যোৱা ইং 24/11/2020 তাৰিখে ঝাৰখণ্ড ৰাজ্যৰ ৰাঁচীত অৱস্থিত ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। অসমৰ চৰাইদেউ জিলাৰ ৰাঙলী গাঁৱৰ সুৰেশ কুড়মীয়ে কুড়মালী বিভাগৰ স্নাতকোত্তৰৰ প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে । তেওঁ কুড়মালী ভাষাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অসমৰ প্ৰথম জন ব্যক্তি। তেওঁ 2009 চনত অসমৰ খোৱাং মহাবিদ্যালয়ৰ পৰা অসমীয়া ভাষাত অনাৰ্চ সহঃ উত্তীৰ্ণ হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰত নামভৰ্তি কৰে যদিও আৰ্থিক অনাটনৰ কাৰণে স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰিলে। 2017 চনত তেখেতে নিজস্ব মাতৃভাষা অধ্যয়নৰ বাবে ঝাৰখণ্ডলৈ ৰাওনা হয়। ঝাৰখণ্ডৰ হাজৰিবাগৰ বিনোভা ভাৱে বিশ্ববিদ্যালয়ত কুড়মালি ভাষাত ছমহীয়া কৰ্চ সম্পূৰ্ণ কৰি ৰাঁচীত অৱস্থিত ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ কুড়মালী বিভাগত 2018-2020 বৰ্ষত নামভৰ্তি কৰিছিল। অধ্যয়নৰত অৱস্থাতে কেইবাখনো বিশ্ববিদ্যালয়ৰ ৱেবিনাৰ তথা আলোচনা চক্ৰ আদিত অসমৰ হৈ অসমৰ আদিবাসী চাহ শ্ৰমিকৰ ভাষা সংস্কৃতিৰ ওপৰত লেখা সহঃ বক্তৃতা প্ৰদান কৰিছে। কুড়মীয়ে অসমীয়া ভাষাৰ লগতে কুড়মালী ভাষাতো (অসমীয়া লিপিত ) কেইবাখনো গ্ৰন্থ ৰচনা কৰি প্ৰকাশ কৰিছে। কুৰ্মি স্বজাতিৰ তিনিমহীয়া পত্ৰিকা "জ্যোতি" আৰু অসমৰ আদিবাসী চাহ শ্ৰমিক লোকসকলৰ ইতিহাস বিচাৰি "শিপাৰ সন্ধান" মাহেকীয়া আলোচনী দুখন তেখেতৰ মুখ্য সম্পাদনাত প্ৰকাশিত হৈ আছে। তেওঁ অসম কুড়মালী সাহিত্য সভাৰ প্ৰধান সম্পাদক আৰু অসম আদিবাসী সাহিত্য সভাৰ সাহিত্য ও প্ৰচাৰ সম্পাদক ৰূপে কাৰ্যৰত।