যথা সম্ভৱ যিমান দূৰ মনত আছে মই নৱম শ্ৰেণীত পঢ়ি আছিলোঁ । সেই সময়ত যেতিয়া বতাহ ধুমুহা আহে ,ধুমুহা পাৰ হৈ যোৱা পিছত বাগিচা লাইনৰ ধুমুহাৰে ঘৰ ভঙা মানুহ কেইজনৰ বাদে প্ৰায় সকলো মানুহ বিলাক আনন্দত বিভোল হৈ পৰিছিল। আপোনালোকে আচৰিত হৈছে কিজানি ধুমুহা পাৰ হৈ যোৱা পিছত মানুহ বিলাকে আনন্দিত হৈ পৰিছিল কিয় বুলি ।তাৰ বিশেষ কাৰণ আছিল সেই সময়ত বাগিচাৰ এশ শতাংশ মানুহৰ ঘৰত খৰিৰে ভাত সিজাইছিল আৰু সেই বাবে প্ৰত্যেক জন মানুহৰ ঘৰত খৰিৰ বিশেষ দৰকাৰ হৈছিল । সাধাৰণতে বাগিচাৰ মানুহ বিলাকে বাগিচাৰ পৰা এটুকুৰা দুটুকুৰা কৈ শুকান খৰি আনি ঘৰত প্ৰায় প্ৰত্যেক দিনেই যোগান ধৰিছিল আৰু কিছুমানে খৰালি সময়ত চাহ গছ কলম কৰা পিছত চাহ গছৰ পৰা ওলোৱা খৰি বিলাক গোটাই থৈছিল ।
মাজে সময়ে শুনিবলৈ পাইছিলোঁ যে বহু বাগিচাত খৰিৰ বাবে চাহ বাগিচাৰ শিৰীষ গছ কাটি থাকোতে ধৰা পৰি বহু শ্ৰমিক বাগিচাৰ চকিদাৰৰ পৰা মাৰ খাইছিল আৰু কিছু কিছু বাগিচাত বাগিচাৰ মালিক বা মেনেজাৰ জনেও নিজৰ চোতালৰ খুটাত বান্ধি পিটাৰো খবৰ সেই সময়ত ওলাইছিল ।
ধুমুহা বতাহত চাহ বাগিচাৰ বহু শিৰীষ গছ উঘালি পৰিছিল আৰু বাগিচাৰ শ্ৰমিক বিলাকে সেই উঘালি পৰা গছ বিলাকক কাটি আনি ঘৰত খৰি ৰূপে ব্যৱহাৰ কৰিছিল । সেই সময়ত চাহ বাগিচা বিলাকত খৰিৰ চাহিদা যথেষ্ট আছিল । ধুমুহা অহা ৰাতিৰ পাছত বাগিচাৰ মানুহ বিলাকে দোকমোকালি পুৱাতে মেনেজাৰ সাৰ নোপোৱাৰ আগতে দলে দলে ওলাই চাহ বাগিচাত পৰি থকা শিৰীষ গছ বিলাকক আনিবলৈ গৈছিল আৰু লাইনৰ পৰা এনেদৰে দলে দলে খৰি আনিবলৈ যোৱা সেই কাৰ্য আনন্দদায়ক আছিল । মইও চাহ শ্ৰমিকৰ ল'ৰা যেতিয়া মোৰ পৰাও সেই ঘটনা / কামবোৰ ব্যতিক্ৰম নাছিল । কিন্তু সেই তাতো বাগিচাৰ মালিক পক্ষ বা মেনেজাৰৰ আপত্তি আছিল । মেনেজাৰৰ অনুমতিৰ অবিহনে সেই পৰি থকা গছ জোপাও কোনোৱে কাটিব নোৱাৰে । মেনেজাৰে যদি কেনেবাকৈ পৰি থকা গছ জোপা কাটিবলৈ দেখে তাৰ ওপৰত বিশেষ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিছিল । কিন্তু পৰি থকা গছ জোপা কিয় কাটিব দিয়া নাছিল আজি পৰ্যন্ত মোৰ বাবে ই এক নুবুজা সাঁথৰ হৈ থাকিল ।
ঘূৰি আহিছোঁ আচল ঘটনাটো লৈ….
