যোৱা ২ জুন, ২০২১ তাৰিখৰ 'দৈনিক জনমভূমি' কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰি এটাত অসমৰ চাহ জনগোষ্ঠীৰ (আদিবাসী পৰিচয় সমন্বিতে) লোকসকলক "কুলী" নামেৰে পৰিচয় দি বাতৰি এটা পৰিৱেশন কৰা হৈছে। বাতৰিটোৰ বিষয়বস্তু অন্য হ'লেও, অযথা কাৰণত অসমৰ চাহ জনগোষ্ঠী-আদিবাসী লোকসকলক কাকতখনে এক বৰ্ণবাদী ধাৰণাৰে অসমৰ এই লোকসকলক অৱজ্ঞাসূচক (derogatory) 'কুলী' বুলি পৰিচয় দিয়াটো এক উদ্দেশ্য প্ৰণোদিত কথা যেনহে ধাৰণা হৈছে।
"কুলী" শব্দটোৰ উৎস সম্পৰ্কত জনা যায় যে এই শব্দটো ইংৰাজী অভিধানত তুৰ্কী ভাষাৰ বন্দীক বুজোৱা 'কুলী' শব্দ তাৰ মূল বুলি জনা যায়। ১৮৪৩ চনত সমগ্ৰ পৃথিৱীতে দাস প্ৰথা ৰহিত হৈছিল। ভাৰতৰ ইংৰাজ ঔপনিৱেশিক শাসনৰ কালচোৱাত ঔপনিৱেশিক সাম্ৰাজ্যবাদী ইংৰাজ সকলে অসমৰ চাহ বাগিচাত কাম কৰোৱাবলৈ নানা আইনৰ (Act) জৰিয়তে অসমলৈ লৈ অনা লোক সকলৰ ক্ষেত্ৰত তেনে দাসত্ব আৰু বৰ্ণবাদী নিকৃষ্ট চিন্তাৰ মানসিকতাৰেই "কুলী" শব্দৰ ব্যৱহাৰ কৰিছিল।
তাৰ প্ৰতিফলন দেখা গৈছিল ১৮৮৬ চনৰ ডিচেম্বৰ মাহত হৰনাৰায়ণ বৰাৰ সম্পাদনাত প্ৰকাশিত বলিনাৰায়ণ বৰাই লেখা 'চাহ বাগিছাৰ কুলি' শীৰ্ষক প্ৰৱন্ধত। এই লেখাত তেখেতে লিখিছিল এনেদৰে--"বাগিছার কুলি কি জন্তু, কেনেকৈ থাকে, পাঠক শুনা। গার বরণ যার আঁওসি নিশাতকৈও কলা, দাঁতবোর যার পিঠাগুরিতকৈও বগা, ঘরত যার ময়না, গাহরি, কুকুর, হাটত (?) যার রামধেনুর সাত বরনীয়া সারি, হাটত যার দের হতীয়া বোল দিয়া বিলাতী ছাতা, আরু চাহ গছর মাজত যার হাতত কোর, কাছি, পাছি, এনে হেন মানবাকৃতিকে কুলি বুলিলে বুলিব পারি।"
এই লেখাৰ প্ৰতিবাদকল্পে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই "মৌ"ৰ পাততেই এনে বৰ্ণবাদী লেখাৰ প্ৰতিবাদ কৰি লেখা লিখিছিল আৰু বিতৰ্ক চলাইছিল। এয়া প্ৰায় ১৩৪ বছৰ আগৰ কথা। অসমৰ সমাজ সচেতন লোকসকলে এই বাবেই আচৰিত হ'বলগীয়া হয় যে শত বছৰ পাচতো এই বৰ্ণবাদী নিকৃষ্ট চিন্তাসমূহৰ মষিমূৰ ন'হল, যাৰ অৱশেষ আজিৰ একবিংশ শতিকাৰ অসমতো এচাম মানুহৰ মনত প্ৰবাহিত হৈ আছে। অসমৰ সমাজ জীৱনত তথা সমাজ গঠনত এইবোৰ এক ঋণাত্মক কাৰক। ইংৰাজ সকলে অসমত সৃষ্টি কৰি থৈ যোৱা এই "কুলী" শব্দৰে এচাম মানুহক পৰিচয় দিয়া পৰ্বটোত এক বৰ্ণবাদী আৰু বিভাজনমুখী চিন্তাৰেই অসমত প্ৰোথিত হৈছিল। যাৰ ফলত আজিকোপতি এই চাহ বাগিচাৰ মানুহখিনিক তেনে নামেৰেই এচাম মানুহে পৰিচয় দিব বিচাৰে, যাৰ মাজত লুকাই আছে এক বৰ্ণবাদী আৰু বিভাজনমুখী চিন্তা-ধাৰণা।
যি ইংৰাজ সকলে এই শব্দ বা পৰিচয় ব্যৱহাৰ কৰিছিল, তেওঁলোকৰ মনতো তাহানিৰ দাস প্ৰথাৰ দিনৰ "দাস প্ৰভূ"ৰ বৰ্ণবাদী আৰু জাতিদম্ভৰ মানসিকতা লুকাই আছিল।
সেই ইংৰাজ সকলৰেই কিছুমানে আকৌ ১৯২৯-চনত আৰম্ভ কৰা Royal Commission on Labour in Indiaৰ সাক্ষ্যদানৰ সময়ত চাহ কোম্পানীসমূহৰ কৰ্তৃপক্ষক you should completely eliminate the term 'coolie' from your literature and ordinary use বুলিও পৰামৰ্শ দিছিল।
১৯২৯-৩০ চনৰ ৰয়েল কমিচনৰ সদস্যা মিচ পাৱাৰে (Very Millicent or Power Power) 'কুলী' শব্দ সম্বন্ধে ১৯৩০ চনৰ ১৭ জানুৱাৰীত Indian Tea Association, Calcutta ৰ প্ৰতিনিধি হিচাবে চেয়াৰমেন Mr. J. Insch, MLC আৰু ভাইচ চেয়াৰমেন Mr. T. C. Crawford ক প্ৰশ্ন কৰিছিল এনেদৰে [E-3929] -- Do you feel that the industry (tea industry) might gain by giving it's trained workers some term which convey a higher status them that implied by the expression "Coolie" ?
