মানুহ সকলৰ মন আনন্দত মতলীয়া হৈ পৰে। সকলোৱে চহঁৰাই পৰৱক আদৰণি জনাবলৈ ব্যস্ত হৈ পৰে। কিছুৱে ঘৰৰ বেৰ মুছা ,ৱাল আদি ৰং দিয়া তথা ঘৰৰ চাৰিওফালে চাফ চিকুনতাৰ কাম আৰম্ভ কৰে। সেই কেইদিনমান গৰুৰ বাবে ঘাঁহ কাটে, ঘৰৰ চোতাল আৰু গোহালিখন পৰিস্কাৰ পৰিচ্ছন্ন কৰাৰ ব্যস্ততাত থাকে। কুড়মালি লোকসংস্কৃতিমতে কাতি মাহৰ কৃষ্ণ পক্ষৰ এয়োদশী দিনা গৰু ম'হৰ শিঙত সৰিয়হ তেল দিয়া আৰম্ভ কৰা হয়, চতুৰ্দশী দিনা ঘাউআ পৰৱ, অমাৱস্যা দিনা গাই জাগৰণ, প্ৰতিপদ দিনা গৰইয়া পূজা। চহঁৰাই বা গৰইয়া পৰৱ ৩ দিনৰ পৰা ৬ দিন পর্যন্ত উদযাপন বা পালন কৰা হয়। মূলতঃ গৰুক মান্যতা দি উৎসৱৰ ৩-৫ দিন আগৰ পৰাই গৰুৰ শিঙত মূৰত তেল লগাই সেৱা-শুশ্রষা কৰা হয়। শিঙত বা মূৰত তেল লগোৱা সময়ত গোৱা গীতবোৰ এনেধৰণৰ—
ক’না শিঙঘে ৰে বাৰদা
তেলা সেন্দুৰা লেবে হো।
ক’না শিঙঘে লেৱবে, মড়ৱইৰীৰে দাহিনা শিঙঘে ৰে বাৰদা তেলা সেন্দুৰা বাঁৱা।। শিঙঘে লেৱবে মড়ৱইৰ ৰে....

 শিং নথকা গাইজনীৰ হৈ গৃহস্থই দুখ প্ৰকাশ কৰি গীতো গায়।
ঝৰ্ ঝৰ্‌ কান্দেয়ে
মুড়লি হ'ত গইয়া (দয়া)
কনা শিঙঘ্ৰে লেৱতেই মড়ৱইৰ ৰে.....
এনেধৰণৰ মহত্বপূৰ্ণ গীত-মাতৰ মাধ্যমেৰে  চহঁৰাই পৰৱক আদৰে। এই উৎসৱৰ গীতবোৰ কাৰ্যসূচী অনুসৰি বেলেগ বেলেগ হোৱা দেখা যায়। যেনে- গৰুক তেল লগোৱা গীত, গৰু গা-ধুৱা গীত, গৰইয়া গীত, অমাৱস্যা ৰাতিৰ গোৱা অহিৰ গীত, চাচৰ গীত, মুঠতে  নেগ্‌ অনুযায়ী গীতৰ ঝংকাৰ শুনিবলৈ পোৱা যায়।
গৰইয়া পূজাৰ আগদিনা দীপাৱলী সন্ধিয়া পিঠাগুড়িৰ লাডু বনাই কেচা চাকি তৈয়াৰ কৰা হয়। ঘৰত যাতে কোনোধৰণৰ অপশক্তি প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে প্ৰত্যেক ঘৰৰ দুৱাৰমুখত, বাৰীত, কুঁৱা বা দমকল পাৰত পিঠাগুড়িৰে বনোৱা কেচা চাকি ঘিৰে জ্বলাই। জ্বলোৱা পিঠাগুড়ি চাকি নুমাৱাই যোৱা পাছত আকৌ লগত লৈ আনে। লোকবিশ্বাস আছে যে চাকি বনোৱা পিঠাগুড়িৰ পিঠা খালে দাঁত বহু দিনলৈ মজবুত হৈ থাকে। এই পৰ্বৰ পিছতহে ঘৰত মিঠাতেলৰ পকা চাকি গোহালিঘৰৰ লগতে গোটেই কেইটা কোঠা ওৰেনিশা পোহৰাই ৰখা হয় আৰু উজাগৰি নিশা পাৰ কৰে। লোকবিশ্বাস আছে যে সেই নিশাটো হেনো গৃহস্থৰ ঘৰে ঘৰে লক্ষী দেৱীৰ আগমন হয়, সেয়ে যি ঘৰত চাকি-বন্তি নজ্বলে সেই ঘৰত হেনো দেৱীয়ে প্ৰৱেশ নকৰে। ফলস্বৰূপে গৃহস্থ ঘৰত অভাৱ-অনাটনে দেখা দিব পাৰে। সেই ৰাতিটো বুঢ়া,  ডেকা ল'ৰা, ঢোল-মাদল লৈ গৃহস্থৰ ঘৰে ঘৰে ফুৰি অহিৰা গীত গায়।‌ 
 এনেধৰণৰ -
"অহিৰে খজ খজতে আলি 
পুচ্ছ পুচ্ছতে আলি বাবু হ'
 অহিৰাকে ঘৰ কতি দূৰে।
 ক'না হেকে ফালনাকে ঘৰাৰে
ফালনাকে ঘৰে ভালা
তুলসী কা পীড়াঁ হ'
ওপৰতে উড়ে ৰাজা হাসা ৰে।।.....

✍️লক্ষীৰাম কুৰ্মি 
৬০০০৫১২৫৪৫
(শাওঁতলী চাহ বাগিচা, গোলাঘাট অসম)
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post