শংকৰ কিষাণঃযাৰ কণ্ঠত নিগৰিছিল হৃদয়ৰ গান

"আসামকে কাঁচা স'না
চাহাকে বাগান হ'
কত নৰ নাৰীকেযে 
ৰাখল' পাৰাণ সেত' জগ জানে
তৰ বিনা কেমন ৰাখব পাৰাণ
এনা জীয়া জানে..... "
               শংকৰ কিষাণ 
অসমৰ চাহ শ্ৰমিক সমাজখনৰ জীয়া জীৱনৰ দস্তাবেজৰ প্ৰকাশ কৰিবলৈ সক্ষম হোৱা 'আসামকে কাঁচা স'না'ৰ স্ৰষ্টা শংকৰ কিষাণ অসমীয়া সাংস্কৃতিক জগতৰ এগৰাকী দৰদী শিল্পী আছিল। গীত,কবিতা, নাটক, অভিনয় ইত্যাদি সকলো ক্ষেত্রত অৱদান আগবঢ়াই নিজৰ বহুল প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হোৱা শংকৰ কিষাণৰ জন্ম হৈছিল ১৯৬৪ চনত তিনিচুকীয়াৰ ধেলাখাট চাহ বাগিচাত। মোহনলাল কিষাণ আৰু বিশাখা কিষাণৰ  ঔৰসত জন্ম গ্ৰহণ কৰা শংকৰ কিষাণে ধেলাখাট চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষাৰ পাতনি মেলি তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিছিল ।গ্ৰন্থ অধ্যয়নৰ প্ৰতি সৰুৰে পৰাই বিশেষ ৰাপ থকা শংকৰ কিষাণে আৰ্থিক অসুবিধাৰ বাবে উচ্চ শিক্ষা আধাতে সামৰি চেচা চাহ বাগিচাৰ কলঘৰত অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল যদিও কিতাপ পঢ়াৰ অভ্যাস এৰি দিয়া নাছিল। পিছলৈ তেখেতে শিংলীজান চাহ বাগিচাত আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে মটক চাহ বাগিচাত কৰ্মৰত আছিল।

 অসম আৰু অসমৰ চাহ শ্ৰমিক সমাজখনৰ প্ৰতি থকা তেখেতৰ প্ৰেমৰ গভীৰতাৰ উমান পোৱা যায় তেখেতৰ সৃষ্টিৰাজিৰ মাজেৰে। "ৰঙে সাজাওৰে..... " গীতৰ জৰিয়তে শ্ৰোতাৰ হৃদয় কিষাণৰ কলমত নিগৰিত হৈ আছে চাহ গছৰ পাতে পাতে লিপিবদ্ধ শ্ৰমিকৰ জীৱন গাঁথা, অসম ভূমিৰ প্ৰতি থকা তেখেতৰ চেনেহ আৰু শ্ৰদ্ধাৰ কথা-
".......এটি কলি দুটি পাততে লিখা
মোৰ জীৱনৰ অলেখ ৰঙীন গাঁথা
ৰ'দে পোৰা বৰষুণে ধোঁৱা 
মোৰ জীৱনতো আছে বেদনা বেথা
জীৱনে মৰণে মই যে তোমাৰ 
তুমিয়েই মোৰ চেনেহী শ্যামলী আই.........। "
(হৃদয়ৰ গান) 

খাটিখোৱা মেহনত চাহ শ্ৰমিক সমাজখনৰ প্ৰতি কৰা অৱহেলা  আওকাণমূলক মনোভাৱত শংকৰ কিষাণৰ হৃদয়ত ক্ষোভৰ উদ্ৰেক ঘটিছিল। তাৰেই বহিঃপ্ৰকাশ ঘটিছে 'অগনি জ্বলিছে' শীৰ্ষক কবিতাটিত-

"অগনি জ্বলিছে
ভোকাতুৰ পেটত 
খাণ্ডৱদাহৰ সংকেত দিছে
মৌনতাই 
উমি উমি জ্বলি
ইতিহাসৰ অৱহেলিত
শ্ৰমজীৱী..... "।

সমাজত প্ৰচলিত শোষণ -বঞ্চনা, ঘৃণা,  অৱহেলাৰ একেই অনুভৱ তেখেতৰ আন এক কবিতাটো পোৱা যায় -
"ভিঞ্জাল, কপূৰ থাল্লা আৰু 
বাবৰি মছজিদৰ জন্মন্ত জুইৰে
উত্থাপিত মোৰ দেহত
প্ৰবাহিত ৰক্ত কণিকাত
আজি মানৱীয় প্ৰেম কিম্বা 
ভাতৃত্ববোধৰ সংজ্ঞা নুবুজে
ইতিহাসৰ অৱহেলিত অধ্যায়
শোষিতজনৰ অভিজ্ঞতাৰে
লহপহকৈ বাঢ়ি অহা 
মোৰ ভাৱৰ কঠীয়াখনি..... "।
(উপলব্ধিৰ মতান্তৰেৰে) 