মই নৱম শ্ৰেণীত পঢ়ি থাকোতে এবাৰ ধুমহা আহিছিল । প্ৰতিবাৰৰ দৰেই আমি দোকমোকালি ৰাতিপুৱাতে হাতত নগা দা লৈ ওলাই যাও খৰি আনিবলৈ । আমাৰ বাগিচাৰ ১ নং চেকচন বগানত বহু কেইটা শিৰীষ গছ পৰিছে । সকলোৱে অলপ দূৰে দূৰে পৰি থকা গছ এটা এটা কৈ বাছি লৈ অকলশৰীয়াকৈ কাটিবলে লৈছে । ১ নং চেকচন বগানৰ মাজেদি নামতোলা বাগিচাৰ পৰা মঞ্জুশ্ৰী বাগিচালৈ যোৱা ৰাস্তাৰ আনুমানিক প্ৰায় ২০ মিটাৰ মান আঁতৰত এজোপা শিৰীষ গছ পৰি থকা পাই মই অকলে তাতে গছ জোপাৰ ডাল এটা দা'ৰে কাটি আছোঁ , "ঠাও ঠাও ঠাও ঠাও " ।
ঠিক সেই সময়তে দুৰ্ভাগ্যক্ৰমে আমাৰ বাগিচাৰ চাহাব তেওঁৰ Yamaha RX100 বাইক খন লৈ আহি পালেই নহয় । তেওঁ বৰ সাহসী আৰু অলপ দাদাগীৰি টাইপৰ মেনেজাৰ আছিল । প্ৰায় ৬ ফুট ওখ চাহাব জনৰ মাত বহুত ডাঙৰ আছিল । তেওঁক দেখিলে বাগিচাৰ শ্ৰমিক ,চৰদাৰ , বাবু সকলোৱে ভয়ত কঁপিছিল । তেওঁৰ এটা চিঞৰত বহুতে পলাই পটং দিছিল ।
পৰি থকা গছ জোপা কাটি থকা দেখি তেওঁ মোক উদ্দেশ্যি ডাঙৰ ডাঙৰ মাতেৰে চিঞৰিবলৈ ধৰিলে -
" ভা'গ ভা'গ , বাপ কা মাল মিলা হে ক্যা , পেড় গীৰনা দেখা কি নেহী চ্যোৰি কৰনে আ গ্যায়ে , বাপ কা মাল চমজা হে ক্যা , কাটনে আ গ্যায়ে হে , ভা"গ অভি ভা'গ " আৰু নানা ধৰণৰ গালি দি চিঞৰি আছিল ।
মোৰ মতে মোৰ কোনো ভুল নাছিল ।
সেই বাবে মই নিজৰ ধুনত পৰি থকা গছ জোপা কাটিয়েই আছিলোঁ । প্ৰায় পাঁচ - ছয় মিনিট মান তাৰ গালি শুনি শুনি অতিষ্ঠ হৈ শেষত অসহ্য হৈ থিৰাং কৰিলোঁ চাহাব জনক ওচৰত গৈ উচিত জবাব দিম বুলি । তেওঁ ৰাস্তাত আছিল মানে মোতকৈ প্ৰায় ২০ মিটাৰ মান দূৰত । মই নগা দা খন হাতত লৈ চাহাব জনৰ ফালে এখোজ দুখোজ কৈ আগ বাঢ়ি গৈ আছোঁ আৰু মনে মনে ভাবিছোঁ যে তেওঁক ওচৰত গৈ কম ...
" আপুনি যি ৰেচন দিয়ে সেই আটা চাউল আমি নিসিজাই কেঁচাই কেঁচাই খাম নে কি ? খৰি নাথাকিলে আমি কেনেদৰে ভাত সিজাম ? আপুনি খাব পৰিব নে কেঁচা চাউল , কেঁচা আটা ?
