জালান নগৰ চাহ বাগিচাৰ ডা° প্ৰভাকৰ দাসলৈ লালমোহন গোৱালা সমাজ সেৱা বঁটা

ডাঃ প্ৰভাকৰ দাস দেৱে আদিবাসী তথা চাহ জনগোষ্ঠীৰ লোকসকৰ মাজত স্বাস্থ্য আৰু শিক্ষাৰ দিশত সজাগ ও সচেতন কৰাৰ লক্ষ্যৰে -"শিক্ষা আৰু স্বাস্থ্য-গাঁৱে গাঁৱে, ঘৰে ঘৰে" নামেৰে সজাগতাৰ এক মহান আন্দোলন গঢ়ি প্ৰায় পঞ্চাশ খনতকৈয়ো অধিক চাহ বাগিচা, গাঁৱ আদিত  গৈ বিগত ছয় বছৰ ধৰি ব্যক্তিগত ভাৱে চেষ্টা অব্যাহত ৰাখিছে । যাৰ বাবে তেওঁক শেহতীয়াকৈ অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ ৪ৰ্থ দ্বি বাৰ্ষিক অধিৱেশন-২০২২ ত "লালমোহন গোৱালা সোঁৱৰণী সমাজ সেৱা বঁটা" ৰে সন্মানিত কৰা হয় । ডা° প্ৰভাকৰ দাস(তাঁতী) ৰ মাতৃৰ নাম শ্ৰীমতী অঞ্জলি ওৰাং আৰু পিতৃ প্ৰয়াত ঘনশ্যাম দাস (তাঁতী) । জন্ম ঠিকনা শ্ৰমিক কোৱাৰ্টাৰ নং 49B, জালান নগৰ চাহ বাগিচা(আলোবাৰী) , ডিব্ৰুগড়
কৰ্ম - লেব ডিৰেক্টৰ, আৰোগ্যম দাইগনষ্টিকছ, শিৱসাগৰ।
🔳তেওঁৰ সামাজিক কৰ্মৰাজি -
১) প্ৰত্যেক শনিবাৰে ব্যক্তিগত  চেম্বাৰত দুখীয়া ৰোগীৰ বাবে  বিনামূলীয়া চিকিৎসা সেৱা।
২)  শিক্ষা আৰু স্বাস্থ্য গাঁৱে গাঁৱে, ঘৰে ঘৰে সজাগতা সভা। বৰ্তমান  অসমৰ পঞ্চাশ খনতকৈয়ো  অধিক চাহ বাগিচা আৰু গাঁওত এই সজাগতাৰ আন্দোলন বিগত ছয় বছৰ ধৰি অব্যাহত ৰাখিছে ।
কাব্য ৰচনা - আৰোহণ কাব্য পুথি
বঁটা - লালমোহন গোৱালা সোঁৱৰণী সমাজ সেৱা বঁটা ।

শেষত নিজৰ জনগোষ্ঠীৰ বাবে অজস্ৰ ত্যাগ কৰি নিষ্ঠা সহকাৰে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা এইগৰাকী মহান ব্যক্তিক  ইঞ্জৰ ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ । ডাঃ প্ৰভাকৰ দাসৰ কৰ্মৰাজি সমাজৰ বাবে তথা উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ হওক তাৰে কামনা কৰিলোঁ ।
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post