তেখেতে চাহ জনগোষ্ঠীয় সমাজখনত প্ৰচলিত উমৈহতীয়া চাদ্ৰী ভাষাতো কবিতা লিখিছিল আৰু পিছলৈ সেইবোৰ গীতৰ ৰূপ দিছিল। য'ত প্ৰকাশ পাইছে স্বদেশ -স্বজাতিৰ প্ৰতি প্ৰেম, সমাজ জীৱনৰ বিষাদ গাঁথা, জীৱনৰ প্ৰতি গভীৰবোধ, শ্ৰমিকসকলৰ দুখৰ বিননি ইত্যাদি ইত্যাদি। 
উদাহৰণ স্বৰূপে -
"এই জীৱন এই মৰণ
লিখে দিলি মা তৰ নামে
মৰলে ঘূৰাই পাই যেন জনম
তৰ কলাই
এই জীৱন এই মৰণ
লিখে দিলি মা তৰ নামে..... "।
(এই মৰম সাজায় ৰাখেছি) 

অসমৰ প্ৰতি থকা তেখেতৰ  মৰমৰ টান প্ৰকাশ পোৱা আন এটি কবিতাৰ পংক্তি হৈছে -

"মাটিৰ মৰমে মকে টানে
মৰ গাঁৱেৰ এই মাটিৰ মায়া
ঘন শিৰীষেৰ শীতল ছায়া
গুণ গুণ গীত গাই 
মৰেই কাণে অ' প্ৰাণে মাটিৰ..... "।
(মাটিৰ মৰমে মতে টানে অ' প্ৰাণে) 

কেঁচা মাটিৰ গোন্ধ থকা কবিতাবোৰৰ দৰেই তেখেতৰ গীতটো পোৱা যায় দেশ জননীৰ প্ৰতি থকা সেউজীয়া গোন্ধ, অসম আৰু অসমীয়াক প্ৰাণ ঢালি ভাল পোৱা প্ৰেমৰ বহিঃপ্ৰকাশ, শ্ৰমিকসকলৰ জীৱনৰ বাস্তৱ চিত্ৰণ ইত্যাদি। উন্নয়নৰ স্বপ্ন দ্ৰষ্টা হিচাপে তেখেতৰ গীতবোৰত প্ৰকাশ পোৱা সততা আৰু উদাৰতাই তেখেতক জনগনৰ মাজলৈ লৈ গৈছিল। ১৯৭৬ চনত তেখেতে পোন প্ৰথমে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত গীত পৰিৱেশন কৰি অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু পিছলৈ তেখেত "চাহ শ্ৰমিকৰ আঁচৰ"ৰ নিয়মীয়া শিল্পী হৈ পৰিছিল। তেখেতৰ কণ্ঠত আৰু পৰিচালনাত আসামকে কাঁচা স'না,চন্দ্ৰবদন মুখ, ৰাধাপুৰৰ ৰাধিকা, শ্যামলীমা, কাঁহিকুছিৰ, মিঠামায়া আদি শ্ৰৱ্য কেছেটত কণ্ঠদান কৰিছিল। তেখেতৰ গীতবোৰ আজিও ৰাইজৰ মাজত জনপ্ৰিয়। শংকৰ কিষাণে অসমীয়া, বাংলা, হিন্দী, ভোজপুৰী আদি ভাষাতো সাবলীলভাৱে গীত গাইছিল। 

  অসমৰ সাংস্কৃতিক জগতৰ বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ লগত তেখেতে গীত পৰিৱেশন কৰাৰ লগতে অসম সাহিত্য সভাৰ সাংস্কৃতিক মঞ্চতো গীত পৰিৱেশন কৰি দৰ্শকৰ হৃদয় জিনিছিল। সেউজ কোঁৱৰ পৰাগ চলিহাই পৰিচালনা কৰা "চাৰিহেজাৰ বছৰৰ অসম" আৰু বিখ্যাত চলচিত্ৰ নিৰ্মাতা ব্ৰজেন বৰুৱাৰ "ৰঙানদী"ৰ উপৰিও প্ৰখ্যাত অভিনেতা পদ্ম কৈৰীৰ জনপ্ৰিয় বোলছৱি "বুধু- অৰ্জুন"খনতো তেখেত কণ্ঠ নিগৰাইছিল। সংগীতৰ উপৰিও শংকৰ কিষাণৰ অভিনয় জগততো দখল আছিল। ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বোলছৱি পৰিচালক জাহ্ন বৰুৱাই নিৰ্মাণ কৰা "বনানি" বোলছৱিখনত কণ্ঠদান কৰাৰ লগতে তেখেতে অভিনয়ো কৰিছিল। 

চাহ বাগিচাত কৰ্মজীৱন অব্যাহত ৰাখিও অসমৰ সৰ্বতোপ্ৰকাৰৰ উন্নতিৰ কথা চিন্তা কৰা শংকৰ কিষাণে তেখেতৰ সৃষ্টিৰাজিৰ মাজেৰে বিলাই গ'ল জাতীয়তাবোধ আৰু ভাতৃত্ববোধৰ বাৰ্তা। মাতৃভূমি অসমখনক হাড়ে হিমজুৱে ভালপোৱাৰ বাবেই চাহ শ্ৰমিক সমাজখনৰ দুখ আৰু জৰ্জৰিত জীৱন গাঁথাৰ মাজতো কামনা কৰিছিল উন্নয়নৰ।এই জনা দৰদী শিল্পীয়ে ২২ জুন, ২০১১ তাৰিখে আমাৰ মাজৰ পৰা বিদায় মাগিলে যদিও তেখেতৰ সৃষ্টিৰাজিয়ে সদায় তেওঁক আমাৰ মাজত জীয়াই ৰাখিব আৰু অসম মাতৃৰ জয়গান গাই যাব।

📝দীপাৱলী কুৰ্মি, ডিব্ৰুগড় 
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post