"তুলসীৰ তলে তলে মৃগ পহু চৰে----" কাতি বিহুত ঘৰে ঘৰে তুলসী গছৰ তলত আৰু ধাননি পথাৰত চাকি বন্তি জ্বলাই লক্ষী দেৱীক সেৱা কৰা এক আধ্যাত্মিক লোক পৰম্পৰা অসমত প্ৰচলিত আছে।ধাননি পথাৰত যাতে কোনো অপকাৰী কীট পতংগই ধানবোৰ নষ্ট নকৰে তাৰবাবে চাকি বন্তি জ্বলাই গোটেই পথাৰখন পোহৰাই তুলা হয়।তুলসী তলত চাকি বন্তি জ্বলোৱা হয়।
ভাৰতৰ আদিম নিবাসী আদিবাসীৰ বংশধৰ অসমৰ আদিবাসী চাহ শ্ৰমিক লোকৰ মাজতো তুলসী গছৰ তলত চাকি বন্তি জ্বলোৱাৰ এক পাৰম্পৰিক নিয়ম ভাৰতৰ আদিম কৃষি সভ্যতা সৃষ্টিৰ আৰম্ভণিৰ দিনৰে পৰা প্ৰচলিত আছে বুলি ধাৰণা হয়।আদিবাসীৰ প্ৰতিটো পূজা পাৰ্বণ আদিত তুলসীৰ ব্যৱহাৰ অত্যাৱশ্যক ।কুড়মালী লোকসংস্কৃতিত তুলসী থান বা তুলসী পিঢ়হাৰ বিশেষ মহত্ব পৰিলক্ষিত হয়।তুলসী পিঢ়হা(তুলসী থান)ত আদিবাসী সংস্কৃতিৰ লগতে কুড়মালী লোকসংস্কৃতিমতে বিভিন্ন আদিম নিবাসী কৃষিজীৱি হড় মিতানলোকে (কুড়মি,ৰাজৱাৰ,পান,গোৱালা,তেলী,কুমাৰ---আদি) বিভিন্ন পূজা পাৰ্বণ কৰে আনকি সেই স্থানত বলিবিধান কৰাৰো এক লোকপৰম্পৰা দেখা যায়।আদিবাসীলোকৰ লোকউৎসৱ সহৰাই পৰৱৰ সহৰাই বা অহিৰা গীতত তুলসী পিঢ়হাৰ বিশেষ চৰ্চা আছে।তলত কুড়মালি সহৰাই গীত এটি আগবঢ়ালো-
"অহিৰে খজঅ খজঅতে
আউলি পুছঅ পুছঅতে
হাউলি বাবু হউ,
অহিৰাকা ঘাৰ কতি দুৰে হউ,
অহিৰাকা আঁগনামে
তুলসি কা পিঢ়হা হউ,
উপৰে তঅ উড়েই ৰাজা হাঁসা হউ"।
তুলসী গছ,পাত আৰু ফুলৰ বিশেষ বৈজ্ঞানীক মহত্ব আছে।
আহিন মাহৰ সংক্ৰান্তি দিনা আদিবাসী লোকে "জিলহুড় পৰৱ" পালন কৰে ।আদিবাসী কৃষিজীৱি লোকে উক্ত দিনা খৰিয়ানত বিশেষ আৰাধ্য অপদেৱতাক পূজা কৰে ।জিলহুড় শব্দৰ কুড়মালি অৰ্থ হৈছে জিল+হুড়=জিলহুড় অৰ্থাৎ জিল শব্দটো জিন পৰ্যায়বাচিক হয়।জিন শব্দৰ অৰ্থ চৰভুত বা অপদেৱতা।হুড় শব্দৰ অৰ্থ বিতাড়ন তথা বিদাৰণ কৰা।জিলহুড় শব্দৰ অৰ্থ চুৰভুত বা অপদেৱতাক বিতাড়ন কৰা।ধান পকাৰ পিছত যাতে কোনো অপদেৱতাই নষ্ট নকৰে তথা কুদৰা,চৰদেৱা আদি চুৰভুতে লৈ নাযায় তাৰবাবে খৰিয়ানত বিশেষ পূজা অৰ্চনা কৰা হয়।এই পৰম্পৰা আদিম নিবাসী আদিবাসী কৃষিজীৱিলোকৰ লোকবিশ্বাসৰ মাজতে বৰ্তি আছে।