জিতেন আৰু আলমনি কুৰ্মিলৈ "চম্পা -ছবিৰাম তাঁতী প্ৰেৰণা বঁটা"

ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ কঠিয়াতলী হৈছে ঘৰখন, আৰু আদি শিক্ষা গুৰু হৈছে পিতৃ মাতৃ। প্ৰতিগৰাকী পিতৃ মাতৃৰ দৰেই চাহ জনগোষ্ঠীৰ পিতৃ- মাতৃ সকলেও সন্তানৰ ভৱিষ্যতকলৈ সপোন দেখে। কিন্তু সামাজিক পৰিৱেশ, আৰ্থিক অনাটনৰ কাৰণে সপোন, সপোন হৈয়ে থাকি যায়।  কিন্তু এনে প্ৰতিকুল পৰিৱেশ আৰু পৰিস্তিতিকো প্ৰত্যাহ্বান জনাই কিছু সংখ্যক পিতৃ- মাতৃয়ে  সন্তানৰ  ভৱিষ্যত জীৱনৰ প্ৰতি দায়িত্বশীল হৈ পৰিশ্ৰম আৰু কষ্টক জীৱনৰ আধাৰ কৰি সমাজত এক সুকীয়া দৃষ্টান্ত প্ৰতিষ্ঠা কৰিছে। এইসকল নমস্য পিতৃ মাতৃৰ একোজনক  সামাজিক ভাৱে শ্ৰদ্ধা জনোৱা আৰু স্বীকৃতি প্ৰদান কৰাৰ অৰ্থে গড়গাঁও কলেজৰ সহকাৰী অধ্যাপক সন্মানীয় শ্ৰীযুত অনিল তাঁতী দেৱে তেখেতৰ প্ৰয়াত মাতৃ চম্পা তাঁতী আৰু পিতৃ ছবিৰাম তাঁতীৰ  পৱিত্ৰ স্মৃতিত "চম্পা-ছবিৰাম তাঁতী প্ৰেৰণা বঁটা" নামেৰে এটি বিশেষ তাৎপৰ্যপূৰ্ণ বঁটা নিজস্ব ভাৱে প্ৰদান কৰাৰ যি পদক্ষেপ লৈছে সেয়া সচাঁকৈয়ে আদৰণীয়। 

 এই মহৎ উদ্দ্যেশ্যৰ সফল ৰূপায়নৰ বাবে  আত্মাৰাম কুমাৰ, ৰমাকান্ত ভক্ত, ভদ্ৰ ৰাজোৱাৰ আৰু  জিতৰাম তাঁতীক‌ লৈ গঠিত নিৰ্ব্বাচক মণ্ডলীয়ে পিতৃ মাতৃৰ অদম্য হেঁপাহ আৰু সশ্ৰম আশীষ লাভ ‌ কৰি নিজ অধ্যৱসায় আৰু ঐকানন্তিক প্ৰচেষ্টাৰ যোগে সমাজত  নজিৰ স্থাপন কৰি নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একালৰ শ্ৰেষ্ঠ স্নাতক, বৰ্তমান এ, চি, এচ বিষয়া ৰূপে কাৰ্য্যনিৰ্বাহ কৰা  সন্মানীয়া শ্ৰীযুতা দীপাৱলী কুৰ্মিৰ পিতৃ মাতৃ শ্ৰীযুত জীতেন কুৰ্মি আৰু শ্ৰীযুতা  আলমনি কুৰ্মিক প্ৰথম বাৰ্ষিক "চম্পা -ছবিৰাম তাঁতী বটাঁ" প্ৰদানৰ সিদ্ধান্ত লয়। আৰু ইংৰাজী ১৮,১৯ আৰু ২০ নৱেম্বৰ ২০২২ তাৰিখে নাজিৰা স্থিত মেকিপুৰ চাহ বাগিচা খেল‌ পথাৰত আয়োজিত অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ চতুৰ্থ দ্বি- বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন স্থলীত শ্ৰীযুত জীতেন কুৰ্মি আৰু শ্ৰীযুতা  আলমনি কুৰ্মিক এই বঁটা প্ৰদান কৰা হয় ।
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post