ধুমুহাত পৰি থকা গছ জোপা হে কাটি আছোঁ, থিয় হৈ থকা গছ কটা নাই নহয় । "
এনেবোৰ প্ৰশ্ন বিলাক সুধিম বুলি ভাবি ভাবি মই চাহাব জনৰ ফালে প্ৰায় আধা বাট গৈ পাইছিলো হে তেতিয়াই দেখো যে চাহাব জন হঠাৎ মটৰ চাইকেল ষ্টাৰ্ট কৰি তাৰ পৰা গুছি যায় । তেওঁক ওচৰৰ পৰা সুধিম বুলি ভাবি থোৱা কথা বিলাক মনতে থাকি যায় । তেওঁ ভাবিছিল চাগে তেওঁৰ চিঞৰ শুনি অন্যৰ দৰে মইও পলাই যাম বুলি কিন্তু তাৰ ওলোটা মোক তেওঁৰ ফালে এনেদৰে গৈ থকা দেখি তেওঁ নিজে ভয় খাই পলালে যেন হে লাগিল ।
সেই জীৱন সংগ্ৰামৰ স্মৃতি বিলাক আজিও মাজে সময় মনত ৰিঙীয়াই ।
সঁচাকৈ এটা সময়ত চাহ বাগিচাত বসবাস কৰাটো বৰ কঠিন আছিল । ব্ৰিটিছ নাছিল যদিও একচাম মালিক /মেনেজাৰ বিলাকে বহু বাগিচাত ব্ৰিটিছৰ দৰেই শাসন চলাইছিল । আজি কিন্তু বহু পৰিৱৰ্তন হৈছে ।আমাৰ জনগোষ্ঠীৰ বহু ল'ৰা ছোৱালী বিলাকে শিক্ষিত হৈ আহিছে আৰু লাহে লাহে বাগিচা বিলাকতো গাঁৱৰ দৰে জীয়াই থকাৰ সুস্থিৰ পৰিৱেশ গঢ় লৈ উঠিছে ।
মই ভাবো চাহ বাগিচা বিলাকত শ্ৰমিক বিলাকৰ জীৱন যাপনৰ মানদণ্ড সাধাৰণ বা উন্নত লৈ ৰূপান্তৰিত কৰাৰ এক মাত্ৰ আহিলা হৈছে শিক্ষা । আমাৰ মানুহ বিলাকে শিক্ষিত হৈ উঠিলে সকলো ঠিক হ'ব বুলি আশা পোহি ৰখাৰ বাদে আমাৰ অন্য কোনো উপায় নাই । সেইহে সমাজৰ সচেতন ব্যক্তি সকলক , শিক্ষিত যুৱক যুৱতী সকলক আৰু সমাজৰ শক্তিশালী ছাত্ৰ সন্থা দুয়োটাকে অনুৰোধ জনাও যে আমাৰ মানুহ খিনিক শিক্ষিত কৰাৰ উদ্দেশ্যক প্ৰাধান্য দিয়ে যেন।
যাতে আমিও অসমত বসবাস কৰা অন্য সমাজৰ দৰে সুস্থ ,সবল আৰু শিক্ষিত হৈ সন্মানসহ সাধাৰণ ভাবে জীৱন যাপন কৰিব পাৰোঁ ।
সকলোৱে যদি চেষ্টা কৰোঁ এই ভাল সময় সোনকালে আহিব বুলি আশাবাদী….
আমাৰ সামাজিক জীৱনতো আঁহক এনে এক ধুমুহা ।শিক্ষাৰ ধুমুহা যাৰ বতাহে উৰুৱাই লৈ যাওক ঘৃণা , দুখ আৰু অন্ধবিশ্বাসৰ শিপা ।
▪️ধৰম পানিকা
সোণাৰি (চৰাইদেউ)