এই প্ৰসঙ্গত এই কমিচনৰ চেয়াৰমেন John Henry Whitley য়ে পৰামৰ্শ আগবঢ়াইছিল এনেধৰণে; যিখিনি কথা অসমৰ সকলো সচেতন আৰু সমাজপ্ৰিয় মানুহৰ বাবে প্ৰণিধানযোগ্য। তেখেতে কৈছিল [E--3930] -- On that point we were distinctly informed that one reason, perhaps the main reason, why the Assamese do not freely offer themselves for work in the tea garden when they need employment was because they regarded themselves as being higher in status than a cookie and that if some other name such as the tea garden labourer were inversely used to described the workers in a tea garden, that might remove the prejudice of the Assamese, and you might avenues of appointment open to the Assamese villages in the neighbourhood who, I understand, are in some cases much worse off than the workers on the tea garden. That is only an additional point to the point raised by Miss Power. It does not seem to me-- and I have it in my note also--- well worth considering by your association (Tea District Labour Association) that you should completely eliminate the term "coolie" from your literature and from ordinary use, if you can, thought the tea gardens possibly it is a step that would cost you nothing ~ ---No. The same thing would, of course, apply to the Assam Labour Bosrd. (pp.262)
এনে বাধা নিষেধ তথা পৰামৰ্শৰ পাচতো অৱশ্যে আন এজন বৰ্ণবাদী শাসক, এসময়ৰ শিৱসাগৰ জিলাৰ উপায়ুক্ত আৰু পাচলৈ অসমৰ ১৯৩১ চনৰ লোকপিয়লৰ অধীক্ষক চি, এচ, মূলানে অসমৰ এই শ্ৰমিক শ্ৰেণীটোৰ সকলোকে সামৰি Tea Garden Coolie Caste বুলি অভিহিত কৰিছিল, যদিও এই মানুহখিনিৰ মাজত ভিন্ন নৃ-গোষ্ঠীয়, ভিন্ন জাতি-জনজাতিৰ ভিন্ন বৃত্তিৰ লোক আছিল। অৱশ্যেই সেই শতিকাৰ চতুৰ্থ দশকৰ মাজভাগৰ পৰা এই মানুহ খিনিৰ পৰিচয়মূলক এই "কুলী" শব্দটো। সামাজিক ভাৱে তথা চৰকাৰী ভাৱেও ব্যৱহাৰ হোৱা নাছিল। ভাৰতৰ স্বাধীনতাৰ পাচততো এই পৰিচয়মূলক শব্দটো একেবাৰেই বাদ দিয়া হৈছিল।
'দৈনিক জনমভূমি'ৰ সোণালী জয়ন্তীৰ শুভ মূহূৰ্তত এই "কুলী" শব্দটো পুনৰ কাকতখনৰ প্ৰথম পৃষ্ঠাত ছপা কৰা হ'ল। অসমখনত যদি চাহ জনগোষ্ঠীয় -আদিবাসী লোক সকলক সঁচাকৈয়ে অসমৰ অংগ বুলি ভবা হয়, অসমৰ সমাজ গঠনত যদি অসমৰ এই স্থায়ী নিবাসী লোক সকলৰ প্ৰয়োজন আছে; তেনেহ'লে এনে ধৰণৰ বৰ্ণবাদী, বিভাজনমুখী, অৱজ্ঞাসূচক পৰিচয়মূলক শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থকা ভাল।
লক্ষণীয় বিষয় যে বছৰচেৰেক আগলৈকে কাকতখনে "এটি কলি দুটি পাত" শীৰ্ষক শিতান এটা প্ৰকাশ কৰি আছিল। এই শিতানটোত অসমৰ চাহ জনগোষ্ঠীয় আদিবাসী জনজীৱন সম্পৰ্কে যথেষ্ট লেখা-মেলা প্ৰকাশ পাইছিল আৰু অসমৰ পাঠক সকলে পৰস্পৰক জনাৰ সুবিধা পাইছিল, চিন্তাৰ বিনিময় হৈছিল। কিন্তু হঠাতেই এই শিতানটো একপক্ষীয় ভাৱে সম্পাদকমণ্ডলীয়ে বন্ধ কৰি দিলে। তাৰ কাৰণ কি, আমি বুজাত অসমৰ্থ হৈছোঁ ! কিবা অন্তৰ্নিহিত কাৰণ আছে নেকি নাজানোঁ।
✍️সঞ্জয় কুমাৰ তাঁতী, তেজপুৰ