মোৰ দৃষ্টিভংগীৰে চাহ-জনগোষ্ঠীৰ ছাত্ৰীসকল

ইতিহাসে গৰকা অসম এখন চাহৰ বাবে পৃথিৱী বিখ্যাত ৰাজ্য। চাহৰ বাবেই বিশ্বৰ দৰৱাৰত অসমৰ নাম সোণালী আখৰেৰে অলংকৃত কৰিছে। চাহে প্ৰতিষ্ঠা কৰিছে অসমৰ নাম। এই চাহক বিশ্বৰ দৰৱাৰত প্ৰতিষ্ঠা কৰাত বিশেষ অৰিহণা যোগোৱা সমাজখন হৈছে চাহ- জনগোষ্ঠী সমাজ। এই সমাজৰ লোকেই নিজৰ তেজ পানী কৰি গঢ় দিছে চাহক। ঘৰ্মাক্ত হাতেৰে সোণৰ ৰূপ  দিছে এই "পণীয়া সোণ" ক । চাহ-পাতৰ সেউজী বৰণৰ জেতুকা বুলোৱা হাতেৰে অসমৰ পৰিচয়ক গঢ় দিয়ে এই সমাজৰ নাৰীয়ে। পেটৰ তাৰণাত ভূগি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই সমাজখনে তাহানি যুগৰ দৰেই আজিও শাসক শ্ৰেণীৰ পৰা শোষিত হৈ আহিছে। তেতিয়া শোষিত হৈছিল বগা চাহাবৰ পৰা।এতিয়া শোষিত হৈছে আপোন জনৰ পৰা। সেই সময়ত আমাৰ সমাজৰ উন্নতিত বাধা হৈ থিয় দিছিল ব্ৰিটিছ সকলে আৰু এতিয়া থিয় দিয়ে আপোন সমাজৰ লোকসকল। 

      চাহ-জনগোষ্ঠী সমাজ খন আজি আধুনিকতাৰ দিশত যথাসম্ভৱ চেষ্টা কৰি আহিছে। বহুক্ষেত্ৰত ই সফলতাও লাভ কৰিছে। শৈক্ষিক জগত খনত আজি নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ আমাৰ সমাজৰ ছাত্ৰ-ছাত্ৰী সকল সক্ষম হৈছে। এখন সমাজ তেতিয়াহে উচ্চ সমাজ ৰূপে স্বীকৃতি লাভ কৰে যেতিয়া সমাজৰ লোকসকল কঠোৰ পৰিশ্ৰমী হোৱাৰ লগতে শৈক্ষিক জগতখনতো আগবঢ়া হয়। এই ক্ষেত্ৰত আমাৰ সমাজ খনে যিদৰে এজোপা গছক ভৰণ- পোষণ দি সেই গছ জোপাক "পণীয়া সোণ" হিচাপে গঢ়ি তুলিবলৈ সক্ষম হয়। ঠিক তেনেদৰে ছাত্ৰ-ছাত্ৰী সকলে নিজৰ পৰিশ্ৰম তথা অধ্যাৱসায়ৰ বলত নিজকে প্ৰতিটো প্ৰতিযোগিতা পৰীক্ষাৰ বাবে সাজু কৰি তোলে। কিন্তু এই ছাত্ৰ-ছাত্ৰীসকলৰ যি বাস্তৱ সপোন তাক কলিতে মুহাৰি শেষ কৰে বহুজনে। চৰকাৰে আমাৰ চাহ- জনগোষ্ঠী ছাত্ৰ-ছাত্ৰীৰ বাবে বিভিন্ন সাহাৰ্য আগবঢ়াইছে সেই কথা সচা। কিন্তু যি সাহাৰ্য আগবঢ়াইছে তাক লৈ আমাৰ ছাত্ৰ-ছাত্ৰী কিমান উপকৃত। কাৰণ প্ৰত্যেক বছৰে মুকলি কৰি দিয়া শৈক্ষিক জলপানিৰ নামত কেলেংকাৰী আজিও দেখা পোৱা গৈছে। কিয় মাত মাতিব লগা হৈছে প্ৰত্যেক বছৰে ছাত্ৰ-ছাত্ৰীসকলে নিজ জলপানি প্ৰাপ্তিৰ বাবে।এইখিনিতে এটা  মন কৰিবলগীয়া কথা তথা মোৰ মনত উদয় হোৱা এটি প্ৰশ্ন এই লেখনিৰ যোগেদি আপোনালোকৰ আগত ব্যক্ত কৰিলো। আমাৰ ছাত্ৰীসকল কেৱল GNM বা ANM ৰ বাবে যোগ্য নেকি? মই নাৰ্চ(ধাত্ৰী) সকলক বহুত সন্মান কৰো। তেওঁলোকৰ ত্যাগক আমি কোনোদিনেই নুই কৰিব নোৱাৰো। তথাপিও মই ক'ব বিচাৰো যে আমাৰ সমাজৰ ছাত্ৰী সকল কেৱল GNM বা ANMহে পঢ়িব পাৰিৱ নেকি? অন্য বিষয়ত আমাৰ ছাত্ৰী সকল দুৰ্বল নেকি? কাৰণ চৰকাৰে আমাৰ ছাত্ৰীসকলৰ বাবে প্ৰত্যেক বছৰে ২০০তকৈ অধিক আসন নাৰ্চ পঢ়িবৰ বাবে চৰকাৰী সাহাৰ্য প্ৰদান কৰে। কিন্ত তাৰ বিপৰীতে অন্য বিষয় সমূহত তাৰ ব্যতিক্ৰম দেখা পোৱা যায়। বিশ্ববিদ্যালয় সমূহত   বাবে সংৰক্ষিত আসন ব গণিব পৰা। আমাৰ ছাত্ৰীসকলৰ বাবে নাৰ্চৰ যি আসন মুকলি কৰি দিয়ে,সেই আসনৰ বাবে অসমৰ  বিভিন্ন প্ৰান্তৰ ছাত্ৰীয়ে আবেদন কৰে। কিন্তু বাছনি প্ৰক্ৰিয়াত সেই সকল ছাত্ৰী যোগ্য ঘোষিত হয় যিসকল ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬০% তকৈ অধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়। সেই মৰ্মে চাবলৈ গ'লে আৰ্থিকভাৱে দুৰ্বল এই সমাজৰ অভিভাৱকে এই সময়ত এইটো থিৰাং কৰে যে সেই ছাত্ৰী গৰাকীয়ে ৩ বছৰীয়া নাৰ্চিং অধ্যয়ন কৰিব। ছাত্ৰী গৰাকীৰ উচ্চ শিক্ষাৰ প্ৰৱল হেপাহ থাকিলেও আৰ্থিক দুৰ্বলতাই তাক এই বিষয়ত অধ্যয়ন কৰিবলৈ বাধ্য কৰায়। কিন্তু কথা হ'ল যে আমাৰ সৰহসংখ্যক ছাত্ৰী ৩০-৫৯% লৈ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় । এই সকল ছাত্ৰী চৰকাৰী নাৰ্চিং ৰ পৰা বঞ্চিত হয়। কাৰণ এওঁলোকৰ ওচৰত একাগ্ৰতা, হেপাহ, তথা আগ্ৰহ থাকিলেও নম্বৰ নাই। যাৰ বাবে এইসকল ছাত্ৰীয়ে কোনো বিষয়ত স্নাতক কৰে। তাৰে ভিতৰত খুব কম সংখ্যকে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। স্বাভাৱিকতে দেখা যায় যে আমাৰ ভাল তথা শৈক্ষিক ক্ষেত্ৰত  আগস্থান থকা ছাত্ৰীসকলৰ সপোনবোৰ কলিতে মুহাৰি পেলায়। তেওঁলোকে জীৱনত অন্য জনগোষ্ঠীৰ  ছাত্ৰীৰ দৰেই বিভিন্ন বিষয়ত উচ্চ শিক্ষাৰে শিক্ষিত হ'ব বিচাৰে। কিন্তু আৰ্থিক দুৰ্বলতাৰ সুযোগ লৈ এই সকল ছাত্ৰীৰ লগত এক ভয়ানক খেল খেলি আছে। আমাৰ সমাজ খনৰ ভুল নেকি দৰিদ্ৰ হৈ জন্ম লোৱাৰ। যাৰ বাবে আমাক শাসক শ্ৰেণীয়ে প্ৰতি পদে পদে বাৰে বাৰে দুৰ্বলতাৰ সুযোগ লৈ আঘাত সানে।



✍️বহাগী কৰ্মকাৰ
সাপেখাতী,চৰাইদেউ।
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post